বিলাহী খেতি

Spread the love

বিলাহী খেতি Tomato farming

 

বতৰ

 

  • অসমৰ জলবায়ু বা বতৰ বিলাহী খেতিৰ বাবে অতি ভাল।
  • বিলাহী হৈছে গৰম বতৰৰ শস্য। বিলাহী খেতিৰ বাবে 20-25 ডিগ্ৰী  ছেণ্টিগ্ৰেড তাপমান আটাইতকৈ ভাল হয়।
  • বিলাহীত উৎকৃষ্ট মানদণ্ডৰ ৰঙা ৰং 21-24 ডিগ্ৰী চেণ্টিগ্ৰেড উষ্ণতাত অধিক ধুনীয়াকৈ দেখা যায়।
মনত ৰাখিব লগীয়া:
  • অধিক তাপৰ বাবে বা ৰ’দৰ বাবে (43 ডিগ্ৰী চেণ্টিগ্ৰেডৰ ওপৰৰ তাপমাত্ৰা), পাতবোৰ জ্বলি যায়, আৰু ফুল আৰু সৰু ফলবোৰো সৰি পৰে।
  • আনহাতে 13 ডিগ্ৰী চেণ্টিগ্ৰেডতকৈ কম আৰু 35 ডিগ্ৰী চেণ্টিগ্ৰেডতকৈ অধিক হ’লে ফল আৰু ৰঙা ৰঙৰ উৎপাদন কম হয়।
  • লেট ব্লাইট (late blight), পাওডাৰ মিল্ডী (powder mildew), লেৰেলী যোৱা বেমাৰ (wilt) আৰু পাত মেৰ খোৱা ভাইৰাচ (Leaf Curl Virus) এইবোৰৰ বাবে আগতীয়াকৈ সাৱধানে থকা ভাল।
  • বতৰত দাম পাবলৈ অসুবিধা হয়, গতিকে সময় সুবিধা চাই লব লাগে।
  • বাৰিষা অত্যাধিক বৰযুণৰ বাবে খেতি কৰিবলৈ অসুবিধা।
  • উচিত জাত নির্বাচন কৰাটো গুৰুত্বপূৰ্ণ।
বিভিন্ন প্ৰকাৰৰ বিলাহী

জোপোহা, নিৰ্ণায়ক বা গুল্ম ধৰণৰ বিলাহী (determinant or bush type)

  • এইবিধ বিলাহী ৩ আব ৪ ফুট ওখ হয়।
  • গছৰ একেবাৰে ওপৰৰ ডালত ফুল ফুলাৰ পিছত গছৰ বৃদ্ধি বন্ধ হৈ পৰে।
  • ফলবোৰ একেসময়তে পকে, প্ৰায় ২ ৰ পৰা ৩ সপ্তাহৰ ভিতৰত সকলো ফল পকে।
  • সেই বাবে এইবিধ বিলাহীৰ খেতি ভাল দাম পোৱা সময়ত ফল বজাৰত নিব পৰাকৈ কৰিব লাগে।
  • অত্যাধিক ফল বিক্ৰী নহ’লে সংৰক্ষণৰ কথা আগতীয়াকৈ ভবা উচিত।
  • আনহাতে যিসকল খেতিয়কৰ ঠাই কম তেওলোকৰ বাবে এইবিধ বিলাহী কৰা সুবিধাজনক।

লতাজাতীয় বিলাহী (indeterminant or vining)

  • লতাজাতীয় বিলাহী গছ নমৰালৈকে বৃদ্ধি হৈ গৈ থাকে।
  • প্ৰকাৰভেদে ৬ ফুটৰ পৰা ১০ ফুটতকৈও ওখ হয়।
  • এইবিধ বিলাহীৰ ফল গছ নমৰালৈকে পাই থাকিব পাৰি।
  • অতিৰিক্ত চোষক (suckers) ডালবোৰ কাটি (prooning) এডাল মূল গছ ৰাখিলে ফল সোনকালে লাগে কিন্তু ফল অলপ কম পোৱা যায় ।
  • এইবিধ বিলাহীৰ গছবোৰক বগাই যাবলৈ সুবিধা কৰি দিব লাগে। এই সুবিধা বাহেৰেও দিব পাৰি বা ৰচীৰেও দিব পাৰি। ৰচীৰে কেনেকৈ দিব পাৰি আমাৰ গাগছৰ বান্ধনী (stacking plant) শিতানত চাওঁক। 
  • গছত বঢ়াৰ লগে লগে ফলো লাগি গৈ থাকে।
অৰ্ধলতাজাতীয় বিলাহী (semideterminant)

এইবিধ বিলাহী অসমৰ প্ৰায় সকলো ঠাইতে কৰা হয়। ওপৰৰ দুয়োবিধ বিলাহীৰ মাজৰ জাত এই বিলাহী বিধ। 

 

অসমৰ বাবে উন্নত বৰ্ণসংকৰ জাতসমূহ (Hybrid varieties for Assam)
  • ত্ৰিশুল Trishul: Syngenta ৰ এইবিধ বিলাহী সোনকালে পৈনত হয়, গৰম প্ৰতিৰোধ ক্ষমতা ভাল, উচ্চ উৎপাদনশীল, TY LCV (Tomato yellow leaf curl virus) বিলাহীৰ হালধীয়া পাত পকোৱা ভাইৰাচ প্ৰতিৰোধী যদিও বেক্টৰিয়াৰ বাবে মৰহী যোৱা বেমাৰ থকা ঠাইত কৰিব নালাগে। বতৰ, পদ্ধতি আৰু ঠাই অনুসৰি ২৫০ ৰ পৰা ৩০০ কুইন্টল প্ৰতি হেক্টৰ উৎপাদন পাব পাৰি।
  • ৰকী Rocky: Syngenta ৰ এইবিধ বিলাহী গুল্মজাতীয়, জোপোহা, পাতবোৰ মজলীয়াকৈ ঘেৰি থকা, আগতীয়া ফল দিয়া, দুৰৈৰ বজাৰৰ বাবে ভাল। বতৰ, পদ্ধতি আৰু ঠাই অনুসৰি ২৫০ ৰ পৰা ৩০০ কুইন্টল প্ৰতি হেক্টৰ উৎপাদন পাব পাৰি। ফলৰ ওজন ৮০ ৰ পৰা ১০০ গ্ৰাম। ফলবোৰ দীঘলীয়া ডিম্বাকৃতিৰ।
  • লক্ষী Lakshmi: BASF-Nunhems ৰ এইবিধ বিলাহী পুলি ৰোৱাৰ ৫৫ ৰ পৰা ৬০ দিনৰ ভিতৰতে ফলন হয়, গছবোৰ গুল্মজাতীয় কিন্তু ডাঙৰ জোপোহা, ফলবোৰ ঘুৰনীয়া ৮০ ৰ পৰা ৯০ গ্ৰামৰ, টেঙা সোৱাদৰ, অধিক গৰম সহ্য কৰিব পৰা। ToLCV পাত পকোৱা ভাইৰাচৰ পৰা মধ্যমীয়া ধৰনে সহনশীল।
  • US440: BASF-Nunhems ৰ এই বিলাহীবিধৰ পৰিপক্কতা: 60-65 দিন, ফলৰ গড় ওজন: 80-100 গ্ৰাম, গুল্মজাতীয় বা নিৰ্ধাৰিত গছ, ফলৰ আকৃতি ঘূৰণীয়া আৰু টান, চিঙাৰ পিছত অধিক সময় ৰাখিব পাৰি, ৰোগ সহনশীলতা: ভাইৰাচজনিত পাত পকোৱা বেমাৰ, অধিক তাপ সহ্য কৰিব পাৰে।
  • US04: BASF-Nunhems ৰ এই বিলাহীবিধৰ ফলৰ গড় ওজন: 90-100 গ্ৰাম, ফলৰ আকৃতি ডিম্বাকৃতিৰ ঘূৰণীয়া আৰু টান, চিঙাৰ পিছত অধিক সময় ৰাখিব পাৰি, গুল্মজাতীয় বা নিৰ্ধাৰিত গছ, পুৰঠ হবলৈ 55-60 দিন, ৰোগ সহনশীলতা: ভাইৰাচজনিত পাত পকোৱা বেমাৰ, অধিক তাপ সহ্য কৰিব পাৰে।
  • SAMPURNA: BASF-Nunhems ৰ এই বিলাহীবিধৰ গছ অধিক বাঢ়ে, ধুনীয়া ঘূৰণীয়া আকৃতিৰ পকিলে উজ্জল ৰঙা ৰঙৰ ফল হয়, ফলবোৰ টান আৰু ফল গড়ে 80-100 গ্ৰাম, পুলি ৰোৱাৰ পৰা 60-65 দিনৰ ভিতৰত ফল চিঙিব পাৰি, অৰ্ধনিৰ্ধাৰিত বা অৰ্ধ লতাজাতীয় (semideterminant) উদ্ভিদ, গছ বহুত দিন জীয়াই থাকে। ভাইৰাচজনিত পাত পকোৱা বেমাৰ প্ৰতিৰোধী।
  • Abhinav: এই বিলাহীবিধ অৰ্ধনিৰ্ধাৰিত বা অৰ্ধ লতাজাতীয় (semideterminant) উদ্ভিদ, বহল পাতৰ গছ অধিক বাঢ়ে, ধুনীয়া দীঘলীয়া ডিম্বাকৃতিৰ আকৃতিৰ পকিলে উজ্জল ৰঙা ৰঙৰ ফল হয়, ফলবোৰ টান আৰু ফল গড়ে 80-100 গ্ৰাম, পুলি ৰোৱাৰ পৰা 70-85 দিনৰ ভিতৰত ফল চিঙিব পাৰি। বতৰ, পদ্ধতি আৰু ঠাই অনুসৰি ২৫০ ৰ পৰা ৩০০ কুইন্টল প্ৰতি হেক্টৰ উৎপাদন পাব পাৰি।
অন্যান্য উন্নত জাতসমূহ:

পাঞ্জাব চুহাৰা: Determinate, চাপৰ আৰু জোপোহা, অধিক উত্পাদন হয়, ফলবোৰ মজলীয়া আকৃতিৰ, মঙহাল, ১২০ দিনত পুৰঠ হব পৰা আৰু দূৰ দূৰনিলৈকে কঢ়িয়াই বহু দিনলৈ ৰাখি থব পৰা ৷
এচ্-১২: চাপৰ, জোপোহা গছবোৰ, আগতীয়াকৈ ফল ধাৰণৰ শক্তি থকা, ফলবোৰ মধ্যমীয়া আকৃতিৰ, গোল, ৰসযুক্ত ৷ গড়ে উত্পাদন ১৭৫-২৮০ কুইন্টল প্ৰতিহেক্টৰত ৷ সমতল অঞ্চলৰ ৰোবৰ বাবে উপযোগী ৷
পাঞ্জাব কেশৰী: চাপৰ, জোপোহা, ফলবোৰ সৰু, নাচপতিৰ আকৃতিৰ দৰে, কম পৰিমাণৰ মঙহাল, আগতীয়াকৈ পুৰঠ হব পৰা, উত্পাদন ২৬৮ কুইন্টল প্ৰতিহেক্টৰত, ফলবোৰ ফাটি নোযোৱা, ব্লাইট্ বেমাৰ আৰু মজাখোৱা পোকৰ দ্বাৰা সামান্য আক্ৰান্তমুক্ত কিন্তুশস্য কৃমিৰ পৰা আক্ৰান্ত হব পৰা ৷
পুচা আর্লি দ্ৱার্ফ: চাপৰ, ফলবোৰৰ ওপৰ ভাগ সামান্য সমান আকৃতিৰ, মধ্যমীয়া আকৃতিৰ, ৰোৱাৰ ৫৫-৬০ দিনত পুৰঠ হব পৰা৷ উত্পাদনঃ ২৫০-৫০০ কুইন্টল প্ৰতিহেক্টৰত ৷
ছিউক্স (Sioux): লতাজাতীয়, ফল ঘূৰণীয়া, মসৃণ, মধ্যমীয়াৰ পৰা ডাঙৰ, কম বীজযুক্ত, সোৱাদত টেঙাজাতীয়, মধ্যমীয়া পলমকৈ পৰিপক্ক হোৱা (৭০-৮০ দিন), ২৫০ কুইন্টল প্ৰতি হেক্টৰ, কম দূৰত্বৰ বজাৰৰ বাবে ভাল আৰু পাহাৰীয়া অঞ্চলৰ বাবে উপযোগী।
পুছা ৰুবি: লতাজাতীয়, কম ডালযুক্ত আৰু কঠিন; ফল ঘূৰণীয়া, সৰুৰ পৰা মজলীয়া, সামান্য টেঙা, আগতীয়াকৈ পুৰঠ হোৱা (৬০-৬৫ দিন), উৎপাদন প্ৰায় 330 কুইন্টল প্ৰতি হেক্টৰ, গৰম আৰু আৰ্দ্ৰ জলবায়ু সহ্য কৰে, সতেজ বজাৰৰ বাবে আৰু ছচ্ বনোৱাৰ বাবে ভাল, অতিৰিক্ত বৰষুণৰ প্ৰতি সহনশীল।
আৰ্কা ৰকচক: IIHR-2834 X IIHR-2833 ৰ সংকৰণ কৰি বিকশিত কৰা উচ্চ উৎপাদনক্ষম F1 হাইব্ৰিড। ToLCV (Tomato leaf curl virus) বিলাহীৰ পাত পকোৱা ভাইৰাচ, BW (bacterial wilt) বেক্টেৰিয়াৰ বাবে পাত মৰহা বেমাৰ আৰু early blite ব্লাইটৰ প্ৰতি ত্ৰিগুণ ৰোগ প্ৰতিৰোধ ক্ষমতা থকা প্ৰথম F1 হাইব্ৰিড। ফলবোৰ ঘূৰণীয়া, ডাঙৰ (৯০-১০০গ্ৰাম), গভীৰ ৰঙা ৰঙৰ আৰু টান। সতেজ বজাৰ আৰু চছ বনোৱাৰ বাবে উপযোগী। উৎপাদন: ১৪০ দিনত ৭৫০-৮০০ কুইন্টল/হেক্টৰ।

পুলিবাৰী বা নাৰ্চাৰীৰ প্ৰস্তুতি:

