ভেন্দি খেতি

Spread the love

ভেন্দি খেতি

 
খেতি কৰাৰ আগতে জানিবলগীয়া:

 

  • এবিঘা ভেন্দি খেতি কৰি এদিন এৰি এদিন ৪ মাহমানলৈ উপাৰ্জন পাই থাকিব পাৰি। গতিকে আমাৰ খেতিয়কৰ বাবে ই অতি লাভজনক খেতি।
  • সময় আৰু জাত সঠিক নিৰ্বাচন কৰি আগতীয়াকৈ ভেন্দি বজাৰত উলিয়াই ১২০ টকা কিলগ্ৰাম পৰ্যন্ত পাব পাৰি।
  • ভেন্দিৰ পাতত শুং থাকে। চিঙিব গলে খজুৱাই। গতিকে সুবিধাজনকভাবে শাৰীৰ মাজৰ দুৰত্ব ৰাখিব লাগে। হাত মোজা আৰু দীঘল হাতৰ চোলাৰ দৰকাৰ হয়।
  • কিছুমান ভেন্দি গছ ওখ হৈ গৈ থাকে। ফলত কেইমাহমান চিঙাৰ পিছত মানুহে ঢুকি নোপোৱা হৈ পৰে। গতিকে উন্নত জাতৰ বেছি ওখ নোহোৱা জাত নিৰ্বাচন কৰা উচিত।
  • ভেন্দি সময়ত চিঙিব লাগে। নহলে পৈনত হৈ যায় আৰু বজাৰত চাহিদা নোহোৱা হয়। বিশেষকৈ টান ৰ’দ দিলে এদিনতে ভেন্দি বুঢ়া ঐ যায়।
বতৰ:

 

  • গৰম জলবায়ু ভেন্দি খেতিৰ বাবে অতি দৰকাৰী।
  • ২০ ডিগ্ৰী ছেন্টিগ্ৰেডৰ তলত ভেন্দিৰ গুটি নগজে।
  • ২২ ৰ পৰা ৩৫ ডিগ্ৰী উঞ্চতা ভেন্দিৰ বাবে অতি সুবিধাজনক।
  • অত্যাধিক বৰষুণ হোৱা ঠাইতো পানী ওলাই যোৱাৰ সুবিধা কৰি ভেন্দি খেতি কৰিব পাৰি।

 

মাটি:

 

যিকোনো মাটিতেই ভেন্দি খেতি কৰিব পাৰি। বালীয়া পলসুৱা মাটি বা আলতীয়া পলসুৱা মাটিত ভেন্দি খেতি ভাল হয়। ভেন্দিক আম্লিক মাটিৰ দৰকাৰ। পি এইচ ৬ ৰ পৰা ৬.৮ হ’লে ভাল হয়।
 
 

 

উন্নত জাতসমূহ:
  1. Radhika: Advanta Golden Seeds ৰ অধিক উৎপাদন দিয়া F1 Hybrid ভেন্দি। ইয়াৰ ফলবোৰ চিঙাৰ পিছত অধিক দিনলৈ ৰাখিব পাৰি। গছবোৰ সাধাৰণতে মধ্যমীয়া ওখ হয় লগতে ২ ৰ পৰা ৪ টা মান ঠাল মেলে। প্ৰটিতো ঠালেই ফল দিয়ে। ফলবোৰ ঘনকৈ লাগে আৰু গাঢ় সেউজীয়া ১২ ৰ পৰা ১৪ ছে:মি: মান দীঘল হয়। ৪৫-৫০ দিনৰ চিঙিব পাৰি। YVMV আৰু ELCV ভাইৰাচক মধ্যম ধৰণে প্ৰতিৰোধ কৰিব পাৰে।
  2. OH-517: Syngenta ৰ এই অধিক উৎপাদনশীল ভেন্দিবিধ মধ্যমীয়া ওখ, দুটামান শক্তিশালী ঠাল থাকে আৰু ফলবোৰৰ মাজত আলপ প্ৰাৰ্থক্য থাকে। ৪৫-৫০ দিনত প্ৰথম চিঙিব পাৰি, মসৃন সেউজীয়া ফল। LCV আৰু YVMV সহ্য কৰিব পাৰে।
  3. OH -102: Syngenta ৰ এই ভেন্দিবিধ জোপোহা মধ্যমীয়া ওখ, ফলবোৰ গাঢ় সেউজীয়া, মসৃণ, সমান আকাৰৰ আৰু কোমল। YVMV ভালকৈ প্ৰতিৰোধ কৰিব পাৰে। অধিক ফল দিব পাৰে। গুটিবোৰ ৩০ ছে:মি: দুৰে দুৰে দিব লাগে।
  4. Kumkum: Advanta Golden Seeds ৰ এই ৰঙা ৰঙৰ ভেন্দিবিধত অন্য ভেন্দিতকৈ অধিক পুষ্টিকৰ দ্ৰব্য থকা বুলি কোৱা হৈছে। মধ্যমীয়া ওখ গছবিলাকৰ পাব বোৰ ছুটী, কেইটামান ডাল মেলে, পাতবোৰ কটা কটা থাকে, ELCV আৰু YVMV দুয়োবিধ ভাইৰাচ প্ৰতিৰোধী। ফলবোৰ ৰঙা ৰঙৰ পাচসিৰাযুক্ত আৰু খাবলৈ সোৱাদলগা।
  5. JKOH 1054: JK seeds ৰ এই ভেন্দি ফলবোৰ সেইজীয়াৰ পৰা গাঢ় সেউজীয়া জিলিকি থকা হয়। গছবিলাক জোপোহা, পাববোৰ বহুত ছুটী হয়। ৪৫-৫০ দিনত প্ৰথম চিঙিব পাৰি। YVMV & ELCV ভাইৰাচ প্ৰতিৰোধী।
  6. Navya: Advanta Golden Seeds ৰ অধিক উৎপাদন দিব পৰা এই F1 Hybrid ভেন্দিৰ গছবিলাক জোপোহা ২-৩ টা ঠাল মেলে। ফলবোৰ গাঢ় সেইজীয়া, জিলিকি থকা, সহজে চিঙিব পৰা, আৰু সোনকালে চিঙিব পৰা (৪০-৪২ দিনত)। ১২-১৪ ছে:মি: দীঘল ফলবোৰ ১.৫-১.৮ ছৈ:মি: বহল। YVMV ভাইৰাচক প্ৰতিৰোধ কৰিব পাৰে।
  7. Janvi: VNR কম্পেনীৰ এই ভেন্দিবিধ ঘনকৈ লগালে অধিক উৎপাদন পোৱা যায়। গাঢ় সেইজীয়া, কোমল ফলবোৰ ৮-১২ ছে:মি: দীঘল আৰু ১.২-১.৫ ছে:মি: বহল হয়। ELCV প্ৰতিৰোধী। মধ্যমীয়া আক্ৰমণত YVMV ভাইৰাচে ফলক ক্ষতি নকৰে। ডাল কম থাকে।
  8. NS862: Namdhari Seeds ৰ এই হাইব্ৰীড ভেন্দি গছবিধ মধ্যমীয়া ওখ আৰু ২ ৰ পৰা ৪ টা ঙাল থাকে। ফলবোৰ ঘনকৈ লাগে, গাঢ় সেউজীয়া, কোমল আৰু ৫ ডাম সিৰা থাকে। ৪৫-৫০ দিনত প্ৰথমবাৰ চিঙিব পাৰি।
  9. Samrat: Nunhems ৰ এই ভেন্দি গছবিলাক ওখ হয়। YVMV ভাইৰাচ প্ৰতিৰোধ কৰিব পাৰে। আকৰ্ষণীয় গাঢ় সেউজীয়া ফল বোৰ পাচকোনীয়া, ১৪-১৬ ছে: মি: দীঘল হয়। প্ৰায় সকলো মাটিতে এই খেতি কৰিব পাৰি।
  10. Mahy 28: Mahyco কম্পেনীৰ এই ভেন্দিবিধ YVMV ভাইৰাভ প্ৰতিৰোধী, সোণকালে চিঙিব পৰা ৪৫-৪৮ দিন, আৰু অধিক উৎপাদন দিব পৰা। ফলবোৰৰ কোমলতা চিঠাৰ পিছতো বেছি দিনলৈ ধৰি ৰাখিব পাৰি। স্থানীয় বজাৰ বা দুৰলৈ পঠাবলৈউ সুবিধা।
  11. পুছা ছাৱানী: গা-গছ আৰু পাতবোৰত মজলীয়াকৈ শুঙ্ থাকে ৷ ওপৰৰ পাতবোৰ বেঙুনীয়া, গা গছজোপাও পাতলীয়াকৈ বেঙুনীয়া ৰঙৰ৷ ভেণ্ডিবোৰ মিহি আৰু সেউজীয়া ৰঙৰ, প্ৰায় সকলো সময়তে খেতি কৰিব পৰা ৷
  12. আৰ্কা অনামিকা: গছবোৰ ওখ (১৮০ চে:মিটাৰ), আৰু থিয়, ভেণ্ডিবোৰ দীঘল (২০ চে:মিটাৰ), সেউজীয়া আৰু কোমল হয় ৷ ১২০-১৩০ দিনৰ ভিতৰত ইয়াৰ কৃষিকাল সমাপ্ত হয় ৷ উত্পাদন ১৭৫-২৫০ কুইন্টল প্ৰতি হেক্টৰত পোৱা যায় ৷ হালধীয়া পৰা ভাইৰাচ বেমাৰ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা আছে ৷
  13. পাৰভানি ক্ৰান্তি: উচ্চ উত্পাদন ক্ষমতা থকা আৰু হালধীয়া পৰা ভাইৰাচ বেমাৰ প্ৰতিৰোধৰ ক্ষমতা থকা ৷
  14. ৰেড অণ্ডাৰ: উত্পাদন ক্ষমতা গড় হিচাবত ১২৫ কুইন্টল প্ৰতি হেক্টৰত ৷
  15. পঞ্চশিৰা: গছবোৰ ১৫৮ চে:মিটাৰ মান ওখ হয়, ভেণ্ডিবোৰ ১৯ চে:মিটাৰ মান দীঘল হয় ৷ গড় হিচাবত প্ৰতি হেক্টৰত ১৫০ কুইন্টল মান উত্পাদন পাব পাৰি ৷

