মালচিং কাগজ কি?

Spread the love
মালচিং কাগজ কি? What is mulching paper?
  • মালচিং এবিধ প্লাষ্টিকৰ পাতল কাগজ ।
  • একোটা পেকেটত ৪০০ মিটাৰ দীঘল আৰু ১০০ ছে: মি: (তিনি হাত) দীঘল হয়।
  • সাধাৰনতে দুটা ৰঙৰ মালচিং কাগজ পোৱা যায়। এফালে ক’লা আৰু আনফালে জিলিকা ৰূপালী ৰঙৰ। জিলিকা ৰূপালী ৰঙটো মাটিৰ ওপৰ পিনে আৰু ক’লা ৰঙৰ ফাল মাটিত লাগি থাকে।
  • মালচিং কাগজ ২০ মাইক্ৰন, ২৫ মাইক্ৰণ, ৩০ মাইক্ৰন ৪০ মাইক্ৰন আদি জোখৰ ডাঠ হয়। আমাৰ সাধৰন জলকীয়া, বিলাহী, বেঙেনা, তৰমুজ, কেৰেলা, জিকা আদি তিনিৰ পৰা ৬ মহীয়া খেতিৰ বাবে ২৫ মাইক্ৰন যঠেষ্ঠ হয়।
মালচিং ব্যবহাৰ কৰিব কিয়?:

 

বহু খেতিয়কে ভাবে যে মালচিং ব্যবহাৰ কৰিলে খেতিত খৰচ বাঢ়িব নে কমিব ? প্ৰথম অৱস্থাত যদিও মালচিং কাগজত বহু খৰচ হোৱা যেন লাগে তথাপি খেতিৰ শেষত সুবিধা বিলাক চাই লাভহে অধিক হোৱা দেখা যায়। লাহে লাহে আমাৰ কৃষকৰ মাজত মালচিংৰ ব্যবহাৰ বাঢ়ি আহি আছে। মালচিং কাগজৰ সুবিধা বিলাক হ’ল