নাৰ্চাৰী তৈয়াৰ কৰাৰ বাবে আমাৰ নাৰ্চাৰী শিতান চাওক। Link

  • বিলাহী পুলিবাৰীত বীজ সিঁচাৰ উপযুক্ত সময় হৈছে অক্টোবৰ-নৱেম্বৰ মাহ অৰ্থাৎ আহিন মাহৰ শেষৰ পৰা আঘোন মাহলৈকে ৷ কিন্তু আগতীয়াকৈ বজাৰত বিলাহী উলিয়াবলৈ আগষ্ট মাহত পুলি সিচিব লাগে।
  • এবিঘা মাটিত ৰোৱাৰ বাবে ৬০ গ্ৰাম বীজ পুলিবাৰীত সিঁচি পুলি গজাই লব লাগে ৷ হাইব্ৰীড জাতৰ বাবে ২0 গ্ৰাম বীজেই এবিঘা মাটিত ৰুৱাৰ বাবে প্ৰয়োজন হয় ৷
  • পুলিবোৰ যেতিয়া ২৫-৩০ দিনৰ বয়স হয় তেতিয়া পুলিবোৰ সাৱধানে উঠাই মূল পথাৰত ৰোপণ কৰিব লাগে ৷ 
মূখ্য পথাৰ প্রস্তুতি

মূল পঠাৰখন কমেও তিনিবাৰ গুৰি কৰি হাল বাব লাগে। হাল মাৰি মাটি শুকুৱাই ল’লে তাত থকা বহুত বেক্টেৰিয়া নাইকীয়া কৰিব পাৰি। শেষৰবাৰ হাল বোৱাৰ আগতে পর্য্যাপ্ত জৈৱিক দ্রব্য খেতিত প্রয়োগ কৰিব লাগে প্রতি বিঘাত ১.৫ ৰ পৰা ২ টন জৈবিক সাৰ যেনে পচা গোবৰ আদি দিব লাগে। পচা গোবৰৰ লগতে ট্ৰাইকদাৰ্মা জাতীয় ভেকুৰ ব্যবহাৰে আগলৈ হব পৰা পুলি লেৰেলি যোৱা বেমাৰ প্ৰতিৰোধ কৰে।

  • বিলাহী বাৰীখনৰ চাৰিওফালে ৪ শাৰীকৈ মাকৈ খেতি কৰিব লাগে। মাকৈৰ বাবে ভাইৰাচ আদি বতাহত আহিব নোৱাৰা কৰে।
  • ৪০ দিনৰ ওখজাতৰ আমেৰিকান নাৰ্জীফুলৰ পুলি প্ৰতি ১৬ শাৰী বিলাহীৰ মূৰে মূৰে এক শাৰী লগাব লাগে। পোক পৰুৱাবোৰ নাৰ্জীফুলে আকৰ্ষণ কৰে । গতিকে পোক পৰুৱাৰ পৰা বিলাহীদৰাক নাৰ্জী ফুলে বচাই ৰাখে।
  • মাজে মাজে পদিনাৰ পুলি ৰুই দিব পাৰি। পদিনাৰ গোন্ধত বহতো পোক পৰুৱা নাহে।
সাৰ প্ৰয়োগ:

ব্যবসায় ভিত্তিত বিলাহী খেতি কৰিলে প্ৰতি তিনি বচৰত প্ৰতি বিঘাত ১৩০ কিলগ্ৰাম চুন প্ৰয়োগ কৰিলে অম্লতা কমে।
প্ৰতি বিঘাত

  • ১.৩ টন গোৱাৰ সাৰ,
  • ২১.৭ কিলগ্ৰাম নাইট্ৰজেন সাৰ যেনে ইউৰিয়া,
  • ৫০ কিলগ্ৰাম চিংগল চুপাৰ ফচফেট,
  • ১৩.৩ কিলগ্ৰাম মিউৰেট অব পটাছ,
  • ১ কিলগ্ৰাম বৰাক্স,
  • ১১ কিলগ্ৰাম নাইট্ৰজেন আৰু গোটেইখিনি ফচফৰাচ আৰু পটাছ সাৰ শেষৰ বাৰ হাল বাওতে ছতিয়াই মিলাই লব লাগে।
  • বাকীখিনি ইউৰীয়া পুলি ৰোৱাৰ পিছত দুবাৰত ব্যবহাৰ কৰিব পাৰি। তাৰ বাবে গছৰ পুলিৰ পৰা আধা ফুট দুৰত ঘুৰণীয়াকৈ দিব পাৰি।
  • পাতত স্প্ৰে কৰা ইউৰিয়া তলত দিয়া ধৰণৰ
  1. পুলি ৰোৱাৰ ৩০ দিনত বিঘাই প্ৰতি ১.৩ কিলগ্ৰাম ইউৰীয়া বা নাইট্ৰজেন জাতীয় সাৰ ১৩০ লিটাৰ পানীত মিহলাই পাতত স্প্ৰে কৰিব লাগে। ১৬ গ্ৰাম প্ৰতি ১৬ লিটাৰ টেংকত।
  2. পুলি ৰোৱাৰ ৪০ দিনত বিঘাই প্ৰতি ১.৯ কিলগ্ৰাম ইউৰীয়া বা নাইট্ৰজেন জাতীয় সাৰ ২০০ লিটাৰ পানীত মিহলাই পাতত স্প্ৰে কৰিব লাগে। ১৫ গ্ৰাম প্ৰতি ১৬ লিটাৰ টেংকত।
  3. পুলি ৰোৱাৰ ৫০ দিনত বিঘাই প্ৰতি ২.৬ কিলগ্ৰাম ইউৰীয়া বা নাইট্ৰজেন জাতীয় সাৰ ২৬০ লিটাৰ পানীত মিহলাই পাতত স্প্ৰে কৰিব লাগে। ১৬ গ্ৰাম প্ৰতি ১৬ লিটাৰ টেংকত।
জলসিঞ্চন
  • প্ৰথম দিনা পুলি লগাই জিঞ্জাৰীৰে পানী অলপ দিব লাগে। পৰা পক্ষত পিছবেলা পুলি লগাব লাগে। জৈবিক ভেকুৰনাশক ব্যবহাৰ কৰিলে ট্ৰাইকডাৰ্মা মিহলি পানী দিয়াটো ভাল।
  • বতৰ আৰু মাটিত থকা পানীৰ পৰিমান হিচাপে দ্বিতীয় দিনাৰ পৰা পানী দিব লাগে।
  • পানী দিয়াৰ সহজ উপাই হ’ল স্প্ৰে মাছিনৰ নজলটো খুলি অলপ অলপ পানী দিব পাৰি। এডাল গছত ১০০ মিলি লিটাৰকৈ দিলে এক টেংকেৰে ১৬০ জোপা গছত দিব পাৰি।
  • কেতিয়াবা বেছি পানী দিয়াৰ পিছত ৰ’দ পালে ফলবোৰ ফাটি যাব পাৰে, ছবিত দেখুৱাৰ দৰে।
  • দুই সপ্তাহৰ পিছত ওখ ভেটিৰ মাজৰ নলাবোৰেৰে সপ্তাহত এবাৰ বা দুসপ্তাহত এবাৰকৈ পানী দিব পাৰি।
  • সাবধান হব লগীয়া হ’ল নলাত যাতে বেছি সময় পানী জমা নাথাকে।
  • অত্যাধিক পানীয়ে সৰু পুলিবোৰ damping off নামৰ বেমাৰ হৈ মৰি যায়।
বাঢ়ন নিয়ন্ত্ৰক আৰু সুক্ষ্ম দ্ৰব্য:
  • ১০-১৫ দিনত Humic and Fulvic acid ৫ মিলিলিটাৰ প্ৰতি লিটাৰ পানীত (৮০ মিলিলিটাৰ ১৬ লিটাৰ টেংকত) মিহলাই গুৰিত দিব লাগে। ই শিপা বঢ়াত সহায় কৰে।
  • ১০-১৫ দিনত Copper Oxychloride 50% WP থকা ভেকুৰ নাশক ১৬ লিটাৰ পানীত 48 গ্ৰাম মিহলাই স্প্ৰে কৰিব লাগে। Crystal Blue Copper Fungicide । যদি জৈবিক ভাবে কৰে তেন্তে ট্ৰাইকডাৰ্মা ব্যবহাৰ কৰক। ৩০ দিনৰ মূৰে মূৰে আকৌ দি থাকিব লাগে।
  • ১০-১৫ দিনত imidacloprid 200 SL (17.8% ww) 0.5 মিলিলিটাৰ প্ৰতি লিটাৰ বা ৮ মিলিলিটাৰ ১৬ লিটাৰ টেংকত (Confidor insecticide)
    বা
    Thiomethoxam 25 WP 0.3 গ্ৰাম প্ৰতি লিটাৰ বা ৪.৮ গ্ৰাম ১৬ লিটাৰ টেংকত (Actara insecticide) মিহলাই পাতত স্প্ৰে কৰিব লাগে।
  • ২৫-৪০ দিনত মেগনেছিয়াম ছালফেট (Magnesium sulphate) বিঘাই ৩৩০ গ্ৰাম পাতত স্প্ৰে কৰিব পাৰি (৩-৫ গ্ৰাম প্ৰতি লিটাৰ পানীত)। মেগনেছিয়ামে ক্লৰফিল গঠনত সহায় কৰে।
  • ২৫-৪০ দিনত জিবাৰেলিক এচিদ পি পি এম Gibberellic acid 20 ppm
    বা
    oমাল্টিপ্লেক্স ক্ৰান্তি (Multiplex Kranti) ১.৫ মিলিলিটাৰ প্ৰতি লিটাৰ পানী (২৪ মিলিলিটাৰ ১৬ লিটাৰ পানীত)
    বা
    ইচাবিয়ন (Isabion from Syngenta) ২ মিলিলিটাৰ প্ৰতি লিটাৰ পানী (৩২ মিলিলিটাৰ ১৬ লিটাৰ পানীত) মিহলাই পাতত স্প্ৰে কৰিব লাগে।
  • ৪০-৫০ দিনত (Zink sulphate) বিঘাই ১৬৫ গ্ৰাম পাতত স্প্ৰে কৰিব পাৰি (৩-৫ গ্ৰাম প্ৰতি লিটাৰ পানীত)।
  • ৪০-৫০ দিনত বৰন থকা দৰব যেনে Allbor ১ গ্ৰাম প্ৰতি লিটাৰ পানী (১৬ গ্ৰাম ১৬ লিটাৰ টেংকত) মিহলাই পাতত স্প্ৰে কৰিব পাৰি।
  • ৫০-৬৫ দিনত কেলছিয়াম নাইট্ৰেট (Calcium Nitrate) ১৩২০ গ্ৰাম /বিঘা পানীত মিহালই স্প্ৰে কৰিব পাৰে। কেলছিয়ামে ফলৰ আগপচা বেমাৰ প্ৰতিৰোধ কৰে। লগতে আইৰণ থকা দৰব যেনে Fe EDDHA ১৬০ গ্ৰাম মিহলাই লব পাৰি। 
  • ৬৫-৮০ দিনত ১৮ % চালফাৰ থকা দৰব (Potassium sulphate) বা NPK 00:00:50 পানীত মিহালই স্প্ৰে কৰিব পাৰি।

মূল পঠাৰত পুলি ৰোৱাৰ নিয়ম:

মূল পঠাৰত তিনিধৰনে পুলি ৰুব পাৰি।

  • পৰম্পৰাগত ভাবে পুলি ৰোপন
  • ওখ ভেটি কৰি
  • মালচিং ব্যবহাৰ কৰি
পৰম্পৰাগত ভাবে পুলি ৰোপন:

সাধাৰনতে পুলিবোৰ শাৰী শাৰীকৈ ৰোৱা হয়। পুলি ৰুবৰ বাবে ঠাইবোৰত চুপাৰফচফেট ১০ গ্ৰামমান দি লোৱা হয়। ট্ৰাইকদেৰ্মা মিহলি শুকান গোবৰ যিঠাইত পুলি ৰোৱা হয় তাত দি ল’লে পুলিৰ শিপা বাঢ়ি মজবুট হয়। পুলি ৰুই উঠি তাত পানী দিব লাগে। পৰাপক্ষত পিছবেলা পুলি লগোৱা উচিত। পুলিৰ তিনিসপ্তাহমান হোৱাৰ পিছত বন বাত আতৰাই গুৰিত মাটি চপাই দিব লাগে।

ওখ ভেটি কৰি পুলি ৰুৱা নিয়ম:

ব্যবসায় ভিত্তিত খেতি কৰিলে অধিক উৎপাদনৰ লগতে বেচি দাম পোৱাটোও দৰকাৰী। তাৰ বাবে বিলাহী অবতৰীয়া খেতিত ভাল দাম পোৱা যায়। বৰ্তমান সময়ত বাৰিষা কালত অসমৰ বিলাহীৰ অভাবৰ বাবে মহাৰষ্ট্ৰৰ নাছিক জিলাৰ বিলাহীয়ে বজাৰ দখল কৰি আছে। ঠাইভেদে ৪০ টকাৰ পৰা ৮০ টকালৈ দামত বিক্ৰী হয়। অলপ পূৰ্বপ্ৰস্তুতিৰে অসমতো এই সময়ত বিলাহী ফচলে বজাৰ দখল কৰিব পাৰে। কিন্তু অসমত হোৱা অত্যাধিক বৰষুণৰ বাবে পানী জমা হৈ অসুবিধা হয়। অন্যহাতে অবতৰীয়া বৰষুণেও অসুবিধা দিয়ে। যাৰ বাবে তলত দিয়া বিধিসমূহ মানি চলিব পাৰি।

  • ওখ ভেটি একোটা চিত্ৰত দেখুৱাৰ দৰে তৈয়াৰ কৰিব পাৰি। একোটা ওখ ভেটি বহলে ৩ ফুট আৰু ওখ আধা ফুট কৰিব পাৰি। দুটা ভেটিৰ মাজৰ নলাটো ২ ফুটৰ পৰা ২.৫ ফুট ৰখা দৰকাৰ। এইদৰে কৰিলে পানী ওলাই যোৱা সুবিধা হব। আনহাতে এই নলাসমূ্হ পঠাৰৰ মূল নলাত সংযোগ কৰিব পাৰি।
  • পুলিবোৰ ভেটিৰ সোমাজতে ১.৫ বা ২ ফুট ব্যবধানত বা চিত্ৰত দেখুৱাৰ দৰে কেৰেচীয়াকৈ (zigzag) লগাব পাৰি।

ওখ ভেটি বনাবলৈ কেবাটাও উপাই আছে:

  1. পৰম্পৰাগতভাবে কোৰেৰে মাটি তুলি কৰিব পাৰি
  2. VST 300 D or VST350 D পাৱাৰ টিলাৰ ওলোটাকৈ চলাইও বনাব পাৰি।
  3. ট্ৰেক্টৰৰ কাল্টিভেটৰত ১৮ গেজৰ লোহাৰ প্লেট জোখত লগাইও পাৰি। বা Ridger ব্যবহাৰ কৰিব পাৰি।
  4. বিভিন্ন bed making machine বজাৰত ওপলব্ধ।
মালচিং ব্যবহাৰ কৰি:

