সেউজীয়া ভৱিষ্যতৰ বাবে চাইকেল

Spread the love
 
বিশ্ব চাইকেল দিৱস আৰু জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে চলি থকা যুঁজখন: 

 

প্ৰতি বছৰে ৩ জুন তাৰিখে গোটেই বিশ্বই “বিশ্ব চাইকেল দিৱস” উদযাপন কৰি আহিছে । চাইকেলৰ উপকাৰিতাসমূহক স্বীকৃতি দিয়াৰ অৰ্থে আৰু চাইকেলৰ বাবে বিশেষ এটা দিন উৎসৰ্গিত কৰাৰ বাবে এই দিনটো উদযাপন কৰি অহা হৈছে । “বিশ্ব চাইকেল দিৱস” হৈছে আচলতে এক শক্তিশালী আহ্বান – যাৰ জৰিয়তে আমাক “এক সেউজ ভৱিষ্যতৰ চাবিকাঠি ধৰি ৰখাৰ এক সহজ অথচ বৈপ্লৱিক পৰিবহণ পদ্ধতি”ক আঁকোৱালি ল’বলৈ আহ্বান জনোৱা হৈছে।
 
এইখিনিতে উল্লেখ কৰিব পাৰি যে আগন্তুক দশকবোৰলৈ মানৱতাক সংজ্ঞায়িত কৰিব পৰা এটা প্ৰধান বিষয় হৈছে জলবায়ু পৰিৱৰ্তন আৰু পৰিৱেশ-সংৰক্ষণ । এই মুহূৰ্ততো জলবায়ু পৰিৱৰ্তন হৈ উঠিছে আমাৰ প্ৰজন্মৰ বাবেও এক সংজ্ঞায়িত প্ৰত্যাহ্বানস্বৰূপ । জলবায়ু-বিজ্ঞানী আৰু পৰিৱেশবিদসকলে মত প্ৰকাশ কৰি আহিছে যে জলবায়ু পৰিৱৰ্তন, পৰিৱেশ-সংৰক্ষণ আৰু দৰিদ্ৰতাৰ বিৰুদ্ধে চলি থকা যুঁজখনত চাইকেলে অপৰিসীম সম্ভাৱনা বহন কৰি আহিছে, যদিও চাইকেলক কেৱল এক সুস্থ আৰু বিনোদনমূলক কাৰ্য্যকলাপ বুলিয়েই ভাবি অহা হৈছে।
 
উল্লেখ কৰিব পাৰি যে, মূলতঃ জীৱাশ্ম-ইন্ধন জ্বলোৱাৰ ফলত হোৱা সেউজগৃহ-গেছৰ নিৰ্গমনৰ ফলত আমাৰ গ্ৰহটো এক ভয়ংকৰ হাৰত উষ্ণ হৈ পৰিছে। এই উষ্ণতাই বতৰৰ ধৰণবোৰ বিঘ্নিত কৰিছে, হিমবাহসমূহ গলিবলৈ ধৰিছে আৰু সাগৰৰ জলপৃষ্ঠ ক্ৰমাৎ বাঢ়িবলৈ লৈছে – যাৰ ফলত সমগ্ৰ পৰিৱেশ-তন্ত্ৰ আৰু উপকূলীয় আৰু খিলঞ্জীয়া সম্প্ৰদায়সমূহৰ প্ৰতি ভয়ংকৰ ভাবুকি আহি পৰিছে। ক্ৰমাৎ বৰ্ধিত সেউজগৃহ-গেছৰ নিৰ্গমন আৰু দিনে দিনে অৱনতি ঘটা পৰিৱেশৰ সৈতে যুঁজি থকা বিশ্বখনৰ বাবে চাইকেল নামৰ এই সহজ, দুচকীয়া মেচিনবিধ আচলতেই এক ইতিবাচক পৰিৱৰ্তনৰ অনুঘটক হৈ উঠিব পাৰে । সেইখিনিতেই “বিশ্ব চাইকেল দিৱস”ৰ উদযাপনে এক বিশেষ ইতিবাচক গুৰুত্ব লাভ কৰিছে ।
 
