সহজে কৰক তিতা কেৰেলা খেতি

Spread the love
তিতা কেৰেলা খেতি কৰাৰ আগতে জানিবলগীয়া:  Farming Bitter Gourd
  • তিতা কেৰেলা খেতি অতি লাভজনক খেতি। এবিঘা বা দুবিঘা খেতি ভালকৈ কৰি স্বাবলম্বী হব পাৰি।
  • তিতা কেৰেলা দুই ধৰণে কৰিব পাৰি। মাটি কেৰেলা আৰু জেং কেৰেলা।
  • আনহাতে কেৰেলা দুই ধৰণৰ থাকে, এবিধ সৰু নিগণিটোৰ সমান আনবিধ  তিয়হ একোটাৰ সমান।
  • অতি ঠাণ্ডাত খেতিত গুটি গজাবলৈ বিশেষ ব্যবস্থা লব লাগে।
  • তিতা কেৰেলা গছে বেছি দিন ফল দিবলৈ হ’লে নিয়মিত সাৰ দি থাকিব লাগে।
  • তিতা কেৰেলা খেতিত পানী জমা হব দিব নালাগে আৰু খেতিদৰা ভালকৈ পৰিষ্কাৰ কৰিব লাগে।
  • ভালদৰে পানী ওলাই যোৱা ৰ’দঘাই ঠাই বাছি লওক।
  • ফুল ফুলা আৰু ফল ধৰাৰ সময়ত পানীৰ অভাব হব দিব নালাগে।
  • কীট-পতংগ আৰু ৰোগৰ প্ৰতি চকু ৰাখিব আৰু প্ৰয়োজন অনুসৰি নিয়ন্ত্ৰণ কৰিব।
  • তিতা কেৰেলা খেতিৰ ফলবোৰ সঘনাই চপালে বজাৰত চকুত লগা হয়।
  • মনত ৰখা দৰকাৰ যে জেং কেৰেলাৰ গছৰ গুৰিৰ আৰু বুঢ়া পাতবোৰ নাকাটিলে ভাল উৎপাদন পাব নোৱাৰি।
তিতা কেৰেলা খেতিৰ বতৰ:
  • গৰম জলবায়ু তিতা কেৰেলাৰ বাবে দৰকাৰী। ২৪ ৰ পৰা ২৭ ডিগ্ৰী ছেন্টিগ্ৰেডৰ উঞ্চতাত লতাবোৰ ভালকৈ বগাব পাৰে। ঠাণ্ডাত খেতি কৰিলে  অতি ঠাণ্ডাৰ পৰা বচাব লাগে।
  • পানী ওলাই যোৱাৰ সুবিধা কৰাৰ দৰকাৰ। পানী জমা হ’লে গছ মৰি যাব পাৰে।
  • গ্ৰীণ হাউচত ঠাণ্ডাত এই খেতিৰ পৰা ভাল লাভ পাব পাৰি।
তিতা কেৰেলা খেতি মাটি:

বিভিন্ন ধৰনৰ মাটিত তিতাকেৰেলা খেতি কৰিব পাৰি। বালীয়া পলসুৱা মাটি বা পলসুৱা যঠেষ্ট জৈৱিক পদাৰ্থ থকা মাটিত তিতাকেৰেলা খেতি ভাল হয়। পি এইচ ৬ ৰ পৰা ৭ হ’লে ভাল হয়, মানে আম্লিক মাটিত তিতাকেৰেলা ভাল হয়। ১ ৰ পৰা ১৪ ৰ স্কেলত পি এইচ ৭ ৰ কম হলে আম্লিক (Acidic) আৰু ৭ ৰ বেছি হলে ক্ষাৰ (basic) বোলা হয়। 

তিতা কেৰেলাৰ উন্নত জাতসমূহ:

Best hybrid varieties of bitter gourd

সৰু কেৰেলা:

