কি জাতৰ তিতা কেৰেলা খেতি কৰিব?

Spread the love

তিতা কেৰেলাৰ উন্নত জাতসমূহ

Best hybrid varieties of bitter gourd

আপুনি তিতা কেৰেলা খেতি কৰিব বিচাৰে নেকি? বজাৰৰ পৰা গুটি কিনাৰ আগতে এবাৰ চিন্তা কৰি লওক। কি জাতৰ গুটি কিনিব। সকলো দোকানীয়ে আপোনাক ভাল জাতৰ গুটি নিদিবও পাৰে। অধিক মুনাফা থকা কিছুমান জাতৰ গুটি আনি সময় কষ্ট আৰু ধন ব্যয় কৰি আপনাৰ লোকচান হব পাৰে। গতিকে আমি জনা কেইটামান ভাল জাতৰ বৰ্ণনা দিয়া হ’ল। আমি কেবল জেং কেৰেলাৰ কথাহে কৈছো। মাটি কেৰেলা খেতি কৰিলে স্থানীয় জাতেই ভাল ফল দিয়ে।

 

তিতা কেৰেলা খেতিৰ A to Z তথ্য সহজ অসমীয়াত ইয়াত পাব।
তিতা কেৰেলাৰ ঔষধি গুণৰ বিষয়ে ইয়াত পাব।

 

তিতা কেৰেলাৰ প্ৰকাৰ:

তিতা কেৰেলা সাধাৰণতে দুই ধৰণৰ থাকে। সৰু আৰু ডাঙৰ।

 

সৰু জাতৰ তিতা কেৰেলা:

 

  • US1315:
    BASF Nunhems কম্পেনীৰ অধিক ফলনশীল তিতাকেৰেলা বিধ অধিক উৎপাদন, ধুনীয়া, সৰু ফল আৰু কম বেমাৰ থকা হিচাপে সমগ্ৰ ভাৰততে জনপ্ৰিয়। মজবুত গছজোপাত বেছিদনলৈ ফল দি থাকে। কেৰেলাবোৰ গাঢ় সেউজীয়া আকৰ্ষণীয়। ফলবোৰ সৰু ৮-১০ ছে:মি: দীঘল আৰু ৭০-৭৫ গ্ৰাম ওজনৰ হয়, প্ৰায় নিগনি এটাৰ সমান বাবে নিগনি কেৰেলা কোৱা হয়। ৫০-৫৫ দিনত প্ৰথম চিঙিব পাৰি। গছবোৰ ১২০ ৰ পৰা ১৫০ দিনমান জীয়াই ৰাখিব পাৰি। ফলবোৰো দুৰৰ বজাৰলৈ নিব ভাল তথা চিঙাৰ পিছত বহু দিন ৰাখিব পাৰি।
  • Little champ:
    Syngenta ৰ এই কেৰেলাবিধৰ উজ্জল সেউজীয়া ৰঙৰ বাবে বজাৰত জিলিকি থাকে। ৪০-৫০ গ্ৰাম ওজনৰ সৰু কেৰেলাৰ ফলবোৰ প্ৰায় সমান আকাৰৰ হয় আৰু ৬০-৬৪ দিনত প্ৰথম চিঙিব পাৰি। ভালকৈ সাৰ আৰু পানীৰ যোগান ধৰিলে বহুত ফল পাব পাৰি। বহুত কেইটা ভাইৰাচ প্ৰতিৰোধী হোৱা বাবে ভাল ফল পোৱা যায়। গছবিলাকো ডালে পাতে ভৰি থাকে।
  • Yodha 2252:
    Sakata কম্পেনীৰ এই কেৰেলাবিধ ৪৫-৫০ গ্ৰাম ওজনৰ হয়। ফলবোৰ ৬-৮ ছে:মি: দীঘল হয়। গুটি গজাৰ ৫০-৬০ দিনত প্ৰথম ফল দিয়ে। জুন জুলাই বা জানুৱাৰী-মাৰ্চ মাহত লগাব ভাল। ফলবোৰ গভীৰ সেউজীয়া হয়।
  • Chotu 111:
    Ravi Hybrid seeds নামৰ কম্পেনী এটাৰ এই কেৰেলাবিধ আজিকালি বহুত জনপ্ৰিয় হৈ আছে। ৫৫-৬০ দিনত প্ৰথ, চিঙিব পৰা এই কেৰেলাবিধৰ ওজন প্ৰায় ৫০-৭০ গ্ৰাম হয়। বজাৰত ইয়াৰ আকৰ্ষণ হৈ পৰে পিঠিত থকা কাইটবোৰ। প্ৰায় ২ ৰ পৰা ৩ ইঞ্চি দীঘল সেউজীয়া ৰঙৰ হয়।
  • VNR 28:    সেউজীয়া চুটি কাইট থকা এই কেৰেলাবিধে বজাৰত ভাল দাম পায়। ৬.৫ ৰ পৰা ৭.৫ ছে:মি: দীঘল, ৪-৫ ছেমি বহল আৰু ৩০-৪০ গ্ৰাম ওজনৰ কেৰেলাবোৰ খাবলৈ সোৱাদ। বাৰিষা (মে’-জু’ন) খৰালি (জানুৱাৰী ফেব্ৰুৱাৰী) দুয়োসময়তে কৰিব পাৰি । ৩ ফুটৰ দুৰত গুটিবোৰ দিব লাগে। ৪৭ ৰ পৰা ৫০ দিনত প্ৰথম চিঙিব পাৰি আৰু পিছত কম দিনৰ মূৰে মূৰে চিঙিব পাৰি।
  • Kaveri 88:
    অসমত অতি জনপ্ৰিয় হোৱা এই কেৰেলাবিধr ধুনীয়া জোঙা কাইট থাকে। ৫৫-৬০ দিনত প্ৰথম চিঙিব পাৰি।
ডাঙৰ জাতৰ তিতা কেৰেলা

