হাইব্ৰীড বিলাহীৰ সাৰ

Spread the love

Semideterminant and indeterminant অৰ্ধলতাজাতীয় আৰু লতা জাতীয় বিলাহী গছে বহুদিন ফল দি থাকে। গতিকে সেই অনুসৰি তাৰ বাবে খাদ্যৰ যোগান ধৰি যাব লাগে। তলত দিয়াৰ ধৰণে যোগান দিব পাৰি।

মনত ৰখা দৰকাৰ যে সাৰ মাটিৰ গুনাগুণ পৰীক্ষা কৰাৰ পিছতহে দিয়া দৰকাৰ।

 

পুলিৰ সময়ৰ যতন:

পুলি ৰোৱাৰ ১০-১৫ দিনৰ ভিতৰত শিপা বাঢ়িব ধৰে। এই সময়ত শিপাৰ গঠনত সহায়ৰ বাবে সাৰৰ দৰকাৰ হয়। লগতে ভেকুৰে আক্ৰমণ কৰিব পাৰে। গতিলে তোলত দিয়া সাৰ আৰু দৰবকেইবিধ পানীত মিহালই গুৰিত দিব লাগে। স্প্ৰে মেছিনৰ নজল খুলি দিবলৈ সুবিধা হয়।

  1. Humic and Fulvic acid ৫ মিলিলিটাৰ প্ৰতি লিটাৰ পানীত। ৮০ মিলিলিটাৰ ১৬ লিটাৰ টেংকত।
  2. Seaweed Extract ২ মিলিলিটাৰ প্ৰতি লিটাৰ পানীত। ৩২ মিলিলিটাৰ ১৬ লিটাৰ টেংকত।
  3. Copper Oxychloride 50% WP থকা ভেকুৰ নাশক ১৬ লিটাৰ পানীত 48 গ্ৰাম মিহলাই স্প্ৰে কৰিব লাগে। Crystal Blue Copper Fungicide যদি জৈবিক ভাবে কৰে তেন্তে ট্ৰাইকডাৰ্মা ব্যবহাৰ কৰক

শিপা বঢ়াৰ সময়ৰ যতন:

পুলি ৰোৱাৰ ১৫-২৫ দিনৰ ভিতৰত বিলাহী গছৰ শিপা বাঢ়িবলৈ আৰম্ভ কৰে। তলত দিয়া সাৰসমূহ পানীত মিহলাই গুৰিৰ পৰা এবেগেত আতৰত দিব পাৰি বা ড্ৰীপত দিব পাৰি। গুৰিত পোনে পোনে দিলে পুলি জলি যাব পাৰে।

  1. প্ৰথম বাৰত: NPK 13:40:13 ড্ৰীপত দিলে ৬৬০ গ্ৰাম/বিঘা বা গুৰিৰ ওচৰত দিলে ৫ৰ পৰা ১০ গ্ৰাম/লিটাৰ পানী (৮০ ৰ পৰা ১৬০ গ্ৰাম ১৬ লিটাৰ টেংকত)। ইয়াত থকা ফছফৰাছ শিপা গঠনত সহায় কৰে
  2. দ্বিতীয় বাৰত: NPK 12:61:00 ৬৬০ গ্ৰাম/বিঘা ৰ লগতে ৬৬০ মিলিলিটাৰ (এক একৰত ২ লিটাৰ) হিউমিক আৰু ফুলভিক এচিড Humic and Fulvic acid
  3. তৃতীয় বাৰত: NPK 13:40:13 – ৬৬০ গ্ৰাম  কিলোগ্ৰাম/বিঘা (২ কিলগ্ৰাম প্ৰতি একৰত)
গছ বঢ়াৰ সময়ৰ যতন:

পুলি ৰোৱাৰ ২৫-৪০ দিনত গছ ভালকৈ বাঢ়িব ধৰে। সেউজীয়া পাত আহিবৰ বাবে এই সময়ত তলত দিয়া সাৰসমূহ পানীত মিহলাই গুৰিৰ পৰা এবেগেত আতৰত দিব পাৰি বা ড্ৰীপত দিব পাৰি। ১৫ দিনত তিনি বাৰত সাৰ খিনি দিব পাৰি। গুৰিত পোনে পোনে দিলে পুলি জলি যাব পাৰে।

  1. প্ৰথম বাৰত: NPK 19:19:19 ৮২০ গ্ৰাম /বিঘা
  2. দ্বিতীয় বাৰত: NPK 20:20:20 ৮২০ গ্ৰাম/বিঘা। লগতে ৩৩০ গ্ৰাম মেগনেছিয়াম ছালফেট (Magnesium sulphate) মিলাই লব লাগে। মেগনেছিয়ামে ক্লৰফিল গঠনত সহায় কৰে।
  3. তৃতীয় বাৰত: NPK 19:19:19 ৮২০ গ্ৰাম /বিঘা
ফুল ফুলাৰ সময়ৰ যতন:

 