  • US1315: BASF Nunhems কম্পেনীৰ অধিক ফলনশীল তিতাকেৰেলা বিধ অধিক উৎপাদন, ধুনীয়া, সৰু ফল আৰু কম বেমাৰ থকা হিচাপে সমগ্ৰ ভাৰততে জনপ্ৰিয়। মজবুত গছজোপাত বেছিদনলৈ ফল দি থাকে। কেৰেলাবোৰ গাঢ় সেউজীয়া আকৰ্ষণীয়। ফলবোৰ সৰু ৮-১০ ছে:মি: দীঘল আৰু ৭০-৭৫ গ্ৰাম ওজনৰ হয়, প্ৰায় নিগনি এটাৰ সমান বাবে নিগনি কেৰেলা কোৱা হয়। ৫০-৫৫ দিনত প্ৰথম চিঙিব পাৰি। গছবোৰ ১২০ ৰ পৰা ১৫০ দিনমান জীয়াই ৰাখিব পাৰি। ফলবোৰো দুৰৰ বজাৰলৈ নিব ভাল তথা চিঙাৰ পিছত বহু দিন ৰাখিব পাৰি।
  • Little champ: Syngenta ৰ এই কেৰেলাবিধৰ উজ্জল সেউজীয়া ৰঙৰ বাবে বজাৰত জিলিকি থাকে। ৪০-৫০ গ্ৰাম ওজনৰ সৰু কেৰেলাৰ ফলবোৰ প্ৰায় সমান আকাৰৰ হয় আৰু ৬০-৬৪ দিনত প্ৰথম চিঙিব পাৰি। ভালকৈ সাৰ আৰু পানীৰ যোগান ধৰিলে বহুত ফল পাব পাৰি। বহুত কেইটা ভাইৰাচ প্ৰতিৰোধী হোৱা বাবে ভাল ফল পোৱা যায়। গছবিলাকো ডালে পাতে ভৰি থাকে।
  • Yodha 2252: Sakata কম্পেনীৰ এই কেৰেলাবিধ ৪৫-৫০ গ্ৰাম ওজনৰ হয়। ফলবোৰ ৬-৮ ছে:মি: দীঘল হয়। গুটি গজাৰ ৫০-৬০ দিনত প্ৰথম ফল দিয়ে। জুন জুলাই বা জানুৱাৰী-মাৰ্চ মাহত লগাব ভাল। ফলবোৰ গভীৰ সেউজীয়া হয়।
  • Chotu 111: Ravi Hybrid seeds নামৰ কম্পেনী এটাৰ এই কেৰেলাবিধ আজিকালি বহুত জনপ্ৰিয় হৈ আছে। ৫৫-৬০ দিনত প্ৰথ, চিঙিব পৰা এই কেৰেলাবিধৰ ওজন প্ৰায় ৫০-৭০ গ্ৰাম হয়। বজাৰত ইয়াৰ আকৰ্ষণ হৈ পৰে পিঠিত থকা কাইটবোৰ। প্ৰায় ২ ৰ পৰা ৩ ইঞ্চি দীঘল সেউজীয়া ৰঙৰ হয়।
  • VNR 28:  সেউজীয়া চুটি কাইট থকা এই কেৰেলাবিধে বজাৰত ভাল দাম পায়। ৬.৫ ৰ পৰা ৭.৫ ছে:মি: দীঘল, ৪-৫ ছেমি বহল আৰু ৩০-৪০ গ্ৰাম ওজনৰ কেৰেলাবোৰ খাবলৈ সোৱাদ। বাৰিষা (মে’-জু’ন) খৰালি (জানুৱাৰী ফেব্ৰুৱাৰী) দুয়োসময়তে কৰিব পাৰি । ৩ ফুটৰ দুৰত গুটিবোৰ দিব লাগে। ৪৭ ৰ পৰা ৫০ দিনত প্ৰথম চিঙিব পাৰি আৰু পিছত কম দিনৰ মূৰে মূৰে চিঙিব পাৰি।
  • Kaveri 88: অসমত অতি জনপ্ৰিয় হোৱা এই কেৰেলাবিধr ধুনীয়া জোঙা কাইট থাকে। ৫৫-৬০ দিনত প্ৰথম চিঙিব পাৰি।

