মজবুট পুলি অধিক ভাল খেতিৰ বাবে আটাইতকৈ দৰকাৰী। অধিক ফচল পাবলৈ পুলিবাৰীখনৰ যতন অতি ভালকৈ লব লাগে। তদুপৰি পাছলৈ গছডালত হব পৰা বহু বেমাৰ আগতেই প্ৰতিষেধক দিব লাগে লব লাগে।
পুলি দুই ধৰনে তৈয়াৰ কৰিব পাৰি।
- মাটিত তৈয়াৰ কৰা আৰু
- ট্ৰেত কৰা নাৰ্চাৰী
মাটিত তৈয়াৰ কৰা নাৰ্চাৰী
পুলিবাৰীৰ মাটি:
- পানী জমা নোহোৱা, ওখ, ৰ’দ পৰা ঠাইহে মাত্ৰ পুলিবাৰীৰ বাবে ভাল। ৰ’দ নপৰা ঠাইৰ পুলি মূল পঠাৰত লগালে মৰি যাব পাৰে।
- বালিচহীয়া পলসুৱা মাটিত পুলিবাৰী তৈয়াৰ কৰিলে অধিক সবল পুলি পাব পাৰি। যদি মাটি আঠাজাতীয় তেন্তে এক ফুট দীঘল আৰু এক ফুট বহল মাটিত এটিঙমান বালী মিহলাব লাগে। ককপিট বা নাৰিকলৰ জাবৰ মাটিৰ লগত মিহলাই যঠেষ্ঠ সুফল পোৱা যায়।
- পুলিবাৰীখন ভালকৈ হাল বা কোৰ মাৰি গুৰি কৰি লব লাগে। গুৰি কৰিবৰ বাবে দলিবাৰী বা টাঙোণ ব্যবহাৰ কৰিব পাৰি।
- ৰ’দত কেইদিনমান শুকুৱাই লব লাগে। ৰদত শুকালে তাত থকা বহুত অপকাৰী অনুজীৱ, পোক পৰুৱা মৰি যায় হয়। এক ফুট দীঘল আৰু এক ফুট বহল মাটিত এক কেজিমান পচনসাৰ বাবে কেচুসাৰ ব্যবাহাৰ কৰিব লাগে।
পুলিবাৰীৰ প্ৰতিষেধক:
- গুটিপচা বেমাৰৰ পৰা সাৰিবকৈ ৰাসায়নিকভাবে এসপ্তাহ আগতেই কেপটাফ’ Captaf নাইবা বেভিষ্টিন Bavistin ৰিডমিল গল্ড Ridomil gold বা ইন্দফিল এম-৪৫ Indofil M-45 বা চাফ Saaf নামৰ ঔষধ ২ গ্ৰাম প্ৰতি লিটাৰ পানীত মিলাই মাটিত চটিয়াব লাগে। ইয়াৰ পিছত দুদিনমানলৈ মাটিখিনি কলপাতেৰ ঢাকি থব লাগে। দুদিন পিছত কলপাত গুচাই মাটিখিনি পুনৰ কোৰ মাৰি গুৰি কৰি শুকুৱাব লাগে।
বা - ইয়াৰ অন্যথা জৈবিকভাবে কৰিব বিচাৰিলে ট্ৰাইকদাৰমা বা চিউড’মনাছ নামৰ জৈবিক দৰব প্ৰতি লিটাৰত ১৫ গ্ৰামমান মিহলাই গুটি সিচাৰ তিনিদিনমান আগতে বীজতলীত দিব লাগে। এই ক্ষেত্ৰত কলপাতেৰ ঢাকিব নালাগে। উল্লেখযোগ্য যে জৈবিক বা ৰাসায়নিক যিকোনো এবিধ ব্যবস্থাহে কৰিব লাগে।
- পোক পৰুৱাৰ বাবে শস্যৰ গুটি ভাল খাদ্য। সেয়ে সিঁচা গুটি পৰুৱাই লৈ যায়। ইয়াক ৰোধ কৰিবলৈ মালথিয়ন পাওদাৰ বা ফুৰাডন অলপ ছটিয়াই লব লাগে। hindol নামৰ কীটনাশকবিধ ছতিয়াই দিব লাগে লগতে ভৈটিটোৰ চাৰিওপিনে পুলি নিদিয়া অংশত ডাঠকৈ ছটিয়াব পাৰি। যাৰ ফলত বাহিৰৰ কীট ভৈটিত উঠিব নোৱাৰে।