 

মূল পথাৰৰ প্ৰস্তুতি:

 

মূল পথাৰখন দুই বা তিনিবাৰ হাল বাব লাগে। প্ৰতিবাৰ হাল বাই মাটি শুকুৱাই ল’লে ভাল। মাটি গুৰি কৰি লব লাগে যাতে শিপাই ভালকৈ উশাহ লব পাৰে।
 
সাৰ প্ৰয়োগ:

 

  • পচন সাৰ প্ৰতি বিঘাৰ বাবে ১.৫ টন মানৰ প্ৰয়োজন ৷
  • ৭ কি: গ্ৰাম ফছফৰাছ, ৭ কি: গ্ৰাম নাইট্ৰজেন আৰু ৭ কি: গ্ৰাম পটাছ প্ৰতি বিঘাৰ বাবে প্ৰয়োজন হয় ৷
  • সম্পূৰ্ণ পৰিমানৰ পচন সাৰ, ফছফৰাছ আৰু পটাছ আৰু আধা পৰিমানৰ নাইট্ৰ’জেন শেষৰবাৰ মাটি চহোৱাৰ সময়ত মাটিত মিহলাই লব লাগে।
  • বাকী অংশ নাইট্ৰ’জেন বীজ সিঁচাৰ ৩৫-৪০ দিনৰ ভিতৰত টপ দ্ৰেচ হিচাবে ব্যৱহাৰ কৰিব লাগে ৷
 
বীজৰ পৰিমান:
  • সাধাৰণতে বজাৰৰ পৰা অনা বীজ ঘনাই সিচি পিছত পাতলাই দিয়া হয়। সেইবোৰৰ অংকুৰণ সকলো গুটিৰে নহয়। তদুপৰি গছজোপাৰ বেলেগ ডাল নাহে। গতিকে পোনে পোনে ওখ হৈ গৈ থাকে। গতিকে অধিক পৰিমাণৰ বীজৰ দৰকাৰ হয়। জানুৱাৰীৰ পৰা মাৰ্চ মাহৰ ভিতৰত সিঁচিবৰ বাবে ৬.৫কি: গ্ৰাম বীজ প্ৰতি বিঘাৰ বাবে প্ৰয়োজন৷
  • হাইব্ৰীড বীজসমূহ পাতলকৈ দিয়া হয়। হাইব্ৰীড গছবিলাকৰ ২ বা ততোধিক ডাল থাকে গতিকে অধিক ঠাই লাগে। ভেন্দি সাধাৰণতে গাঠিবোৰত লাগে। গতিকে পাববোৰ যিমানে ছুটী হয় সিমান বেছি ভেন্দি উৎপাদন হয়। হাইব্ৰীড ভেন্দিৰ পাববোৰ ছুটী হয়। সেয়েহে অধিক উৎপাদনৰ বাবে বেছি দুৰলৈ শিপা যায় আৰু পাতলকৈ দিব লাগে গতিকে কম গুটিৰ দৰকাৰ হয়।
 
 
বীজ সিঁচাৰ পদ্ধতি:

 