মালচিং কাগজৰ বিষয়ে ইয়াত পঢ়ক।

গছত  বন্ধা Staking:
  • এইখিনিতে উল্লেখ কৰা দৰকাৰ যে বিলাহী ফল লগাৰ সময় পোৱালৈ determinant আৰু semideterminant বিধ জোপোহা হৈ গছ হালি পৰে। আনহাতে indeterminant গছবোৰ লতাৰ দৰে বাঢ়ি গৈ থাকে। গছবোৰ হালি পৰিলে পাত জ্বলা, ফল পচা আদিভেকুৰজনিত ৰোগ সহজে হব পাৰে। ইয়াৰ বাবে গছজোপাক ঠিয় হৈ থাকিবলৈ সহায়ৰ প্ৰয়োজন হয়।
  • আমাৰ কৃষকে সাধাৰণতে একোটা জেওৰা খুটি পুটি বান্ধি দিয়ে। জেওৰা খুটিবোৰে মজবুট হব লাগে নহলে বহু সময়ত ভাৰ লব নোৱাৰি ভাঙি পৰে।
  • শাৰী শাৰীকৈ পুলি ৰুই বেলেগে গাঠিব পাৰি। তাৰ বাবে সহজ বিধি হৈছে ভেটিৰ ৫.৫ ফুট ওপৰেৰে ওপৰেৰে এডাল দীঘল বাহ দুই বা তিনিটা খুটাৰ সহায়ত টানি লব লাগে। মূল পঠাৰত লগোৱাৰ ১৫ দিনৰ পিছতেই প্লাষ্টিক বা মৰাপাটৰ ৰচীৰে গাগছত দূখ নোপোৱাকৈ বহল গাঠি একোটা মাৰি গছডালত সাবধানে পাক মাৰি ওপৰৰ বাহডালত বান্ধি দিব লাগে। গছ বাঢ়ি গলেও আকৌ পকাই গছডাল পোন কৰি ৰাখিব পাৰি। সাবধান হব লাগে যাতে গাগছত টানকৈ বন্ধা নহয়। গৰুৰ এৰাল দিওতে ডিঙিত বন্ধাৰ দৰে গাঠি দিলে গছে কষ্ট নাপায়। ইয়াৰ বাবে কেৰেচীয়াকৈ (zigzag) আৰু ভেটিৰ মাজত লগোৱা দি লগোৱা দুয়োতা পদ্ধতিয়ে সুবিধাজনক। কেৰেচীয়াকৈ (zigzag) লগালে গাগছবোৰ বাঢ়িব সুবিধা পাই বেচি ফল পোৱা যায়।
বন বাত নিয়ন্ত্ৰণ (weeding):

গছ বঢ়াৰ আৰম্ভনিতে অদৰকাৰী বন বাতে গছজোপাৰ লগত খাদ্যৰ বাবে প্ৰতিযোগিতা কৰে। ফলত গছ বাঢ়িব নোৱাৰে আৰু ই ফচলৰ ওপৰত বহুত প্ৰভাব পেলায়। গতিকে বনবাত নিয়ন্ত্ৰণ এটা গুৰিত্বপূৰ্ণ বিষয়।

  • কোৰ বা খুৰ্পি ব্যবহাৰ কৰি বন বাত নিয়ন্ত্ৰণ কৰা অতি সহজ উপাই। এই কএত্ৰত মন কৰিবলগীয়া যে বেছি দ’ লৈকে কোৰ বা খুৰ্পি ব্যবহাৰ কৰিব নালাগে। শিপাত আঘাট পালে ভেকুৰ, বেক্টেৰিয়া বা কৃমি জাতীয় বেমাৰ হব পাৰে। দুই বা তিনিবাৰ বন বাত নিয়ন্ত্ৰণ কৰিলে গছ ভালকৈ বাঢ়িব পাৰে।
  • বন বাট নোলাবলৈ কিছুমান আগতীয়া বন বাত নিয়ন্ত্ৰক ব্যবহাৰ কৰিব পাৰি। Pendimethalin 30% Ec হেক্টৰে প্ৰতি এক লিটাৰ কৰিব পাৰি। সাতাৰণতে হাতেৰে বন বাট আতৰোৱাৰ পিছত Pendimethalin ব্যবহাৰ কৰা হয়। Pendimethalin ব্যবহাৰ কৰিলে একবীজপত্ৰী ঘাহবোৰ মাটি ফুটি ওলাব নোৱাৰে। কেবল ইয়াক স্প্ৰে কৰাৰ পিছত সেই ঠাইত খোজ পেলাব নালাগে। ৮ ৰ পৰা ১০ মিলিলিটাৰ প্ৰতিলিটাৰ পানী বা ১৫০ মিলিলিটাৰ প্ৰতি ১৬ লিটাৰ টেংকত মিহলাই মাটিত স্প্ৰে কৰিব লাগে। Tata Panida
  • কলা আৰু ৰূপালী মালচিং কাগজ ব্যবহাৰ কৰিলে বন বাত সহজে ওলাব নোৱাৰে। মালচিং ব্যবহাৰৰ আগতে Pendimethalin 30% Ec স্প্ৰে কৰি লব পাৰি।
খেতি চপোৱা:
  • সঠিক সময়ত ফল ছিঙাটো ভাল বজাৰ পাবলৈ অতি দৰকাৰী।
  • ফল চিঙাৰ আগতে ভালকৈ পূৰঠ হোৱালৈকে ৰখিব লাগে। বেচিকৈ পকা বিলাহীও সহজে বেয়া হয়।
  • ৰাতিপুৱাই ফল চিঙাৰ ভাল সময় কাৰণ তেতিয়া ৰ’দত জ্বলি যোৱাৰ পৰা হাত সাৰিব পাৰি।
  • যদি ওচৰৰ বজাৰত বিক্ৰী কৰাৰ কথা ভাবে, তেন্তে সম্পূৰ্ণ পকা বিলাহী বাছি লওক, ই অধিক ধুনীয়া দেখা যায়।
  • কিন্তু যদি বেছিবৰ বাবে দুৰলৈ নিয়াৰ কথা ভাবে তেন্তে আধা পকা বিলাহী চপোৱাৰ কথা চিন্তা কৰক। আধা পকা বিলাহী বেয়া নোহোৱাকৈ বহুত দিন থাকে। ফলত পৰিবহণ আৰু সংৰক্ষণৰ সময়ত নষ্ট হোৱাৰ সম্ভাৱনা কম।
  • চপোৱাৰ সময়ত আপোনাৰ গুণগত মান ৰক্ষা কৰিবলৈ চোকা কটাৰী ব্যৱহাৰ কৰি ঠাৰি কাটিব লাগে। ঠালৰ সৰু অংশ ফলৰ লগত লাগি থাকিব যাতে পচি আৰু ক্ষতি নহয়। গছৰ পৰা টানি বা পকাই চিঙিব ।
  • বিলাহী চিঙি ৰখা ঠাইত যাতে ভালদৰে বায়ু চলাচল কৰে। তেতিয়া নষ্ট নহয় আৰু পচি নাযায়। পোনে পোনে ৰ’দ পৰিব দিব নালাগে।
  • চিঙি আনি বাহৰ খৰাহীত, প্লাষ্টিকৰ কেৰেটত বা কাৰ্টুনত ভৰাই বজাৰলৈ নিব পাৰি।
  • চিঙি থোৱা বিলাহীৰ পৰা বেয়া বিলাহী দেখিলেই আতৰাব লাগে।
  • পানীত ধুব নালাগে। ধুলে ভেকুৰে আক্ৰমণ কৰাৰ সম্ভাবনা দেখা যায়।

গা গছ মৰহি যোৱা বা লেৰেলা বেমাৰ Wilting:

ই এটা সঘনে হোৱা বেমাৰ যি বহু কৃষকক অসুবিধাত পেলায়। লেৰেলি যোৱা লক্ষণ দুবিধ কাৰণত হব পাৰে ভেকুৰ (fungus) আৰু বেক্টেৰিয়া (bacteria)।

 

ভেঁকুৰজনিত লেৰেলা বেমাৰ Fungal wilt:
  • ভেকুঁৰৰ দ্বাৰা আক্ৰান্ত হ’লে প্ৰথমতে গছৰ তলৰ পাতবোৰ লেৰেলিবলৈ ধৰি হালধীয়া পৰি লাহে লাহে ওপৰৰ পাতবিলাকো লেৰেলিবলৈ ধৰে৷
  • পাতৰ শিৰাবোৰৰ সেউজীয়া বৰণ নাইকীয়া হৈ পৰে
  • পিছৰ সময়ত গা-গছত মূগা বৰণ ধৰে।
বেমাৰ নহবলৈ মানি চলিবলগীয়া:
  • যি খেতিত এই বেমাৰ নহয় তেনে খেতি ৰোগ হোৱা মাটিত তিনি বচৰমানলৈ কৰিব লাগে।
  • এই বেমাৰ প্ৰতিৰোধ কৰিব পৰা জাতৰ বীজ কিনিব লাগে।
  • বীজ শোধন কৰা অতি দৰকাৰ। তাৰ বাবে নাৰ্চাৰী অংশ পঢ়ক
  • আগতীয়াকৈ হাল বাই মাটি শুকুৱাই আকৌ হাল বাব লাগে।
  • খেতিত ব্যবহাৰ কৰা সজুলি আদি পৰিষ্কাৰ কৰি ৰখা দৰকাৰ।
  • পানী নিষ্কাষণৰ ভাল ব্যবস্থা কৰা উচিত।
  • প্ৰথমে যি গছত এই বেমাৰ দেখা দিয়ে তাক উঘালি সাৱধানে নি দুৰৈত জ্বলাই পেলাব লাগে।
প্ৰতিকাৰ আৰু নিয়ন্ত্ৰণ:

জৈৱিক নিয়ন্ত্ৰণ

  • ২ কিলগ্ৰামকৈ ট্ৰাইকডাৰ্মা ভিৰিদি (Trichoderma Viridi), ট্ৰাইকডাৰ্মা হাৰযিয়ানাম (Trichoderma Harzianum), চিওড’মনাচ ফ্লৰচেন্স (Pseudomonas Fluorescens), বাচিলাচ চাবটিলিচ (Bacilus Subtills) পৃথকে পৃথকে বস্তাত ভৰাই এসপ্তাহ অলপ পানী ছতিয়াই থৈ দিব লাগে। পিছত গোটেইখিনি একেলগ কৰি খেতিত দিয়া জৈবিক সাৰ যেনে গোৱৰ বা কেচুসাৰ লগত মিহলাই মাটিত ছতিয়াব লাগে।
  • ট্ৰাইকডাৰ্মা ভিৰিদি (Trichoderma Viridi), ট্ৰাইকডাৰ্মা হাৰযিয়ানাম (Trichoderma Harzianum) মিহলি পানী গুৰিত দিব লাগে (Drenching) (ট্ৰাইকডাৰ্মা পঢ়ক)। চিওড’মনাচ ফ্লৰচেন্স (Pseudomonas Fluorescens), বাচিলাচ চাবটিলিচ (Bacilus Subtills) আদি বেক্টেৰিয়াই ট্ৰাইকডাৰ্মাৰ কাম কৰাৰ ক্ষমতা বঢ়াই দিয়ে (Catalyst)।
  • ১ গ্ৰাম হিং + ৫ গ্ৰাম হালধীৰ গুৰি ১০ লিটাৰ পানীত মিহলি কৰি, প্ৰায় ২৫০-৫০০ মি: লি: প্ৰতি জোপা গছৰ গুৰিৰ শিপা অংশ তিতি যোৱাকৈ পুলিৰোৱাৰ ১৫, ৩০ আৰু ৪৫ দিনৰ মূৰত তিনিবাৰ প্ৰয়োগ কৰিব লাগে ৷
  • ইয়াৰ উপৰিও মটিত খলিহৈ, নিম কেক, হাড় সাৰ আদি প্ৰয়োগ কৰিৱেল মাটিডৰা সাৰুৱা কৰাৰ উপৰিও মাটিত থকা জীৱাণুৰ পৰিমাণ হ্ৰাস কৰে ৷

ৰাসায়নিক নিয়ন্ত্ৰণ:

মনত ৰখা দৰকাৰ যে এবাৰ বেমাৰ হোৱা গছ বচোৱা টান কিন্তু বেমাৰ বিয়পি নাযাবলৈ তলত দিয়া দৰৱৰ যিকোনো এবিধ ব্যবহাৰ কৰিব পাৰে।

  • Azoxystorbin থকা ভেকুৰনাশক ১ মিলিলিটাৰ প্ৰতি লিটাৰ পানীত মিহলাই (প্ৰতি ১৬ লিটাৰ পাম্পত ১৬ মিলিলিটাৰ) গুৰিত দিব লাগে লগতে পাতটো স্প্ৰে কৰিব লাগে। (Amister top, Nativo etc)।
  • Prothioconazole থকা দৰব গুৰিত দিব লাগে।
  • Carbendazim আৰু Mancozeb থকা দৰৱ (Saaf) 30 প্ৰতি ১৬ লিটাৰ টেংকৰ পানীত মিহলাই গুৰ তিতি যোৱাকৈ (Drenching) ব্যবহাৰ কৰক।
  • আগতীয়াকৈ Ridomil Gold ব্যবহাৰ কৰিব পাৰে।
বেক্টেৰিয়াজনিত লেৰেলা বেমাৰ Bacterial wilt:

বেক্টেৰীয়াৰ দ্বাৰা আক্ৰান্ত গছৰ

  • প্ৰথমতে কিছুমান পাত জ্বলি যোৱাৰ দৰে হয়, যিটো সাধাৰণে চকুৰে চাই ধৰাটো টান।
  • প্ৰথমতে ওপৰৰ পাতবোৰ লেৰেলিবলৈ ধৰে।
  • ২/৩ দিনৰ ভিতৰত গোটেই গছজোপাই লেৰেলি যায়৷
  • গছজোপাৰ ডাল এটা কাটি পানীত ডুবালে বগা পুজ জাতীয় জুলীয়া দ্ৰব (ooze) কিছুমান ওলাই আহে।
বেমাৰ নহবলৈ মানি চলিবলগীয়া:
  • যি খেতিত এই বেমাৰ নহয় তেনে খেতি ৰোগ হোৱা মাটিত তিনি বচৰমানলৈ কৰিব লাগে।
  • এই বেমাৰ প্ৰতিৰোধ কৰিব পৰা জাতৰ বীজ কিনিব লাগে।
  • বীজ শোধন কৰা অতি দৰকাৰ। তাৰ বাবে নাৰ্চাৰী অংশ পঢ়ক।
  • আগতীয়াকৈ হাল বাই মাটি শুকুৱাই আকৌ হাল বাব লাগে।
  • যিবোৰ মাটিত এই বেমাৰবোৰ বেছিকৈ হয় তেনে ঠাইত ৰোগে আক্ৰমণ কৰিব নেৱাৰা শষ্য যেনে – লেচেৰা মাহ, গুমধান, ঘেহুঁ ইত্যাদিৰ খেতি কৰিব লাগে ৷
  • বেছি অম্লযুক্ত মাটিত বেক্টেৰীয়াৰ দ্বাৰা হোৱা বেমাৰ বেছিকৈ হোৱা দেখা যায় সেয়েহে মাটিৰ অম্লতা কমাব বাবে কঠাই প্ৰতি ২০ কিলোগ্ৰাম চুণ ৩ বছৰৰ মৰে মূৰে মাটিত প্ৰয়োগ কৰিব লাগে ৷
  • পুলি নাৰ্চাৰীৰ পৰা মূল পঠাৰলৈ নি ৰোৱাৰ সময়ত যাতে দুখ নাপায় তাৰ ব্যবস্থা কৰা উচিত।
  • ইয়াৰ উপৰিও মটিত খলিহৈ, নিম কেক, হাড় সাৰ আদি প্ৰয়োগ কৰিৱেল মাটিডৰা সাৰুৱা কৰাৰ উপৰিও মাটিত থকা জীৱাণুৰ পৰিমাণ হ্ৰাস কৰে ৷
  • ভেকুঁৰ বা বেক্টেৰীয়াৰ দ্বাৰা আক্ৰান্ত হোৱা গছ মাটিৰে সৈতে উভালি দূৰত পুতি বা পুৰি পেলাব লাগে, যাতে তাৰ বীজাণু বিস্তাৰিত হব নোৱাৰে ৷

প্ৰতিকাৰ আৰু নিয়ন্ত্ৰণ:

জৈৱিক নিয়ন্ত্ৰণ:

  • ২ কিলগ্ৰামকৈ ট্ৰাইকডাৰ্মা ভিৰিদি (Trichoderma Viridi), ট্ৰাইকডাৰ্মা হাৰযিয়ানাম (Trichoderma Harzianum), চিওড’মনাচ ফ্লৰচেন্স (Pseudomonas Fluorescens), বাচিলাচ চাবটিলিচ (Bacilus Subtills) পৃথকে পৃথকে বস্তাত ভৰাই এসপ্তাহ অলপ পানী ছতিয়াই থৈ দিব লাগে। পিছত গোটেইখিনি একেলগ কৰি খেতিত দিয়া জৈবিক সাৰ যেনে গোৱৰ বা কেচুসাৰ লগত মিহলাই মাটিত ছতিয়াব লাগে।
  • ট্ৰাইকডাৰ্মা ভিৰিদি (Trichoderma Viridi), ট্ৰাইকডাৰ্মা হাৰযিয়ানাম (Trichoderma Harzianum) মিহলি পানী গুৰিত দিব লাগে (Drenching) (ট্ৰাইকডাৰ্মা পঢ়ক)। চিওড’মনাচ ফ্লৰচেন্স (Pseudomonas Fluorescens), বাচিলাচ চাবটিলিচ (Bacilus Subtills) আদি বেক্টেৰিয়াই ট্ৰাইকডাৰ্মাৰ কাম কৰাৰ ক্ষমতা বঢ়াই দিয়ে (Catalyst)।
  • ১ গ্ৰাম হিং + ৫ গ্ৰাম হালধীৰ গুৰি ১০ লিটাৰ পানীত মিহলি কৰি, প্ৰায় ২৫০-৫০০ মি: লি: প্ৰতি জোপা গছৰ গুৰিৰ শিপা অংশ তিতি যোৱাকৈ পুলিৰোৱাৰ ১৫, ৩০ আৰু ৪৫ দিনৰ মূৰত তিনিবাৰ প্ৰয়োগ কৰিব লাগে ৷
  • ইয়াৰ উপৰিও মটিত খলিহৈ, নিম কেক, হাড় সাৰ আদি প্ৰয়োগ কৰিৱেল মাটিডৰা সাৰুৱা কৰাৰ উপৰিও মাটিত থকা জীৱাণুৰ পৰিমাণ হ্ৰাস কৰে ৷

ৰাসায়নিক নিয়ন্ত্ৰণ

কোনো ৰাসায়নিক দৰবে বেচিদিনলৈ আৰু ভালকৈ কাম নকৰে। লগতে বেমাৰ হোৱা গছ ভাল কৰাটো অতি কঠিন।

  • এই বেমাৰৰ পৰা প্ৰতিকাৰ পাবলৈ হ’লে ষ্ট্ৰেপ্টোমাইচিন streptomycin নতুবা plantomycic নামৰ ঔষধ ২০০ মি: গ্ৰাম প্ৰতি লিটাৰ পানীত মিহলাই গছৰ গুৰিৰ শিপা তিতি যোৱাকৈ প্ৰয়োগ কৰিব লাগে ৷ ই 90% streptomycin antibiotic আৰু 10% tetracyclin নামৰ দুবিধ দৰবৰ মিশ্ৰন। কিন্তু মনত ৰখা দৰকাৰ যে যিকোনো দৰবে সম্পূৰ্ণ নিৰাময় কৰিব নোৱাৰে। Aries কম্পেনীৰ Plantomycin ০.৫ ৰ পৰা ০.৭৫ গ্ৰাম প্ৰতি লিটাৰ পানীত মিহলাই ব্যবহাৰ কৰিব পাৰি।
  • copper oxychloride ও কিছু পাৰিমানে মিহলি কৰা দৰকাৰ, যিয়ে বেলেগ ভেকুৰৰ পৰাও ৰক্ষা কৰে। Syngenta ৰ ব্লু কপাৰ ভেঁকুৰনাশক বা তেনে জাতীয় দৰব ব্যবহাৰ কৰা ভাল।

ব্লাইট বা পাত জ্বলা বেমাৰ:

ব্লাইট বেমাৰ কৰা ভেঁকুৰৰ ৰোগে যেতিয়া আক্ৰান্ত হয়, তেতিয়া ই এপিনৰপৰা গছ, পাত, ঠাৰি আৰু ফল মাৰি পেলাব পাৰে। ভেঁকুৰে এই ব্লাইটৰ বাবে দায়ী। বেমাৰী গছৰ পৰা পোক-পৰুৱা, বতাহ, পানী আৰু জীৱ-জন্তুৱে কঢ়িয়াই লৈ ফুৰে, আৰু তাৰ পিছত মাটিত জমা হয়। এই ৰোগ বাঢ়িবলৈ ভিজা বতৰৰ দৰকাৰ। গতিকে যেতিয়া নিয়ৰ বা বৰষুণ পৰা মাটি ভেঁকুৰৰ আহে তেতিয়া ইহঁতে বাঢ়ি যায়। মাটিত ব্লাইটৰ কোনো দৰব নাই যদিও এই ৰোগ নহবলৈ কিছুমান সহজ উপায় আছে। ব্লাইট দুই ধৰণৰ

আগতীয়া পাত জ্বলা বা ব্লাইট (Early Blight):
  • সাধাৰণতে বিলাহী গছত প্ৰথম ফল লগাৰ লগতে আৰম্ভণিতে ব্লাইটৰ লক্ষণ দেখা দিয়ে।
  • গছৰ তলৰ পিনৰ পাতত কেইটামান সৰু সৰু বাদামী ঘাঁৰ দেখা দিয়ে। ঘাঁবোৰ বাঢ়ি যোৱাৰ পিছত আঙঠিৰ দৰে দেখা যা্য়, মাজত শুকান, মৰা গছৰ কলা দাগ থাকে।
  • আঙঠিৰ চাৰিওফালে হালধীয়া হৈ পৰে, তাৰ পিছত পাতবোৰ বাদামী হৈ মৰি গছৰ পৰা সৰি পৰে।
  • আগতীয়াকৈ হোৱা ব্লাইটৰ বাবে বিলাহী ফলত বেচি প্ৰভাৱ নপৰে যদিও পাত কমি ৰ’দত ফলবোৰ বেয়া হব পাৰে (ছান স্কল্ড sun scald)।
মানি চলিব লগীয়া নিয়ম:

 

  • ৰোগ নকৰা জীৱাণুমুক্ত বীজ ব্যৱহাৰ কৰক, বা কেৱল বেমাৰ নোহোৱা গছৰ পৰা বীজ বা গুটি সংগ্ৰহ কৰক।
  • বিলাহী জাতীয় শস্য কমেও দুবছৰলৈ কৰিব নালাগে।
  • এই বেমাৰ প্ৰতিৰোধী জাতৰ খেতি কৰিব লাগে।
  • গছ বঢ়াত অসুবিধা নাপাবলৈ সঠিকভাৱে সাৰ দিব লাগে।
  • বৰষুণ, পানী দিয়াৰ পিছত, বা নিয়ৰত তিতিলে গছ-গছনিত কাম নকৰিব।
  • ওখ ভেটি কৰি পুলি ৰুব লাগে যাতে পানী ওলাই যাব পাৰে।
  • বেমাৰী পাতবোৰ সাৱধানে কাটি খেতিৰ ঠাইৰ পৰা বহু দূৰত পেলাই দিয়ক। কাটিবলৈ ব্যবহাৰ কৰা কটাৰী ধুই লব।
  • মাটি আৰু পাতৰ মাজত ফাক হবলৈ মালচিং ব্যবহাৰ কৰা উচিত।
  • বতাহ অহা যোৱা কৰিব পৰাকৈ বেছি হোৱা ডাল পাত কাটি দিব লাগে।
জৈৱিক নিয়ন্ত্ৰণ
  • ২ কিলগ্ৰামকৈ ট্ৰাইকডাৰ্মা ভিৰিদি (Trichoderma Viridi), ট্ৰাইকডাৰ্মা হাৰযিয়ানাম (Trichoderma Harzianum), চিওড’মনাচ ফ্লৰচেন্স (Pseudomonas Fluorescens), বাচিলাচ চাবটিলিচ (Bacilus Subtills) পৃথকে পৃথকে বস্তাত ভৰাই এসপ্তাহ অলপ পানী ছতিয়াই থৈ দিব লাগে। পিছত গোটেইখিনি একেলগ কৰি খেতিত দিয়া সাৰৰ লগত মিহলাই মাটিত ছতিয়াব লাগে। ট্ৰাইকডাৰ্মা ভিৰিদি (Trichoderma Viridi), ট্ৰাইকডাৰ্মা হাৰযিয়ানাম (Trichoderma Harzianum) মিহলি পানী গুৰিত দিব লাগে (Drenching) (ট্ৰাইকডাৰ্মা পঢ়ক)। চিওড’মনাচ ফ্লৰচেন্স (Pseudomonas Fluorescens), বাচিলাচ চাবটিলিচ (Bacilus Subtills) আদি বেক্টেৰিয়াই ট্ৰাইকডাৰ্মাৰ কাম কৰাৰ ক্ষমতা বঢ়াই দিয়ে (Catalyst)।
  • পুলি ৰোৱাৰ আগতে জৈৱিক পদ্ধতিৰে শোধন কৰিব লাগে।
  • পুলি ৰোৱাৰ পিছত জৈৱিক ভেকুৰনাশক পানীত মিহলাই গুৰিত দিব লাগে।
ৰাসায়নিক নিয়ন্ত্ৰণ

তলত দিয়া যিকোনো এবিধ দৰব ১৫ দিনৰ মূৰে মূৰে ব্যবহাৰ কৰিব পাৰে।

  • Difenoconazole 25% EC থকা ভেকুৰ নাশক ১৬ লিটাৰ পানীত ২০ মিলিলিটাৰ মিহলাই স্প্ৰে কৰিব লাগে। Score Fungicide
  • Tebuconazole 50% + Trifloxystrobin 25% Wg থকা ভেকুৰ নাশক ১৬ লিটাৰ পানীত ৮ গ্ৰাম মিহলাই স্প্ৰে কৰিব লাগে। Nativo Fungicide
  • Metalaxyl at 4% and Mancozeb at 64% WP থকা ভেকুৰ নাশক ১৬ লিটাৰ পানীত ১৬ ৰ পৰা ২৪ গ্ৰাম মিহলাই স্প্ৰে কৰিব লাগে। Ridomil Gold
  • Mancozeb 75 % WP থকা ভেকুৰ নাশক ১৬ লিটাৰ পানীত ২৪ ৰ পৰা ৩২ গ্ৰাম মিহলাই স্প্ৰে কৰিব লাগে। Indofil M-45
  • Copper Oxychloride 50% WP থকা ভেকুৰ নাশক ১৬ লিটাৰ পানীত 48 গ্ৰাম মিহলাই স্প্ৰে কৰিব লাগে। Crystal Blue Copper Fungicide
  • Azoxystorbin 18.2% + Difenconazole 11.4% SC থকা ভেকুৰ নাশক ১৬ লিটাৰ পানীত 48 গ্ৰাম মিহলাই স্প্ৰে কৰিব লাগে। Amistar Top Fungicide
  • Chlorothalonil ৭৫% WP থকা ভেকুৰ নাশক ১৬ লিটাৰ পানীত ১৬ ৰ পৰা ৩২ মিহলাই স্প্ৰে কৰিব লাগে। Kavach Fungicide

শেহতীয়া পাত জ্বলা বা লেট ব্লাইট (Late Blight):

