ভেকুৰনাশক

Spread the love

 

ভেকুৰনাশকক দুই ভাগত ভগাব পাৰি

  • প্ৰণালীগত ভেকুৰনাশক (systemic fungicide): এইবিধ ভেকুৰনাশক পাতৰ বা শিপাৰে সোমাই গোটেই গছলৈ বিয়পি পৰে।
  • সংস্পৰ্শ ভেঁকুৰনাশক (contact fungicide): এইবিধ ভেকুৰনাশক যি ঠাইত ছটিওৱা হয় তাতহে কাম কৰে।


তলত কিছুমান ভেকুৰনাশক দিয়া হ’ল


চাফ Saaf Fungicide (Carbendazim 12% + Mancozeb 63% WP)


ইউ পি এল কম্পেনীৰ ছাফ প্ৰণালীবদ্ধ আৰু সংস্পৰ্শ দুয়ো প্ৰকাৰৰ ভেঁকুৰনাশক। ইয়াক বহুত বেলেগ বেলেগ ভেঁকুৰৰ ৰোগৰ বাবে ব্যবহাৰ কৰিব পাৰি। পাতৰ দাগ (leaf spot), ব্লাষ্ট (blast), ডাউনি মিল্ড (downy mildew), পাউদাৰী মিল্ড, (powdery mildew), এন্থ্ৰেকন’জ (anthracnose), ব্লাইট (Blight) আদি ৰোগত চাফ ব্যবহাৰ কৰিব পাৰি। ধান, মাটিমাহ, আলু, চাহ, আম, আঙুৰ, মৰিচা, বিলাহী, বেঙেনা, বন্ধাকবি, ফুলকবি, পিঁয়াজ, কচু, বীন, কেপচিকাম, তিয়হ, তৰমুজ ভোট জলকিয়া, জলকীয়া আদি বিভিন্ন ধৰণৰ শস্যত ছাফ ব্যৱহাৰ কৰিব পাৰি।


চাফত কি আছে:


ইয়াত দুটা উপাদানৰ মিহলি হৈ থাকে; কাৰ্বেণ্ডাজিম (Carbendazim) আৰু মেনকোজেব (Mancozeb)।

  • কাৰ্বেণ্ডাজিম হৈছে এটা প্ৰণালীগত ভেঁকুৰনাশক যিয়ে ভেঁকুৰৰ কোষৰ আৱৰণৰ গঠন কৰা এৰগ’ষ্টেৰলৰ নামৰ যৌগবিধ উৎপাদনত বাধা দিয়ে। ই পাতেৰে বা শিপাৰে সোমাই গৈ গোটেই গছলৈ বিয়পি পৰে আৰু ভিতৰৰ পৰা গছক বেমাৰৰ পৰা বচায়।
  • মানকোজেব হৈছে সংস্পৰ্শ ভেঁকুৰনাশক যিয়ে পাতত এটা ছানি গঠন কৰি ভেঁকুৰৰ সোমাব নোৱাৰা ক’ৰে।

চাফৰ উপযোগীতা:
  • ভেঁকুৰৰ বহুতো বেলেগ বেলেগ ৰোগত বেলেগ বেলেগ শস্যত কাম কৰে। অৰ্থাৎ এটা দৰব ব্যৱহাৰ কৰি বেলেগ বেলেগ শস্যক বহুত ৰোগৰ পৰা ৰক্ষা কৰিব পাৰে, যাৰ ফলত আপোনাৰ সময় আৰু ধন ৰাহি হ’ব।
  • বহুদিনৰ সুৰক্ষা: ইউ পি এল ছাফ এবাৰ স্প্ৰে কৰিলে বহুদিনলৈ শস্যক বেমাৰৰ পৰা বচায়, সপ্তাহ বা কেতিয়াবা মাহলৈ। যাৰ বাবে বেছি দিনৰ মূৰত স্প্ৰে কৰিব লাগে, যাৰ ফলত সময় আৰু ধন ৰাহি হয়।
  • প্ৰণালীবদ্ধ আৰু সংস্পৰ্শ দুয়োধৰণে কাম কৰি শস্যক ভেকুৰৰ বেমাৰৰ পৰা বচায়।
  • বেলেগ বেলেগ ধৰণৰ শস্যত ব্যৱহাৰৰ বাবে নিৰাপদ। ছাফ ফল-মূল, শাক-পাচলি, আৰু অলংকাৰিক গছকে ধৰি ধৰি বিভিন্ন শস্যত ব্যৱহাৰৰ বাবে নিৰাপদ।

কিমান চাফ ব্যবহাৰ কৰিব:


শস্য আৰু কিমান বেছি বেমাৰ হৈছে তাৰ ওপৰত নিৰ্ভৰ কৰি ইউ পি এল ছাফ কিমান ব্যবহাৰ কৰিব তাৰ পৰিমাণ বেলেগ বেলেগ হয়। বেছিভাগ শস্যৰ বাবে প্ৰতি লিটাৰ পানীত ২-৫ গ্ৰাম হ’ব লাগে বা ১৬ লিটাৰৰ টেংকত ৩২ ৰ পৰা ৮০ গ্ৰাম।


একে ধৰণৰ বেলেগ কম্পেনীৰ দৰৱ
  • Sixer from Dhanuka
  • Companion from Indofil
  • Sprint from Indofil (Carbendazim 25% + Mancozeb 50% WS)
  • Samartha from Katyayani
  • Kaguya from IFFCO
  • Carman from BACF Bharat Agrochemical and Fertilisers
  • Carwen from R K Chemicals
  • Commando from Ram Shree Chemicals

Carbendazim থকা বেলেগ দৰৱ
  • BAVISTIN from Crystal Crop Protection (Carbendazim 50% WP)
  • Dhanustin from Dhanuka (Carbendazim 50% WP)
  • Carben Gold from R K Chemicals (Carbendazim 46.27% SC)
  • Yamato from IFFCO (Carbendazim 50% WP)

 

ৰিড’মিল গোল্ড Ridomil Gold Fungicide (Metalaxyl ৪% Manconzeb 64%)

 