পুলিবাৰীৰ নক্সা:
- চিত্ৰ: পুলিবাৰী বিলাহী ৰ দৰে ওখ ভেটি তৈয়াৰ কৰি তাত পৰ্য্যাপ্ত জৈবিক দ্ৰব্য মিহলি কৰি ৰদত শুকাই লব লাগে।
ভেটিৰ উচ্চতা কমেও আধাফুট হব লাগে আৰু বহল তিনি ফুট হব লাগে। ভেটিবোৰ বেছি দীঘলীয়া নকৰি ১৫ ফুটমান কৰি আধা ফুটৰ ব্যবধানত নতুন ভেটি তৈয়াৰ কৰিব লাগে যাতে এটা ভেটিত কিবা বেমাৰ লাগিলে সিঁটো ভেটিলৈ বাঢ়ি যাব নোৱাৰে। - LDPE (low densirt poly ethylene) 140 GSM বা তাতকৈ ডাঠ পলীইঠিলিনৰ ছাতি বা টেন্ট তানি বৰষুণ নপৰাকৈ সাজি লব লাগে। বাহৰ কামি বেকা কৰিও চিত্ৰত দেখুৱাৰ দৰে সাজি লব পাৰি। মন কৰিবলগীয়া কথা হ’ল বতাহ অহা যোৱা কৰিবলৈ দুয়োকাষে কমেও ১.৫ ফুট ঠাই এৰিব লাগে। বতাহ অহা যোৱা নকৰিলে গাপ লাগিব পাৰে।
গুটি দিয়াৰ নিয়ম:
- বীজসমূহ সিচিও দিব পাৰি বা শাৰী শাৰীকৈ হাতেৰ দিব পাৰি।
- শাৰী শাৰীকৈ দিলে কঠীয়াতলীত অপতৃন আতৰাবলৈ সহজ আৰু পুলিবোৰ অধিক শক্তিশালী হয়। শাৰী শাৰীকৈ বীজ দিবলৈ বাহৰ পোণ মাৰি এডালেৰে চিত্ৰত দেখুৱাৰ দৰে ৩ ইঞ্চিৰ ব্যবধানত আচ মাৰি লব লাগে। তাতে গুটিবোৰ দিব লাগে। গুটি ঘনকে পৰিলে কাঠি এডালেৰে আতৰাই দিব লাগে।
- গুটি দিয়াৰ পিছত বালিৰ লগত পচন সাৰ ছতিয়াই দিব লাগে আৰু মাৰি এদালেৰে মাটিখিনি সমান কৰিব লাগে। ছতিয়াবলৈ চাওল চালা চালনী এখন ব্যবহাৰ কৰিলে অধিক সমভাবে মাটি ছতিয়াব পাৰি। গুটি বেছিকৈ মাটিৰ তলত গ’লে নগজে। গুটি দিয়াৰ পিছতেই স্প্ৰে মেছিনেৰে পানী দিব লাগে। অধিক পানী দিয়া অনুচিত।
- গুটি দিয়াৰ পিছত গুটি নগজালৈকে কলপাত বা খেৰেৰে ঢাকি থব লাগে। গুটি গজাৰ পিছত খেৰ বা কলপাত আতৰাব লাগে।
পুলিৰ পালন
- পুলি দুইপতীয়া হোৱাৰ সময়ত সামান্য পানী দিব পাৰি, স্প্ৰে মছিনেৰে দিয়া উচিত। এসপ্তাহৰ পৰা দৈনিক পুৱা আৰু আবেলি জিঞ্জাৰীৰে পানী দিব লাগে। অধিক পানী হ’লে Damping off হৈ পুলি মৰি যাব পাৰে। পুলিয়ে অত্যাধিক পানী শিপাৰে শুহিলে শিপা ফুলি ফাটি গৈ পুলি মৰি যাব পাৰে।
- সপ্তাহত এবাৰকৈ NPK 19:19:19 সাৰ ২ গ্ৰাম প্ৰতি লিটাৰত মিহলি কৰি পানী দিব লাগে (১৬ লিটাৰৰ মেছিনত ৩২ গ্ৰাম)। ইয়াৰ ফলত শিপা মজবুট হয়।