পুলি ৰোৱাৰ ৪০-৫০ দিনৰ ভিতৰত ফুল আহে। ভাল ফুল আৰু ৰেণু গঠনৰ লগতে ফুল নসৰিবলৈ এই সময়ত তলত দিয়া সাৰসমূহ পানীত মিহলাই গুৰিৰ পৰা এবেগেত আতৰত দিব পাৰি বা ড্ৰীপত দিব পাৰি। ১৫ দিনত তিনি বাৰত সাৰ খিনি দিব পাৰি।

  • প্ৰথম বাৰত: NPK 16:08:24 ১১৫০ গ্ৰাম /বিঘা গুৰিৰ ওচৰত দিব পাৰি আৰু বৰন থকা দৰব যেনে Allbor ১ গ্ৰাম প্ৰতি লিটাৰ পানী (১৬ গ্ৰাম ১৬ লিটাৰ টেংকত) মিহলাই পাতত স্প্ৰে কৰিব পাৰি।
  • দ্বিতীয় বাৰত: NPK 00:52:34 1150 গ্ৰাম/বিঘা ৰ লগতে ১৬৫ গ্ৰাম জিংক ছালফেট (Zink sulphate)
  • তৃতীয় বাৰত: NPK 16:08:24 ১১৫০ গ্ৰাম /বিঘা
ফল লগাৰ সময়ৰ যতন:

৫০-৬৫ দিনত বিলাহী গছত ফল লাগিব আৰম্ভ কৰে। এই সময়ত তলত দিয়া সাৰসমূহ পানীত মিহলাই গুৰিৰ পৰা এবেগেত আতৰত দিব পাৰি বা ড্ৰীপত দিব পাৰি।

  • প্ৰথম বাৰত: NPK 13:00:45 ১৩২০ গ্ৰাম /বিঘা পানীত মিহালই গুৰিৰ ওচৰত দিব পাৰি। মাল্টিপ্লেক্স ক্ৰান্তি (Multiplex Kranti) ১.৫ মিলিলিটাৰ প্ৰতি লিটাৰ পানী (২৪ মিলিলিটাৰ ১৬ লিটাৰ পানীত)

বা

  • ইচাবিয়ন (Isabion from Syngenta) ২ মিলিলিটাৰ প্ৰতি লিটাৰ পানী (৩২ মিলিলিটাৰ ১৬ লিটাৰ পানীত) মিহলাই পাতত স্প্ৰে কৰিব লাগে।
  • দ্বিতীয় বাৰত: কেলছিয়াম নাইট্ৰেট (Calcium Nitrate) ১৩২০ গ্ৰাম /বিঘা পানীত মিহালই স্প্ৰে কৰিব পাৰে। কেলছিয়ামে ফলৰ আগপচা বেমাৰ প্ৰতিৰোধ কৰে। লগতে আইৰণ থকা দৰব যেনে Fe EDDHA ১৬০ গ্ৰাম মিহলাই লব পাৰি। 
  • তৃতীয় বাৰত: NPK 13:00:45 ১৩২০ গ্ৰাম /বিঘা।
ফল চিঙাৰ সময়ৰ যতন:

৬৫-৮০ দিন পাৰ হোৱাৰ পিছত ফল চিঙিব আৰম্ভ কৰিব পাৰি।

  • প্ৰথম বাৰত: NPK 00:00:50 ১৩২০ গ্ৰাম /বিঘা ৰ লগত ১৮ % চালফাৰ থকা দৰব (Potassium sulphate) পানীত মিহালই স্প্ৰে কৰিব পাৰি। ই ফলৰ ৰঙা ৰং আৰু সুগন্ধ অহাত সহায় কৰে।
  • দ্বিতীয় বাৰত: NPK 00:52:34 ১৩২০ গ্ৰাম /বিঘাৰ লগতে আইৰণ থকা দৰব যেনে Fe EDDHA ১৬০ গ্ৰাম মিহলাই লব পাৰি। 
  • তৃতীয় বাৰত: NPK 00:00:50 ১৩২০ গ্ৰাম /বিঘা ৰ লগত ১৮ % চালফাৰ থকা দৰব (Potassium sulphate) পানীত মিহালই স্প্ৰে কৰিব পাৰি।

প্ৰথম ফল চিঙাৰ পিছৰ যতন:

 

    • প্ৰথম চপোৱাৰ পিছত NPK 00:52:34 নতুন শিপা আৰু ফলৰ বিকাশৰ বাবে অতি গুৰুত্বপূৰ্ণ।
    • ফলৰ ৰং, আকাৰ আৰু জিলিকনি বৃদ্ধি কৰিবলৈ পিছলৈ NPK 13:00:45 আৰু NPK 00:00:50 দিব পাৰি। গোটেইখিনি তিনি চাৰিবাৰ ফল চিঙালৈ পুনৰ দিব পাৰি।
    • চাৰিবাৰমান ফল চিঙাৰ পিছত নতুন শিপাৰ বৃদ্ধিৰ বাবে NPK 13:40:13 ব্যৱহাৰ কৰিব পাৰি।
    • পিছত ফল ধৰিবলৈ NPK 20:20:20 ব্যৱহাৰ কৰিব পাৰি। শেষ শস্য চপোৱালৈকে এইদৰে সাৰ দি থাকিব পাৰি।
 https://kisanvedika.bighaat.com 
Scroll to Top