ৰিড’মিল গোল্ড (Syngenta) বহুলভাবে বেলেগ বেলেগ ভেঁকুৰ মাৰিব পৰা (broad spectrum) দৰব য’ত মেটালাক্সিল (Metalaxyl) ৪% আৰু মানকনজেব (Manconzeb) ৬৪%ৰ বিশেষভাবে মিহলি কৰা থাকে। ৰিড’মিল গোল্ডে অধিকভাবে গছে গ্ৰহন (hyper-systemic uptake) কৰি অন্য অংশলৈ বিয়পাই দিয়াৰ (translocation) বাবে শস্যৰ অধিক সুৰক্ষা প্ৰদান কৰে। মেটালাক্সিল এবিধ প্ৰনালীগত ভেকুৰনাশক (systemic fungicide) ভেঁকুৰৰ কোষত প্ৰৱেশ কৰে আৰু বিশেষভাবে ডি এন এ সংশ্লেষণত বাধা দিয়ে, ফলত ভেকুৰ মৰাৰ লগতে স্পৰ বা কণী গঠনত বাধা দিয়ে। মানকনজেব সংস্পৰ্শ ভেঁকুৰনাশক (contact fungicide) যিয়ে পাতত এটা ছানি গঠন কৰি ভেঁকুৰৰ সোমাব নোৱাৰা ক’ৰে।


ৰিড’মিল গোল্ডৰ উপযোগীতা:
  • ৰিড’মিল গোল্ডে মাটিৰ পৰা হোৱা অ’মাইচাইট (oomycete) ৰোগৰ পৰা বহুত ভাল সুৰক্ষা প্ৰদান কৰে। ৰিড’মিল গোল্ডে অধিকভাবে গছে গ্ৰহন (hyper-systemic uptake) কৰি অন্য অংশলৈ বিয়পাই দিয়াৰ (translocation) বাবে শস্যৰ অধিক সুৰক্ষা প্ৰদান কৰে।
  • ব্যৱহাৰ কৰাত সহজ প্ৰস্তুতি।
  • পুলি ৰোৱাৰ পিছত প্ৰতিষেধক হিছাপে বহুত ভাল কাম কৰে।

কি কি বেমাৰত ব্যবহাৰ কৰিব:
  • আগতীয়া ব্লাইট (Early Blight), লেট ব্লাইট (Late Blight), টিক্কা (Tikka), ডাউনী মিল্ডু (Downy Mildew), মূগা আৰু ক’লা দাগ (Brown and black rust), ব্লাষ্ট (Blast) আদি ৰোগৰ বিৰুদ্ধে এক বহলভাবে কাম কৰে।
  • ধান, ঘেঁহু, শাক-পাচলি (জলকীয়া, ভোট জলকীয়া, বিলাহী, আলু আদি) উদ্যান শস্য (আঙুৰ, আপেল), বাগিচা (চাহ, কফি আদি)।

ৰিড’মিল গোল্ড কেনেকৈ ব্যবহাৰ কৰিব?
  • পৰিমান: প্ৰতি হেক্টৰত ১.৫ৰ পৰা ২ কিলোগ্ৰাম (৫০০ গ্ৰাম/২০০ লিটাৰ পানী)। ১ ৰ পৰা ১.৫ গ্ৰাম প্ৰতি লিটাৰত। ১৬ ৰ পৰা ২৪ গ্ৰাম ১৬ লিটাৰৰ টেংকত।
  • প্ৰথম স্প্ৰে: ৰোৱা পুলিবোৰৰ পাতে যেতিয়া ইটোৱে সিটোৰ পাতে পাতে লগ লাগে।
  • দ্বিতীয় স্প্ৰে’: প্ৰথম স্প্ৰে কৰাৰ ১০ৰ পৰা ১৪ দিনৰ পিছত।
  • তৃতীয় স্প্ৰে’: দ্বিতীয়বাৰ স্প্ৰে কৰাৰ ১০ৰ পৰা ১৪ দিনৰ পিছত।


একে ধৰণৰ বেলেগ কম্পেনীৰ দৰৱ

 

  • Meta Manco Katyayani
  • Master from TATA Rallis
  • Sanchar from Biostadt
  • Momento from Sumitomo chemicals India limited
  • Metmack from Shivalik
  • Matco from Indofil
  • Maxico from RK chemicals

Metalaxyl থকা বেলেগ দৰৱ
  • METAXEL from Katyayani (Metalaxyl 35% Ws)
  • Metaxy from RK chemicals (Metalaxyl 35%Ws)
  • Metsac from Shivalik (Metalaxyl 35%Ws)
  • Ridomet from Hifield (Metalaxyl 35% Ws)
  • DR BLIGHT Katyayani (Metalaxyl-M 3.3% + Chlorothalonil 33.1% SC)


কাভাচ ভেঁকুৰনাশক Kavach Fungicide Chlorothalonil 75% WP

 


চিনজেণ্টা কম্পেনীৰ কাভাচ হৈছে বহল পৰিষৰৰ (broad spectrum) সংস্পৰ্শ ভেঁকুৰনাশক আৰু ই এন্থ্ৰাকন’জৰ বেমাৰত বহুত ভাল কাম কৰে। বিভিন্ন শস্যৰ ওপৰত ফলৰ পচা (Fruit Rots), টিক্কা ৰোগ (Tikka disease), আগতীয়া আৰু লেট ব্লাইট (Early and Late Blight) আদি বেমাৰত বহুত ভাল কাম কৰে। বেলেগ প্ৰণালীগত ভেঁকুৰনাশক ঔষধৰ সৈতে ইয়াক মিহলাই স্প্ৰে কৰিলে বহুত ভাল ফল পোৱা যায়।


কাভাচ ভেঁকুৰনাশকত কি আছে?