  1. কিছুমান খেতিয়কে বীজ সিঁচি দি মৈয়াই সমান কৰি দিয়ে। এই পদ্ধতিত কিছুমান অসুবিধা হয়। ভেন্দিৰ গুৰিৰ মাটি ঢিলাই দিবলৈ খুৰপি বা পাতল কোৰ ব্যবহাৰ কৰিব নোৱাৰি। গুৰিত মাটি চপাই দিবলৈ অসুবিধা হয়। তদুপৰি চিঙিবলৈ অসুবিধা হয়। গতিকে এই পদ্ধতিত বেছি উৎপাদন পাব নোৱাৰি।
  2. শাৰী শাৰীকৈ গুটি দিয়া। এই পদ্ধতিত নাঙলেৰে সিৰলু কাটি তাত গুটিবোৰ দিয়া হয়। তাৰ পিছত পাতলকৈ মাটি দিয়া হয়।
  3. Seeder machine ব্যবহাৰ কৰিওঁ কম সময়তে শাৰী শাৰীকৈ নিৰ্দিষ্ট দুৰত্বত গুটি দিব পাৰি।
  4. আজিকালি মালচিং ব্যবহাৰ কৰিও গুটি দিয়া দেখা যায়।
শাৰীৰ পৰা শাৰী আৰু গুটিৰ পৰা গুটিৰ দূৰত্ব:
 
  1. দেশী জাতৰ ভেন্দি গছত অধিক উৎপাদনৰ বাবে শাৰীৰ পৰা শাৰীৰ দুৰত্ব কমেও ১ ফুট ৰাখিব লাগে যাতে কোৰ মাৰিব বা মাটি তুলিব সুবিধা হয়।
  2. হাইব্ৰীড ভেন্দিৰ বাবে শাৰীৰ পৰা শাৰীৰ দুৰত্ব কমেও ১.৫ ফুটা ৰখা দৰকাৰ। গছ বঢ়াৰ লগে লগে তলৰ পৰা বাঢ়ি অহা ঠালৰ পৰা হাওলি ভেন্দি চিঙিবলগীয়া হয়। যাৰ বাবে কমেও ১.৫ ফুট দুৰত্ব লাগে। তদুপৰি গুটিবোৰ কমেও এক ফুট দুৰৈত দিব লাগে।

 

বীজ সিঁচাৰ সময়:

 

  1. সাধাৰণতে ভেন্দিৰ গুটি গজিবলৈ ২০ ডিগ্ৰীৰ ওপৰৰ তাপমানৰ দৰকাৰ হয়। উজনি অসমত বা পাহাৰৰ ওচৰৰ ঠাইত সেয়েহে ফেব্ৰুৱাৰীৰ প্ৰথম গৰম পৰোতে গুটি দিব পাৰি। আনহাতে নামনি অসমৰ কিছুমান ঠাইত জানুৱাৰীৰ শেষৰ ফালেও দিব পাৰি।
  2. শেহতীয়া খেতিৰ বাবে জুন জুলাই মাহত বীজ সিঁচিব পাৰি।
  3. ভেন্দি খেতি কৰি অধিক দাম পাবৰ বাবে নৱেম্বৰ মাহৰ শেষৰ পিনে ভাল জাতৰ হাইব্ৰীড ভেন্দি গুটি দিয়া দেখা যায়। ডিচেম্বৰ জানুৱাৰী মাহত গছবোৰ ঠাণ্ডাত নাবাঢ়ে। কিন্তু ফেব্ৰুৱাৰী মাহৰ প্ৰথম গৰম পৰাৰ লগে লগে গছত ফল লাগিব আৰম্ভ কৰে। প্ৰথম ঠাণ্ডাত ফুল সৰি গলেও পিছৰ বাৰৰ পৰা ফল লাগিব আৰম্ভ কৰে। ঠাণ্ডাৰ মাহকেইটাত গছৰ ভালকৈ যত্ন লব লাগে। ফেব্ৰুৱাৰীৰ আৰম্ভনিতে ভেন্দি ১০০ টকা কিলগ্ৰামতকৈও অধিক দাম বিক্ৰী হোৱা দেখা যায়।
বীজ শোধন আৰু অংকুৰণ:

 

  • জৈবিকভাবে শোধনৰ বাবে ৪ গ্ৰাম ট্ৰাইকডাৰ্মা ভিৰিডি Trichoderma Viridie বা ১০ গ্ৰাম চিউডমনাছ ফ্লুৰেচেনচ Pseudomonas Florescence প্ৰতি কিলগ্ৰাম বীজৰ বাবে ব্যবহাৰ কৰিব লাগে। পানীত ষ্টাৰ্চ (আটা  বা মাকৈৰ গুৰি) মিহালই ৬ ঘন্টা তিয়াই থব লাগে। লগতে ৪০০ গ্ৰাম Azospirillum ব্যবহাৰ কৰিব পাৰি। তাৰ পিছত ২০ মিনিটৰ বাবে বীজসমূহ ঠাণ্ডাত শুকুৱাই  লব লাগে।
  • ৰাসায়নিক ভাবে শোধনৰ বাবে ২ গ্ৰাম Bavistin পাওদাৰ এক লিটাৰ পানীত মিহলাই বীজসমূহ ৬ ঘন্টামান তিয়াই থব লাগে।
 
অপতৃন নিয়ন্ত্ৰণ আৰু গুৰিত মাটি চপোৱা:

 

  • ভেন্দিৰ গুটি গজাৰ ২০ দিনমান পিছত এবাৰ গুৰিৰ বনবাটবোৰ আতৰাই শাৰীবোৰৰ মাজত পাতলিয়াকৈ কোৰ মাৰি দিব লাগে। শিপাত আঘাট হব দিব নালাগে। তেতিয়া গাঠি বন্ধা কৃমি বেমাৰ লাগিব পাৰে।
  • পুলি সৰু থাকোতে অপতৃন নিয়ন্ত্ৰণ কৰা দিগদাৰ। তাৰবাবে গুটি দিয়াৰ ২ দিন পিছত Pendimethalin 30% EC হেক্টৰে প্ৰতি এক লিটাৰ কৰিব পাৰি। Pendimethalin ব্যবহাৰ কৰিলে একবীজপত্ৰী বা জোঙা পাতৰ ঘাহবোৰ মাটি ফুটি ওলাব নোৱাৰে। কেবল ইয়াক স্প্ৰে কৰাৰ পিছত সেই ঠাইত খোজ পেলাব নালাগে। ৮ ৰ পৰা ১০ মিলিলিটাৰ প্ৰতিলিটাৰ পানী বা ১৫০ মিলিলিটাৰ প্ৰতি ১৬ লিটাৰ টেংকত মিহলাই মাটিত স্প্ৰে কৰিব লাগে। Tata Panida
  • গুটি গজাৰ ৪০ দিন পিছত কোৰেৰে গুৰিত মাটি ছপাই দিব লাগে। কোৰ ব্যবহাৰ কৰোতে সাবধান হব লাগে যাতে শিপাই আঘাট নাপায়।
শস্য চপোৱা:

 