  • যিকোনো সময়তে আৰু যিকোনো অৱস্থাতে পলমকৈ হোৱা ব্লাইটৰ বেমাৰ হব পাৰে।
  • পলমকৈ হোৱা ব্লাইটৰ প্ৰথম চিন হ’ল অনিয়মিত আকৃতিৰ, পানীত তিতি থকা ঘা, চাৰিওফালে পাতল আঙঠি থাকে। এই ঘাবোৰ সাধাৰণতে গছৰ ওপৰৰ পিনে থকা সৰু, কুমলীয়া ৰসাল পাতবোৰত পোৱা যায়।
  • বেছি ভিজা বতৰত পাতৰ তলৰ ফালে বগা কপাহী জাল দেখা যাব পাৰে। পাতৰ দুয়োফালে দাগ দেখা যায়।
  • বিলাহী পাতৰ আগত প্ৰথমে দেখা দিলেও লাহে লাহে পাতৰ মাজেৰে ঠাৰিৰ ফালে বিয়পি পৰে। বেমাৰ বঢ়াৰ লগে লগে ঘাঁবোৰ ডাঙৰ হৈ যায় যাৰ ফলত পাতবোৰ বাদামী হৈ পৰে আৰু মৰি যায়।
  • ফল একোটত যিকোনো সময়ত পলমকৈ হোৱা ব্লাইট হব পাৰে। ফলবোৰ পচি যায় যদিও টান হৈ থাকে আৰু চালত তেলীয়া দাগ থাকে। দাগবোৰ বাদামী ৰঙৰ হয়; আৰু ডাঙৰ হৈ গোটেই বিলাহীটোকে আগুৰি ধৰিব পাৰে।
মানি চলিব লগীয়া নিয়ম:
  • ৰোগ নকৰা জীৱাণুমুক্ত বীজ ব্যৱহাৰ কৰক, বা কেৱল বেমাৰ নোহোৱা গছৰ পৰা বীজ বা গুটি সংগ্ৰহ কৰক।
  • বিলাহী জাতীয় শস্য কমেও দুবছৰলৈ কৰিব নালাগে।
  • এই বেমাৰ প্ৰতিৰোধী জাতৰ খেতি কৰিব লাগে।
  • গছ বঢ়াত অসুবিধা নাপাবলৈ সঠিকভাৱে সাৰ দিব লাগে।
  • বৰষুণ, পানী দিয়াৰ পিছত, বা নিয়ৰত তিতিলে গছ-গছনিত কাম নকৰিব।
  • ওখ ভেটি কৰি পুলি ৰুব লাগে যাতে পানী ওলাই যাব পাৰে।
  • বেমাৰী পাতবোৰ সাৱধানে কাটি খেতিৰ ঠাইৰ পৰা বহু দূৰত পেলাই দিয়ক। কাটিবলৈ ব্যবহাৰ কৰা কটাৰী ধুই লব।
  • মাটি আৰু পাতৰ মাজত ফাক হবলৈ মালচিং ব্যবহাৰ কৰা উচিত।
  • বতাহ অহা যোৱা কৰিব পৰাকৈ বেছি হোৱা ডাল পাত কাটি দিব লাগে।
জৈৱিক নিয়ন্ত্ৰণ
  • ২ কিলগ্ৰামকৈ ট্ৰাইকডাৰ্মা ভিৰিদি (Trichoderma Viridi), ট্ৰাইকডাৰ্মা হাৰযিয়ানাম (Trichoderma Harzianum), চিওড’মনাচ ফ্লৰচেন্স (Pseudomonas Fluorescens), বাচিলাচ চাবটিলিচ (Bacilus Subtills) পৃথকে পৃথকে বস্তাত ভৰাই এসপ্তাহ অলপ পানী ছতিয়াই থৈ দিব লাগে। পিছত গোটেইখিনি একেলগ কৰি খেতিত দিয়া সাৰৰ লগত মিহলাই মাটিত ছতিয়াব লাগে। ট্ৰাইকডাৰ্মা ভিৰিদি (Trichoderma Viridi), ট্ৰাইকডাৰ্মা হাৰযিয়ানাম (Trichoderma Harzianum) মিহলি পানী গুৰিত দিব লাগে (Drenching) (ট্ৰাইকডাৰ্মা পঢ়ক)। চিওড’মনাচ ফ্লৰচেন্স (Pseudomonas Fluorescens), বাচিলাচ চাবটিলিচ (Bacilus Subtills) আদি বেক্টেৰিয়াই ট্ৰাইকডাৰ্মাৰ কাম কৰাৰ ক্ষমতা বঢ়াই দিয়ে (Catalyst)।
  • বীজ জৈবিক পদ্ধতিৰে শোধন কৰিব লাগে।
  • পুলি ৰোৱাৰ আগতে জৈৱিক পদ্ধতিৰে শোধন কৰিব লাগে।
  • পুলি ৰোৱাৰ পিছত জৈৱিক ভেকুৰনাশক পানীত মিহলাই গুৰিত দিব লাগে।
ৰাসায়নিক নিয়ন্ত্ৰণ

বেমাৰ দেখা দিয়াৰ লগে লগে প্ৰতি ১৫ দিনৰ মূৰে মূৰে তলত দিয়া দৰব সমূহ স্প্ৰে কৰিব লাগে।

  • Tebuconazole 50% + Trifloxystrobin 25% Wg থকা ভেকুৰ নাশক ১৬ লিটাৰ পানীত ৮ গ্ৰাম মিহলাই পাতৰ তলফালে স্প্ৰে কৰিব লাগে। Nativo Fungicide
  • Metalaxyl at 4% and Mancozeb at 64% WP থকা ভেকুৰ নাশক ১৬ লিটাৰ পানীত ১৬ ৰ পৰা ২৪ গ্ৰাম মিহলাই পাতৰ তলফালে স্প্ৰে কৰিব লাগে। Ridomil Gold
  • Copper Oxychloride 50% WP থকা ভেকুৰ নাশক ১৬ লিটাৰ পানীত 48 গ্ৰাম মিহলাই পাতৰ তলফালে স্প্ৰে কৰিব লাগে। Crystal Blue Copper Fungicide
  • Azoxystorbin 18.2% + Difenconazole 11.4% SC থকা ভেকুৰ নাশক ১৬ লিটাৰ পানীত 48 গ্ৰাম মিহলাই পাতৰ তলফালে স্প্ৰে কৰিব লাগে। Amistar Top Fungicide
  • Chlorothalonil ৭৫% WP থকা ভেকুৰ নাশক ১৬ লিটাৰ পানীত ১৬ ৰ পৰা ৩২ মিহলাই পাতৰ তলফালে স্প্ৰে কৰিব লাগে। Kavach Fungicide
  • বৰড’ মিশ্ৰন

পলমকৈ হোৱা ব্লাইটৰ নে আগতীয়া ব্লাইট বা অন্যান্য ভেঁকুৰে কৰা বেমাৰৰ পৰা হোৱা বেমাৰ জানিবলৈ

  • পলমকৈ হোৱা ব্লাইটৰ ফলত হোৱা ঘাঁ গছজোপাৰ সকলো ঠাইতে পোৱা যায় যদিও বেছিভাগেই নতুন কুমলীয়া পাতত পোৱা যায়, আনহাতে আগতীয়া ব্লাইট সাধাৰণতে তলৰ পাতত আৰম্ভ হয় আৰু লাহে লাহে গছজোপাৰ ওপৰলৈ যায়।
  • লগতে, পলমকৈ হোৱা ব্লাইটৰ ফলত হোৱা ঘাবোৰৰ ৰং পাতল বাদামী বা ৰদত পুৰাৰ দৰে হোৱাৰ বিপৰীতে আৰম্ভণিতে ব্লাইটৰ ফলত হোৱা ঘাবোৰ গাঢ় বাদামী ৰঙৰ হোৱাৰ হয় আৰু ইয়াৰ আঙঠি থাকে।

পাত মেৰ খোৱা বেমাৰ (Tomato leaf curl virus)আৰু মজাইক ভাইৰাচ

(Cucumber mosaic virus)

পাত মেৰ খোৱা বেমাৰটো Tomato leaf curl virus (TLCV) নামৰ এটা ভাইৰাচৰ বাবে হয়।আনহাতে মজাইক বেমাৰবিধ Cucumber mosaic virus নামৰ ভাইৰাচৰ পৰা হয়। দুয়োটা বেমাৰত জলকীয়া, বিলাহী ভোট জলকীয়া আদি গছত হয় আৰু বহুত ধৰনে ক্ষতি হব পাৰে। এই ভাইৰাচবিধ খেতিত এবাৰ লাগিলে কোনো দৰৱে সম্পূৰ্ণকৈ ভাল কৰিব নোৱাৰে। কিন্তু মূল কথাটো হ’ল এই ভাইৰাচবিধ কৰপৰা আহে? আচলতে বগা মাখিয়ে আৰু মোৱাপোকে এই ভাইৰাচদুবিধ কঢ়িয়াই আনে। বগা মাখিখে শস্যৰ বিশেষ ক্ষতি নকৰিলেও ভাইৰাচৰ বাহক হিচাপে কাম কৰে।

 

 
 
পাত মেৰ খোৱা বেমাৰৰ লক্ষণসমূহ:
  • বেমাৰ হোৱা গছবোৰৰ বাঢ়ন ৰৈ যায়। পাববোৰ দীঘল হব নোৱাৰে। কেতিয়াবা অধিক ডাল ওলাই গছডাল বেচি জোপোহা হৈ পৰে।
  • ওপৰৰ কুমলীয়া পাত বোৰ ওপৰলৈ বা তললৈ মেৰ খাই বা ঘোৰ খাই পৰে। পাতলকৈ হালধীয়া ৰঙৰ হৈ পৰে।
  • তলৰ পৈনত পাতবোৰ প্ৰায়ে তললৈ বেঁকা, টান, স্বাভাৱিকতকৈ ডাঠ, চামৰাৰ দৰে, সেউজীয়া ৰং নাইকীয়া হৈ পৰে।
  • ফুলবোৰ স্বাভাৱিক যেন লাগে, ফল, যদি আচলতে উৎপাদন হয়, তেন্তে সৰু, শুকান আৰু বিক্ৰী কৰিব নোৱাৰা।
  • বেমাৰ হোৱা গছবোৰ খেতি দৰাৰ য’তে ত’তে দেখা যায়।
মোজাইক বেমাৰৰ লক্ষণসমূহ:
  • বিলাহীৰ চি এম ভিৰ  লক্ষণ হ’ল পাতবোৰ ঠেক বা দীঘল হৈ পৰে, যিটো অৱস্থাক “ফাৰ্ণলিফ” “fernleaf.”  বুলি কোৱা হয়। বহু প্ৰকাৰৰ ঢেকীয়াৰ (Fern) পাতৰ লগত এই পাতবোৰৰ মিল থকা বাবেই এই নামটো। সৰু পাতবোৰ বেকাবেকি হ’ব পাৰে।
  •   বেমাৰৰ আৰম্ভনিতে  হালধীয়া হয়, আৰু গছবোৰ জোপোহা হে গছ নাবাঢ়া হয়।
  • চিএমভি আক্ৰান্ত বিলাহী গছৰ পৰা সৰু, লেহেমীয়াকৈ পূৰ্ণবয়স্ক ফল হ’ব পাৰে, যাৰ ফলত উৎপাদন হ্ৰাস পায়।
  • মোৱাপোক বা এফিড ৰ দ্বাৰা এই বেমাৰ বিয়পে।
মানি চলিব লগীয়া কথা:
  • বিলাহী, জলকীয়া আদিক পুলি অৱস্থাত যাতে আক্ৰমণ কৰিব নোৱাৰে তাৰ বাবে বগা মাখিৰ আৰু মোৱাপোকৰ পৰা আতৰত ৰাখিব লাগে। নাৰ্চাৰীতে হালধীয়া আঠাযুক্ত ফাণ্ড ব্যবহাৰ কৰিব লাগে।
  • বগামাখি আৰু মোৱাপোক আহিব নোৱাৰাকৈ বাধা হিচাপে চাৰিওপিনে মাকৈ ওখ মাহজাতীয় খেতি কৰিব লাগে।
  • বীজত যাতে ৰোগ নাহে তাৰবাবে ৰোগ নথকা আৰু এই বেমাৰ প্ৰতিৰোধ কৰিব পৰা জাতৰ বীজ ব্যবহাৰ কৰিব লাগে।
  • হালধীয়া আঠাযুক্ত ফান্দ ব্যবহাৰ কৰি বগা মাখি নিয়ন্ত্ৰণ আৰু ধৰা পেলাব পাৰি।
  • কিছুমান অপতৃণই এই বেমাৰৰ বাহক হিচাপে থাকে। সেইবোৰ আতৰাই ৰাখক।
  • দুয়োবিধ বেমাৰ ভালকৈ নিয়ন্ত্ৰণৰ বাবে আগতীয়াকৈ ধৰা পেলোৱা আৰু প্ৰতিৰোধমূলক ব্যৱস্থা অতি গুৰুত্বপূৰ্ণ।
বগা আৰু মোৱাপোকৰ মাখি নিয়ন্ত্ৰণৰ ৰাসায়নিক দৰব:

যদিও দৰবে ভাইৰাচৰ আক্ৰমন ৰোধ কৰিব নোৱাৰে তথাপি বগা মাখি খেদি এই বেমাৰৰ পৰা হাত সাৰিব পাৰি। প্ৰনালীগত কীটনাশক পুলি অৱস্থাতে প্ৰয়োগ কৰিব লাগে। নাৰ্চাৰী প্ৰস্তুতিত কেতিয়া ব্যবহাৰ কৰিব লাগে চাওক।

পুলি লগোৱাৰ পিছত প্ৰতি ৩০ দিনৰ মূৰে মূৰে তলৰ দৰবসমূহৰ এবিধ বা হালধীয়া আঠাযুক্ত ফান্দত বগা মাখি আৰু মোৱাপোক দেখা পালে ২০ দিনৰ মূৰে মূৰে ব্যবহাৰ কৰিব লাগে।

  • Thiamethoxam 25% WG থকা কীটনাশক ১৬ লিটাৰ পানীত ৮ গ্ৰাম মিহলাই পাতত স্প্ৰে কৰিব লাগে। যেনে Actara Insecticide
  • Acetamiprid 20% SP থকা কীটনাশক ১৬ লিটাৰ পানীত ৮ গ্ৰাম মিহলাই পাতত স্প্ৰে কৰিব লাগে। যেনে Tata Manik Insecticide
  • Imidacloprid 70% WG থকা কীটনাশক ১৬ লিটাৰ পানীত 5 গ্ৰাম মিহলাই পাতত স্প্ৰে কৰিব লাগে। যেনে Bayer Admire Insecticide
  • Quinalphos 25% EC থকা কীটনাশক ১৬ লিটাৰ পানীত 30 মিলিলিটাৰ মিহলাই পাতত স্প্ৰে কৰিব লাগে। যেনে Syngenta Ekalux Insecticide
  • Profenofos4 0 % আৰু Cypermethrin4 % EC থকা কীটনাশক ১৬ লিটাৰ পানীত 30 মিলিলিটাৰ মিহলাই পাতত স্প্ৰে কৰিব লাগে। যেনে Nagarjuna Profex Super Insecticide
  • Emamectin Benzoate 5% SG থকা কীটনাশক ১৬ লিটাৰ পানীত 4 গ্ৰাম মিহলাই পাতত স্প্ৰে কৰিব লাগে। যেনে Tata Rilon Insecticide
  • Dimethoate 30% EC থকা কীটনাশক ১৬ লিটাৰ পানীত 4 গ্ৰাম মিহলাই পাতত স্প্ৰে কৰিব লাগে। যেনে FMC Rogor Insecticide

 ক’লা পৰি শুকাই যোৱা (Dieback & Anthracnose)

এই ৰোগৰ মূল বাহক ভেকুৰ, যি বীজত, অপতৃণত, মাটিত বা অন্যান্য সা সজুলিৰ পৰা আহিব পাৰে। লক্ষণসমূহ হ’ল