ভেঁকুৰনাশকত ক্লৰথেলনিল Chlorothalonil ৭৫% WP থাকে। ক্ল’ৰ’থেল’নিল বহু ঠাইত প্ৰতিৰোধক (multi-site inhibitor) হিছাপে কাম কৰে। ই ভেঁকুৰৰ বেলেগ বেলেগ এনজাইম আৰু অন্যান্য বিপাকীয় কামত প্ৰভাৱ পেলায়। কাভাচে বিজাণুৰ নতুনকৈ জন্ম হোৱাত বাধা দিয়ে। ই ভেঁকুৰৰ কোষৰ আৱৰণৰ বাবেও বিষ। গছৰ পাত বা ঠালত ঢাল সৃষ্টি কৰি ভেঁকুৰৰ বৃদ্ধিত বাধা দিয়ে।

কাভাচ ভেঁকুৰনাশকৰ উপযোগীতা:
  • কাভাচে দাগ পৰা (rust), ব্লাইট (blights), আৰু মিল্ড (mildews) আদি বিভিন্ন ধৰণৰ ভেঁকুৰৰ ৰোগৰ পৰা শস্যক বচায়।
  • ভেঁকুৰনাশকে এটা চানি গঠন কৰে, যিয়ে ভেঁকুৰৰ আহিব নিদিয়াকৈ ঢাল হিচাপে কাম কৰে কৰে।
  • কাভাচ বহু বেলেগ শস্যৰ বাবে উপযোগী, যাৰ ফলত বেলেগ বেলেগ শস্যত একেটা পেকেটৰ পৰা স্প্ৰে কৰিব পাৰি।

কাভাচ ভেঁকুৰনাশকৰ প্ৰয়োগ:


বহু শস্যত ইয়াক প্ৰয়োগ কৰা হয় যেনে

 

  • ঘেঁহু, যৱ, ওটচ আদিত দাগ পৰা (rusts) আৰু পাওডাৰ মিল্ড (powdery mildew) দৰে ৰোগত ভাল কাম কৰে।
  • বিলাহী, আলু, আৰু অন্যান্য শাক-পাচলিৰ ব্লাইট আৰু পাতৰ দাগ পৰাৰ পৰা বচায়।
  • ফলমূলৰ গছক আপেলৰ খোলা, বগৰীৰ পাতৰ ঘুৰনীয়া কৰা আৰু অন্যান্য ভেঁকুৰৰ ৰোগৰ পৰা ৰক্ষা কৰক।

কাভাচ কেনেকৈ ব্যৱহাৰ কৰিব?
  • ভাল ফলাফলৰ বাবে প্ৰতিৰোধমূলকভাৱে বা ভেঁকুৰৰ ৰোগৰ প্ৰথম দেখা পালেই কাভাচ প্ৰয়োগ কৰক।
  • ১ ৰ পৰা ২ গ্ৰাম প্ৰতি লিটাৰ বা ১৬ ৰ পৰা ৩২ গ্ৰাম ১৬ লিটাৰ টেংকত শস্য আৰু ৰোগৰ ওপৰত ভিত্তি কৰি স্প্ৰে কৰিব লাগে।
  • পাতৰ ওপৰ আৰু তলৰ লগতে ডাললৈ পৰাকৈ স্প্ৰে কৰিব লাগে।
  • সাধাৰণতে ফুল ফুলাৰ আগতে কাভাচ প্ৰয়োগ কৰা হয়।

একে ধৰণৰ বেলেগ কম্পেনীৰ দৰৱ
  • ISHAAN from Tata Rallis
  • Splash from Syngenta
  • Jatayu Coromandel International

Chlorothalonil থকা বেলেগ দৰৱ
  • Sarthak from Tata Rallis (Kresoxim-methyl15% + Chlorothalonil 56% Wg)
  • Kavach Flo from Syngenta (Chlorothalonil 40% + Difenoconazole 4%+ Azoxystrobin)
  • DR BLIGHT Katyayani (Metalaxyl-M 3.3% + Chlorothalonil 33.1% SC)
  • Folio Gold from Syngenta (Metalaxyl-M 3.3% + Chlorothalonil 33.1% SC)

 

ইন্দফিল এম ৪৫ Indofil M45 (Mancozeb 75% Wp)

 

 


ইন্দফিল এম ৪৫ হৈছে বহল পৰিষৰৰ (broad spectrum) সংস্পৰ্শ (contact) ভেঁকুৰনাশক। ইয়াৰ মূল উপাদান হৈছে মেনকজেব (Mancozeb)। বতাহত লগ লাগি ই ভেঁকুৰৰ বাবে বিষ ঐ পৰে। ই আইছ’থাইঅ’চাইনেট নামৰ যৌগ গঠন কৰি ভেকুৰৰ এনযাইম বনোৱাত বাধা দিয়ে। ইয়াক প্ৰতিষেধক হিছাপে বেমাৰ হোৱাৰ আগতেই ব্যবহাৰ কৰিব পাৰি।


ইন্দফিল এম ৪৫ ভেঁকুৰনাশকৰ উপযোগীতা:
  • ইয়াক ভেঁকুৰনাশকৰ ৰজা বুলি কোৱা হয়। সঘনাই খেতিয়কে ব্যবহাৰ কৰা ভেকুৰনাশক যিয়ে ৰোগৰ ভাল নিয়ন্ত্ৰণ প্ৰদান কৰে।
  • বহুত বেলেগ বেলেগ শস্যত পাতত স্প্ৰে, বীজ পৰিশোধন আৰু নাৰ্চাৰীত দিয়া পানীত (drenching ) ব্যৱহাৰ কৰা হয়।
  • ই ভেকুৰৰ কোষৰ বহু বেলেগ বেলেগ ঠাইত কাম কৰে, সেয়েহে ইয়াৰ বিৰুদ্ধে ভেকুৰে প্ৰতিৰোধ গঢ়িব নোৱাৰে। সেয়েহে ইয়াক বছৰৰ পিছত বচৰ বাৰে বাৰে ব্যৱহাৰ কৰিব পাৰি।
  • অন্যান্য ভেকুৰনাশকতকৈ কম খৰচী।
  • মেংগানিজ আৰু জিংক মাইক্ৰ’ নিউট্ৰিয়েণ্ট ইয়াত মিহলি থাকে। সেয়েহে শস্যই ইয়াৰ পৰাই মেংগানিজ আৰু জিংক পাব পাৰে।
  • বৰষুণ আৰু হিমৰ সময়ত ভেকুৰ সহজে বাঢ়ে। গতিকে বৰষুণৰ লগে লগে প্ৰতিৰোধ আৰু দৰব হিচাপে প্ৰণালীগত ভেঁকুৰনাশকৰ সৈতে ব্যৱহাৰ কৰিলে ভাল ফল পোৱা যায়।