- বিলাহী বেঙেনা, জলকীয়া, বন্ধাকবি আদিৰ পুলি লগোৱাৰ পিছতেই Aphid and whiteflies এফিড আৰু বগামাখিয়ে আক্ৰমণ কৰে। আছলতে বগামাখিয়ে পাত ঘুৰণীয়া কৰা এবিধ বেমাৰৰ ভাইৰাচ কঢ়িয়াই আনে। যাৰ এবাৰ আক্ৰমণ হ’লে ৰোধ কৰা অতি কঠিন। পুলিবাৰীতে ইয়াৰ প্ৰতিৰোধ গঢ়িব পাৰি। তাৰ বাবে Imidacloprid 17.8% SL ০.৫ মিলিলিটাৰ প্ৰতি লিটাৰত মিহলি কৰি ২১ দিনৰ পিছত বা পুলি লগোৱাৰ তিনিদিন আগত স্প্ৰে কৰিব লাগে (৮ মিলিলিটাৰ ১৬ লিটাৰৰ টেংকত)।
- ২০ দিন পিছত যদি পাৰি প্ৰথম দিনা ২ ঘন্টা, পিছ দিনা ৪ ঘন্টা কৈ ক্ৰমে বেছি সময় ৰ’দত দিব লাগে। ইয়াক Hardening বুলি কোৱা হয়। ফলত পুলি মূল পঠাৰত ৰ’দত নিব পৰা হয়।
- ২০ দিন পিছত পঠাৰলৈ নিয়ালৈ পানী দিয়া কম কৰি আনিব লাগে।
ট্ৰেত তৈয়াৰ কৰা নাৰ্চাৰী
বহু ক্ষেত্ৰত মাটিত ভেটি সাজি কৰা পুলিবাৰীত সকলো গুটি নগজে। হাইব্ৰীদ বীজবোৰৰ বহুত দাম ফলত খেতিয়কৰ লোকচান হয়। সেয়েহে আজিকালি বহু কৃষকক প্ৰট্ৰেত বা seedling tray ব্যবহাৰ কৰিব ধৰা দেখা গৈছে। প্ৰট্ৰেত ভালদৰে বীজ দিলে ৯৫ ৰ পৰা ৯৯ % শতাংশ বীজ গজে।
প্ৰট্ৰে নাৰ্চাৰীৰ সুবিধাসমুহ:
- মাটিত ভেটি কৰি কৰা নাৰ্চাৰীত ৭০ % বা অতি বেছি ৮০ % গুটিৰ পৰা পুলি হয়। কিন্তু প্ৰট্ৰেত ৯০ % ৰ ওপৰত গুটিৰ পৰা পুলি সহজে পাব পাৰি।
- মাটিত যিমান কষ্ট কৰি দিলেও দুটা গুটি সমান ব্যবধানত দিয়া কঠিন। দুটা পুলিৰ শিপা পাক খাই পৰে। পুলিবাৰীৰ পৰা মূল পঠাৰলৈ পুলি নিয়াৰ সময়ত শিপা চিগি যায় আৰু পুলিটোৱে আগলৈ ভাল ফল দিব নোৱাৰে। কিন্তু প্ৰট্ৰেত প্ৰতিটো পুলিৰ শিপা বেলেগে থকাৰ ফলত কোনো অসুবিধা নহয়।
- প্ৰট্ৰেত দুটা পুলি বেলেগে থাকে বাবে সেই পুলিদুটাৰ মাজত খাদ্যৰ বাবে প্ৰতিযোগিতা নহয় আৰু সকলো পুলি সমান আকাৰত ডাঙৰ হয়।
- কেতিয়াবা বতৰৰ অসুবিধাৰ বাবে সময়ত পুলি মূল পঠাৰত লগাব নোৱাৰি। মাটিত কৰা নাৰ্চাৰীত বেচি সময় থাকিলে পুলিৰ শিপা মাটিৰ দ’লৈকে সোমাই যায় আৰু পুলি লিঙলিঙীয়া হৈ যায়। সলত পুলি মূল পঠাৰলৈ নিয়াৰ সময়ত শিপা চিঙি যায়। প্ৰট্ৰেত সীমিত ঠাইতে শিপা বঢ়াৰ বাবে সেই অসুবিধা নহয় আৰু সহজে এসপ্তাহ দুসপ্তাহলৈ পুলি ঋআখিব পাৰি।
দৰকাৰী সামগ্ৰীসমূহ:
- প্ৰট্ৰে বা seedling tray: ইয়াক সহজতে বজাৰত কিনিব পাৰি। ইয়াত কনী অনা ট্ৰে একোখনৰ দৰে গাত কৰি থোৱা থাকে। ৩০ টাৰ পৰা ২২১ টা ফুটা থকালৈকে ট্ৰে কিনি পাৰি। জলকীয়া, বেঙনা বিলাহী বন্ধা কবি আদিৰ বাবে ৯৮ টা ফুটা থকা ট্ৰে ব্যবহাৰ কৰিব সুবিধা হয়। কেবাবাৰো ব্যবহাৰ কৰিব পৰা ট্ৰে কিনা উচিত।
- ককপিট বা নাৰিকলৰ জাবৰ: ককপিট বা নাৰিকলৰ বাকলিৰ জাবৰ পুলি গজাবলৈ এটা বহুত ভাল মাধ্যম। জাবৰৰ মাজত শিপাবোৰ সহজে বাঢ়িব পাৰে আৰু পুলি মজবুট কৰে। ককপিট বজাৰত ডাঙৰ ইটাৰ আকাৰত বা গুৰি হিছাপে কিনিব পাৰি। মন কৰিবলগীয়া যে এই ককপিটবোৰ সাধাৰণতে সাগৰৰ পাৰৰ ঠাইৰ পৰা আহে আৰু নিমখ মিহলি হৈ থাকে। সেয়েহে ককপিটবোৰ পানীত ভিজাই ৰাখি কমেও দুবাৰ পৰিষ্কাৰ পানীৰে ধুব লাগে।
- পচন সাৰ বা কেচু সাৰ বা পচাগোবৰ: কেবল ককপিটত গুটি দিলে পুলিয়ে সাৰ নাপাই লেৰেলা হৈ থাকিব। গতিকে তাত পচন সাৰ বা কেচু সাৰ বা পচাগোবৰ মিহলি কৰিব লাগে। যদি জৈবিক ভেকুৰনাশক ব্যবহাৰ কৰে তেন্তে এই গোবৰত ট্ৰাইকডাৰ্মা মিহলি কৰি এসপ্তা্হমান আগতেই থৈ দিব লাগে।
- ভেকুৰনাশক: সাধাৰণতে গোবৰ পচন সাৰ আদিত ভেকুৰ থাকে। গতিকে গুটি দিয়াৰ পিছত ভেকুৰনাশক দিয়া উচিত।
প্ৰট্ৰে নাৰ্চাৰীৰ মাটি তৈয়াৰ:
- ককপিটখিনি যিমান আছে তাতকৈ পাচ গুন বেচি পানীত ৪ ঘন্টামান ভিজাই থৈ ভাঙি লব লাগে। ককপিটৰ ইটা এটাই নিজতকৈ পাছগুণ বেছি পানী শুহিব পাৰে। ইয়াৰ পিছত ককপিটখিনি চাফা পানীৰে দুবাৰ ধুই নিমখবোৰ আতৰাই ছেপি ছেপি পানী আতৰাই বেলেগে বস্তাৰ ওপৰত থব লাগে। কিন্তু সম্পূৰ্ণ শুকাই পেলাব নালাগে।
- ইয়াৰ পিছত কেচুসাৰ ৮ কেজি আৰু ৫ কেজি ককপিট ভালকৈ মিহলাই লব লাগে। কেচুসাৰ নাথাকিলে পচা গোবৰ বা পচন সাৰ ব্যবহাৰ কৰিব পাৰি। এইখিনি ৯৮ টা ফুটা থকা ৪০ খন ট্ৰেৰ বাবে যঠেষ্ঠ। অৰ্থাৎ ৪০০০ মান ফুটাত ভৰাবলৈ যঠেষ্ঠ।
- মোটেই মিশ্ৰনটো প্ৰট্ৰেৰ ফুটাবোৰত ভৰাই হাতেৰে সমান কৰি লব লাগে। বেছি জোৰ দি হেচিব নালাগে, হেছিলে পুলি গজাত অসুবিধা হয়। এতিয়া আঙুলিৰে অলপ হেচি আধা আঙুলতকৈও কম ফুটা একোটা প্ৰতিটো গাতত কৰি লব লাগে। তাত হাতেৰে এটা এটাকৈ শোধন কৰা বীজবোৰ দিব লাগে। বীজ কেনেকৈ শোধন কৰিব লাগে চাওক। বীজ দিয়াৰ পিছত সামান্য ককপিটৰ মিশ্ৰন চাওল চালা চালানীৰে ছতিয়াই দিব লাগে।
ভেকুৰনাশক