  • ভেন্দি খেতিত ভেন্দি চিঙাটো অতি গুৰুত্বপূৰ্ণ কথা।
  • প্ৰতি ১ দিনৰ অন্তৰে অন্তৰে ভেন্দি চিঙা হয়।
  • কিন্তু বেছি ৰ’দ দিলে দৈনিকো চিঙিব লগীয়া হব পাৰে। ভেন্দি নিচিঙিলে বুঢ়া হৈ যায় আৰু বজাৰ পাবলৈ অসুবিধা হয়। ৰাতিপুৱাতে ভেন্দি চিঙিব লাগে কাৰণ সেই সময়ত কম ৰ’দ থাকে।
  • ভেন্দিত চিঙাৰ পিছত পানীত তিতিব দিব নালাগে। পানী লাগিলে ভেন্দি ক’লা পৰি যায়।
  • চিঙাৰ বাবে দীঘল চোলা পেন্টৰ লগতে হাতমোজা ব্যবহাৰ কৰিব লাগে।
  • গছ বঢ়াৰ লগে লগে গুৰিৰ বুঢ়া পাতবোৰ কাটি যাব লাগে। এই পাতবোৰ বেমোৰৰ বীজানুৰ দ্বাৰা সহজে প্ৰভাবিত হয়।

শস্য ৰক্ষা:

ফল বিন্ধা কৰা পোক Fruit borer:( Helicoverpa armigera)

 

ক্ষতিৰ লক্ষণসমূহ:
  • ফুলবোৰত সোমাই থাকে আৰু খায়।
  • ফলৰ ওপৰত ঘুৰণীয়া ফুটা কৰে।
  • পলুৱে ফলৰ ভিতৰত নিজৰ দেহাৰ এফাল সুমুৱাই দিয়ে।
 
চিনাক্তকৰণ:
  • কণী: গোলাকাৰ আৰু ক্ৰীম দৰে বগা ৰঙৰ, এটা এটাকৈ থাকে।
  • পলু: সেউজীয়াৰ পৰা বাদামী ৰঙৰ হয়।
  • লেটা: ৰং বাদামী, মাটি, পাত, গুটিত পোৱা যায়।
  • পখিলা: মাইকীবোৰ বাদামী হালধীয়া ডাঠ পখিলাৰ দৰে, মতা মহৰ ৰং শেঁতা সেউজীয়া আৰু V আকৃতিৰ চিহ্ন থাকে।

 

নিয়ন্ত্ৰণ:
জৈবিক ভাবে নিয়ন্ত্ৰণ
  • সংক্ৰমিত ফল আৰু ডাঙৰ হোৱা পলু সংগ্ৰহ কৰি ধ্বংস কৰা।
  • কণী ভেন্দি গছত নাপাৰিবৰ বাবে ৪০ দিন পুৰণি আমেৰিকান ওখ মেৰিগল্ড বা নাৰ্জী পুলি প্ৰতি ১০ শাৰী ভেন্দিত এক শাৰী লগাব লাগে।
  • প্ৰতি বিঘাই ২ টামান ফেৰ’মন ফান্দ স্থাপন কৰিব পাৰি।
  • বিঘাই প্ৰতি ৩০ কিলোগ্ৰাম নিমৰ খলিহৈ ভেণ্ডি গঁজাৰ পিছতে প্ৰয়োগ কৰিব লাগে। ৩০ দিনৰ পিছত পুনৰ দুবাৰ প্ৰয়োগ কৰিব লাগে।
  • বেচিলাচ থুৰেনজেঞ্চিচ ২ গ্ৰাম প্ৰতি লিটাৰ পানীত (৩২ গ্ৰাম ১৬ লিটাৰ টেংকত৯) মিহলাই স্প্ৰে কৰিব লাগে। যদি আপোনাৰ ঘৰত বা ওচৰত মৌ পালন বা এৰি পালন কৰে তেন্তে ইয়াক ব্যবহাৰ কৰিব নালাগে।
  • ট্ৰাইকগ্ৰামা চিল’নিচ বা ট্ৰাইকগ্ৰামা ব্ৰেচিলিয়নিচ ফুল ফুলাৰ লগে লগে ২০ হাজাৰমান কণী প্ৰতি বিঘাত মেলিব লাগে। ৭ দিনৰ মূৰে মূৰে আকৌ দিব পাৰে।কেনেকৈ কৰিব পাৰি সদিশেষ পঢ়ক link
  • Azadirachtin 1% E.C. ২ মিলিলিটাৰ প্ৰতি লিটাৰ পানীত (৩২ মিলিলিটাৰ ১৬ লিটাৰ টেংকত) মিহলাই স্প্ৰে কৰিব লাগে।
ৰাসায়নিক ভাবে নিয়ন্ত্ৰণ

ফুল ফুলাৰ পিছত ৰাসায়নিক দৰৱ স্প্ৰে কৰিলে ফল কম পোৱা যাব পাৰে লগতে ফল খোৱা স্বাস্থ্যৰ পক্ষে ক্ষতিকৰ।
  • Phosalone 35% E.C. ২০ মিলিলিটাৰ প্ৰতি ১৬ লিটাৰ টেংকত মিহলাই স্প্ৰে কৰিব লাগে।
  • Emamectin Benzoate 5% SG ৫ গ্ৰাম প্ৰতি ১৬ লিটাৰ টেংকত মিহলাই স্প্ৰে কৰিব লাগে। Rilon Insecticide 
  • Quinalphos 25% EC ১৬ মিলিলিটাৰ প্ৰতি ১৬ লিটাৰ টেংকত মিহলাই স্প্ৰে কৰিব লাগে। Ekalux Insecticide 
 

 

ফল আৰু ডাল বিন্ধা কৰা পোক: Shoot and fruit borer (Earias vitella, E. insulana)

ক্ষতিৰ লক্ষণসমূহ:
  • আগলি ডালবোৰ মৰহি যায় আৰু হালি পৰে।
  • কলি আৰু ফুল সৰি পৰে
  • ফল-মূল আৰু গছত ফুটা কৰে
  • ফলৰ বিকৃত ৰূপ হয়, বজাৰ পাবলৈ দিগদাৰ।
চিনাক্তকৰণ:

 

ই ভিটেলা:
  • কণী: আকাশ নীলা ৰঙৰ
  • পলু: বাদামী ৰঙৰ আৰু পিঠিত বগা ৰেখা আৰু পেটত শেঁতা হালধীয়া
  • পৈনত: আগফালৰ পাখি শেঁতা আৰু মাজত সেউজীয়া আচ থাকে
ই. ইনচুলানা:
  • পলু: বাদামী ৰঙৰ আৰু পিঠিত বগা মধ্যম ৰেখা দেখা যায়
  • লেটা: বাদামী আৰু নাও আকৃতিৰ
  • পৈনত: আগফালৰ পাখি ৰূপালী সেউজীয়া
 
নিয়ন্ত্ৰণ:

 