 

  • Palee:
     East west কম্পেনীৰ এই কেৰেলাবিধ মজবুত গছ আৰু আগতীয়া উৎপাদনৰ বাবে খেতিয়কৰ মাজত বহুত জনপ্ৰিয়। ফলবোৰ মধ্যমীয়া দীঘল আৰু ইয়াৰ কাইটবোৰ মধ্যমীয়া কিন্তু যথেষ্ট ডাঠ, যাৰ ফলত পৰিবহণৰ সময়ত কম ক্ষতি হয়। ৰং আকৰ্ষণীয় গাঢ় সেউজীয়া। ইয়াৰ উৎপাদনৰ বেছি হোৱাৰ বাবে বহু কৃষকৰ প্ৰিয়। ৪৫-৫০ দিনত প্ৰথম চিঙিব পাৰি, ২০-২৫ ছে:মি: দীঘল, ৫-৬ ছে:মি: বহল আৰু ওজন প্ৰায় ১০০-১৪০ গ্ৰামৰ হয়।
  • Amanshri:
    BASF Nunhems কম্পেনীৰ কেৰেলাবিধ বহুত বেছি উৎপাদন দিয়ে। অতি সোণকালে ফল লাগে। আকৰ্ষণীয় জিলিকি থকা গাঢ় সেউজীয়া ফলবোৰ ২২-২৪ ছে:মি: দীঘল হয়। দুৰৰ বজাৰত নিবলৈ আৰু বহুদিন ৰাখিবলৈ ভাল।
  • BGH-106:
    Syngenta কম্পেনীৰ এইবিধ কেৰেলা সৰু আৰু ডাঙৰৰ মাজতে ১৩-১৬ ছে:মি দীঘল আৰু ৫-৬ ছে:মি বহল হয়। ৬০-৮০ গ্ৰাম ওজনৰ কেৰেলাবিধত ঘনকৈ জোঙা কাইট থাকে। গছবোৰ পাউডাৰী আৰু ডাউনী মিলদেউ প্ৰতিৰোধী। গাঢ় সেউজীয়া আকৰ্ষণীয় ফল হয়।
  • Pragati 065:
    East West Seeds ৰ এই কেৰেলাবিধ অধিক উৎপাদনৰ বাবে জনাজাত । ফলবোৰ প্ৰায় ১৭-২০ ছে: মি: আৰু ১২০-১৩০ গ্ৰাম ওজনৰ হয়। লতাবোৰত বহুত ডাল পাত থাকে। ৬০-৬৫ দিনৰ প্ৰথম চিঙিব পাৰি। গাঢ় সেউজীয়া ৰঙৰ হয়। ফলবোৰ বেছিদিন ৰাখিব পাৰি আৰু দুৰৰ বজাৰৰ বাবে উপযোগী।
  • Asmita:
    Syngenta কম্পেনীৰ এইবিধ কেৰেলা পাউডাৰী আৰু ডাউনী মিলদেউৰ মধ্যমীয়া প্ৰতিৰোধী। গাঢ় সেউজীয়া আকৰ্ষণীয় ফলবোৰ ৩০-৩২ ছে:মি দীঘল আৰু ৪-৫ ছে:মি: বহল হয়। ওজন ১২৫-১৪০ গ্ৰাম।
  • Pakhi:
    East West Seeds ৰ এই কেৰেলাবিধ ইয়াৰ সুকীয়া, দীঘলীয়া আকৃতিৰ বাবে জনাজাত । সাধাৰণতে এই ফলৰ দৈৰ্ঘ্য প্ৰায় ২০-৩০ ছে: মি: আৰু ব্যাসৰ ৪-৫ ছে: মি: । পকিলে ই সেউজীয়াৰ পৰা উজ্জ্বল কমলা-ৰঙা ৰঙলৈ পৰিণত হয়। গছবোৰ গভীৰ সেউজীয়া, ডাল পাতেৰে ভৰি থকা। ইহঁতে ৫-৬ মিটাৰ পৰ্যন্ত দীঘল লতা হয়।
  • Tejas:
    Sakata কম্পেনীৰ এবিধ কেৰেলা ৪৫-৫৫ দিনত প্ৰথম চিঙিব পাৰি। আকৰ্ষণীয় সেউজীয়া ৰঙৰ ডাঠ সিৰা থকা ২০-২৫ ছে:মি: দীঘল হয় আৰু ৪-৫ ছে:মি: বহল হয়। ফলবোৰৰ ওজন ১৫০-১৬০ গ্ৰাম হয়।
  • Akash:
    VNR কম্পেনীৰ এই কেৰেলাবিধ গাঢ় সেউজীয়া ৰঙৰ ডাঠ কাইট থকা। ২০-২৫ ছে:মি: দীঘল আৰু ৪-৫ ছে:মি বহল হয়। ওজন প্ৰায় ১৫০-১৬০ গ্ৰাম হয়।৫০-৫৫ দিনত প্ৰথম চিঙিব পাৰি। কম দিনৰ মূৰে মূৰে  চিঙিব পাৰি আৰু ফলবোৰ দুৰৰ বজাৰত নিব ভাল। 
  • Noor (026):
    Hyveg কম্পেনীৰ এই কেৰেলাৰ ফলৰ ওজন ১৪০-১৫০ গ্ৰাম হয়, দীঘল প্ৰায় ১৯-২০ ছে:মি: আৰু বহলে ৩.৮-৪.২ ছে:মি:। ৪৫ দিনৰ প্ৰথম চিঙিব পাৰি। গাঢ় সেউজীয় ৰঙৰ হয় আৰু অধিক উৎপাদন পাব পাৰি। মাটি কেৰেলা হিছাপেও কৰা দেখা যায়।
  • Sw 811:
    US agriseeds কম্পেনীৰ এই কেৰেলাবিধ ৫৫-৬৫ দিনত প্ৰথম চিঙিব পাৰি। গাঢ় সেউজীয়া ৰঙৰ ফলবোৰ ১৮-২০ ছে:মি: দীঘল আৰু ১৫০-১৮০ গ্ৰাম ওজনৰ হয়। মধ্যমিয়াৰ পৰা দীঘল সিৰা থকা কাইট থাকে।
  • Monika (7004):
    Sakata কম্পেনীৰ এই কেৰেলাবিধ গাঢ় সেউজীয়া ৰঙৰ, ১৫-১৮ ছে:মি: দীঘল আৰু ১২০-১৫০ গ্ৰাম ওজনৰ হয়। ৫০-৫৫ দিনৰ প্ৰথম চিঙিব পাৰি।
  • পুচা ডো মৈচুমী: ডালবোৰ সেউজীয়া , নোমাল , পাতবোৰ বহল , পুলিৰ পৰা ফল ধৰালৈ ৫৫ দিনৰ ভিতৰত শেষ হয় ।
  • কইম্বাতুৰ লং: গছবোৰ যথেষ্ট ঠাল ঠেঙুলি মেলা , ফলবোৰ দীঘল পাতল সেউজীয়া ৰঙৰ , গছবোৰত ফল যথেষ্ঠ উত্পন্ন হয়, বাৰিষা বতৰৰ বাবে উপযোগী সঁচ ।
  • বহুত কৃষকে স্থানীয় জাত ব্যবহাৰ কৰে।
Scroll to Top