ডাঙৰ কেৰেলা

  • Palee: East west কম্পেনীৰ এই কেৰেলাবিধ মজবুত গছ আৰু আগতীয়া উৎপাদনৰ বাবে খেতিয়কৰ মাজত বহুত জনপ্ৰিয়। ফলবোৰ মধ্যমীয়া দীঘল আৰু ইয়াৰ কাইটবোৰ মধ্যমীয়া কিন্তু যথেষ্ট ডাঠ, যাৰ ফলত পৰিবহণৰ সময়ত কম ক্ষতি হয়। ৰং আকৰ্ষণীয় গাঢ় সেউজীয়া। ইয়াৰ উৎপাদনৰ বেছি হোৱাৰ বাবে বহু কৃষকৰ প্ৰিয়। ৪৫-৫০ দিনত প্ৰথম চিঙিব পাৰি, ২০-২৫ ছে:মি: দীঘল, ৫-৬ ছে:মি: বহল আৰু ওজন প্ৰায় ১০০-১৪০ গ্ৰামৰ হয়।
  • Amanshri: BASF Nunhems কম্পেনীৰ কেৰেলাবিধ বহুত বেছি উৎপাদন দিয়ে। অতি সোণকালে ফল লাগে। আকৰ্ষণীয় জিলিকি থকা গাঢ় সেউজীয়া ফলবোৰ ২২-২৪ ছে:মি: দীঘল হয়। দুৰৰ বজাৰত নিবলৈ আৰু বহুদিন ৰাখিবলৈ ভাল।
  • BGH-106: Syngenta কম্পেনীৰ এইবিধ কেৰেলা সৰু আৰু ডাঙৰৰ মাজতে ১৩-১৬ ছে:মি দীঘল আৰু ৫-৬ ছে:মি বহল হয়। ৬০-৮০ গ্ৰাম ওজনৰ কেৰেলাবিধত ঘনকৈ জোঙা কাইট থাকে। গছবোৰ পাউডাৰী আৰু ডাউনী মিলদেউ প্ৰতিৰোধী। গাঢ় সেউজীয়া আকৰ্ষণীয় ফল হয়।
  • Pragati 065: East West Seeds ৰ এই কেৰেলাবিধ অধিক উৎপাদনৰ বাবে জনাজাত । ফলবোৰ প্ৰায় ১৭-২০ ছে: মি: আৰু ১২০-১৩০ গ্ৰাম ওজনৰ হয়। লতাবোৰত বহুত ডাল পাত থাকে। ৬০-৬৫ দিনৰ প্ৰথম চিঙিব পাৰি। গাঢ় সেউজীয়া ৰঙৰ হয়। ফলবোৰ বেছিদিন ৰাখিব পাৰি আৰু দুৰৰ বজাৰৰ বাবে উপযোগী।
  • Asmita: Syngenta কম্পেনীৰ এইবিধ কেৰেলা পাউডাৰী আৰু ডাউনী মিলদেউৰ মধ্যমীয়া প্ৰতিৰোধী। গাঢ় সেউজীয়া আকৰ্ষণীয় ফলবোৰ ৩০-৩২ ছে:মি দীঘল আৰু ৪-৫ ছে:মি: বহল হয়। ওজন ১২৫-১৪০ গ্ৰাম।
  • Pakhi: East West Seeds ৰ এই কেৰেলাবিধ ইয়াৰ সুকীয়া, দীঘলীয়া আকৃতিৰ বাবে জনাজাত । সাধাৰণতে এই ফলৰ দৈৰ্ঘ্য প্ৰায় ২০-৩০ ছে: মি: আৰু ব্যাসৰ ৪-৫ ছে: মি: । পকিলে ই সেউজীয়াৰ পৰা উজ্জ্বল কমলা-ৰঙা ৰঙলৈ পৰিণত হয়। গছবোৰ গভীৰ সেউজীয়া, ডাল পাতেৰে ভৰি থকা। ইহঁতে ৫-৬ মিটাৰ পৰ্যন্ত দীঘল লতা হয়।
  • Tejas: Sakata কম্পেনীৰ এবিধ কেৰেলা ৪৫-৫৫ দিনত প্ৰথম চিঙিব পাৰি। আকৰ্ষণীয় সেউজীয়া ৰঙৰ ডাঠ সিৰা থকা ২০-২৫ ছে:মি: দীঘল হয় আৰু ৪-৫ ছে:মি: বহল হয়। ফলবোৰৰ ওজন ১৫০-১৬০ গ্ৰাম হয়।
  • Akash: VNR কম্পেনীৰ এই কেৰেলাবিধ গাঢ় সেউজীয়া ৰঙৰ ডাঠ কাইট থকা। ২০-২৫ ছে:মি: দীঘল আৰু ৪-৫ ছে:মি বহল হয়। ওজন প্ৰায় ১৫০-১৬০ গ্ৰাম হয়।৫০-৫৫ দিনত প্ৰথম চিঙিব পাৰি। কম দিনৰ মূৰে মূৰে  চিঙিব পাৰি আৰু ফলবোৰ দুৰৰ বজাৰত নিব ভাল। 
  • Noor (026): Hyveg কম্পেনীৰ এই কেৰেলাৰ ফলৰ ওজন ১৪০-১৫০ গ্ৰাম হয়, দীঘল প্ৰায় ১৯-২০ ছে:মি: আৰু বহলে ৩.৮-৪.২ ছে:মি:। ৪৫ দিনৰ প্ৰথম চিঙিব পাৰি। গাঢ় সেউজীয় ৰঙৰ হয় আৰু অধিক উৎপাদন পাব পাৰি। মাটি কেৰেলা হিছাপেও কৰা দেখা যায়।
  • Sw 811: US agriseeds কম্পেনীৰ এই কেৰেলাবিধ ৫৫-৬৫ দিনত প্ৰথম চিঙিব পাৰি। গাঢ় সেউজীয়া ৰঙৰ ফলবোৰ ১৮-২০ ছে:মি: দীঘল আৰু ১৫০-১৮০ গ্ৰাম ওজনৰ হয়। মধ্যমিয়াৰ পৰা দীঘল সিৰা থকা কাইট থাকে।
  • Monika (7004): Sakata কম্পেনীৰ এই কেৰেলাবিধ গাঢ় সেউজীয়া ৰঙৰ, ১৫-১৮ ছে:মি: দীঘল আৰু ১২০-১৫০ গ্ৰাম ওজনৰ হয়। ৫০-৫৫ দিনৰ প্ৰথম চিঙিব পাৰি।
  • পুচা ডো মৈচুমী: ডালবোৰ সেউজীয়া , নোমাল , পাতবোৰ বহল , পুলিৰ পৰা ফল ধৰালৈ ৫৫ দিনৰ ভিতৰত শেষ হয় ।
  • কইম্বাতুৰ লং: গছবোৰ যথেষ্ট ঠাল ঠেঙুলি মেলা , ফলবোৰ দীঘল পাতল সেউজীয়া ৰঙৰ , গছবোৰত ফল যথেষ্ঠ উত্পন্ন হয়, বাৰিষা বতৰৰ বাবে উপযোগী সঁচ ।
  • বহুত কৃষকে স্থানীয় জাত ব্যবহাৰ কৰে।
তিতা কেৰেলা খেতি সময়:
  • ঘৰত খাবৰ বাবে গৰমৰ যিকোনো সময়ত তিতা কেৰেলা খেতি কৰিব পাৰি।
  • ব্যবসায় ভিত্তিত কৰিলে অলপ সাবধান হব লাগে। আগতীয়াকৈ কৰা খেতিৰ পৰা যঠেষ্ট ভাল দামত কেৰেলা বিক্ৰী কৰিব পাৰি।
  • ডিচেম্বৰ জানুৱাৰী মাহত যিবোৰ ঠাইত অলপ গৰম থাকে তাত তিতা কেৰেলা গছ বগাব পাৰে বা গছৰ বৃদ্ধি হয়। আনহাতে পাহাৰৰ ওচৰৰ বা ঠাণ্ডা বেচি পৰা ঠাইত ডিচেম্বৰ জানুৱাৰী মাহত গছ জোপোকা মাৰি থাকে। নাবাঢ়ে।
  • নৱেম্বৰ ডিচেম্বৰত গ্ৰীন হাউচত তিতা কেৰেলা কৰি ঠাণ্ডাৰ দিনত ভাল দামত বজাৰত বেচিব পাৰি।
  • আগতীয়া খেতিৰ বাবে ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহ বা জানুৱাৰীৰ শেষৰ সপ্তাহত গুটি দিব পাৰি।
তিতা কেৰেলা খেতি মূল পথাৰ প্ৰস্তুতি আৰু সাৰ প্ৰয়োগ:

তিতা কেৰেলা খেতি কৰাৰ ১ মাহমান আগতে এবাৰ হাল বাই মাটি শুকাব দিব লাগে। ইয়াৰ পিছত মাটিগুৰি কৰি হাল বাব লাগে। মাটি শুকুৱাই ল’লে মাটিত থকা পোক পৰুৱাই ভবিষ্যতে অপকাৰ কৰিব নোৱাৰে।

তিতা কেৰেলা খেতিত প্ৰচুৰ জৈবিক সাৰ দিব লাগে। বিঘাই প্ৰতি

  • ৩ টনমান গোবৰ বা পচন সাৰ ব্যবহাৰ কৰিব লাগে।
  • ১২ কিলগ্ৰাম নাইট্ৰজেন থকা সাৰ (Urea),
  • ৩৬ কিলগ্ৰাম একক চুপাৰ ফচফেট (SSP)
  • ১৬ কিলগ্ৰাম পটাচ থকা সাৰৰ দৰকাৰ হয় (MOP)।

আধা নাইট্ৰজেন থকা সাৰ আৰু বাকী সকলো সাৰ শেষৰবাৰ হাল বাওতে ছটিয়াই লব লাগে। বাকী আধা নাইট্ৰজেন জাতীয় সাৰ পুলি ৩০ দিন হওতে পুলিৰ গুৰিৰ পৰা এক ফুট আতৰে আতৰে দিব লাগে।

তিতা কেৰেলা খেতি: বীজ শোধন :

তিতা কেৰেলাৰ বীজ শোধন কৰাটো অতি দৰকাৰী, নহলে মাটিত পচি যাব পাৰে। বীজ শোধন কৰিলে আগলৈ বহুত বেমাৰৰ পৰা সাৰিব পাৰি। গতিকে দৰবৰ খৰচ কমি যায়। তলত দিয়া যিকোনো এবিধ ব্যবস্থাহে কৰিব লাগে।

  • জৈবিকভাবে শোধন কৰিবলৈ বীজ তিয়াই থওতে Trichoderma viride ৪ গ্ৰাম বা Pseudomonas fluorescens ১০ গ্ৰাম মিহলাই লব লাগে।
  • যদি জৈবিকভাবে নকৰে তেন্তে ২ গ্ৰাম Bavistin ব্যবহাৰ কৰিব পাৰে।
বীজৰ অংকুৰণ:

তিতা কেৰেলা খেতিত সাধাৰণতে গৰমত এৰাতি  তিয়াই থোৱা  বীজ পোনে পোনে মাটিত দিলেও গজালি আহে। কিন্তু জানুৱাৰীৰ পৰা মাৰ্চলৈ আগতীয়া তিতা কেৰেলা খেতি কৰিলে গুটিৰ অংকুৰণ কৰিব লাগে। নহলে বহুত গুটি নগজে। আনহাতে বাৰিষা বহুত গুটি Damping off হৈ মৰি যায়। গতিকে বীজৰ অংকুৰণ কৰি লোৱাটো অতি দৰকাৰী।

  • বীজখিনি ১২ ৰ পৰা ২৪ ঘন্টা পানীত তিয়াই থব লাগে। তাৰ পিছত বহু লোকে তিতা কাপোৰ এখনেৰে বান্ধি ওলোমাই থয়।
  • অতি বেছি শীতত বিশেষকৈ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত কাপোৰত বান্ধি এৰাতি কেচা গোবৰত পুতি থব পাৰি।
  • অন্যথা জুহালৰ পৰা ১.৫ ফুট আতৰত গাত কৰি পুতি থব লাগে। অংকুৰণ হোৱাৰ পিছত গুটিসমূহ মাটিত দিওতে বা অংকুৰণ নোহোৱাকৈ দিওতেও জোঙা ফালটো তল কৰি দিব লাগে। মাটিত দুই আঙুলতকৈ বেছি তললৈ দিব নালাগে।
  • Seedling tray ব্যবহাৰ কৰি গুটিবোৰৰ পৰা পুলি তৈয়াৰ কৰি পিছত মূল পঠাৰত ৰুব পাৰি। এনে কৰিলে কেবল স্বাস্থ্যবান পুলিবোৰহে মূল পঠাৰত লগোৱা হয়। পুলিবাৰী শিতানত Seedling tray ৰ ব্যবহাৰ পঢ়ক।
  • প্লাষ্টিকৰ ডাঙৰ গ্লাচ বা নাৰ্চাৰীৰ প্লাষ্টিক বেগটো পুলি তৈয়াৰ কৰি লগাব পাৰি।প্লাষ্টিকৰ ডাঙৰ গ্লাচ ব্যবহাৰ কৰিলে তলত ফুটা এটা কৰিব নাপাহৰিব।
তিতা কেৰেলা খেতি: বীজ ৰোপন:

মাটি কেৰেলাৰ বাবে:

  • প্ৰতিটো শাৰীৰ পৰা শাৰীৰ দূৰত্ব ৫ ফুট ৰাখিব লাগে। পুলিৰ পৰা পুলিৰ দূৰত্ব ৪ ফুট ৰাখিব লাগে। মাটি তিয়হৰ বাবে স্থানীয় সঁচ ব্যবহাৰ কৰিব পাৰি।
  • কেৰেলা পুলিবোৰ ২৫ দিন মান হোৱাৰ পিছত গুৰিৰ বন বাট আতৰাই সাৰ দি গুৰিত মাটি ছপাই দিয়া হয়। ইয়াৰ পিছত খেৰ পাৰি তাৰ ওপৰত লতাবোৰ বগাবলৈ সুবিধা কৰিব দিব লাগে।
  • যদি এটা এটা টিলা কৰি সিঁচে তেন্তে তিনিটা গুটি দিয়া এটা টিলাৰ পৰা আনটো টিলালৈ ৪ ৰ পৰা ৫ ফুট দূৰ হোৱাটো দৰকাৰ।

জেং কেৰেলা:

 মন কৰিবলগীয়া

  1. জেং বা চাং দিয়াৰ খৰচ  আছে।
  2. শ্ৰমিক হাততে পোৱা যাব নে নাই।
  3. সেই অনুসৰি জেং, ৰচী বা নেট ব্যবহাৰৰ কথা ভাবিব পাৰি।

জেং কেৰেলা ৰোপন কৰা উপায়:

  • পৰম্পৰাগতভাবে একোটা ১.৫ ফুট বহল ঘুৰণীয়া টিলা কৰি তাত তিনিটামান
    মালচিং কাগজ ব্যবহাৰ কৰি তিতা কেৰেলা ৰোপন।
    তিতা কেৰেলা গুটি লগোৱা হয়। ঘৰুৱাভাবে কৰিলে তেনেকৈ কৰিব পাৰি। তাত বাহৰ আগলি একোটা পুতি দিব পাৰি।
  • ব্যবসায় ভিত্তিত তিতা কেৰেলা খেতি কৰিলে শাৰী শাৰীকৈ লগোৱা হয়। দুটা শাৰীৰ মাজৰ দূৰত্ব ৫ ফুটতকৈ কম ৰাখিব নালাগে। আনহাতে গুটিবোৰ ৪ ফুটৰ দুৰে দুৰে দিব পাৰি।
  • দীঘলীয়াকৈ ওখ ভেটি কৰি খেতি কৰিলে পানী ওলাই যোৱাত সুবিধা হয় লগতে পানী দিবওঁ সুবিধা হয়। ৩ ফুট বহল ভেটিবোৰৰ মাজত ৩ ফুটমান নলা কৰিব লাগে।
  • মালচিং কাগজ ব্যবহাৰ কৰি অধিক উৎপাদন লাভ কৰিব পাৰি। মালচিংৰ ভেটি তৈয়াৰ কৰোতে তাত প্ৰচুৰ পচন সাৰ আৰু লাগতিয়াল ৰাসায়নিক সাৰ দি লব লাগে। মালচিঙ ব্যবহাৰ কৰিলে খৰচ বহু কমি যায় লগে খেতিও ভাল হয়। মালচিঙৰ দুটা ভেটিৰ মাজত তিনিফুটমান ঠাই ৰাখিব লাগে। গুটিবোৰ এটা এটাকৈ ৪ ফুটৰ দুৰে দুৰে দিব পাৰি।
তিতা কেৰেলা খেতি: গছৰ যতন:

তিতা কেৰেলা গছত নিয়মীয়াকৈ খাদ্যৰ যোগান ধৰি থাকিলেহে গছে বেচি দিনৰ বাবে ফল দিব পাৰে। তাৰ বাবে নিয়মিত সাৰ দিব লাগে। আগতেই কোৱা হৈছিল যে  আধা নাইট্ৰজেন জাতীয় সাৰ পুলি ৩০ দিন হওতে পুলিৰ গুৰিৰ পৰা এক ফুট আঁতৰে আঁতৰে দিব লাগে।

  • ২০ দিন পিছৰ পৰা প্ৰতি সপ্তাহৰ মূৰে মূৰে NPK 19:19:19 স্প্ৰে কৰি থাকিব লাগে।
  • Ethrel নামৰ দৰব বিধ ৩.৫ মিলিলিটাৰ প্ৰতি ১৬ লিটাৰ পানীত মিহলাই পুলিৰ ১৫ দিন বয়সৰ পৰা প্ৰতি সপ্তাহত স্প্ৰে কৰি থাকিব লাগে। ই মাইকী ফুলৰ সংখ্যা বৃদ্ধি কৰি অধিক উৎপাদনত সহায় কৰে।
  • Micronutrient Fertilizer যেনে Multiplex Kranti বা Multiplex General Liquid ৩২ ৰ পৰা ৪০ মিলিলিটাৰ প্ৰতি ১৬ লিটাৰ পানীত মিহলাই ২ বা ৩ সপ্তাহৰ মূৰে মূৰে স্প্ৰে কৰি থাকিব লাগে।
  • ফুল সৰিব ধৰিলে Planofix নামৰ PGR বিধ মাত্ৰ ৪ মিলিলিটাৰ ১৬ লিটাৰত মিহলাই স্প্ৰে কৰিব লাগে।
তিতা কেৰেলা খেতি: জেং দিয়া বা হেন্দালি:
  • ঘৰত খাবলৈ কৰা খেতিৰ বাবে বাহৰ আগলি দিলেই যঠেষ্ট হয়।
  • ব্যবসায় ভিত্তিত ডাঙৰ ঠাইত কৰিলে চাং দিয়াটো দৰকাৰ। চাঙৰ বাবে Pet Wire (polyethyl Pteripthalate), প্লাষ্টিকৰ ৰচী আৰু বাঁহ ব্যবহাৰ কৰিব পাৰি। নামনি অসমত টায়াৰ চিলোৱা ৰচী পোৱা যায়, যিবোৰ সস্তা আৰু এটা বচৰ ভালকৈ থাকে।
  • ৰচী গাঠোতে ফুটাবোৰ ১ ফুট X ১ ফুটতকৈ সৰু হব লাগে, নহলে লতাবোৰ তলতলৈ নামি আহে।
  • গুটি গজালি অহাৰ ৭ দিনমানৰ ভিতৰতে চাঙখন তৈয়াৰ কৰা ভাল।
  • গছ চাঙত উঠিবৰ বাবে চাঙৰ পৰা ৰচী একোডাল বান্ধি তললৈ নি গছৰ গুৰিত লগাই দিলেই হয়। বহু লোকে বাহৰ কামি বা বাহৰ জেং ব্যবহাৰ কৰে।
  • Crop support net আজিকালি বহুত জনপ্ৰিয় হৈ আহিছে। এই নেটবোৰ কেৰেলাৰ শাৰীৰ পৰা চাঙলৈ বান্ধি দিয়া হয়। নেটবোৰ কেবাবাৰো ব্যবহাৰ কৰিব পাৰি তথা শ্ৰমিক কম থাকিলে সহজে ব্যবহাৰ কৰিব পাৰি।
তিতা কেৰেলা খেতি: শস্য ৰক্ষা:
তিতা কেৰেলা খেতি: ফল মাখি Fruit Fly
ক্ষতিৰ ধৰন
  • পলুবোৰে ফলৰ গুড়ি খায়।
  • ফলৰ পৰা তেলজাতীয় তৰল পদাৰ্থ ওলাই থাকে।
  • ফল বেকা বেকি হৈ হালধীয়া হৈ পৰে আৰু বজাৰত ভাল দাম পোৱা নাযায়।
  • ফল-মূল অকালতে সৰি পৰে আৰু লগতে খোৱাৰ অনুপযোগী।