জলবায়ু পৰিৱৰ্তনৰ আন্তঃচৰকাৰী পেনেল (আই পি চি চি)ৰ মতে, বিশ্বৰ সেউজগৃহ গেছৰ এক উল্লেখযোগ্য অংশস্বৰূপ কাৰ্বন ডাই অক্সাইডৰ নিৰ্গমনৰ বাবে পৰিবহণ খণ্ডই মূলতঃ দায়ী । গাড়ী, বাছ, ট্ৰেইন আৰু ট্ৰাকসমূহে জীৱাশ্ম ইন্ধনৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল, যাৰ ফলত বায়ুমণ্ডলত তাপ আৱদ্ধ কৰি ৰখা প্ৰদূষক পদাৰ্থসমূহ নিৰ্গত হয় । ইয়েই জলবায়ু পৰিৱৰ্তনৰ এটা মূল কাৰক। প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে, ২০২০ চনত কেৱল আমেৰিকাতে সেইখন দেশৰ মুঠ সেউজগৃহ-গেছৰ নিৰ্গমনৰ প্ৰায় ২৯%-ৰ বাবে দায়ী আছিল দেশখনৰ পৰিবহণ খণ্ড।
 
বিশ্ব চাইকেল দিৱসে অধিক “বহনক্ষম পৰিবহণ”ৰ পদ্ধতিবোৰৰ ক্ষেত্ৰত হোৱা যোগাত্মক পৰিৱৰ্তনক উৎসাহিত কৰি আহিছে। চাইকেল হৈছে শূন্য নিৰ্গমন বাহন – যাৰ ফলত বায়ু প্ৰদূষণ বা সেউজগৃহ গেছ জমা হোৱাত ইয়াৰ একো অৰিহণা নাথাকে। ইয়াৰ অৰ্থ হ’ল – বায়ু পৰিষ্কাৰ কৰাত ইয়াৰ অৰিহণা অপৰিসীম । চাইকেলেৰে কৰা প্ৰতিটো ভ্ৰমণেই একোখনকৈ গাড়ীৰ একোটা অপ্ৰয়োজনীয় ভ্ৰমণ কমাই দিয়ে আৰু সেই হিচাপত আমাৰ কাৰ্বন ফুটপ্ৰিণ্টসমূহ হ্ৰাস কৰি আমাৰ বায়ুমণ্ডল পৰিষ্কাৰ কৰি আমাক শুদ্ধ বায়ু সেৱন কৰাৰ সুযোগ দিয়ে । বায়ু-প্ৰদূষণ হ্ৰাস পালে জনস্বাস্থ্যও উন্নত হয়, যাৰ ফলত শ্বাস-প্ৰশ্বাসজনিত ৰোগ কম হয় আৰু এক বুজন জনসংখ্যা সুস্থ হৈ উঠে। ইয়াৰ উপৰিও চাইকেলবোৰ উল্লেখযোগ্যভাৱে শক্তি-দক্ষ। ইয়াৰ কোনো ইন্ধনৰ প্ৰয়োজন নাই আৰু ই কেৱল মানৱ শক্তিৰ ওপৰতে নিৰ্ভৰশীল – যাৰ ফলত কম দূৰত্বৰ যাতায়তৰ বাবে ই এক বহনক্ষম আৰু পৰিৱেশ-অনুকূল বিকল্প হৈ পৰিছে। তদুপৰি চহৰ-মহানগৰৰ অঞ্চলসমূহত, য’ত যান-জঁটৰ সমস্যা এটা ডাঙৰ চিন্তাৰ বিষয় হৈ উঠিছে, তাতো চাইকেলে উল্লেখযোগ্য যোগাত্মক অৰিহণা যোগাব পাৰে ।
 
বিশ্ব স্বাস্থ্য সংস্থাৰ এক প্ৰতিবেদনমতে, গোটেই বিশ্বতে যদি ব্যাপকভাৱে চাইকেল চলোৱা হয়, তেনেহ’লে ১৫ লাখ লোকৰ অকাল মৃত্যু ৰোধ কৰিব পৰা যাব আৰু বছৰি প্ৰায় ৫ বিলিয়ন পাউণ্ড সেউজগৃহ গেছৰ নিৰ্গমন হ্ৰাস পাব। নিৰ্গমন-হ্ৰাস আৰু প্ৰদূষণ নিয়ন্ত্ৰণৰ বাহিৰেও চাইকেল চলোৱাৰ পৰিৱেশগত লাভ বিস্তৃত। গাড়ী-বাছ-ট্ৰাক আদিৰ বাবে বিস্তৃত আন্তঃগাঁথনিৰ প্ৰয়োজন হয় – পথ, পাৰ্কিং লট, গেছ ষ্টেচন আদিয়ে প্ৰাকৃতিক বাসস্থানসমূহক খণ্ডিত কৰি নগৰৰ বিস্তাৰত অৰিহণা যোগায়। আনহাতে চাইকেলৰ বাবে নূন্যতম আন্তঃগাঁথনিৰহে প্ৰয়োজন। ইয়াৰ বাবে বিস্তৃত পাৰ্কিং লট বা বিস্তৃত পথ নেটৱৰ্কৰ প্ৰয়োজন নাই, যাৰ ফলত ভূমিৰ ব্যৱহাৰ আৰু বাসস্থানৰ খণ্ডিতকৰণ হ্ৰাস পায়। নিৰ্দিষ্ট চাইকেল লেনে অধিক মুকলি, খোজ কাঢ়িব পৰা নগৰীয়া পৰিৱেশৰ প্ৰসাৰ ঘটায় – যাৰ ফলত সেউজীয়া স্থানসমূহ সংৰক্ষণ কৰাত সুবিধা হয় আৰু আমাৰ চৌপাশৰ প্ৰকৃতিৰ সৈতে সুস্থ সংযোগ গঢ়ি তোলাটো সম্ভৱপৰ হৈ উঠে। জৈৱ-বৈচিত্ৰ্য সুৰক্ষা আৰু প্ৰাকৃতিক পৰিৱেশ-তন্ত্ৰ সংৰক্ষণৰ বাবে ই অতি গুৰুত্বপূৰ্ণ। ইয়াৰ উপৰিও চাইকেল গাড়ীতকৈ বহু বেছি নিস্তব্ধপ্ৰায়, যাৰ বাবে শব্দ প্ৰদূষণ হ্ৰাস পায় আৰু মানুহ আৰু বন্যপ্ৰাণীৰ বাবে অধিক শান্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি কৰে।
 