Anthraconose tomato

 

  • পাতত সৰু শেতা বেঙুনীয়া বা ক’লা পাতৰ দাগ বা লেতেৰা হালধীয়া ৰঙৰ চকৰীৰে ক’লা দাগ দেখা যায়
  • পাতবোৰ হালধীয়া হৈ সৰি পৰে। ফুলো সৰি পৰিব পাৰে।
  • প্ৰথমতে বেমাৰ হোৱা ফলবোৰ সৰু, অলপ ভিতৰলৈ সোমাই যোৱা, পানীত তিতি থকা ধৰনৰ দেখা যায়।
  • কুমলীয়া আৰু পকা ফল দুয়োটাতে দাগ দেখা যায়, যিবোৰ প্ৰথম অৱস্থাত পিছলৈ ঘুৰণীয়া হয় আৰু পিছত অনিয়মিত হৈ পৰে। দাগবোৰ বাদামীৰ পৰা গাঢ় বাদামী ৰঙৰ হৈ ফলটোক আংশিকভাৱে বা সম্পূৰ্ণৰূপে আবৰি ভিতৰলৈ সোমাই যোৱা হৈ পৰে। ফলবোৰ সৰি পৰে।
মানি চলিবলগীয়া:
  • ৰোগ দেখা দিয়া ফল লগে লগে আঁতৰাই দূৰৈত পেলাব লাগে।
  • ৰোগীয়া ফলৰ পৰা বীজ কেতিয়াও লব নালাগে।
  • প্ৰতিৰোধী বিলাহীৰ জাত ব্যবহাৰ কৰিব লাগে।
  • শস্য পৰিবৰ্তণ কৰিব লাগে। মানে একেদৰা মাটিতে বিলাহী, জলকীবা, বেঙেনা আদিৰ পৰিৱৰ্তে অন্যান্য মাহজাতীয় খেতি কৰিব লাগে।
  • মাটিৰ পৰা ফল আতৰাই ৰাখিবলৈ মালচিং ব্যবহাৰ কৰিব লাগে।
  • বতাহ চলাচল কৰিবৰ বাবে অদৰকাৰী ডাল পাতবোৰ কাটি দিব লাগে। কাটিবলৈ ব্যবহাৰ কৰা সজুলি চাফা কৰি লব লাগে।
  • সেমেকা নহবলৈ ৰ’দ পৰাৰ ব্যবস্থা আৰু বতাহ আহিব পৰা ব্যবস্থা লাগে। সেমেকা বতৰত এই বেমাৰ বাঢ়ে।
  • ফল পকিলেই ছিঙিব লাগে যাতে এন্থ্ৰেকনজ হোৱাৰ সময় কম হয়।
জৈৱিক নিয়ন্ত্ৰণ
  • ২ কিলগ্ৰামকৈ ট্ৰাইকডাৰ্মা ভিৰিদি (Trichoderma Viridi), ট্ৰাইকডাৰ্মা হাৰযিয়ানাম (Trichoderma Harzianum), চিওড’মনাচ ফ্লৰচেন্স (Pseudomonas Fluorescens), বাচিলাচ চাবটিলিচ (Bacilus Subtills) পৃথকে পৃথকে বস্তাত ভৰাই এসপ্তাহ অলপ পানী ছতিয়াই থৈ দিব লাগে। পিছত গোটেইখিনি একেলগ কৰি খেতিত দিয়া সাৰৰ লগত মিহলাই মাটিত ছতিয়াব লাগে। ট্ৰাইকডাৰ্মা ভিৰিদি (Trichoderma Viridi), ট্ৰাইকডাৰ্মা হাৰযিয়ানাম (Trichoderma Harzianum) মিহলি পানী গুৰিত দিব লাগে (Drenching) (ট্ৰাইকডাৰ্মা পঢ়ক)। চিওড’মনাচ ফ্লৰচেন্স (Pseudomonas Fluorescens), বাচিলাচ চাবটিলিচ (Bacilus Subtills) আদি বেক্টেৰিয়াই ট্ৰাইকডাৰ্মাৰ কাম কৰাৰ ক্ষমতা বঢ়াই দিয়ে (Catalyst)।
  • বীজ জৈবিক পদ্ধতিৰে শোধন কৰিব লাগে।
  • পুলি ৰোৱাৰ আগতে জৈৱিক পদ্ধতিৰে শোধন কৰিব লাগে।
  • পুলি ৰোৱাৰ পিছত জৈৱিক ভেকুৰনাশক পানীত মিহলাই গুৰিত দিব লাগে।

ৰাসায়নিক নিয়ন্ত্ৰণ:

  • তলত দিয়া দৰবসমূহ ব্যবহাৰ কৰিব পাৰে
  • Tebuconazole 50% + Trifloxystrobin 25% Wg থকা ভেকুৰ নাশক ১৬ লিটাৰ পানীত ৮ গ্ৰাম মিহলাই পাতৰ তলফালে স্প্ৰে কৰিব লাগে। Nativo Fungicide
  • Copper Oxychloride 50% WP থকা ভেকুৰ নাশক ১৬ লিটাৰ পানীত 48 গ্ৰাম মিহলাই পাতৰ তলফালে স্প্ৰে কৰিব লাগে। Crystal Blue Copper Fungicide
  • Azoxystorbin 18.2% + Difenconazole 11.4% SC থকা ভেকুৰ নাশক ১৬ লিটাৰ পানীত 48 গ্ৰাম মিহলাই পাতৰ তলফালে স্প্ৰে কৰিব লাগে। Amistar Top Fungicide
  • Chlorothalonil ৭৫% WP থকা ভেকুৰ নাশক ১৬ লিটাৰ পানীত ১৬ ৰ পৰা ৩২ মিহলাই পাতৰ তলফালে স্প্ৰে কৰিব লাগে। Kavach Fungicide
  • বৰড’ মিশ্ৰন

বেক্টেৰিয়াজনিত  ফুট ফুটীয়া দাগ পৰা ৰোগ (Bacterial Leaf Spot):

বিলাহীৰ বেক্টেৰিয়াৰ পাতৰ দাগ এটা বিধ্বংসী ৰোগ যিয়ে ফলবোৰ বজাৰত বেচিব নোৱাৰা অৱস্থা কৰে লগতে গছজোপা মাৰি পেলাবও পাৰে। ই বিলাহী গছৰ পাত, ঠাৰি, ফলকে ধৰি মাটিৰ ওপৰৰ সকলো অংশতে প্ৰভাৱ পেলাব পাৰে। এই ৰোগৰ কাৰণ হ’ল Xanthomonas শ্ৰেনীৰ চাৰিবিধ বেক্টেৰীয়া। এই বীজানুবিধে খেতিত আগতেই সুমাই বেমাৰ নকৰাকৈ লুকাই থাকিব পাৰে। ৰোগ সৃষ্টিকাৰী জীৱাণুবোৰ পাতৰ মাজেৰে বা ঘাঁৰ মাজেৰেও গছত সোমায়।

লক্ষণসমূহ
  • পাতত বেক্টেৰিয়াৰ সৰু (৩ মিলিমিটাৰতকৈও সৰু) দাগ দেখা যায়।
  • কেতিয়াবা পানীত তিতি থকা (বা তিতা দেখা) ঘুৰনীয়া দাগ হিচাপে দেখা যায়।
  • দাগবোৰ প্ৰথমতে হালধীয়া-সেউজীয়া হ’ব পাৰে, কিন্তু গছ বঢ়াৰ লগে লগে গাঢ়ৰ পৰা বাদামী-ৰঙা হয়।
  • সেউজীয়া ফলত দাগবোৰ সাধাৰণতে সৰু, ওখ আৰু ফোহাৰ দৰে হয় আৰু হালধীয়া ৰঙৰ চকৰী থাকিব পাৰে।
  • ফল পকাৰ লগে লগে ফলত থকা দাগবোৰ ডাঙৰ হৈ যায় (আধা ছেন্টিমিটাৰলৈকে পোৱা যায়) আৰু বাদামী, খোলা আৰু শুকান হৈ পৰে।
প্ৰতিকাৰ:
  • বেক্টেৰিয়াৰ দাগ থকা গছ ভাল কৰিব নোৱাৰি। লক্ষণ থকা গছ-গছনি খেতিৰ পৰা আঁতৰাই দিব লাগে যাতে বেমাৰ নোহোৱা গছলৈ বিয়পিব নোৱাৰে।
  • বেমাৰী গছবোৰ জ্বলাই, পুতি থওক বা গৰম পচন সাৰ কৰি লওক আৰু লক্ষণথকা ফল নাখাব।
  • যদি পৰিষ্কাৰ বীজৰ পোৱা নাযায় বা বীজত বেক্টেৰিয়া থকা বুলি সন্দেহ কৰে তেন্তে বীজবোৰ ৫০ ডিগ্ৰী উষ্ণতাত ২৫ মিনিট পানীত তিয়াই থওক।
  • বৰড’ মিশ্ৰনে ৰে পুলি ৰোৱাৰ আগতে ধুই লব লাগে।
  • Aries কম্পেনীৰ Plantomycin ০.৫ ৰ পৰা ০.৭৫ গ্ৰাম প্ৰতি লিটাৰ পানীত মিহলাই ব্যবহাৰ কৰিব পাৰি।
  • copper oxychloride ও কিছু পাৰিমানে মিহলি কৰা দৰকাৰ, যিয়ে বেলেগ ভেকুৰৰ পৰাও ৰক্ষা কৰে। Syngenta ৰ ব্লু কপাৰ ভেঁকুৰনাশক বা তেনে জাতীয় দৰব ব্যবহাৰ কৰা ভাল। কিন্তু বেক্টেৰিয়াই ইয়াৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়ি বেলেগ বেক্টেৰিয়ালৈকো কঢ়িয়াব পাৰে।

চেপটৰিয়া আৰু ভেকুৰজনিত পাতৰ দাগ Septoria and fungal leaf spot

চেপটৰিয়া পাতৰ দাগ Septoria lycopersici নামৰ ভেঁকুৰৰ ফলত হয়। এই বেমাৰৰ ফলত যঠেষ্ঠ ক্ষতি হয় আৰু কেতিয়াবা সকলো গছ মৰিও যাব পাৰে। এই ভেঁকুৰে বিলাহী গছৰ যিকোনো সময়তে আক্ৰমণ কৰিব পাৰে। কম জোৰদাৰ উদ্ভিদ সাধাৰণতে আক্ৰান্ত হয়। চেপ্টৰিয়া পাতৰ দাগৰ বাবে গৰম, ভিজা, বতাহত জলীয় ভাপ থকাটো বৰ ভাল। এই ভেঁকুৰটো বীজত থাকে যদিও অপতৃণটো জীয়াই থাকিব পাৰে। শীতকালত পথাৰত থাকি যোৱা গছৰ অংশটো লুকাই থাকিব পাৰে। বৰষুণৰ ছিটিকনি বা বতাহৰ মাজেৰে আৰু লগতে বিলাহী খেতিত কাম কৰা লোকৰ হাত আৰু কাপোৰত লাগি এই বেমাৰ বিয়পে।

 

চেপটৰিয়া পাতৰ দাগৰ লক্ষণ:
  • সাধাৰণতে ফল ধৰাৰ সময়ত প্ৰথমে পুৰণি, তলৰ পাত আৰু ঠাৰিবোৰত লক্ষণ দেখা দিয়ে।
  • পাতত লক্ষণ দেখা দিয়ে যদিও ডাল, ঠাৰি আৰু ফুলৰ গুটিটো দেখা দিব পাৰে।
  • প্ৰথম লক্ষণবোৰ ডাঙৰ পাতৰ তলৰ ফালে সৰিয়হ গুটিৰ পৰা মাটিমাহৰ সমান আকাৰৰ সৰু, পানীত তিতি থকা, ঘুৰণীয়া দাগ হিচাপে দেখা যায়।
  • এই দাগবোৰৰ মাজভাগ চাই বৰনীয়াৰ পৰা ৰ’দে পুৰাৰ দৰে হৈ বাহিৰত বাদামী দাগেৰে ভৰি পৰে।
  • পাত সৰি পৰিব পাৰে।
    আগতীয়া ব্লাইটৰ পৰা কেনেকৈ বেলেগ:
  • চেপট’ৰিয়া পাতৰ দাগবোৰ সৰু, ঘূৰণীয়া দাগ থাকে আৰু ইয়াৰ বাহিৰখিনি গাঢ় বাদামী। আনহাতে আগতীয়া ব্লাইটৰ দাগ বোৰ ডাঙৰ আৰু তাত কেবাটাও চকৰী থাকে (concentric irregular rings)
  • বেক্টেৰিয়াৰ দাগত পাতৰ ওলোটাফালে পানীত তিতি থকা ঘা দেখা যায়।

আৰম্ভণিৰ ব্লাইটত অনিয়মিত বৃত্ত থাকে আৰু ইয়াৰ ৰং বাদামী ৰঙৰ চকৰী থাকে।

 

ব্যৱস্থাপনা আৰু প্ৰতিৰোধ:
  • চেপট’ৰিয়া পাতৰ দাগ খেতিত নাহিবলৈ তলত দিয়াসমূহ মনত ৰখা দৰকাৰ
  • লক্ষণ থকা পাতবোৰ আঁতৰাই পেলাওক।
  • এই বেমাৰ ৰোধ কৰিব পৰা জাতৰ খেতি কৰক।
  • ৰোগীয়া উদ্ভিদৰ পৰা বীজ ৰাখিব নালাগে।
  • প্ৰতিৰোধী বিলাহীৰ জাত ব্যৱহাৰ কৰক।
  • শস্যাৱৰ্তন কৰি বেলেগ খেতি কৰিব লাগে যাতে বীজানু মাটিত জমা নহয়।
  • ফল আৰু পাত মাটিৰ পৰা আতৰত ৰাখিবলৈ মালচিং ব্যবহাৰ কৰিব লাগে।
  • ৰোগ বাঢ়ি নাযাবলৈ তৎক্ষণাত খেতি চপাই লওক।
ৰাসায়নিক নিয়ন্ত্ৰণ
  • বৰড’ মিশ্ৰন
  • Chlorothalonil ৭৫% WP থকা ভেকুৰ নাশক ১৬ লিটাৰ পানীত ১৬ ৰ পৰা ৩২ মিহলাই স্প্ৰে কৰিব লাগে। Kavach Fungicide
  • Copper Oxychloride 50% WP থকা ভেকুৰ নাশক ১৬ লিটাৰ পানীত 48 গ্ৰাম মিহলাই স্প্ৰে কৰিব লাগে। Crystal Blue Copper Fungicide
  • Mancozeb 75 % WP থকা ভেকুৰ নাশক ১৬ লিটাৰ পানীত ২৪ ৰ পৰা ৩২ গ্ৰাম মিহলাই স্প্ৰে কৰিব লাগে। Indofil M-45