  • সংক্ৰমিত ফল আৰু ডাঙৰ হোৱা পলু সংগ্ৰহ কৰি ধ্বংস কৰা
  • কণী ভেন্দি গছত নাপাৰিবৰ বাবে ৪০ দিন পুৰণি আমেৰিকান ওখ মেৰিগল্ড বা নাৰ্জী পুলি প্ৰতি ১০ শাৰী ভেন্দিত এক শাৰী কৰিব লাগে।
  • প্ৰতি বিঘাই ২ টামান ফেৰ’মন ফান্দ স্থাপন কৰিব পাৰি।
  • বিঘাই প্ৰতি ৩০ কিলোগ্ৰাম নিমৰ খলিহৈ ভেণ্ডি গঁজাৰ পিছতে প্ৰয়োগ কৰিব লাগে। ৩০ দিনৰ পিছত পুনৰ দুবাৰ প্ৰয়োগ কৰিব লাগে।
  • বেচিলাচ থুৰেনজেঞ্চিচ ২ গ্ৰাম প্ৰতি লিটাৰ পানীত (৩২ গ্ৰাম ১৬ লিটাৰ টেংকত৯) মিহলাই স্প্ৰে কৰিব লাগে।
  • ট্ৰাইকগ্ৰামা চিল’নিচ বা ট্ৰাইকগ্ৰামা ব্ৰেচিলিয়নিচ ফুল ফুলাৰ লগে লগে ২০ হাজাৰমান কণী প্ৰতি বিঘাত মেলিব লাগে। ৭ দিনৰ মূৰে মূৰে আকৌ দিব পাৰে।
  • Azadirachtin 1% E.C. ২ মিলিলিটাৰ প্ৰতি লিটাৰ পানীত (৩২ মিলিলিটাৰ ১৬ লিটাৰ টেংকত) মিহলাই স্প্ৰে কৰিব লাগে।

 

ৰাসায়নিক ভাবে নিয়ন্ত্ৰণ
 
ফুল ফুলাৰ পিছত ৰাসায়নিক দৰৱ স্প্ৰে কৰিলে ফল কম পোৱা যাব পাৰে লগতে ফল খোৱা স্বাস্থ্যৰ পক্ষে ক্ষতিকৰ।
  • Phosalone 35% E.C. ২০ মিলিলিটাৰ প্ৰতি ১৬ লিটাৰ টেংকত মিহলাই স্প্ৰে কৰিব লাগে।
  • Emamectin Benzoate 5% SG ৫ গ্ৰাম প্ৰতি ১৬ লিটাৰ টেংকত মিহলাই স্প্ৰে কৰিব লাগে। Rilon Insecticide 
  • Quinalphos 25% EC ১৬ মিলিলিটাৰ প্ৰতি ১৬ লিটাৰ টেংকত মিহলাই স্প্ৰে কৰিব লাগে। Ekalux Insecticide 
 

বগা মাখি : White fly (Bemisia tabaci)

 

  • পৈণত বগা মাখি হৈছে ১.৫ ৰ পৰা ২ মিলিমিটাৰ দীঘল ডেউকা থকা সৰু সৰু ঢকঢকীয়া বগা মাখি।
  • এই এবিধ কোমল শৰীৰৰ চুহি খোৱা পোক, সৰু সৰু বগা তিনিকোনীয়া দেখা যায়।
  • প্ৰায়ে গছৰ তলৰ ফালে একলগ হৈ থাকে।
  • অপৈণত অৱস্থাৰ বগা মাখিবিলাক শেতা-হালধীয়া ।
  • ৰস শুহি খোৱাৰ সময়ত এই পোকে এৰা ৰসত এবিধ ক’লা বৰণৰ ভেঁকুৰ গজে। ই গছৰ পাতত খাদ্য তৈয়াৰ কৰাত বাধা দিয়ে।
ক্ষতি কেনেকৈ কৰে?:

 

  • বগা মাখিয়ে ভেন্দি গছৰ পাতৰ সিৰাবোৰ খাই গছৰ খাদ্যবোৰ আঁতৰাই আনে। ফলত ভেন্দি গছ দুৰ্বল হৈ পৰে আৰু সালোক সংশ্লেষণ কৰিব নোৱাৰা হয়। পুষ্টিকৰ খাদ্যৰ অভাৱত পাতবোৰ মৰহি শেঁতা বা হালধীয়া হ’ব পাৰে।
  • আটাইতকৈ ডাঙৰ অসুবিধাটো হৈছে ইহঁতে হালধীয়া শিৰাৰ মোজাইক ভাইৰাছৰ (YVMV: yellow vein mosaic virus) কঢ়িয়াই আনে।
মানি চলিবলগীয়া:

 

  • হালধীয়া আঠা থকা ফাণ্ড বিঘাত ২ বা ৩ টা ব্যবহাৰ কৰিব লাগে।
  • পথাৰখন পৰিষ্কাৰ কৰি ৰখাখিব লাগে
  • পদিনাৰ গোন্ধত এই পোক আঁতৰি যায়। গতিকে পদিনাৰ খেতি ওচৰতে কৰিলে লাভ পোৱা যায়।
জৈবিক নিয়ন্ত্ৰণ:

 

  • Beauveria Bassiana ৮০ মিলিলিটাৰ ১৬ লিটাৰ টেংকৰ পৰিষ্কাৰ পানীত মিহলাই স্প্ৰে কৰক। BEAUVERIA BASSIANA BIO INSECTICIDE 
  • নীম তেল ব্যবহাৰ কৰিব পাৰে।
ৰাসায়নিক নিয়ন্ত্ৰণ
ফুল ফুলাৰ পিছত ৰাসায়নিক দৰৱ স্প্ৰে নকৰিব। বা ফল চিঙাৰ ২ সপ্তাহ আগৰ পৰা ব্যবহাৰ নকৰিব।
  • Phosalone 35% E.C. ২০ মিলিলিটাৰ প্ৰতি ১৬ লিটাৰ টেংকত মিহলাই স্প্ৰে কৰিব লাগে।
  • Imidacloprid 17.8% EC ১৬ মিলিলিটাৰ প্ৰতি ১৬ লিটাৰ টেংকত মিহলাই স্প্ৰে কৰিব লাগে। Confidor Insecticide
  • Thiamethoxam 25% WG ৮ গ্ৰাম প্ৰতি ১৬ লিটাৰ টেংকত মিহলাই স্প্ৰে কৰিব লাগে। Actara Insecticide। ইয়াত ক্লিক কৰি ৫ গ্ৰামৰ ১০ টা পেকেট কম দামতেই কিনিব পাৰিব।
  • Quinalphos 25% EC ১৬ মিলিলিটাৰ প্ৰতি ১৬ লিটাৰ টেংকত মিহলাই স্প্ৰে কৰিব লাগে। Ekalux Insecticide
 

মোৱা পোক : Aphids (Aphis gossypii)