বিশ্ব চাইকেল দিৱসে কেৱল “পৰিষ্কাৰ পৰিবহণ”ৰ পদ্ধতিৰ প্ৰচাৰৰ বাহিৰেও মানুহক চাইকেল চলোৱাৰ বাবে ব্যাপকভাৱে উৎসাহিত কৰি পৰিৱেশৰ সৈতে মানুহৰ এক সুস্থ সম্পৰ্ক গঢ়ি তোলাৰ বাবে উৎসাহিত কৰি আহিছে। চাইকেলে আমাক আমাৰ চৌপাশৰ পৰিৱেশ লাহে লাহে অনুভৱ কৰিবলৈ সুযোগ দিয়ে, প্ৰকৃতিৰ সৈতে সংযোগ কৰাই পৰিৱেশৰ প্ৰতি গভীৰ অনুৰাগ গঢ়ি তোলে। উদ্যান আৰু সেউজীয়া স্থানৰ মাজেৰে চাইকেল চলোৱাৰ ফলত আমি প্ৰদূষণ আৰু জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱসমূহ উপলব্ধি কৰাৰ সুযোগ লাভ কৰোঁ । সমান্তৰালভাৱে চাইকেল চলোৱাটো আমাৰ বাবে হৈ উঠে এক প্ৰেৰণাদায়ক কাৰ্য্য – যিয়ে পৰিৱেশ সুৰক্ষাৰ প্ৰতি আমাৰ দায়বদ্ধতা বঢ়াই তোলে ।
অৱশ্যে চাইকেল চলোৱাৰ প্ৰচাৰৰ বাবে ইয়াৰ ব্যৱহাৰক উৎসাহিত কৰা পৰিৱেশ সৃষ্টি কৰাটোৱো অত্যন্ত প্ৰয়োজনীয় কাম। ইয়াৰ সৈতে নিৰাপদ আৰু সুলভ চাইকেল চলোৱাৰ প্ৰয়োজনীয় আন্তঃগাঁথনিসমূহত বিনিয়োগ কৰাটোও জড়িত হৈ আছে। গাড়ীৰ যাতায়তৰ পথৰপৰা পৃথক, নিৰ্দিষ্ট চাইকেল লেনে নিৰাপত্তা প্ৰদান কৰে আৰু চাইকেল চলোৱাক এক “কাৰ্য্যকৰী পৰিবহণ বিকল্প” হিচাপে বাছি ল’বলৈ অধিক লোকক উৎসাহিত কৰে। ইয়াৰ উপৰিও কৰ্মস্থলী আৰু ৰাজহুৱা স্থানত নিৰাপদ চাইকেল-পাৰ্কিঙৰ সুবিধাই দীঘলীয়া যাতায়তৰ বাবেও চাইকেল-অৰোহীসকলক প্ৰৰোচিত কৰে। বিশ্বৰ বিভিন্ন চহৰ আৰু মহানগৰসমূহে এই পৰিৱৰ্তনসমূহ ক্ৰমান্বয়ে সফলতাৰে কাৰ্যকৰী কৰি আছে । উদাহৰণস্বৰূপে, চাইকেল চলোৱা পথৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ দেশ ডেনমাৰ্কৰ কোপেনহেগেন মহানগৰত চাইকেল-লেনৰ এক সুবিকশিত নেটৱৰ্ক গঢ়ি তোলা হৈছে – যাৰ বাবে কোপেনহেগেনবাসীৰ গাড়ীৰ ওপৰত নিৰ্ভৰশীলতা বহু পৰিমাণে হ্ৰাস পাইছে।
 