ইন্দফিল এম ৪৫ ভেঁকুৰনাশকৰ প্ৰয়োগ:
  • আগতীয়া ব্লাইট (Early blight), লেট ব্লাইট (Late blight), ফলৰ পচি যোৱা (Fruit rot), চিগাটোকা (Sigatoka), এন্থ্ৰেকন’জ (Anthracnose), চেপ্টোৰিয়া পাতৰ দাগ (Septoria Leaf spot), ডাইবেক (Dieback), পাতৰ দাগ, ডাউনী মিল্ড (Downy mildew), এন্থ্ৰেকন’জ (Anthracnose), মূগা আৰু ক’লা দাগ পৰা (Brown and Black Rust). টিকা ৰোগ (Tikka Disease) আদিত ইয়াক ব্যবহাৰ কৰিব পাৰি।
  • বিলাহী, তৰমুজ, পিঁয়াজ, ধান, আলু, সৰিয়হ, আপেল, কল, বীন, তিতা লাউ, জাতি লাউ, ফুলকবি, মৰিচা, নাৰিকল, আদা, আঙুৰ, বাদাম, মধুৰিয়াম, জোৱাৰ, মচুৰ দাইল, কুঁহিয়াৰ, বগৰী, চেনি বুট, সূৰ্য্যমুখী, টেপিঅ’কা , ঘেঁহু ইত্যাদি

ইন্দফিল এম ৪৫ কেনেকৈ ব্যৱহাৰ কৰিব?
  • ভেকুৰনাশকৰ বাবে মনত ৰখা দৰকাৰ নিৰাময়তকৈ প্ৰতিৰোধ সদায় ভাল। সাধাৰণতে ইণ্ডোফিল এম-৪৫ৰ ৰোগৰ চিন দেখাৰ আগতে বা ৰোগ আৰম্ভ হোৱাৰ লগে লগে স্প্ৰে কৰিব লাগে।
  • বতৰ সেমেকা হ’লে বা বেচিকৈ ৰোগ বাঢ়ি গ’লে ৭-১২ দিনৰ মূৰে মূৰে খেতিত দিব লাগে।
  • শস্যৰ প্ৰকাৰ, বেমাৰ আৰু কিমান বেচি বেমাৰ হৈছে তাৰ ওপৰত ভিত্তি কৰি প্ৰতি বিঘাত ১৫০ ৰ পৰা ২৫০ গ্ৰাম। ১.৫ ৰ পৰা ২ গ্ৰাম প্ৰতি লিটাৰ বা ২৪ ৰ পৰা ৩২ গ্ৰাম ১৬ লিটাৰৰ টেংকত দি পাতৰ ওপৰ আৰু তল ভিজাকৈ স্প্ৰে কৰিব লাগে।
  • বীজ শোধনৰ বাবে প্ৰতি কিলোগ্ৰাম বীজত ২.৫ গ্ৰাম।
  • পুলি বা কলমৰ বাবে ২৫০-৩৫০ গ্ৰাম ১০০ লিটাৰ পানীত মিহলি কৰি ২০-৩০ মিনিট ডুবাই ৰখাটো ভাল।
  • অন্যান্য প্ৰণালীগত ভেকুৰনাশকৰ লগত মিহলি কৰি ব্যবহাৰ কৰিব পাৰি।

একে ধৰণৰ বেলেগ কম্পেনীৰ দৰৱ
  • Dhanuka M-45 from Dhanuka
  • Tata M-45
  • Syngenta Abic
  • UPL Uthane M 45


ব্লু কপাৰ ভেঁকুৰনাশক Crystal Blue Copper Fungicide

 


Syngenta ৰ ব্লু কপাৰ ভেঁকুৰনাশক Crystal Blue Copper Fungicide (Copper Oxychloride 50% WP ), ই ভেঁকুৰৰ লগতে বেক্টেৰিয়াৰ ৰোগ নিয়ন্ত্ৰণ কৰে। ক্রিষ্টাল ব্লু কপাৰ ভেঁকুৰনাশকত কপাৰ অক্সিক্লৰাইড ৫০% WP থাকে যি এবিধ তাম নামৰ ধাতুবিধৰ যৌগ। ই প্ৰতিৰোধক আৰু দৰব হিচাপে বহুত বেলেগ বেলেগ ভেকুৰ আৰু বেক্টেৰিয়াৰ ওপৰত কাম কৰে। ইয়াত থকা তামৰ আধানে বেক্টেৰিয়া আৰু ভেকুৰৰ প্ৰটিন গঠন কৰা এমিনো এচিডৰ লগত লগ হৈ বেক্টেৰিয়া আৰু ভেকুৰৰ বৃদ্ধিত বাধা দিয়ে লগতে তামে কিছুমান এনজাইমৰ সৈতে মিলি বিজাণুক হত্যা কৰে। বীজানুবোৰে কম পৰিমানত থাকিলেও তামৰ অনুবোৰ ধৰি লয় ফলত ইহতৰ স্পৰ গঠনত বাধা দিয়ে।


ক্রিষ্টাল ব্লু কপাৰ ভেঁকুৰনাশকৰ উপযোগীতা:

 

  • নীলা তাম তাম বহুত বেলেগ বেলেগ ভেকুৰ নাশ কৰিব পাৰে। এইবিধ দৰব ভেঁকুৰ আৰু বেক্টেৰিয়া উভয়ৰ গাত পৰিলে দুয়োটাই মৰি যায়। ই এবিধ সংস্পৰ্শ ভেঁকুৰনাশক (contact fungicide)
  • কেতিয়াবা খেতিদৰা অন্য ভেঁকুৰনাশক দৰবৰ প্ৰতিৰোধী হৈ পৰে। অৰ্থাৎ বেলেগ ভেকুৰনাশকে কাম নকৰে। তেতিয়া ক্রিষ্টাল ব্লু কপাৰ ভেঁকুৰনাশকৰ ব্যবহাৰ কৰি ভাল ফল পোৱা যায়।
  • ইয়াত দৰববিধ পানীত কমকৈ মিহলি হয়। মিহি মিহি কণাবোৰ পাতত লাগি থাকে আৰু তামৰ অনুবোৰ ওলাই গৈ থাকে, যাৰ ফলত ভেঁকুৰৰ কমকৈ বাঢ়িব পাৰে।
  • লগতে তামৰ অনুবোৰ লাহে লাহে ওলাই গৈ থাকে। সেয়েহে বহুত দিনলৈ বেমাৰৰ পৰা প্ৰতিৰোধক হিচাপে কাম কৰে।