ফলৰ আগ পচি যোৱা বেমাৰ (Blossom end rot)

ফলৰ আগ পচি যোৱা বেমাৰ ফলৰ ওপৰত যিকোনো সময়তে দেখা দিব পাৰে, কিন্তু বেছিভাগেই দেখা দিয়ে যেতিয়া ফলৰ তিনিভাগৰ একভাগমান বাঢ়ে বা আধা বৃদ্ধি হয়। ই খেতিয়কক বহুত হাতাশ কৰে । মাটিত কেলচিয়ামৰ অভাৱত হোৱা এক ফলৰ বিকাৰ। পানী অনিয়মিতভাবে পোৱা, মাটিৰ পি এইচ কম, নাইট্ৰজেনৰ মাত্ৰা অত্যধিক হলেও এনে হব পাৰে।

লক্ষণ:
  • প্ৰাৰম্ভিক লক্ষণসমূহ হ’ল ফলৰ মূৰত পানীত তিতি থকা দাগ।
  • ফলটো সেউজীয়া হৈ থকাৰ সময়ত বয়সীয়াল ফুলৰ পাহিবোৰ সংলগ্ন হৈ থাকে।
  • দাগবোৰ সোণকালে ডাঙৰ হৈ ক’লা হৈ পৰে আৰু ফলৰ সেই অংশটো ভিতৰলৈ সোমাই যোৱা, চালখন চামৰাৰ দৰে আৰু গাঢ় ৰঙৰ হৈ পৰে।
  • সাধাৰণতে ইয়াৰ পিছত অন্যান্য অনুজীবই তাত আক্ৰমণ কৰে ফলত বেয়া গোন্ধ ওলাব পাৰে।
বেমাৰৰ কাৰণ:
  • কেলচিয়ামৰ অভাৱ: ইয়াৰ প্ৰধান কাৰণ হ’ল গছত দৰকাৰী কেলচিয়াম নোপোৱা।
  • মাটিৰ পানীৰ কম বেচি হোৱা: মাটিত পানী অনিয়মিতভাবে দিলে কেতিয়াবা শুকান বা কেতিয়াবা ভিজি থাকে, ফলত কেলচিয়াম গ্ৰহণত বাধাৰ সৃষ্টি কৰে।
  • নাইট্ৰজেন থকা সাৰ অত্যধিক দিয়া, মাটিৰ পি এইচ ঠিক নোহোৱা আদি।
প্ৰতিৰোধ আৰু প্ৰতিকাৰ:
  • নাইট্ৰজেনৰ অত্যধিক পৰিমাণৰ এমোনিয়া ৰূপ ব্যৱহাৰ নকৰিব যিয়ে কেলচিয়াম গ্ৰহণ হ্ৰাস কৰে। ইয়াৰ পৰিৱৰ্তে নাইট্ৰজেনৰ নাইট্ৰেট ৰূপ ব্যৱহাৰ কৰক। কেলচিয়াম এমনিয়াম নাইট্ৰেট (Calcium Ammonium Nitrate) ব্যবহাৰ কৰিব পাৰে।
  • বেমাৰ দেখা দিলে Ca ভিত্তিক সাৰ পত্ৰত প্ৰয়োগ কৰিব লাগে CaNO3 ২০ মিলিলিটাৰ প্ৰতি লিটাৰত মিহলাই ব্যৱহাৰ কৰক।
  • পানী নিয়মিতভাবে দিয়ক।

মহচকুৱা ? ফল পচা ৰোগ (Buckeye rot):

এই ৰোগত বিলাহী ফলৰ ওপৰত ম’হৰ চকুৰ দৰে গাঢ় বাদামী ৰঙ হৈ পচি যায়। সাধাৰণতে মাটিৰ ওচৰত বা মাটিত পৰি থকা ফলবোৰক আক্ৰান্ত কৰে। বেমাৰ লগাৰ লগে লগে ফলটোৰ ওপৰত বাদামী আৰু ধূসৰ-সেউজীয়া ৰঙৰ পানীত তিতি থকা দাগ দেখা দিয়ে। দাগবোৰ ঘালৈ পৰিণত হয় আৰু বাঢ়ি গাঢ় আৰু পাতল বাদামী ৰঙৰ বহুতো আঙঠি থাকে।
গৰম, ভিজা বতৰত বেছিকৈ দেখা যায় আৰু ছিটিকি পৰা বৰষুণৰ দ্বাৰা বিয়পি পৰে। এই ৰোগে পাতত কোনো লক্ষণ নেদেখুৱায় যাৰ বাবে পলমকৈ হোৱা ব্লাইটৰ পৰা পৃথক কৰাত আৰু অধিক সহায় কৰে।

 

মানি চলিবলগীয়া:
  • মাহজাতীয় শস্যৰ লগত শস্য পৰিৱৰ্তন কৰিব লাগে।
  • মাটিৰ পৰা ফল আতৰাই ৰাখিবলৈ মালচিং ব্যবহাৰ কৰিব লাগে।
  • বতাহ চলাচলৰ বাবে অদৰকাৰী ডাল পাত কাটিব লাগে।
  • পানী ওলাই যোৱাৰ ব্যবস্থা লাগে।
জৈৱিক নিয়ন্ত্ৰণ:
  • ট্ৰাইক’ডাৰ্মা ভিত্তিক জৈৱ ভেঁকুৰনাশক প্ৰয়োগ কৰিব লাগে।
  • বেচিলাছ ছাবটিলিছযুক্ত সামগ্ৰী ব্যৱহাৰ কৰক, যিয়ে উদ্ভিদক ৰোগৰ পৰা ৰক্ষা কৰাত সহায় কৰে।
  • তাম থকা ভেকুৰনাশক যেনে কপাৰ ছালফেট বা কপাৰ হাইড্ৰ’ক্সাইডে ভেঁকুৰৰ ৰোগ নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে। প্ৰতিৰোধমূলকভাৱে প্ৰয়োগ কৰিব পাৰে।
  • নিম তেলত ব্যবহাৰ কৰিব পাৰি।
ৰাসায়নিক নিয়ন্ত্ৰণ:

১০ দিনৰ ব্যবধানত তলত দিয়া ভেকুৰনাশকবোৰ ব্যবহাৰ কৰিব পাৰে।

  • বৰড’ মিশ্ৰন
  • Chlorothalonil ৭৫% WP থকা ভেকুৰ নাশক ১৬ লিটাৰ পানীত ১৬ ৰ পৰা ৩২ মিহলাই স্প্ৰে কৰিব লাগে। Kavach Fungicide
  • Copper Oxychloride 50% WP থকা ভেকুৰ নাশক ১৬ লিটাৰ পানীত 48 গ্ৰাম মিহলাই স্প্ৰে কৰিব লাগে। Crystal Blue Copper Fungicide
  • Mancozeb 75 % WP থকা ভেকুৰ নাশক ১৬ লিটাৰ পানীত ২৪ ৰ পৰা ৩২ গ্ৰাম মিহলাই স্প্ৰে কৰিব লাগে। Indofil M-45
  • Metalaxyl at 4% and Mancozeb at 64% WP থকা ভেকুৰ নাশক ১৬ লিটাৰ পানীত ১৬ ৰ পৰা ২৪ গ্ৰাম মিহলাই পাতৰ তলফালে স্প্ৰে কৰিব লাগে। Ridomil Gold

পাউদাৰী মিলদিউ Powdery Mildew

এই বেমাৰে বিভিন্ন শস্যৰ ওপৰত প্ৰভাৱ পেলায়, যেনে তিয়হ আৰু স্কোয়াচ, বিলাহী, জলকীয়া, আৰু বেঙেনা, আৰু মাহজাতীয় শস্য বীন আৰু পটল আদি।
Oidium neolycopersici নামৰ ভেঁকুৰৰ দ্বাৰা পাউদাৰী মিলদিউ বেমাৰ হয়। ই গছৰ পুষ্টিকৰ উপাদানৰ খাই জীয়াই থাকে আৰু গছৰ ক্ষতি কৰে। এই ভেঁকুৰবিধ বতাহ বা বৰষুণৰ মাজেৰে বিয়পে গছৰ পাতত কনী (Spores) পাৰি বংশ বঢ়ায়। নতুন নতুন গছলৈ বিয়পি আকৌ নতুন চক্ৰ আৰম্ভ কৰে।

লক্ষণ:
  • পাতত পাতল হালধীয়া দাগ পেলায়।
  • দাগবোৰ বগা কনীৰে ভৰি পৰি পিঠাগুৰি পেলাই থোৱাৰ দৰে হয়। পাতৰ দুয়োফালে হব পাৰে।
  • বেমাৰ বঢ়াৰ লগে লগে বগা ঠাইবোৰ মুগা বা বাদামী হৈ চুই দিলে ভাঙি যোৱাৰ দৰে হয়।
  • বেচি গৰম আৰু সেমেকা বতৰত ডাল পাত ফল ফুল সকলোতে এই বেমাৰ হব পাৰে।

জৈৱিক নিয়ন্ত্ৰণ:

  • ট্ৰাইক’ডাৰ্মা ভিত্তিক জৈৱ ভেঁকুৰনাশক প্ৰয়োগ কৰিব লাগে।
  • বেচিলাছ ছাবটিলিছযুক্ত সামগ্ৰী ব্যৱহাৰ কৰক, যিয়ে উদ্ভিদক ৰোগৰ পৰা ৰক্ষা কৰাত সহায় কৰে।
  • তাম থকা ভেকুৰনাশক যেনে কপাৰ ছালফেট বা কপাৰ হাইড্ৰ’ক্সাইডে ভেঁকুৰৰ ৰোগ নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে। প্ৰতিৰোধমূলকভাৱে প্ৰয়োগ কৰিব পাৰে।
  • পাতত নীম তেল 80 মিলিলিটাৰ ১৬ লিটাৰ টেংকত মিহলাই স্প্ৰে কৰিব পাৰি। Activated Neem oil from Katyayani
  • Sulphur 80 WP (0.3 %) ২ ৰ পৰা ৪ গ্ৰাম প্ৰতি লিটাৰ পানীত বা ৩২ ৰ পৰা ৬৪ গ্ৰাম প্ৰতি ১৬ লিটাৰ পাম্পত মিহলাই স্প্ৰে কৰিব লাগে। Sultaf from Tata rallis
ৰাসায়নিক নিয়ন্ত্ৰণ:
  • Difenoconazole 25% EC থকা ভেকুৰ নাশক ১৬ লিটাৰ পানীত ৮ মিলিলিটাৰ মিহলাই স্প্ৰে কৰিব লাগে। Score Fungicide
  • Mancozeb 75 % WP থকা ভেকুৰ নাশক ১৬ লিটাৰ পানীত ২৪ ৰ পৰা ৩২ গ্ৰাম মিহলাই স্প্ৰে কৰিব লাগে। Indofil M-45
  • Azoxystorbin 18.2% + Difenconazole 11.4% SC থকা ভেকুৰ নাশক ১৬ লিটাৰ পানীত ১৬ মিলিলিটাৰ মিহলাই স্প্ৰে কৰিব লাগে। Amistar Top Fungicide
  • Chlorothalonil 75 % WP থকা ভেকুৰ নাশক ১৬ লিটাৰ পানীত ১৬ ৰ পৰা 24 মিহলাই স্প্ৰে কৰিব লাগে। Kavach Fungicide
  • Carbendazim 12% + Mancozeb63% WP থকা ভেকুৰ নাশক ১৬ লিটাৰ পানীত ৩২ গ্ৰাম মিহলাই স্প্ৰে কৰিব লাগে। Saaf fungicide
  • Carbendazim 46.27% SC থকা ভেকুৰ নাশক ১৬ লিটাৰ পানীত 8 গ্ৰাম-১৬ গৰাম মিহলাই স্প্ৰে কৰিব লাগে। Bavistin fungicide

কীট পতংগ

ফল সুৰংগকাৰী পোক Fruit Borer (Helicoverpa armigera)

কেনেকৈ ক্ষতি কৰে?
  • সৰু পলুৱে কোমল পাত খায়।
  • পৈনত পলুৱে ফলত ঘুৰণীয়া ফুটা কৰে।
  • গাটোৰ এফাল ফলৰ সুমুৱাই ভিতৰৰ বস্তু খায়।
কীট চিনাক্তকৰন:
  • কণী (Egg): কণী ক্ৰীমৰ দৰে বগা ৰঙৰ, এটা এটা হৈ থাকে।
  • পলু (Larva): সেউজীয়াৰ পৰা বাদামী ৰঙৰ হয়। ইয়াৰ শৰীৰত গাঢ় বাদামী বা মূগা ধোৱাবৰণীয়া ৰেখা থাকে আৰু পাঠালিকৈ বগা ৰেখা থাকে।
  • লেটা (Pupa): বাদামী ৰঙৰ হয়। মাটি, পাত, গুটি আৰু শস্যৰ অংশত পোৱা যায়
  • পৈনত পোক (Adult): মাইকীবোৰ পাতল শেঁতা বাদামী হালধীয়া ডাঠ পখিলা, মতাবোৰ শেঁতা সেউজীয়া পখিলা হয়। ইংৰাজী V আখৰৰ দৰে দাগ থাকে।
ক্ষতি কৰাৰ সময়:
  • পলু অৱস্থাত আত্যাধিক ক্ষতি কৰে।
  • ফলৰ বা পাতৰ ওপৰত ইহতে কণী পাৰে আৰু কণী ফুটিলে পোৱালিবোৰে কেৱল পাতহে খায়। পিছলৈ ডাঙৰ হয় তেতিয়া ফুলৰ কলি আৰু ফল খায়, ফলত ফুটা কৰে।
  • এই পোকে গৰম বতৰ ভাল পায়। ২০ৰ পৰা ৩০ ডিগ্ৰী চেলছিয়াছ উষ্ণতাত বেছি সক্ৰিয়।
  • আগৰ বচৰ কৰা খেতিৰ ডাল পাতত শীতকালত ইহতে আশ্ৰয় লৈ থাকে।
লব লগা ব্যবস্থা:
  • বেমাৰী ফলবোৰ চিঙি দূৰৈত পেলাব লাগে।
  • পলুৱে খোৱা ফল আৰু ডাঙৰ হোৱা পলু চিঙি আনি ধ্বংস কৰা।
  • ৪০ দিনৰ ওখজাতৰ আমেৰিকান নাৰ্জীফুলৰ পুলি প্ৰতি ১৬ শাৰী বিলাহীৰ মূৰে মূৰে এক শাৰী লগাব লাগে।
জৈবিক নিয়ন্ত্ৰণ:
  • ফেৰ’মন ফান্দ প্ৰতি বিঘাত ২ বা ৩ টা পাতিব লাগে।
  • বেচিলাচ থুৰেনজেঞ্চিচ ২ গ্ৰাম প্ৰতি লিটাৰ পানীত (৩২ গ্ৰাম ১৬ লিটাৰ টেংকত৯) মিহলাই স্প্ৰে কৰিব লাগে।
  • ট্ৰাইকগ্ৰামা চিল’নিচ বা ট্ৰাইকগ্ৰামা ব্ৰেচিলিয়নি ফুল ফুলাৰ লগে লগে ২০ হাজাৰমান কণী প্ৰতি বিঘাত মেলিব লাগে। ৭ দিনৰ মূৰে মূৰে আকৌ দিব পাৰে।
  • Azadirachtin 1% E.C. ২ মিলিলিটাৰ প্ৰতি লিটাৰ পানীত (৩২ মিলিলিটাৰ ১৬ লিটাৰ টেংকত) মিহলাই স্প্ৰে কৰিব লাগে।
ৰাসায়নিক নিয়ন্ত্ৰণ:

ফল পৈনত হ’লে ৰাসায়নিক দৰৱ স্প্ৰে নকৰিব।

  • Phosalone 35% E.C. ২০ মিলিলিটাৰ প্ৰতি ১৬ লিটাৰ টেংকত মিহলাই স্প্ৰে কৰিব লাগে।
  • Flubendiamide 20 W.G. ৮ গ্ৰাম প্ৰতি ১৬ লিটাৰ টেংকত মিহলাই স্প্ৰে কৰিব লাগে।
  • Novaluron 10% E.C. ১২ মিলিলিটাৰ প্ৰতি ১৬ লিটাৰ টেংকত মিহলাই স্প্ৰে কৰিব লাগে।
  • Indoxacarb 14.5% SC ১২ মিলিলিটাৰ প্ৰতি ১৬ লিটাৰ টেংকত মিহলাই স্প্ৰে কৰিব লাগে।
  • Lambda cyhalothrin 5% EC ১০ মিলিলিটাৰ প্ৰতি ১৬ লিটাৰ টেংকত মিহলাই স্প্ৰে কৰিব লাগে।
  • Quinalphos 25% EC ১৬ মিলিলিটাৰ প্ৰতি ১৬ লিটাৰ টেংকত মিহলাই স্প্ৰে কৰিব লাগে।

বগা মাখি White fly

  • পৈনত বগা মাখি হৈছে ১.৫ ৰ পৰা ২ মিলিমিটাৰ দীঘল ডেউকা থকা সৰু সৰু ঢকঢকীয়া বগা মাখি।
  • এই এবিধ কোমল শৰীৰৰ চুহি খোৱা পোক, সৰু সৰু বগা তিনিকোনীয়া দেখা যায়।
  • প্ৰায়ে গছৰ তলৰ ফালে একলগ হৈ থাকে।
  • অপৈণত অৱস্থাৰ বগা মাখিবিলাক শেতা-হালধীয়া ।
  • ৰস শুহি খোৱাৰ সময়ত এই পোকে এৰা ৰসত এবিধ ক’লা বৰণৰ ভেঁকুৰ গজে। ই গছৰ পাতত খাদ্য তৈয়াৰ কৰাত বাধা দিয়ে।

ক্ষতি কেনেকৈ কৰে?:
  • বগা মাখিয়ে বিলাহী গছৰ পাতৰ সিৰাবোৰ খাই গছৰ খাদ্যবোৰ আঁতৰাই আনে। ফলত বিলাহী গছ দুৰ্বল হৈ পৰে আৰু সালোক সংশ্লেষণ কৰিব নোৱাৰা হয়। পুষ্টিকৰ খাদ্যৰ অভাৱত পাতবোৰ মৰহি শেঁতা বা হালধীয়া হ’ব পাৰে।
  • কিছুমান বগা মাখিয়ে ফল পকোৱাত প্ৰভাৱ পেলায়। ইহঁতে বিলাহী সমানে পকিব নিদিয়ে যাৰ ফলত বজাৰত বিক্ৰী কৰাত অসুবিধা হয়।
  • আটাইতকৈ ডাঙৰ অসুবিধাটো হৈছে ইহঁতে পাক পকোৱা বা পাত মেৰ খোৱা (TLCV) ভাইৰাচবিধ কঢ়িয়াই আনে। এই ভাইৰাচ এবাৰ লাগিলে খেতি বচোৱা টান হৈ পৰে।
গছত লক্ষণ:
  • পাত হালধীয়া হোৱা আৰু মেৰ খোৱা। বিলাহী গছত বগা মাখিয়ে প্ৰভাৱ পেলোৱাৰ আটাইতকৈ সহজে দেখা পোৱা লক্ষণ হ’ল পাত হালধীয়া হোৱা আৰু তললৈ মেৰ খোৱা।
  • বগা মাখিৰ উপস্থিতি নিশ্চিত কৰিবলৈ আতচী কাচেৰে পাতৰ তলৰ ফাল চাব লাগে লাগে। তাত গোট খোৱা সৰু সৰু বগা মাখিবোৰ দেখা পাব পাৰে। আজিকালি মবাইলেৰে ফট তুলি তাক ডাঙৰ কৰিও চাব পাৰি।
  • পাতৰ কাষেৰে আঙুলি বোলালে হাতত মৌৰ দৰে আঠা লাগে যিটো বগা মাখিয়ে এৰা ৰস।
  • গছৰ ঠাল ঠঙুলি বা মাটিত বগা গুৰিও দেখা পাব পাৰে।
মানি চলিবলগীয়া:
  • হালধীয়া আঠা থকা ফাণ্ড বিঘাত ২ বা ৩ টা ব্যবহাৰ কৰিব লাগে।
  • পথাৰখন পৰিষ্কাৰ কৰি ৰখাখিব লাগে
  • পথাৰখনৰ বেৰ হিচাপে ৪ শাৰীমান মাকৈৰ খেতি কৰিব পাৰে।
  • পদিনাৰ গোন্ধত এই পোক আঁতৰি যায়। গতিকে পদিনাৰ খেতি ওচৰতে কৰিলে লাভ পোৱা যায়।
  • ফ্ৰেন্সবীনৰ খেতিয়েও বহুত পোক আকৰ্ষণ কৰে।
জৈবিক নিয়ন্ত্ৰণ:
  • Beauveria Bassiana ৮০ মিলিলিটাৰ ১৬ লিটাৰ টেংকৰ পৰিষ্কাৰ পানীত মিহলাই স্প্ৰে কৰক। BEAUVERIA BASSIANA BIO INSECTICIDE from Katyayani। 
  • Verticillium Lecanii ৩২০ গ্ৰাম প্ৰতি ১৬ লিটাৰ টেংকৰ পৰিষ্কাৰ পানীত মিহলাই গধুলি স্প্ৰে কৰক। Verticillium Lecanii Bio Insecticide Powder from Katyayani
  • Metarhizium anisopliae ৮০ গ্ৰাম প্ৰতি ১৬ লিটাৰ টেংকৰ পৰিষ্কাৰ পানীত মিহলাই গধুলি স্প্ৰে কৰক। Metarhizium anisopliae Bio Insecticide Powder from Katyayani
  • Paecilomyces Fumosoroseus ৩০ ৰ পৰা ৮০ মিলিলিটাৰ প্ৰতি ১৬ লিটাৰ টেংকৰ পৰিষ্কাৰ পানীত মিহলাই গধুলি স্প্ৰে কৰক। Almite from Amruth
ৰাসায়নিক নিয়ন্ত্ৰণ

ফল পৈনত হ’লে ৰাসায়নিক দৰৱ স্প্ৰে নকৰিব। বা ফল চিঙাৰ ২ সপ্তাহ আগৰ পৰা ব্যবহাৰ নকৰিব।

  • Imidacloprid 17.8% EC ১৬ মিলিলিটাৰ প্ৰতি ১৬ লিটাৰ টেংকত মিহলাই স্প্ৰে কৰিব লাগে। Confidor Insecticide
  • Diafenthiuron 40.1% + Acetamiprid 3.9% WP 25 গ্ৰাম প্ৰতি ১৬ লিটাৰ টেংকত মিহলাই স্প্ৰে কৰিব লাগে। ASHWAMEDH
  • Thiamethoxam 25% WG ৮ গ্ৰাম প্ৰতি ১৬ লিটাৰ টেংকত মিহলাই স্প্ৰে কৰিব লাগে। Actara Insecticide
  • Acetamiprid ২০ % SP ৮ গ্ৰাম প্ৰতি ১৬ লিটাৰ টেংকত মিহলাই স্প্ৰে কৰিব লাগে। Manik Insecticide
  • Acephate 50% + Imidachloprid 1.8% SP 24 ৰ পৰা 32 গ্ৰাম প্ৰতি ১৬ লিটাৰ টেংকত মিহলাই স্প্ৰে কৰিব লাগে। Lancergold Insecticide 

পাত সুৰংগকাৰী পোক Serpentine leaf miner (Liriomyza trifolii)

পাত সুৰংগকাৰী পোকে শাক-পাচলি, ফল-মূল আৰু অলংকাৰিক গছকে ধৰি বহুতো গছত আক্ৰমণ কৰে। বিলাহী, আলু, ভীমকল, নেমুজাতীয় গছ, কচু, জলকীয়া, পটল, বীন, বুট, তিয়হজাতীয় শস্য আৰু কবিজাতীয় শাক-পাচলি সাধাৰণতে এই ৰোগ হয়। সময়ত ব্যবস্থা নকৰিলে বহুত ক্ষতি হব পাৰে।



ক্ষতি আৰু লক্ষণ:
  • পলুবোৰে পাতৰ ভিতৰত সুৰংগ বনাই খাদ্য গ্ৰহণ কৰে। ইয়াৰ ফলত পাতৰ সেউজীয়া ৰং নাইকীয়া হৈ বগা ৰেখা কিছুমান পাতত দেখা যায়।
  • আক্ৰান্ত পাতবোৰ শেঁতা বা হালধীয়া দেখাব পাৰে আৰু বেছি ৰোগ হ’লে বাদামী হৈ শুকাই যাব পাৰে।
  • ৰোগ অধিক হ’লে গছজোপা বাঢ়িব নোৱাৰা হৈ পৰে। যাৰ ফলত ফলৰ উৎপাদন হ্ৰাস পায় আৰু ফলবোৰ উন্নত নহব পাৰে।
  • বেমাৰী পাত শুকাই পূৰঠ হৈ সৰি পৰে।
  • গছজোপা দূৰ্বল হোৱা বাবে বেলেগ বেমাৰ হব পাৰে।
নিয়ন্ত্ৰণ:


সদায় সংহত নিয়ন্ত্ৰণ ব্যবস্থা লব লাগে।

প্ৰতিৰোধ ব্যবস্থা:
  • খেতিদৰাৰ পৰা অদৰকাৰী অপতৃণ আতৰাই পৰিষ্কাৰ কৰি ৰাখিব লাগে। লগতে আগৰ খেতিৰ পৰি ৰোৱা অংশ পচি যোৱাৰ ব্যবস্থা কৰিব লাগে।
  • হালধীয়া আঠালগা ফাণ্ড ব্যবহাৰ কৰি ইয়াৰ আক্ৰমণৰ চিন আগতীয়াকৈ পাব পাৰি।
  • পাতত নীম তেল 80 মিলিলিটাৰ ১৬ লিটাৰ টেংকত মিহলাই স্প্ৰে কৰিব পাৰি। Activated Neem oil from Katyayani
  • অত্যাধিক সাৰ প্ৰয়োগ কৰিব নালাগে।
  • ৰূপালী মালচিং ব্যবহাৰ কৰিব লাগে।
  • শস্যাৱৰ্তন কৰি বেলেগ বেলেগ খেতি কৰিব লাগে।
জৈৱিক নিয়ন্ত্ৰণ:
  • NANOBEE AGROKILL BIOSTIMULANT ৫০ ৰ পৰা ১৫০ মিলিলিটাৰ প্ৰতি ১৬ লিটাৰ পানীত মিহলাই স্পতাহৰ মূৰে মূৰে স্পৰে কৰিব পাৰে।
  • TERRA MIGHT (BIO INSECTICIDE) ৫০ ৰ পৰা ১০০ মিলিলিটাৰ প্ৰতি ১৬ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে।
  • Azadirachtin 1% E.C. ২ মিলিলিটাৰ প্ৰতি লিটাৰ পানীত (৩২ মিলিলিটাৰ ১৬ লিটাৰ টেংকত) মিহলাই স্প্ৰে কৰিব পাৰে।
  • Beauveria Bassiana নামৰ পৰজীৱী ভেকুৰবিধ ৮০ মিলিলিটাৰ ১৬ লিটাৰ টেংকৰ পৰিষ্কাৰ পানীত মিহলাই স্প্ৰে কৰক। BEAUVERIA BASSIANA BIO INSECTICIDE from Katyayani

ৰাসায়নিক নিয়ন্ত্ৰণ:


ফল পৈনত হ’লে ৰাসায়নিক দৰৱ স্প্ৰে নকৰিব। বা ফল চিঙাৰ ২ সপ্তাহ আগৰ পৰা ব্যবহাৰ নকৰিব।

  • Quinalphos 25 % EC ৩০ মিলিলিটাৰ প্ৰতি ১৬ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে (কপাহ, চীনাবাদাম আৰু ফলৰ বাগানত)। Ekalux Insecticide
  • Imidacloprid 17.8% EC ১৬ মিলিলিটাৰ প্ৰতি ১৬ লিটাৰ টেংকত মিহলাই স্প্ৰে কৰিব লাগে (পিয়াজ আৰু কবিজাতীয় শস্য (Brassica crops))। Confidor Insecticide
  • Fipronil (40%) and Imidacloprid (40%) WG ১০ গ্ৰাম প্ৰতি ১৬ লিটাৰ টেংকত মিহলাই স্প্ৰে কৰিব লাগে ((কপাহ, ধান, সবজি, চীনাবাদাম আম নেমু আদি) । Velma 80 Insecticide
  • Acetamiprid ২০ % SP ৮ গ্ৰাম প্ৰতি ১৬ লিটাৰ টেংকত মিহলাই স্প্ৰে কৰিব লাগে (কপাহ, জলকীয়া আৰু ভেন্দি)। Manik Insecticide
  • Cartap Hydrochloride 50% SP ২০ ৰ পৰা ২৪ মিলিলিটাৰ প্ৰতি ১৬ লিটাৰত মিহলাই বিলাহী খেতিত স্প্ৰে কৰিব লাগে। Caldan 50 SP Insecticide
Scroll to Top