বিশ্ব চাইকেল দিৱসে চাইকেল চলোৱাক কেৱল পৰিবহণৰ ধৰণ হিচাপেই নহয়, মানুহৰ জীৱনশৈলী হিচাপেও প্ৰচাৰৰ বাবে সকলোকে উৎসাহিত কৰি আহিছে। চাইকেলিং শিক্ষা কাৰ্যসূচীক উৎসাহিত কৰি আমি সকলো বয়সৰ ব্যক্তিক দুচকীয়া চাইকেলেৰে চহৰৰ ৰাজপথত যাত্ৰা কৰিবলৈ আগ্ৰহী কৰি তুলিব পাৰোঁ । সামূহিক চাইকেল চলোৱাৰ অনুষ্ঠান আৰু পদক্ষেপসমূহেও চাইকেল চলোৱাক অধিক প্ৰসাৰিত কৰিব পাৰে আৰু চাইকেল আৰোহীসকলৰ মাজত সতীৰ্থতাৰ ভাৱ জগাই তুলিব পাৰে।
 
চাইকেল চলোৱাৰ সুফল পৰিৱেশ-সংৰক্ষণৰ বাহিৰলৈও বিস্তৃত হৈ আছে। চাইকেল চলোৱাটো হৈছে এক সুস্থ আৰু সুলভ পৰিবহণৰ ব্যৱস্থা। ই শাৰীৰিক কাৰ্যকলাপতো সহায় কৰে; হৃদৰোগ, মেদবহুলতা, ডায়েবেটিছৰ দৰে দীৰ্ঘদিনীয়া ৰোগৰ সম্ভাৱনাও হ্ৰাস কৰে। চাইকেল চলোৱাটোৱে মানসিক সুস্থতাও উন্নত কৰে, মানসিক চাপ কমায় আৰু সুখ আৰু সুস্থতাৰ অনুভূতি বৃদ্ধি কৰে। তদুপৰি, চাইকেল হৈছে তুলনামূলকভাৱে কম খৰচী পৰিবহণৰ পদ্ধতি; ব্যক্তিগত বাহনৰ ওপৰত থকা আমাৰ নিৰ্ভৰশীলতা আৰু ইয়াৰ সৈতে জড়িত ইন্ধন আৰু পাৰ্কিঙৰ দৰে খৰচসমূহ হ্ৰাস কৰে। ই কম আয়ৰ লোকসকলৰ বাবেও বিশেষভাৱে উপকাৰী হ’ব পাৰে – যাৰ ফলত তেওঁলোকে সুলভ আৰু স্বাস্থ্যসন্মত পৰিবহণৰ ব্যৱস্থা লাভ কৰিব পাৰে ।
 
বিশ্ব চাইকেল দিৱস কেৱল এটা উদযাপনেই নহয়, ই এক কৰ্মৰ আহ্বানো (Call for Action)। জলবায়ু পৰিৱৰ্তন প্ৰশমন আৰু আমাৰ পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত চাইকেলৰ অপৰিসীম সম্ভাৱনাক আমি স্বীকাৰ কৰিব লাগিব। চাইকেল চলোৱাৰ আন্তঃগাঁথনি, শিক্ষা আৰু চাইকেল চলোৱাৰ সংস্কৃতিক প্ৰসাৰিত কৰি আমি এনে এখন পৃথিৱী সৃষ্টি কৰিব পাৰোঁ, য’ত চাইকেল কেৱল এটা নিৰ্দিষ্ট বিকল্পই নহয়, বৰঞ্চ মূলসুঁতিৰ পৰিবহণৰ পদ্ধতিও হৈ উঠিব পাৰে। এই পৰিৱৰ্তনসমূহে আমাৰ কাৰ্বন ফুটপ্ৰিণ্ট হ্ৰাস কৰাই নহয়, ভৱিষ্যত প্ৰজন্মৰ বাবে এখন সুস্থ, পৰিষ্কাৰ আৰু অধিক বহনক্ষম পৃথিৱীৰো সৃষ্টি কৰিব। অধিক বহনক্ষম পৰিবহণ ব্যৱস্থাৰ দিশত বিশ্বব্যাপী পৰিৱৰ্তনৰ অনুঘটক হৈ উঠক চাইকেল আৰু বিশ্ব চাইকেল দিৱস – যাতে সকলোৰে বাবে এখন সুস্থ পৃথিৱী আৰু ইয়াৰ উজ্জ্বল ভৱিষ্যত নিশ্চিত কৰিব পৰা যায়।
Scroll to Top