ক্রিষ্টাল ব্লু কপাৰ ভেঁকুৰনাশকৰ প্ৰয়োগ:
  • পাতৰ দাগ (Leaf spot), ক’লা পচা (Black rot), মামৰ ধৰা (Rust), ডাউনি মিল্ডু (Downy mildew), আগতীয়াকৈ ব্লাইট (Early blight), লেট ব্লাইট (Late blight), ক’লা গাগছ পচা (Black rot), ফলৰ পচি যোৱা (Fruit rot) আদি বেমাৰত কাম কৰে।
  • বিলাহী, জলকীয়া, ভোট জলকীয়া, নেমু কমলা আদি টেঙা, কল, আলু, তামোলজাতীয় গছ, আঙুৰ, ইলাচি, কফি, জিৰা, নাৰিকল আদি খেতিত ভাল ফল দেখুৱায়।

ক্রিষ্টাল ব্লু তাম ভেঁকুৰনাশক কিমান ব্যবহাৰ কৰিব?
  • প্ৰতি লিটাৰ পানীত ৩ গ্ৰাম,
  • প্ৰতি ১৬ লিটাৰ পাম্পত ৪৮ গ্ৰাম,
  • প্ৰতি বিঘাৰ স্প্ৰে’ত ১৩০ গ্ৰাম।
  • ড্ৰিপ বা ড্ৰেনচিঙৰ জৰিয়তে প্ৰতি একৰত ১ কিলোগ্ৰাম।

একে ধৰণৰ বেলেগ কম্পেনীৰ দৰৱ
  • Blitox from Tata Rallis
  • Dhanucop from Dhanuka
  • COC 50 from Katyayani
  • BLUCOP-50

অন্য কপাৰ থকা ভেকুৰনাশক

 

  • UPPL ৰ Cuprofix (Copper Sulphate 47.15% + Mancozeb 30% Wdg)
  • Dupont ৰ Kocide (Copper Hydroxide 53.8% DF (Dispersible Granules)
  • Adama Mastercop (Copper Sulphate Pentahydrate 23.99% w/v SC)


আমিষ্টাৰ টপ ভেকুৰনাশক Amistar Top Fungicide (Azoxystorbin 18.2% + Difenconazole 11.4% SC)

 


Amistar Top Fungicide এবিধ নিৰাপদ আৰু ভাল কাম কৰা ভেঁকুৰনাশক যিয়ে শস্যক বিভিন্ন ধৰণৰ ভেঁকুৰৰ ৰোগৰ পৰা ৰক্ষা কৰে। যিসকল খেতিয়কে শস্যৰ উৎপাদন আৰু গুণ উন্নত কৰাৰ লগতে অন্যান্য ভেঁকুৰনাশক ঔষধৰ দৰকাৰ কমাব বিচাৰিছে তেওঁলোকৰ বাবে ই এক ভাল দৰব।


আমিষ্টাৰ টপ ভেকুৰনাশকত Azoxystorbin 18.2% + Difenconazole 11.4% SC নামৰ দুবিধ ৰাসায়নিক দৰব থাকে। দুয়োবিধে একেলগে কাম কৰি ৰোগ প্ৰতিৰোধমূলক, প্ৰণালীবদ্ধ আৰু নিৰাময়মূলক ভাবে কাম কৰে। এজ’ক্সিষ্ট্ৰবিনে ভেঁকুৰৰ বঢ়াৰ বাবে দৰকাৰী যৌগ এৰগ’ষ্টেৰলৰ উৎপাদনত বাধা দি ভেকুৰ বঢ়া আৰু বংশ বঢ়া দুয়োটাতে বাধ দিয়ে। ডাইফেন’ক’নাজ’লে ভেঁকুৰৰ বৃদ্ধিৰ বাবে অতি দৰকাৰী আন এটা যৌগ স্কুৱেলিনৰ গঠনত বাধা দি কাম কৰে।


আমিষ্টাৰ টপ ভেঁকুৰনাশকৰ উপযোগীতা:
  • বহলভাবে বেলেগ বেলেগ বেমাৰত কাম কৰে।
  • আমিষ্টাৰ টপ গছক ভেঁকুৰৰ ৰোগৰ পৰা বচাবলৈ প্ৰতিৰোধমূলক চিকিৎসা হিচাপে, গছৰ মাজেৰে গৈ ভিতৰৰ পৰা বাহিৰলৈ ৰক্ষা কৰিবলৈ প্ৰণালীবদ্ধ দৰব হিচাপে বা হৈ থকা ভেঁকুৰৰ বেমাৰৰ নিৰাময় চিকিৎসা হিচাপে ব্যৱহাৰ কৰিব পাৰি। অৰ্থাৎ প্ৰতিৰোধমূলক, প্ৰণালীবদ্ধ আৰু নিৰাময়কাৰী তিনোওধৰনে ই কাম কৰে।
  • আমিষ্টাৰ টপ তুলনামূলকভাৱে নিৰাপদ ভেঁকুৰনাশক।
  • অমিষ্টাৰ টপ স্প্ৰে হিচাপে প্ৰয়োগ কৰাটো সহজ।

আমিষ্টাৰ টপ ভেঁকুৰনাশকৰ প্ৰয়োগ:
  • আমিষ্টাৰ টপ ভেঁকুৰনাশকে এন্থ্ৰেকন’জ (Anthracnose), হালধীয়া মামৰ ধৰা (Yellow Rust), পাতৰ দাগ (Leaf spot), ৰঙা পচা (Black rot), ডাউনি মিল্ডু (Downy mildew), আগতীয়াকৈ ব্লাইট (Early blight), লেট ব্লাইট (Late blight), ৰঙা পচা (red rot), ফলৰ পচি যোৱা (Fruit rot) আদি বেমাৰত কাম কৰে।
  • বিলাহী, জলকীয়া, ভোট জলকীয়া, নেমু কমলা আদি টেঙা, কল, আলু, ধান, ঘেহু, পিয়াজ, মাকৈ আদি খেতিত ভাল ফল দেখুৱায়।