ক্ষতিৰ লক্ষণসমূহ:

 

  • উৰহৰ দৰে পাতৰ আগলি বা কোমল পাতৰ তলত থুপ খাই থাকে।
  • কোমল ডাল আৰু পাতৰ পিঠিৰ তলত আক্ৰমণ কৰে।
  • পাতবোৰ কুটি কুটি খায়।
  • গছ নাবাঢ়া হয়।
  • ৰস এৰি দিয়াৰ বাবে ছাই জাতীয় দ্ৰব্যৰে পাত ভৰি পৰে।
    চিনাক্তকৰণ:
  • কুমলীয়া অৱস্থা: পাতৰ তলৰ অংশত হালধীয়া বা সেউজীয়া বাদামী ৰঙৰ দেখা যায়।
  • পৈণত: সেউজীয়া বাদামী, কোমল শৰীৰ আৰু সৰু পোক।

 

নিয়ন্ত্ৰণ:

 

  • মোৱাপোকে আক্ৰমণ কৰা ভেণ্ডিৰ আগলি অংশ চিঙি ধ্বংস কৰি পেলাব লাগে
জৈবিক নিয়ন্ত্ৰণ:
  • নিমৰ পৰা তৈয়াৰী তেল স্প্ৰে কৰিব লাগে

 

ৰাসায়নিক নিয়ন্ত্ৰণ:
ফুল ফুলাৰ পিছত ৰাসায়নিক দৰৱ স্প্ৰে নকৰিব। বা ফল চিঙাৰ ২ সপ্তাহ আগৰ পৰা ব্যবহাৰ নকৰিব।
  • Imidacloprid 17.8% EC ১৬ মিলিলিটাৰ প্ৰতি ১৬ লিটাৰ টেংকত মিহলাই স্প্ৰে কৰিব লাগে। Confidor Insecticide
  • Acetamiprid ২০ % SP ৮ গ্ৰাম প্ৰতি ১৬ লিটাৰ টেংকত মিহলাই স্প্ৰে কৰিব লাগে। Manik Insecticide
  • Dimethoate 30% EC থকা কীটনাশক ১৬ লিটাৰ পানীত 4 মিলিলিটাৰ মিহলাই পাতত স্প্ৰে কৰিব লাগে। যেনে FMC Rogor Insecticide
 

পাত মেৰোৱা পোক Leaf Roller (Sylepta derogate):

 

ক্ষতিৰ লক্ষণসমূহ:
  • এই পোকে আক্ৰমণ কৰিলে পাতবোৰ ঘেৰ খাই পৰে।
  • পাতৰ সেউজীয়া নাইকীয়া কৰি পাতৰ ভিতৰতে খাই থাকে।
  • পাত সৰিব পাৰে।
চিনাক্তকৰণ:
  • পলু: জিলিকি থকা সেউজীয়া মূৰ আৰু ডিঙিত ঢালযুক্ত।
  • পৈণত: হালধীয়া ডেউকাত বাদামী ৰঙৰ ঢৌও খেলোৱা চিন থাকে
 
নিয়ন্ত্ৰণ:

 

  • এই পোকে আক্ৰমণ কৰিব পৰা বেলেগ অপতৃণ ধ্বংস কৰি পেলাব লাগে। ভেণ্ডি খেতিৰ পিছত পথাৰত ৰৈ যোৱা অংশ নষ্ট কৰিব লাগে।
  • ভেণ্ডি খেতিৰ মাজত মাকৈ খেতি কৰা

 

জৈবিক নিয়ন্ত্ৰণ:
  • নিমৰ তেল স্প্ৰে কৰিব পাৰি।

 

ৰাসায়নিক নিয়ন্ত্ৰণ:
ফুল ফুলাৰ পিছত ৰাসায়নিক দৰৱ স্প্ৰে নকৰিব। বা ফল চিঙাৰ ২ সপ্তাহ আগৰ পৰা ব্যবহাৰ নকৰিব।
  • Phosalone 35% E.C. ২০ মিলিলিটাৰ প্ৰতি ১৬ লিটাৰ টেংকত মিহলাই স্প্ৰে কৰিব লাগে।
  • Emamectin Benzoate 5% SG ৫ গ্ৰাম প্ৰতি ১৬ লিটাৰ টেংকত মিহলাই স্প্ৰে কৰিব লাগে। Rilon Insecticide 
  • Quinalphos 25% EC ১৬ মিলিলিটাৰ প্ৰতি ১৬ লিটাৰ টেংকত মিহলাই স্প্ৰে কৰিব লাগে। Ekalux Insecticide

পাত শোহনী পোক leafhopper (Amarasca biguttula )

 

ক্ষতিৰ লক্ষণবোৰ:
  • এই কীটবিধে গছ সৰু থাকোতে আক্ৰমণ কৰে।
  • সৰু, সেউজীয়া ৰঙৰ পোক; পাতৰ তলৰ ফালে পোৱালীবোৰ আৰু পৈনত অৱস্থাত পোৱা যায়। পৈনত আৰু পোৱালি পাতৰ পৰা কোষৰ ৰস চুহি লয়। ফলত পাতবোৰ কাষৰ পৰা ওপৰলৈ ঘেৰ খাই পৰে আৰু দেই যোৱাৰ দৰে হয়।
  • আক্ৰান্ত গছবোৰৰ বাঢ়ন বন্ধ হৈ পৰে।
চিনাক্তকৰন:
পৈণত বোৰ সৰু আৰু ইয়াৰ শৰীৰটো প্ৰায় ৩ মিলিমিটাৰ দীঘল আৰু ৰং সেউজীয়া হালধীয়া। প্ৰতিখন আগফালৰ ডেউকাত ক’লা দাগ আৰু আগত ক’লা দাগ থাকে।
 
নিয়ন্ত্ৰণ:
ফুল ফুলাৰ পিছত ৰাসায়নিক দৰৱ স্প্ৰে নকৰিব। বা ফল চিঙাৰ ২ সপ্তাহ আগৰ পৰা ব্যবহাৰ নকৰিব।
  • বীজ শোধন কৰোতে  imidacloprid 70 % WS যেনে Admire Insecticide প্ৰতি কিলগ্ৰাম গুটিত ৭ গ্ৰাম বা Thiamethoxam 70 % WS যেনে Actara Insecticide প্ৰতি কিলগ্ৰাম গুটিত ২.৮ গ্ৰাম ব্যবহাৰ কৰিব লাগে।
  • শেষৰবাৰ হাল বাওতে carbaryl 5 % DP প্ৰতি হেক্টৰত ২৫ কিলগ্ৰাম বা carbofuran 3 % G যেনে Furadan 3G প্ৰতি হেক্টৰত ৩৩ কিলগ্ৰাম ব্যবহাৰ কৰিব লাগে
  • Imidacloprid 17.8% EC ১৬ মিলিলিটাৰ প্ৰতি ১৬ লিটাৰ টেংকত মিহলাই স্প্ৰে কৰিব লাগে। Confidor Insecticide
  • Dimethoate 30% EC থকা কীটনাশক ১৬ লিটাৰ পানীত 4 গ্ৰাম মিহলাই পাতত স্প্ৰে কৰিব লাগে। যেনে FMC Rogor Insecticide
  • Quinalphos 25% EC ১৬ মিলিলিটাৰ প্ৰতি ১৬ লিটাৰ টেংকত মিহলাই স্প্ৰে কৰিব লাগে। Ekalux Insecticide
 

