তিতা কেৰেলাৰ ঔষধি গুণ

Spread the love

তিতা কেৰেলাৰ ঔষধি গুণ আৰু উপকাৰিতা

Health benefits of eating bitter gourd

তিতা কেৰেলা, ইংৰাজীত bitter gourd বা  Bitter melon,বেংগলীত করলা, হিন্দীত करेला আমাৰা স্বাস্থ্যৰ বাবে অতি উপকাৰী আৰু ঔষধী গুণসম্পন্ন পাচলি। খেতিয়কৰ বাবেও ই অতি লাভজনক খেতি। ব্যবসায় ভিত্তিত তিতা কেৰেলা খেতি কেনেকৈ কৰিব পাৰি ইয়াত পঢ়ক। আমি তলত তিতা কেৰেলাৰ ঔষধি গুণসমূহ আলোচনা কৰিছো।

 

অতীজৰে পৰা স্বাস্থ্যজনিত সমস্যাৰ বাবে খাদ্য তালিকাত তিতা কেৰেলা অন্তৰ্ভুক্ত হৈ আহিছে। কিন্তু, খাই ভাল পোৱা মানুহ অতি কম। কাৰণ ইয়াৰ তিতা সোৱাদ।  তিতা কেৰেলাৰ তিতা ক’ৰ পৰা আহে জানেনে? ইয়াৰ উপকাৰীতা কি? পঢ়ি চাও আহক…

তিতা কেৰেলা আমাৰ মাজত অতি জনপ্ৰিয় যদিও ইয়াক আগতে ভাৰতত পোৱা নাছিল, প্ৰথমে আফ্ৰিকাত পোৱা গৈছিল। আফ্ৰিকাৰ খৰালি কালত কুং চিকাৰীৰ বাবে তিতা কেৰেলা আছিল প্ৰধান খাদ্য। সময়ৰ লগে লগে সমগ্ৰ এছিয়াত এই তিতা কেৰেলা বিয়পি পৰিল আৰু মানুহে ইয়াৰ উপকাৰৰ বিষয়েও জানিবলৈ ধৰিলে।

 

তিতা কেৰেলা তিতা কিয় ?

 

তিতা কেৰেলাত মানুহৰ বাবে অবিষাক্ত  গ্লাইকোচাইড মমৰ্ডিচিন (glycoside momordicin) থাকে। ইয়াৰ বাবেই তিতা কেৰেলা তিতা আৰু  ই উপকাৰীও। তিতা গছৰ তিতা পেট ভালে ৰখাৰ বাবে অতি উত্তম বুলি বিবেচিত হয়। তিতা কেৰেলাই পেটত পাচনতন্ত্ৰৰ ৰস নিঃসৰণ সক্ৰিয় কৰে আৰু লগতে অতিমাত্ৰা খাদ্য খোৱাৰ ফলত হোৱা পেটৰ বিষৰ পৰাও সকাহ দিয়ে। লগতে মানসিক চাপৰ ফলত ক্ষতিগ্ৰস্ত হোৱা গেষ্ট্ৰিক ম্যুকোজা gastric mucosa (পাকস্থলীৰ বেৰত থকা আবৰণ) মেৰামতি আৰু সুৰক্ষা প্ৰদান কৰে। আনহাতে, তিতা কেৰেলা অত্যধিক পৰিমাণে খালে পেটৰ বিষ, ডায়েৰিয়া আৰু হজম শক্তিৰ লগত জড়িত অন্যান্য সমস্যাৰ সৃষ্টি হ’ব পাৰে।

তিতা কেৰেলা কিয় ইমান উপকাৰী?