- এতিয়া কেপটাফ’ Captaf নাইবা বেভিষ্টিন Bavistin ৰিডমিল গল্ড Ridomil gold বা ইন্দফিল এম-৪৫ Indofil M-45 বা চাফ Saaf নামৰ ঔষধ ২ গ্ৰাম প্ৰতি লিটাৰ পানীত মিলাই (৩২ গ্ৰাম ১৬ লিটাৰ টেংকত) দি স্প্ৰে কৰিব লাগে। অধিক পানী পৰিব দিব নালাগে। পানী দিলে ভেকুৰ গজাৰ সুবিধা হয়।
বীজৰ অংকুৰণ:
- এতিয়া এখনৰ ওপৰত এখন ট্ৰে দি ১০ খনকৈ ট্ৰে সজাই লৈ বস্তা বা পলিঠিনেৰে বান্ধি আন্ধাৰ ঠাইত তিনি দিনলৈ থৈ দিব লাগে। বীজ গজাৰ বাবে আন্ধাৰ অতি দৰকাৰী।
- বীজ গজাৰ পিছত পলিঠিনৰ চালিৰ তলত বা বৰষুণ নাথাকিলে গ্ৰীন নেটৰ তলত থব লাগে। প্ৰথম ৫ দিন স্প্ৰে মেছিনেৰে দৈনিক দুবাৰ আৰু পাচ দিন পিছত জিঞ্জাৰীৰে পানী দিব লাগে। প্ৰট্ৰেৰ গাটবোৰ সৰু হোৱাৰ বাবে সোণকালে শুকাই যায়। শুকাই গ’লে পুলি মজবুট নহয়। আনহাতে বেছি পানী দিলেও damping off হৈ পুলি মৰি যাব।
পুলিৰ যতন:
- ১৪, ২০, ২৫ দিনৰ পিছত কেপটাফ’ Captaf নাইবা বেভিষ্টিন Bavistin ৰিডমিল গল্ড Ridomil gold বা ইন্দফিল এম-৪৫ Indofil M-45 বা চাফ Saaf নামৰ ঔষধ ২ গ্ৰাম প্ৰতি লিটাৰ পানীত মিলাই (৩২ গ্ৰাম ১৬ লিটাৰ টেংকত) দি স্প্ৰে কৰিব লাগে।
- বিলাহী বেঙেনা, জলকীয়া, বন্ধাকবি আদিৰ পুলি লগোৱাৰ পিছতেই Aphid and whiteflies এফিড আৰু বগামাখিয়ে আক্ৰমণ কৰে। আছলতে বগামাখিয়ে পাত ঘুৰণীয়া কৰা এবিধ বেমাৰৰ ভাইৰাচ কঢ়িয়াই আনে। যাৰ এবাৰ আক্ৰমণ হ’লে ৰোধ কৰা অতি কঠিন। পুলিবাৰীতে ইয়াৰ প্ৰতিৰোধ গঢ়িব পাৰি। তাৰ বাবে Imidacloprid 200 SL (17.8% w/w) ০.৫ গ্ৰাম প্ৰতি লিটাৰত মিহলি কৰি ২১ দিনৰ পিছত বা পুলি লগোৱাৰ তিনিদিন আগত স্প্ৰে কৰিব লাগে (৮ গ্ৰাম ১৬ লিটাৰৰ টেংকত)।
Hardening:
- পুলি প্ৰট্ৰেত একোটা বন্ধ পৰিবেশত থাকে । যাৰ বাবে পোনে পোনে ৰ’দত মূল পঠাৰত পুলি লগালে মৰি যায়। গতিকে পুলিবোৰ মূল পঠাৰত ৰ’দ সহিব পৰা কৰিব লাগিব। তাৰবাবে পুলিৰ বয়স ২০ দিন হোৱাৰ পিছত
- প্ৰথম দিনা দুই ঘন্টামান ৰ’দত উলিয়াব লাগে। পুলি লেৰেলি যোৱাৰ দ’ৰে হ’লে লগে লগে গ্ৰীন নেট বা পলিঠিনৰ তলত আনিব লাগে।
- দ্বিতীয় দিনা ৪ ঘন্টা ৰ’দত দিব লাগে।
- শেষত যেতিয়া ৬ বা ৮ ঘন্টা ৰ’দত থকাৰ পিছতো পুলি লেৰেলি নাযায় তেতিয়া মূল পঠাৰত নিব লাগে।