  1. মালচিং কাগজৰ ক’লা ফালটো মাটিলৈ থাকে। ফলত অদৰকাৰী বন জংঘল গজিব নোৱাৰে। মাটিৰ সাৰখিনি কেবল শস্যই পায়। ফলত শস্যই ভাল ফল দিয়ে।
  2. ওখ ভেটিত দিবলগীয়া পানী বহুত কমি যায়। মাটিৰ পানী ৰ’দত শুকাব নিদি মাটি সেমেকা কৰি ৰাখে। ফলত তিনিদিনৰ মূৰত পানী নিদি ১০ দিনৰ মূৰত দিলেও হয়।
  3. জিলিকা ৰূপালী ফালটোৱে ৰদ প্ৰতিফলন (reflect) ক’ৰে বাবে গৰম মাটিলৈ আহিব নোৱাৰে। সেয়েহে শস্যৰ গুৰি গৰমৰ দিনটো ঠাণ্ডা হৈ থাকে।
  4. অত্যাধিক বৰষুণটো ওখ ভেটিৰ নলাসমূহ পানী নিষ্কাষণ নলাৰ লগত সংযোগ কৰি পানী জমা হোৱাৰ পৰা সাৰিব পাৰি।
  5. সাধাৰণতে অপতৃণ আতৰাওতে (নিৰানি কৰা) খেতিয়কৰ খৰচ বহুত হয়। লগতে সময়ত বনুৱাৰ অভাব হয়। সেয়েহে মালচিং কাগজে এই খৰচ বহু গুণ কামই দিয়ে। মালচিং কাগজ ব্যবহাৰ কৰিলে নিৰানি কৰাৰ দৰকাৰ নপৰে।
  6. ভেকুৰ, বেক্টৰিয়াৰ পৰা হোৱা  বহু বেমাৰৰ পৰা হাত সাৰি থাকিব পাৰি। 
মালচিং কেনেকৈ ব্যবহাৰ কৰিব লাগে:
  1. মালচিং কাগজ ওখ ভেটিৰ ওপৰত পাৰি লোৱা হয়। সাধাৰণতে ডাঠ কাগজৰ নুৰাৰ ওপৰত মালচিং কাগজ মেৰিয়াই থোৱা থাকে। কাগজৰ নুৰাৰ ভিতৰত বাহ এডাল ভৰাই মালচিং কাগজ খুলিব লাগে। ওখ ভেটিৰ এমূৰে মাটি দি কাগজখন পুতি লৈ টানি আনটো মূৰলৈ লৈ যাব পাৰি। তাৰ পিছত ভেটিৰ দ’ অংশত কাগজৰ ওপৰত মাটি দিব লাগে। বতাহ বেছি থকা দিনত মালচিং কাগজ পাৰিব নালাগে। কাগজখন ওখ ভেটিটোত টানকৈ লাগি থাকিব দিব লাগে।
  2. মালচিং কাগজত ফুটা কৰাৰ উপাই কেবাবিধো আছে। ২ ইঞ্চি বহল গোলাকাৰ এই ফুটাবোৰতে পুলি লগোৱা হয়।
  • চোকা ব্লেদেৰে কাটি ফুটা কৰিব পাৰি।
  • জোখৰ টীনৰ টেমা এটাত দুটুকুৰামান লোহাৰ গজাল বা টুকুৰা বা শিলগুটি ভৰাই গৰম খৰিৰ কয়লা জ্বলাই বাহ এডালত টেমাটো বান্ধি সহজতে গৰম টেমাটো লগাই ফুটা কৰিব পাৰি।
  • PVC পাইপ এডালত জিগজাগকৈ জোঙা কৰি ফুটা কৰিব পাৰি।
মালচিং ব্যবহাৰ কৰাৰ পিছত সাৰ আৰু পানী প্ৰয়োগ:
  • মালচিং ব্যবহাৰ কৰিলে সাধাৰণতে ড্ৰীপ পদ্ধতিৰে সাৰ দিয়া হয়। ড্ৰীপ পদ্ধতি এটা উন্নত পানী যোগান ধৰা ব্যবস্থা যাৰ যোগেদি কেবল পুলিৰ গুৰিত লাগতিয়াল পানীখিনিহে দিয়া হয়, বিশেষকৈ খৰাংপীড়িত অঞ্চলত ই অতিকৈ দৰকাৰী। পানীত মিহলি হোৱা সাৰ দৰব আদিও ইয়াৰ যোগেদি গছক দিব পাৰি। 
  • ড্ৰীপ খৰচী ব্যবস্থা হোৱা বাবে বহু কৃষকে ইয়াক ব্যবহাৰ কৰিব নোৱাৰে।
  • বহুতে প্ৰথমতেই মালচিং পাৰা ভেটিটোত গোটেইখিনি সাৰ (Basal dose) দি দিয়ে।
  • গছ বঢ়াৰ পিছত গছৰ গুৰিৰ পৰা এক বেগেট আতৰত সৰু ফুটা এটা (পানী বটলৰ সাফৰৰ সমান) কৰি পানী বটল এটা মাজতে কাটি ওলোটা কৰি তাক চুপি এটাৰ দৰে ব্যবহাৰ কৰি সাৰ দিব পাৰি।
  • মালচিং কাগজখন কাষৰ পৰা ডাঙি গুৰিত সাৰ ছতিয়াই দিব পাৰি।
  • জুলীয়া সাৰ বা পানীত মিহলি হোৱা সাৰ দৰব আদি দিবলৈ স্প্ৰে মেছিনৰ ভিতৰত পানীত মিহলি কৰি লব লাগে। তাৰ পিছত স্প্ৰে মেছিনৰ পানী দিয়া নজলটো খুলি লৈ সেইটোৰে গুৰিৰ এবেগেত আতৰত সৰু দুটা কৰি তাত নিৰ্দিষ্ট মানৰ সাৰ দিব পাৰি।
Scroll to Top