  • তিতা কেৰেলাত প্ৰটিন, কাৰ্বহাইদ্ৰেট, ফেট, ফাইবাৰ, ভিটামিন এ, বি ১, বি ২, চি, কেলচিয়াম, আইৰণ, মেগনেছিয়াম, ফছফৰাছ, জিংক আৰু পটাছিয়াম আদি পুষ্টিকৰ উপাদান থাকে।
  • গ্লুকজ আৰু চৰ্বি শক্তিলৈ ৰূপান্তৰিত কৰিবলৈ ভিটামিন বি ১ আৰু বি ২ প্ৰয়োজনীয়। ডায়েবেটিছ ৰোগীৰ বাবে ই এক মূল্যৱান খাদ্য। অধ্যয়নত দেখা গৈছে যে তিতা কেৰেলা সেৱন কৰিলে তেজত গ্লুকজৰ মাত্ৰা হ্ৰাস পায় আৰু গ্লাইচেমিক নিয়ন্ত্ৰণৰ (glycemic control) উন্নতি ঘটে। ইয়াৰ কাৰণ হৈছে চেৰেন্টিন (charantin), ভিচিন (vicine), পলিপেপটাইড-পি আদি যৌগ কেৰেলাত থাকে, যিবোৰৰ ইনচুলিনৰ দৰে গুণ আছে বুলি বিশ্বাস কৰা হয়।
  • এন্টিঅক্সিডেন্ট গুণো আছে। কেটেচিন (catechin), গেলিক এচিড (gallic acid), এপিকেটেচিন (epicatechin), আৰু ক্ল’ৰ’জেনিক এচিডৰ (chlorogenic acid) আদি উপকাৰী যৌগ কেৰেলাত থাকে। এই যৌগবোৰে কোষক ক্ষতিৰ পৰা ৰক্ষা কৰাত সহায় কৰিব পাৰে আৰু বাৰ্ধক্য, হৃদৰোগ, ডিছলিপিডেমিয়া আৰু উচ্চ ৰক্তচাপৰ দৰে দীৰ্ঘদিনীয়া অৱস্থাকে ধৰি অক্সিডেটিভ চাপৰ ফলত হোৱা কেইবাটাও ৰোগ প্ৰতিৰোধত অৰিহণা যোগাব পাৰে।
  • ইয়াৰ উপৰিও ই দুৰ্বলতা দূৰ কৰাৰ লগতে মেদবহুলতা প্ৰতিৰোধৰ কাম কৰে।
  • প্ৰচুৰ ভিটামিন চি থাকে, যিয়ে ঠাণ্ডাৰ পৰা সকাহ দিব পাৰে। ভিটামিন চি য়ে শ্বেত ৰক্তকণিকা সক্ৰিয় কৰি বেক্টেৰিয়াৰ বিৰুদ্ধে যুঁজ দিয়ে। কিন্তু ভিটামিন চি গৰমৰ প্ৰতি সংবেদনশীল, গতিকে চালাড বা ৰসৰ ৰূপত তিতা কেৰেলা খালে অধিক উপকাৰ হ’ব পাৰে।
  •  থকা থকা পটাছিয়ামে শৰীৰত জমা হোৱা অতিৰিক্ত পানী আৰু নিমখ আঁতৰাই পেলায়।
  • কেৰেলাত থকা অদ্ৰৱণীয় আঁহে মল অন্ত্ৰত থাকি যাবলৈ নিদিয়ে আৰু শৰীৰৰ পৰা সহজে আঁতৰি যায়। গতিকে পেট খোলা হবৰ বাবে তিতা কেৰেলা অতি ভাল খাদ্য।
  • তিতা কেৰেলাত থকা আহে অন্ত্ৰত উপস্থিত ভাল বেক্টেৰিয়াক খাদ্য যোগান ধৰে, যাৰ ফলত ইহঁতৰ সংখ্যা বৃদ্ধি পায় আৰু আপোনাৰ অন্ত্ৰৰ স্বাস্থ্য বজাই ৰাখে।
  • তিতা কেৰেলাত থকা ফলিক এচিডে ৰক্তকণিকা উৎপাদনত সহায়ক হোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। যাৰ বাবে আপুনি ৰক্তহীনতাৰ পৰা হাত সাৰিব পাৰে।
  • ইয়াত থকা কেলচিয়াম হাড় আৰু দাঁতৰ স্বাস্থ্যৰ বাবে অপৰিহাৰ্য।
সাবধানতা

 

এই সুবিধাসমূহৰ মাজতো মন কৰিবলগীয়া যে তিতা কেৰেলা কিছুমান ব্যক্তিৰ বাবে পাৰ্শ্বক্ৰিয়া হ’ব পাৰে। বিশেষকৈ ডায়েবেটিছৰ ঔষধ খোৱা লোকৰ ক্ষেত্ৰত গেষ্ট্ৰাইটিছৰ বিকাৰ, যেনে ডায়েৰিয়া আৰু পেটৰ বিষ, হাইপ’গ্লাইচেমিয়া আদি হ’ব পাৰে। বিশেষকৈ পূৰ্বতে কিবা গুৰুতৰ বেমাৰত ঔষধ খোৱাসকলৰ বাবে তিতা কেৰেলা খোৱাৰ আগতে ডাক্তৰৰ পৰামৰ্শ লোৱাটো ভাল।

মধুমেহ বা ডাইবেটিচ ৰোগৰ বাবে তিতা কেৰেলাৰ ৰস বজাৰত কিনি পাৰি। ইয়াত ক্লিক কৰক।

নাইবা টেবলেট আকাৰটো কিনিব পাৰি। ইয়াত ক্লিক কৰক।

ৰাতি তিতা কেৰেলা খাব লাগেনে?

তিতা কেৰেলা ৰাতি খোৱাটো নিৰাপদ। ৰাতিৰ সময়ত তিতা কেৰেলা খোৱাৰ লগত কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ বা চিন্তাৰ কোনো নিৰ্দিষ্ট প্ৰমাণ বা ইংগিত পোৱা নাযায়।

গৰ্ভাৱস্থাত তিতা কেৰেলা খোৱা উচিতনে?

গৰ্ভাৱস্থাত তিতা কেৰেলা খোৱাটো নিৰাপদেই নহয় বিভিন্ন ধৰণে উপকাৰীহে। 

  • তেজৰ গ্লুকজৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে,
  •  কোষ্ঠকাঠিন্য, পেট ফুলা, বদহজম আদি পাচনতন্ত্ৰৰ সমস্যাৰ লগত যুজাত সহায় কৰে।
  •  তিতা কেৰেলাত থকা এন্টিঅক্সিডেন্টে আৰু ভিটামিন  চি য়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।
  • সুস্থ ছালৰ উন্নতি কৰে।
  • জন্মগত বিসংগতিৰ সম্ভাৱনা কমায়।
  • স্বাস্থ্যসন্মত ওজন বজাই ৰখাত সহায় কৰে
  • অত্যাৱশ্যকীয় পুষ্টিকৰ উপাদান যোগান ধৰে।

তথাপি নিজৰ ডাক্তৰৰ পৰামৰ্শ মানিহে খোৱাটো উচিত।

Scroll to Top