আমিষ্টাৰ টপ ভেঁকুৰনাশক কিমান ব্যবহাৰ কৰিব?
  • প্ৰতি লিটাৰ পানীত ১ মিলিলিটাৰ,
  • প্ৰতি ১৬ লিটাৰ পাম্পত ১৬ মিলিলিটাৰ।

একে ধৰণৰ বেলেগ কম্পেনীৰ দৰৱ
  • Aarnova from Today’s Global Crop Protection (TGCP)
  • Godiwa Super from Dhanuka
  • Dron from Agrosis Crop science
  • Azozole from Katyayani
  • Mirador from ADAMA

Azoxystorbin থকা বেলেগ দৰৱ
  • Katyayani Azoxy (Azoxystorbin 23%)
  • Custodia from ADAMA (Azoxystrobin 11% + Tebuconazole 18.3% W/w Sc)
  • Kyoto from Crystal (Azoxystrobin 11% + Tebuconazole 18.3% W/w Sc)
  • Avancer from UPPL (Azoxystrobin 8.3% + Mancozeb 66.7% WG)
  • Tebazo from Excel Crop Care (Azoxystrobin 12.5 % And Tebuconazole 12.5 % SC)
  • Premia from Today’s Global Crop Protection (TGCP) (Azoxystrobin 11% + Tebuconazole 18.3% W/w Sc)
  • Ju Zodia from JU AGRI SCIENCE PVT LTD (Azoxystrobin 11% + Tebuconazole 18.3% W/w Sc)
  • Dr. Zole from Katyayani (Azoxystrobin 11% + Tebuconazole 18.3% W/w Sc)
  • Pluton from Crystal (Azoxystrobin 11.5% + Mancozeb 30% Wp)
  • SUZUKI from AGosis crop Science (Azoxystrobin 11% + Tebuconazole 18.3% W/w Sc)

কেপ্তান ৫০% ভেঁকুৰনাশক CAPTAN 50% WP

 


Captan 50% WP হৈছে UPL কম্পেনীৰ এটা বহলভাবে বিভিন্ন ভেকুৰৰ বেমাৰৰ (broad-spectrum) প্ৰতিৰোধমূলক আৰু নিৰাময়কাৰী সংস্পৰ্শ (contact) ভেঁকুৰনাশক যিয়ে ভেঁকুৰৰ দেহৰ ভিতৰত হোৱা বেলেগ বেলেগ ৰাসায়নিক কামত বাধা দি ভেকুৰক বধ কৰে। কেপ্তানৰ ভেঁকুৰৰ কোষত শক্তি উৎপাদন আৰু কোষবেৰৰ এনজাইমক গঠনত বাধা দিয়ে, কেপ্টানে ভেকুৰৰ উশাহ নিসাহৰ লগত জড়িত এনজাইম গঠনত বাধা দি ভেকুৰৰ বৃদ্ধি বন্ধ কৰে। লগতে ভেঁকুৰৰ কোষ বেৰৰ গঠনটো বাধা দিয়ে। যাৰ বাবে কোষবেৰ দুৰ্বল হৈ শেষত বেয়া হৈ পৰে, যাৰ ফলত ভেঁকুৰৰ কোষৰ মৃত্যু হয়।

 


কেপ্তান ৫০% ভেঁকুৰনাশকৰ উপযোগীতা:
  • কেপ্তান ভেঁকুৰনাশক মাইক্ৰণ জোখাৰে অতি সৰু সৰু কনিকা থাকে।
  • ইয়াক ফল-মূল, শাক-পাচলিৰ গুটি, আৰু ফুলৰ বহুত ভেঁকুৰৰ ৰোগ নিয়ন্ত্ৰণৰ বাবে স্প্ৰে’ হিচাপে ব্যৱহাৰ কৰিব পাৰি।
  • ইয়াৰ বাহাদুৰিটো হ’ল ই গছৰ পুলিত, বীজ সিঁচাৰ সময়ত আৰু ডাঙৰ গছ সকলোতে ভেঁকুৰৰ পৰা হব পৰা বেমাৰৰ পৰা বচায়।
  • স্প্ৰে কৰাৰ ২ ঘন্টা পিছত বৰষুণ আহিলেও কাম কৰে
  • উপকাৰী পোক-পৰুৱাক কোনো অনিষ্ট নকৰে।
  • ব্যৱহাৰকাৰী, শস্য আৰু পৰিৱেশৰ বাবে কেপটান
  • আপেল আৰু নাচপতিত Scab নিয়ন্ত্ৰণৰ বাবে কেপটানক সকলোতকৈ ভাল সংস্পৰ্শ ভেঁকুৰনাশক হিচাপে মনা হয়।

কেপ্তান ৫০% ভেঁকুৰনাশকৰ প্ৰয়োগ:
  • বীজ পচি যোৱা (Seed rot) ডেম্পিং অফ (Damping off) গুড়ি মিলদেও (Powdery mildew) মামৰে ধৰা (Rust) স্কেব (Scab) পাতৰ দাগ (Leaf spot) ফলৰ পচি যোৱা (Fruit rot) আদি বেমাৰত সংস্পৰ্শ ভেকুৰ নাশক হিচাপে কাম কৰে।
  • শাক-পাচলি ফলমূল কপাহ ধঁপাত অন্যান্য শস্য প্ৰায় সকলোবোৰ শস্যতে কেপটান ব্যবহাৰ কৰিব পাৰি।
  • শাক পাচলিৰ নাৰ্চাৰীত বিশেষভাবে ব্যবহাৰ কৰা হয়।
কেপ্তান ৫০% ভেকুৰনাশক কিমান ব্যবহাৰ কৰিব?