হালধীয়া মজাইক ভাইৰাছ Bhendi yellow vein mosaic virus:

ক্ষতিৰ লক্ষণসমূহ:
  • এই ভাইৰাছ বগা মাখিৰ দ্বাৰা বিয়পি পৰে। পাতৰ শিৰা আৰু শিৰাবোৰ হালধীয়া হোৱা।
  • পিছলৈ পাতৰ শিৰাৰবোৰ হালধীয়া বা বগা হৈ পৰে। পাতত হালধীয়া আৰু সেউজীয়া ৰঙৰ মোজাইক দেখা যাব পাৰে। বেছি আক্ৰমণ হ’লে পাতৰ ৰং সম্পূৰ্ণ নাইকীয়া হৈ পৰে।
  • আক্ৰান্ত গছবোৰৰ নাবাঢ়ে আৰু গছজোপা ক্ষীণ হৈ যোৱা দেখা যাব পাৰে।
  • পাতবোৰ আকাৰত সৰু হ’ব পাৰে আৰু বিকৃত হৈ পৰে।
  • কম ফুল আৰু ফল উৎপাদন কৰিব পাৰে আৰু ফলবোৰ দেখা বেয়া, আকাৰত সৰু, টান আৰু হালধীয়া সেউজীয়া ৰঙৰ হ’ব পাৰে। খেতি কেতিয়াবা সম্পূৰ্ণ ধ্বংস হব পাৰে বা ুৎপাদন একেবাৰে কমি যাব পাৰে।
নিয়ন্ত্ৰণ:
এবাৰ গছত আক্ৰান্ত হ’লে এই ভাইৰাছৰ কোনো চিকিৎসা জনা নাযায়। কিন্তু কিছুমান প্ৰতিৰোধমূলক ব্যৱস্থা আৰু সংহত নিয়ন্ত্ৰণ কৌশলৰে খেতিত ৰোগ অহাত বাধা দিব পাৰি আৰু শস্যৰ ক্ষতি কম কৰিব পাৰে।

 

মানি চলিবলগীয়া

 

  • YVMV ভাইৰাছ সহনশীল ভেন্দিৰ জাতৰ গুটি আনিব লাগে, বিশেষকৈ বাৰিষা যেতিয়া বগা মাখিৰ উপদ্ৰব বেচি থাকে।
  • ৰোগ হোৱাৰ লক্ষণ দেখাৰ লগে লগেই ৰোগীয়া গছবোৰ পথাৰৰ পৰা আঁতৰাই ধ্বংস কৰিব লাগে।
  • পথাৰখন পৰিষ্কাৰ আৰু অপতৃণৰ পৰা মুক্ত কৰি ৰাখিব লাগে।
  • বগা মাখিৰ জনসংখ্যা নিয়ন্ত্ৰণ কৰিলেই এই ভাইৰাছৰ পৰা সাৰি থাকিব পাৰি
  • শস্যাৱৰ্তন কৰিব লাগে। যিবোৰ শস্যত এই ভাইৰাচ নালাগে তেনে শস্যৰ খেতি কেইবচৰমান কৰিব লাগে।
  • আঠাযুক্ত হালধীয়া ফাণ্ড বিঘাই প্ৰতি ২ বা তিনিটা লগাব লাগে।
  • এমোনিয়া থকা নাইট্ৰ’জেন সাৰ অত্যধিক ব্যৱহাৰ পৰিহাৰ কৰিব লাগে কাৰণ ইয়াৰ ফলত গছৰ ভাইৰাছৰ সংক্ৰমণৰ সহজে হব পাৰে।
  • ভেণ্ডীৰ সৈতে চাৰিওফালে বীন বা মচুৰ দাইলৰ দৰে মাহজাতীয় শস্য খেতি কৰিলে মাটিৰ স্বাস্থ্য ভাল হয় আৰু ৰোগ হোৱাৰ সম্ভাৱনা কম হয়।
  • বেমাৰৰ বাহক বগা মাখিক ফান্দত পেলাবলৈ কাষৰীয়া শস্য হিচাপে মেৰিগল্ড, কুঁহিয়াৰ বা সূৰ্য্যমুখী ৰোপণ কৰক।
  • বগা মাখি খেদিবলৈ কৰিবলৈ জলকীয়া আৰু হালধিৰ গুৰি মিহলাই স্প্ৰে’ কৰক।
জৈবিক নিয়ন্ত্ৰণ:
  • YVMV ৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ আৰু ৰোগৰ প্ৰভাব কমাবলৈ মেগনাম এমএন MAGNUM Mn from Multiplex ৮ গ্ৰাম ১৬ লিটাৰ টেংকত মিহলাই স্প্ৰে কৰিব লাগে।
  • জিঅ’ লাইফৰ ন’ ভাইৰাছৰ NO VIRUS-BIO VIRICIDE from Geolife ৫০ ৰ পৰা ৮০ মিলিলিটাৰ প্ৰতি ১৬ লিটাৰ পাম্পত ভৰাই স্প্ৰে’ কৰিব লাগে।
  • Beauveria Bassiana ৮০ মিলিলিটাৰ ১৬ লিটাৰ টেংকৰ পৰিষ্কাৰ পানীত মিহলাই স্প্ৰে কৰক। BEAUVERIA BASSIANA BIO INSECTICIDE from Katyayani
ৰাসায়নিক নিয়ন্ত্ৰণ
বাহক বগা মাখি নিয়ন্ত্ৰণৰ বাবে তলত দিয়া দৰবসমূহ ব্যবহাৰ কৰিব পাৰে। ফুল ফুলাৰ পিছত ৰাসায়নিক দৰৱ স্প্ৰে নকৰিব। বা ফল চিঙাৰ ২ সপ্তাহ আগৰ পৰা ব্যবহাৰ নকৰিব।
  • Phosalone 35% E.C. ২০ মিলিলিটাৰ প্ৰতি ১৬ লিটাৰ টেংকত মিহলাই স্প্ৰে কৰিব লাগে।
  • Imidacloprid 17.8% EC ১৬ মিলিলিটাৰ প্ৰতি ১৬ লিটাৰ টেংকত মিহলাই স্প্ৰে কৰিব লাগে। Confidor Insecticide
  • Thiamethoxam 25% WG ৮ গ্ৰাম প্ৰতি ১৬ লিটাৰ টেংকত মিহলাই স্প্ৰে কৰিব লাগে। Actara Insecticide
  • Quinalphos 25% EC ১৬ মিলিলিটাৰ প্ৰতি ১৬ লিটাৰ টেংকত মিহলাই স্প্ৰে কৰিব লাগে। Ekalux Insecticide