চিনাক্তকৰণ:

  • কণী: ফলৰ ওপৰত থুপ থাকে।
  • পলু: লেতেৰা বগা দেখা যায়।
  • লেটা: মাটিত লেটা হয়
  • পৈণত:
  • Bactrocera cucurbitae: ডেউকাৰ আগত বাদামী আৰু ধূসৰ ৰঙৰ দাগ থাকে।
  • Bactrocera ciliates: বাদামী ৰঙৰ শৰীৰ। Bactrocera cucurbitae তকৈ সৰু।
  • B. zonata: শৰীৰ হালধীয়া আৰু শেঁতা হালধীয়া বেণ্ড থাকে।
নিয়ন্ত্ৰণ:
  • বেমাৰী আৰু পৰি যোৱা ফল বোৰ গোটাই আনি দুৰৰ গাতত পুতি পেলাব লাগে।
  • চপোৱাৰ পিছত হাল বাই মাটি মাটি গুৰি কৰিলে লেটাবোৰ ধ্বংস হয়।
  • তীব্ৰ আক্ৰমণত বিষাক্ত বেটিং ব্যৱহাৰ কৰিব লাগে।
  • Methyl Eugenol থকা ফাণ্ড ব্যবহাৰ কৰিব পাৰে। বজাৰটো কিনিব পাৰি।
  • ৫ গ্ৰাম তিতা মাছৰ খাদ্য গুড়ি পলিথিনৰ বেগত (২০ x ১৫চে.মি.) ছটা ফুটা (৩ মিলিমিটাৰ ব্যাসাৰ্ধ) কৰি ৰাখিব লাগে। মাছৰ গুৰিত কীটনাশক ব্যবহাৰ কৰিব পাৰি যেনে Malathion 5% DP।  মাছৰ খাদ্য আৰু কীটনাশক সপ্তাহত সলনি কৰিব লাগে।
  • পাতত নীম তেল 80 মিলিলিটাৰ ১৬ লিটাৰ টেংকত মিহলাই স্প্ৰে কৰিব পাৰি। Activated Neem oil from Katyayani
ৰাসায়নিক নিয়ন্ত্ৰণ:

অধিক বেচি আক্ৰমণ হ’লেহে ৰাসায়নিক দৰব ব্যবহাৰ কৰিব। সপ্তাহত এবাৰ তলত দিয়া এবিধ ব্যবহাৰ কৰিলেই ফল পোৱা যাব।

  • Profenofos 40% + Cypermethrin 4% EC থকা দৰব ৩০ মিলিলিটাৰ প্ৰতি ১৬ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে। Profex super.
  • Thiamethoxam 25% WG ৮ গ্ৰাম প্ৰতি ১৬ লিটাৰ টেংকত মিহলাই স্প্ৰে কৰিব লাগে। Actara Insecticide

ৰঙা বিটল পোক Red Beetle or Pumpkin Beetle:

 
ক্ষতিৰ লক্ষণ:
  • পলুবোৰে (Grub) মাটিত লাগি থকা শিপা, কাণ্ড আৰু ফল-মূল খায়।
  • পৈনতবোৰে পাত আৰু ফুল খায়।
  • পাতবোৰ ফুটা ফুটা কৰি দিয়ে।

চিনাক্তকৰণ:

  • সদ্য ফুটাবোৰ লেতেৰা বগা।
  • সম্পূৰ্ণ ডাঙৰ হোৱা লেটাৰ ৰঙ ক্ৰীম হালধীয়া
  • পৈনত: ৰঙৰ ৰঙা
নিয়ন্ত্ৰণ:

পোকৰ লেটাবোৰ মাটিত থাকে। গতিকে খেতি কৰাৰ আগতে ভালকৈ হাল বোৱাটো জৰুৰী।

  • পাতত নীম তেল 80 মিলিলিটাৰ ১৬ লিটাৰ টেংকত মিহলাই স্প্ৰে কৰিব পাৰি। Activated Neem oil from Katyayani
  • Dimethoate 30% EC থকা কীটনাশক ১৬ লিটাৰ পানীত 4 মিলিলিটাৰ মিহলাই পাতত স্প্ৰে কৰিব লাগে। যেনে FMC Rogor Insecticide
  • Malathion 50 EC 100 মিলিলিটাৰ প্ৰতি বিঘাত স্প্ৰে কৰিব পাৰি।
তিতা কেৰেলা খেতি: পাওদাৰী মিলদিউ Powdery mildew:

ক্ষতিৰ লক্ষণ:

  • পাত, ঠাৰি ওপৰত বগা গুড়িৰ দৰে পদাৰ্থ দেখা যায়।
  • আক্ৰান্ত গছৰ পাত হালধীয়া বা বাদামী হ’বলৈ আৰম্ভ কৰিব পাৰে।
  • অৱশেষত ইয়াৰ ফলত পাত শুকাই সৰি পৰে।
  • আক্ৰান্ত পাতবোৰ বেকা বেকি হ’ব পাৰে।
  • ভেঁকুৰৰ বৃদ্ধিৰ ফলত হোৱা সালোক সংশ্লেষণ হ্ৰাস পোৱাৰ বাবে গছ নাবাঢ়ে।
  • গছে সৰু আৰু কম সোৱাদযুক্ত ফল উৎপন্ন কৰিব পাৰে।
  • গুৰুতৰ ক্ষেত্ৰত গোটেই গছজোপা গুড়িৰ দৰে বৃদ্ধিয়ে ঢাকি ৰাখিব পাৰে, যাৰ ফলত গছজোপাৰ মৃত্যু হ’ব পাৰে।
নিয়ন্ত্ৰণ:
  • গছত মাজত সঠিক ব্যৱধান থাকিলে বায়ুৰ পৰিবহন উন্নত হয়, যাৰ ফলত আৰ্দ্ৰতাৰ মাত্ৰা হ্ৰাস পায় আৰু ভেকুৰ বৃদ্ধি নহয়।
  • গছবোৰে পৰ্যাপ্ত পৰিমাণৰ সূৰ্যৰ পোহৰ পোৱাটো দৰকাৰ।
  • পানী জমা হব দিব নালাগে।
  • বৰষুণৰ সময়ত হাতেৰে ফল চুব নালাগে বা খেতিত কাম কৰিব নালাগে।
  • নিয়মিতভাৱে গছৰ পৰা বেমাৰী পাত আৰু ডাল আঁতৰাই দিব লাগে, যাৰ ফলত বায়ুৰ সঠিক প্ৰবাহ নিশ্চিত হয় আৰু ৰোগৰ বিস্তাৰ ৰোধ হয়। জোখতকৈ বেছি লতা বগালে কাটি দিব লাগে।
ৰাসায়নিক নিয়ন্ত্ৰণ:

১৫ দিনৰ মূৰে মুৰে তলত দিয়া এবিধ দৰব ব্যবাহাৰ কৰিব পাৰে।

  • Carbendazim 12% + Mancozeb 63% WP বা ২ ৰ পৰা ৪ গ্ৰাম প্ৰতি লিটাৰ পানীত বা ৩২ ৰ পৰা ৬৪ গ্ৰাম প্ৰতি ১৬ লিটাৰ পাম্পত মিহলাই স্প্ৰে কৰিব লাগে। Saaf
  • Carbendazim 50% WP থকা দৰব প্ৰতি ১৬ লিটাৰ পানীত ৪০ গ্ৰাম মিহলাই স্প্ৰে কৰিব লাগে। Bavistin
  • Azoxystorbin থকা ভেকুঁৰনাশক ১ মিলিলিটাৰ প্ৰতি লিটাৰ পানীত মিহলাই (প্ৰতি ১৬ লিটাৰ পাম্পত ১৬ মিলিলিটাৰ) গুৰিত দিব লাগে লগতে পাতটো স্প্ৰে কৰিব লাগে। (Amister top, Nativo etc)।

ডাউনী মিলদেউ Downy mildew

 
 
ক্ষতিৰ লক্ষণ:
  • পাতৰ ওপৰৰ হালধীয়া কোণীয়া দাগ দেখা দিয়ে।
  • বেমাৰ বঢ়াৰ লগে লগে আক্ৰান্ত পাতবোৰত বাদামী ৰঙৰ দাগ দেখা দিব পাৰে, যিবোৰ প্ৰায়ে হালধীয়া ৰঙে বেৰি থাকে।
  • সেমেকা বতৰত পাতৰ তলৰ ফালে লেতেৰা-বগা পানীত তিতি থকা ঘাঁ দেখা দিয়ে।
  • বেমাৰ হোৱা পাতবোৰ সৰি পৰে।
  • আক্ৰান্ত গছবোৰ নাবাঢ়ে আৰু বেমাৰ গুৰতৰ হ’লে গছ মৰি যায়।
নিয়ন্ত্ৰণ:

জৈৱিকভাবে:

ভালকৈ পানী ওলাই যোৱাৰ ব্যবস্থা লাগে। ওখ ভেটি কৰি নিৰ্দিষ্ট দূৰত্বত গছ লগালে ভালকৈ বতাহ চলাচল কৰিব পাৰে আৰু এই বেমাৰৰ পৰা সাৰি থাকিব পাৰি।