 

  • প্ৰতি লিটাৰ পানীত ১ ৰ পৰা ২ গ্ৰাম
  • প্ৰতি ১৬ লিটাৰ পাম্পত ১৬ ৰ পৰা ৩২ গ্ৰাম।

একে ধৰণৰ বেলেগ কম্পেনীৰ দৰৱ
  • Captaf from Tata Rallis
  • CAPTRA from INDOFIL INDUSTRIES LTD

কেপ্তান থকা বেলেগ দৰৱ
  • Tata Taqat Fungicide (Hexaconazole 5% + Captan 70% WP)
  • UPL 1L X10 Glowed (Tebuconazole 6.7% + Captan 26.9% SC)
  • Shamir from Adama (Tebuconazole 6.7% + Captan 26.9% SC)
  • Focus AGosis crop Science (Tebuconazole 6.7% + Captan 26.9% SC)


নেটিভ’ ভেকুৰনাশক Nativo Fungicide (Tebuconazole 50% + Trifloxystrobin 25% Wg)

 


বায়াৰ (Bayer) কম্পেনীৰ নেটিভ’ ভেঁকুৰনাশকত টেবুক’নাজ’ল (Tebuconazole) আৰু ট্ৰাইফ্লক্সিষ্ট্ৰ’বিনযুক্ত (Trifloxystrobin) নামৰ দুবিধ দৰব থাকে। নেটিভ’ সুৰক্ষামূলক আৰু নিৰাময়মূলক দুয়োটা কামৰ বাবে প্ৰণালীবদ্ধ বহুত বেলেগ বেমাৰৰ ভেঁকুৰনাশক (systemic broad-spectrum fungicide)। ই কেৱল ৰোগ নিৰাময়ৰ কৰাই নহয়, শস্যৰ গুণ আৰু উৎপাদনো বঢ়ায়।


টেবুক’নাজ’লে ভেঁকুৰৰ কোষ বেৰৰ গঠনত বাধা দিয়ে। ই ভেঁকুৰৰ প্ৰজনন আৰু বাঢ়ি যোৱাত বাধা দিয়ে। ট্ৰাইফ্লক্সিষ্ট্ৰবিনে বেমাৰ কঢ়িওৱা ভেঁকুৰৰ উশাহ নিশাহত বাধা দিয়ে।

 


নেটিভ’ এবিধ Mesostemic Fungicides. ইয়াৰ অৰ্থ হ’ল

  • ই পাতলৈ বেচিকৈ আকৰ্ষণ হয়।
  • কম পৰিমাণে পাতত সোমাই পাতৰ যিপিনে দৰব পৰা নাই তালৈকো বিয়পি যায়।
  • এইবিধ ভেঁকুৰনাশকে বিজাণুৰ অংকুৰণ ৰোধ কৰি পাতলৈ সোমাব নোৱাৰা কৰে। প্ৰৱেশ নকৰে। ফলত উদ্ভিদৰ কলাৰ ক্ষতি নহয় আৰু উদ্ভিদে নিজৰ শক্তিৰ বিৰুদ্ধে যুঁজ দিয়া ৰোগ ব্যৱহাৰ নকৰে।

নেটিভ’ ভেঁকুৰনাশকৰ উপযোগীতা:
  • দুটা বেলেগ ভেকুৰনাশকে একেলগে কাম কৰে, টেবুক’নাজ’লৰ বাবে ভাল সুৰক্ষামূলক আৰু নিৰাময়মূলক আৰু ট্ৰাইফ্লক্সিষ্ট্ৰবিনৰ বাবে সুৰক্ষামূলক কাম।
  • মেছ’ষ্টেমিক ক্ৰিয়া (ভাল অনুপ্ৰৱেশ আৰু পুনৰ বিতৰণ) প্ৰদৰ্শন কৰে
  • বেলেগ বেলেগ ভেকুৰৰ ৰোগৰ (broad spectrum) ওপৰত ভাল নিয়ন্ত্ৰণ দিয়ে।
  • খুব ভাল প্ৰতিৰোধমূলক।
  • বতৰৰ বিভিন্ন জৈবিক আৰু অজৈবিক চাপত গছ ডাঙৰ নোহোৱা হ’লে (Tolerance to crops against biotic and abiotic factors) ই তাক প্ৰতিৰোধ কৰে।
  • ধানত লেতেৰা গুটি হোৱা ৰোগ (glume discoloration of rice) প্ৰতিৰোধৰ বাবে ই অতি ভাল দৰব যাৰ বাবে ধানৰ উৎপাদনৰ বাঢ়ে আৰু গুটিৰ মান উন্নত কৰে।

নেটিভ’ ভেঁকুৰনাশকৰ প্ৰয়োগ:
  • গুড়ি মিলদেও (Powdery mildew), এন্থ্ৰেকন’জ (Anthracnose), হালধীয়া মামৰ ধৰা (Yellow Rust), ডাউনি মিল্ডু (Downy mildew), আগতীয়াকৈ ব্লাইট (Early blight), লেট ব্লাইট (Late blight) ধানৰ বৌখা চবকা পৰা বেমাৰ (Sheath blight), ধানৰ Leaf, Neck Blast আদি বেমাৰত কাম কৰে।
  • ধান, বিলাহী, জলকীয়া, ভোট জলকীয়া, আম, ঘেহু, আঙুৰ আদিত বহুত ভাল কাম কৰে।

নেটিভ’ ভেকুৰনাশক কিমান ব্যবহাৰ কৰিব?
  • প্ৰতি লিটাৰ পানীত ০.৫ গ্ৰাম
  • প্ৰতি ১৬ লিটাৰ পাম্পত ৮ গ্ৰাম।
  • বিলাহীৰ বাবে ১ বিঘাত ৪০ গ্ৰাম, ধানত ২৪ গ্ৰাম, জলকীয়াত ৩০ গ্ৰামঘেহুত ৩৫ গ্ৰাম দৰবৰ দৰকাৰ

একে ধৰণৰ বেলেগ কম্পেনীৰ দৰৱ
  • Gezeko from FMC
  • Ovitan from Godrej Agrovet ltd.