 

পাতত ফুটফুটীয়া দাগ পৰা (Cercospora Leaf Spot):

 

ক্ষতিৰ লক্ষণসমূহ:
  • ভাৰতত দুটা প্ৰজাতিৰ Cercospora ভেকুৰে ভেন্দিত পাতৰ দাগ কৰে।
  • C. Malayensis ই বাদামী, অনিয়মিত দাগ আৰু C.abelmoschi য়ে ছাইৰ দৰে ক’লা, কোনীয়া দাগ কৰে।
  • দুয়োটাই পাত সৰায় আৰু ই সেমেকা বতৰত সাধাৰণতে বেছি হয়।
নিয়ন্ত্ৰণ:

 

  • বেমাৰৰ লক্ষণ থকা পাতবোৰ কাটি পুৰি পেলাব লাগে।
  • Mancozeb 75 % WP থকা ভেকুৰ নাশক ১৬ লিটাৰ পানীত ২৪ ৰ পৰা ৩২ গ্ৰাম মিহলাই স্প্ৰে কৰিব লাগে। Indofil M-45
  • Copper Oxychloride 50% WP থকা ভেকুৰ নাশক ১৬ লিটাৰ পানীত 48 গ্ৰাম মিহলাই স্প্ৰে কৰিব লাগে। Crystal Blue Copper Fungicide তিনি দিনৰ মূৰে মূৰে তিনিবাৰমান কৰিব লাগে।

পাউদাৰী মিলদিউ (Powdery Mildew):

 

ক্ষতিৰ লক্ষণসমূহ:
  • বগা গুড়িৰ ভেঁকুৰ পাতত জমা হয়। ই সাধাৰণতে পাতৰ ওপৰৰ অংশত প্ৰথমে দেখা দিয়ে। পাত, ঠাৰি আৰু ফলৰ তলৰ ফাললৈ বিয়পিব পাৰে।
  • আক্ৰান্ত গছবোৰ ওখ নহ’বও পাৰে বা ফল ভালকৈ নালাগিব পাৰে।
  • সংক্ৰমিত হোৱা পাত হালধীয়া হৈ অকালতে সৰি পৰিব পাৰে।
  • ফলৰ আকৃতি বেয়া আৰু ৰং সলনি কৰিব পাৰে।
সুবিধাজনক পৰিবেশ:
  • ভেঁকুৰৰ বাবে ১৮-২৫ ডিগ্ৰী চেলছিয়াছ তাপমান অনুকুল। গৰম দিন থকা ঠাণ্ডা ৰাতিবোৰে বিজাণুৰ অংকুৰণ আৰু বৃদ্ধিত অধিক সহায় কৰে।
  • মধ্যমীয়া আৰ্দ্ৰতা (প্ৰায় ৫০-৭০%) বিজাণু বিয়পি পৰা আৰু অংকুৰণ হোৱাৰ সুবিধা দিয়ে।
নিয়ন্ত্ৰণ:
  • এই ভেঁকুৰ প্ৰতিৰোধী জাত বাছি লওক।
  • গছত মাজত সঠিক ব্যৱধান থাকিলে বায়ুৰ পৰিবহন উন্নত হয়, যাৰ ফলত আৰ্দ্ৰতাৰ মাত্ৰা হ্ৰাস পায় আৰু ভেকুৰ বৃদ্ধি নহয়।
  • গছবোৰে পৰ্যাপ্ত পৰিমাণৰ সূৰ্যৰ পোহৰ পোৱাটো দৰকাৰ।
  • নিয়মিতভাৱে গছৰ পৰা বেমাৰী পাত আৰু ডাল আঁতৰাই দিব লাগে, যাৰ ফলত বায়ুৰ সঠিক প্ৰবাহ নিশ্চিত হয় আৰু ৰোগৰ বিস্তাৰ ৰোধ হয়।
ৰাসায়নিক নিয়ন্ত্ৰণ:
  • Difenoconazole 25% EC থকা ভেকুৰ নাশক ১৬ লিটাৰ পানীত ২০ মিলিলিটাৰ মিহলাই স্প্ৰে কৰিব লাগে। Score Fungicide
  • Azoxystorbin 18.2% + Difenconazole 11.4% SC থকা ভেকুৰ নাশক ১৬ লিটাৰ পানীত 48 গ্ৰাম মিহলাই স্প্ৰে কৰিব লাগে। Amistar Top Fungicide
  • Sulphur 80 WP (0.3 %) ২ ৰ পৰা ৪ গ্ৰাম প্ৰতি লিটাৰ পানীত বা ৩২ ৰ পৰা ৬৪ গ্ৰাম প্ৰতি ১৬ লিটাৰ পাম্পত মিহলাই স্প্ৰে কৰিব লাগে। Sultaf from Tata rallis
  • Propiconazole 25 EC ২৪ মিলিলিটাৰ ১৬ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে। Syngenta Tilt fungicide

 

পুলিৰ গুৰি পছি লেৰেলি যোৱা (Damping off):

 

ক্ষতিৰ লক্ষণ:
  • পুলি গজাৰ আগত বা পিছত দুয়োটা সময়তে হব পাৰে।
  • পুলি গজি উঠাৰ আগতেই ই মৰি যায়।
  • পুলিবোৰৰ গুৰি অংশ ক্ষীণ হৈ পচিবলৈ ধৰে আৰু পুলিটো লেৰেলি যায়।
সুবিধাজনক পৰিবেশ:
ঠান্ডা, অত্যাধিক সেমেকা বতৰ, তিতা আৰু টান মাটি আৰু অতি ঘনকৈ সিঁচা গুটি ইয়াৰ কাৰক হব পাৰে।
নিয়ন্ত্ৰণ:
  • বাৰিষা মাটি দ’কৈ চহাব লাগে আৰু গুৰি কৰিব লাগে।
  • মাটিত নিমৰ খলিহৈ প্ৰয়োগ কৰিব পাৰি।
  • বীজ শোধন কৰিব লাগে। Captan 75% WS ( ২০-৩০ গ্ৰাম প্ৰতি কিলোগ্ৰাম বীজত) ব্যবহাৰ কৰিব পাৰি।
  • জৈবিকভাবে ট্ৰাইকডাৰ্মা ভিৰিডি ৩ বা ৪ গআৰম প্ৰতি কিলোগ্ৰাম বীজ শোধনৰ বাবে ব্যয়হাৰ কৰিব পাৰি।
  • পুলিৰ গুৰি অংশৰ মাটিত Captan 75% WS ৩০০ গ্ৰাম ১৩০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে।

Scroll to Top