  • Pseudomonas fluorescence থকা দৰব ১৬ লিটাৰ টেংকত ৪০ মিলিলিটাৰ মিহলাই পাতত স্প্ৰে কৰিব পাৰি Anand Dr.Bacto’s Fluro
  • জৈৱিক ভেকুৰনাশক যেনে DOWNY RAZE ১৬ লিটাৰ টেংকত ৪০ মিলিলিটাৰ মিহলাই পাতত স্প্ৰে কৰিব পাৰি।

ৰাসায়নিকভাবে:

  • Mancozeb 75 % WP থকা ভেকুৰ নাশক ১৬ লিটাৰ পানীত ২৪ ৰ পৰা ৩২ গ্ৰাম মিহলাই স্প্ৰে কৰিব লাগে। Indofil M-45
  • Chlorothalonil 75 % WP থকা ভেকুৰ নাশক ১৬ লিটাৰ পানীত ১৬ ৰ পৰা 24 মিহলাই স্প্ৰে কৰিব লাগে। Kavach Fungicide
  • Metalaxyl at 4% and Mancozeb at 64% WP থকা ভেকুৰ নাশক ১৬ লিটাৰ পানীত ১৬ ৰ পৰা ২৪ গ্ৰাম মিহলাই পাতৰ তলফালে স্প্ৰে কৰিব লাগে। Ridomil Gold
  • Folio Gold from Syngenta (Metalaxyl-M 3.3% + Chlorothalonil 33.1% SC) ১৬ লিটাৰ পানীত ২৪ মিলিলিটাৰ মিহলাই পাতৰ তলফালে স্প্ৰে কৰিব লাগে।

মোজাইক ভাইৰাচ: Cucumber mosaic virus (CMV) পাত মেৰ খোৱা ভাইৰাচ Leaf curl virus (CMV)

লক্ষণ:
  • বেছিভাগ বগাইযোৱা খেতিক প্ৰভাৱিত কৰে যদিও তৰমুজত খুব কমেইহে প্ৰভাৱ পেলায়।
  • পাতত পাতল আৰু গাঢ় সেউজীয়া (মোজাইক) দাগ দেখা দিয়ে।
  • পাতৰ আকাৰ হ্ৰাস।
  • পাতবোৰ বিকৃত, ভাজ খোৱা হৈ পৰে।
  • আক্ৰান্ত উদ্ভিদৰ বৃদ্ধি বাধাপ্ৰাপ্ত হয় যাৰ ফলত জোপোহা দেখা যায়।
  • ফলবোৰৰ ওখ উখহি উঠিব পাৰে যিয়ে ইহঁতক বজাৰত নিব নোৱাৰা হয়।
নিয়ন্ত্ৰণ:
  • এবাৰ ভাইৰাচ লগাৰ পিছত সম্পূৰ্ণ ভাল কৰিব নোৱাৰি। কিন্তু ই যাতে বেলেগলৈ বিয়পি নাযায় তাৰ ব্যবস্থাহে লব পাৰি।
  • এই ভাইৰাছবিধ মোৱাপোকৰ (Aphid) দ্বাৰা সহজে সংক্ৰমিত হয় আৰু বেলেগ বেলেগ গছত জীয়াই থাকে।
  • এই ভাইৰাচ প্ৰতিৰোধ কৰিব পৰা জাত নিৰ্বাচন কৰিব লাগে।
  • No-Virus from Geolife দৰববিধ ৩ ৰ পৰা ৫ মিলিলিটাৰ প্ৰতি লিটাৰৰ লগত তলত দিয়া কীটনাশক এবিধ মিহলাই প্ৰথম, চতুৰ্থ আৰু ১৫ দিন পিছত স্প্ৰে কৰিলে ফল পোৱা যায়।
  • মোৱাপোকৰ (Aphid) বাবে পাতত নীম তেল 80 মিলিলিটাৰ ১৬ লিটাৰ টেংকত মিহলাই স্প্ৰে  কৰিব পাৰি। Activated Neem oil from Katyayani
  • Imidacloprid 17.8% EC ১৬ মিলিলিটাৰ প্ৰতি ১৬ লিটাৰ টেংকত মিহলাই স্প্ৰে কৰিব লাগে। Confidor Insecticide (মোৱাপোকৰ (Aphid) বাবে)
  • Dimethoate 30% EC থকা কীটনাশক ১৬ লিটাৰ পানীত 4 গ্ৰাম মিহলাই পাতত স্প্ৰে কৰিব লাগে। যেনে FMC Rogor Insecticide (মোৱাপোকৰ (Aphid) বাবে)

ঠাণ্ডাৰ দিনত কেৰেলা খেতি কৰিব পাৰিনে?

অতি ঠাণ্ডাত তিতা কেৰেলাৰ গুটি নগজে আৰু গছ নাবাঢ়ে। কিন্তু গ্ৰীণ  হাউচৰ ভিতৰত তিতা কেৰেলা খেতি কৰি ভাল লাভ অৰ্জন কৰিব পাৰি। 

তিতা কেৰেলাৰ লগত আৰু কি খেতি কৰিব পাৰি?

তিতা কেৰেলা গছ বাঢ়িবলৈ ৫০ দিনমান সময় লাগে। এই সময়ত প্ৰতি দুজোপা কেৰেলাৰ মাজত তিয়হ দিব পাৰি। তিয়হ কম দিনৰ খেতি। তিয়হৰ ফলত শেষ হ'লে গছজোপা গুৰিতে কাটি শুকাব দিব লাগে।

Scroll to Top