Trifloxystrobin থকা বেলেগ দৰৱ
  • Tricolor from Best Agrolife limited (Trifloxystrobin 10% + Difenoconazole 12.5% + Sulphur 3% SC)
  • Evergol from bayer (Penflufen 13.28% ww + Trifloxystrobin 13.28%)

Tebuconazole থকা বেলেগ দৰৱ

 

  • Folicur from Bayer (Tebuconazole (25.9% w/w)
  • Buonos from Bayer (Tebuconazole (25.9% w/w)
  • Cure from Indian Agrochemicals (Tebuconazole (25.9% w/w)
  • Haru from Sumitomo (Tebuconazole 10% + Sulphur 65% WG)
  • UPL 1L X10 Glowed (Tebuconazole 6.7% + Captan 26.9% SC)
  • Shamir from Adama (Tebuconazole 6.7% + Captan 26.9% SC)
  • Focus AGosis crop Science (Tebuconazole 6.7% + Captan 26.9% SC)
  • Custodia from ADAMA (Azoxystrobin 11% + Tebuconazole 18.3% W/w Sc)
  • Kyoto from Crystal (Azoxystrobin 11% + Tebuconazole 18.3% W/w Sc)
  • Tebazo from Excel Crop Care (Azoxystrobin 12.5 % And Tebuconazole 12.5 % SC)
  • Premia from Today’s Global Crop Protection (TGCP) (Azoxystrobin 11% + Tebuconazole 18.3% W/w Sc)
  • Spectrum from Dhanuka (Azoxystrobin 11% + Tebuconazole 18.3% W/w Sc)
  • Ju Zodia from JU AGRI SCIENCE PVT LTD (Azoxystrobin 11% + Tebuconazole 18.3% W/w Sc)
  • Dr. Zole from Katyayani (Azoxystrobin 11% + Tebuconazole 18.3% W/w Sc)
  • SUZUKI from AGosis crop Science (Azoxystrobin 11% + Tebuconazole 18.3% W/w Sc)

স্ক’ৰ ভেঁকুৰনাশক Score Fungicide (Difenoconazole 25% EC)

 

চিনজেণ্টা স্ক’ৰ ভেঁকুৰনাশক (Syngenta Score Fungicide) হৈছে বহল বৰ্ণালীৰ প্ৰণালীবদ্ধ ভেঁকুৰনাশক যিয়ে বিস্তৃত শস্যৰ বিভিন্ন ৰোগৰ বিৰুদ্ধে ফলপ্ৰসূ। ইয়াৰ মূল দৰববিধ হ’ল ডাইফেন’ক’নাজ’ল (Difenoconazole)। ই ভেঁকুৰৰ এৰগ’ষ্টেৰল গঠন হোৱা পথত বাধা দি কাম কৰে। এই পথটো ভেঁকুৰত কোষৰ আৱৰণ তৈয়াৰ কৰিবলৈ অতি প্ৰয়োজনীয়, গতিকে ইয়াক বাধা দিলে ভেঁকুৰৰ মৃত্যু হ’ব পাৰে। ডাইফেন’ক’নাজ’ল হৈছে প্ৰণালীগত ভেঁকুৰনাশক, অৰ্থাৎ ইয়াক গছৰ পাতে শোষণ কৰি উদ্ভিদৰ কলাৰ মাজেৰে গতি কৰে আৰু গোটেই গছডালক সুৰক্ষা দিয়ে।


স্ক’ৰ ভেঁকুৰনাশকৰ উপযোগীতা:
  • চিনজেণ্টা স্ক’ৰ ভেঁকুৰনাশক বহলভাবে বেলেগ বেলেগ (Broad-spectrum) ভেকুৰজনিত ৰোগ নিয়ন্ত্ৰণ কৰে। ইয়াৰ ফলত শস্যক বিস্তৃত ভাবে অনুজীৱৰ পৰা ৰক্ষা কৰাৰ এক বহুমুখী আহিলা হৈ পৰে।
  • ডাইফেন’ক’নাজ’লে ৰোগৰ পৰা দীঘলীয়া সময়ৰ বাবে সুৰক্ষা প্ৰদান কৰে। এবাৰ প্ৰয়োগ কৰিলেই নিশ্চিত হ’ব পাৰে যে শস্য কিছু সময়ৰ বাবে সুৰক্ষিত হ’ব।
  • নিৰাপদ আৰু ব্যৱহাৰ কৰাত সহজ। ই পানীত সহজে মিলি যায়, ফলত মাটি আৰু স্প্ৰে সকলোতে ব্যবহাৰ কৰিব পাৰি।
  • তুলনামূলকভাৱে কম খৰচী দৰৱ, আৰু ইয়াৰ সহায়ত বৃহৎ ঠাই সুৰক্ষিত কৰিব পাৰি।

স্ক’ৰ ভেঁকুৰনাশকৰ প্ৰয়োগ:
  • গুড়ি মিলদেও (Powdery mildew), এন্থ্ৰেকন’জ (Anthracnose), স্কেব (Scab), পাতৰ দাগ (Leaf spot), ধানৰ বৌখা চবকা পৰা বেমাৰ (Sheath blight), ডাল শুকাই যোৱা (Die-Back), ব্লাইট (Blight) আদি বেমাৰত কাম কৰে।
  • জলকীয়া, ভোট জলকীয়া, বিলাহী, পিয়াজ, আঙুৰ, ধান, আপেল আদি সকলোধৰণৰ শস্যতে ব্যবহাৰ কৰিব পাৰি।

স্ক’ৰ ভেকুৰনাশক কিমান ব্যবহাৰ কৰিব?
  • প্ৰতি লিটাৰ পানীত ১ মিলিলিটাৰ।
  • প্ৰতি ১৬ লিটাৰ পাম্পত ২০ মিলিলিটাৰ।

একে ধৰণৰ বেলেগ কম্পেনীৰ দৰৱ
  • Concor from Katyayani
  • Difen R K Chemicals
  • CASPER Godrej Agrovet ltd.

Difenoconazole থকা বেলেগ দৰৱ
  • Aarnova from Today’s Global Crop Protection (TGCP) (Azoxystrobin 18.2% + Difenoconazole 11.4% SC)
  • Amistar Top from Syngenta (Azoxystrobin 18.2% + Difenoconazole 11.4% SC)
  • Godiwa Super from Dhanuka (Azoxystrobin 18.2% + Difenoconazole 11.4% SC)
  • Dron from Agrosis Crop science (Azoxystrobin 18.2% + Difenoconazole 11.4% SC)
  • Azozole from Katyayani (Azoxystrobin 18.2% + Difenoconazole 11.4% SC)
  • Mirador from ADAMA (Azoxystrobin 18.2% + Difenoconazole 11.4% SC)
  • Glo-it from Syngenta (Propiconazole 13.9% + Difenoconazole 13.9% EC)
  • Kavach Flo from Syngenta (Chlorothalonil 40%+Difenoconazole 4% WG)
  • Prodizole from Katyayani (Propiconazole 13.9% + Difenoconazole 13.9% EC)

 

Scroll to Top