ট্ৰাইকাডাৰ্মা ভিৰিদি কি?

Spread the love
 
ট্ৰাইকাডাৰমা ভিৰিদি (Trichoderma Viridie) কিয় ব্যবহাৰ কৰিব?

 

  • ট্ৰাইকডাৰ্মা এবিধ ভেকুঁৰ যি শস্যৰ বাবে অপকাৰী নহয়। অৰ্থাৎ এই ভেকুঁৰে শস্যত বেমাৰ কৰিব নোৱাৰে।
  • শিপা পচি যোৱা (root rot), ব্লাইট, লেৰেলি যোৱা, এনথ্ৰাক্স বা অন্যান্য মাটিৰ পৰা হোৱা ৰোগ এবাৰ খেতিত লাগিলে তাৰ পৰা পৰিত্ৰান পোৱা কঠিন হৈ পৰে। 
  • সাধাৰনতে এই ৰোগবোৰ হ’লে ঔষধবোৰৰ ব্যবহাৰে বহু সময়ত ৰোগৰ সম্পূৰ্ণ নিৰাময় কৰিব নোৱাৰে আৰু ৰোগ সকলো শস্যলৈ বিয়পি পৰে। গতিকে বেমাৰ হোৱাৰ আগতেই প্ৰতিৰোধ হিছাপে ট্ৰাইকাডাৰমা ব্যবহাৰ কৰিব পাৰি।
  • এই ৰোগবোৰৰ ঔষধবোৰ বহুত দামী হয় ফলত খেতিয়কৰ খৰচ বৃদ্ধি হয়।ট্ৰাইকাডাৰ্মা ব্যবহাৰে খৰচ বহু কমাই দিয়ে।
  • মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে। মাটি সাৰুৱা হয়।
  • সশ্যৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। শস্যত কম বেমাৰ লাগে।
ট্ৰাইকডাৰ্মাৰ কেইটামান বৈশিষ্ট:
  • ট্ৰাইকাডাৰ্মাৰ বংশ বৃদ্ধি অতি সোণকালে হয়। মাটিৰ পৰা জৈবিক খাদ্য, পানী, অক্সিজেন অধিক গতিত গ্ৰহন কৰি বাকী অপকাৰী বেমাৰ কৰা অনুজীববোৰৰ  লগত প্ৰতিযোগীতাত জয়ী হয়। গতিকে অপকাৰী অনুজীৱৰ বাবে  খাদ্য, পানী আৰু অক্সিজেনৰ অভাব সৃষ্টি কৰি সিঁহতৰ বৃদ্ধিত বাধা দিয়ে।
  • ট্ৰাইকডাৰ্মা এবিধ শক্তিশালী জৈবিক ৰোগ নিয়ন্ত্ৰক। খেতিৰ মাটিৰ পৰা হোৱা বহু ৰোগ প্ৰতিৰোধ কৰাত ই সক্ষম। ট্ৰাইকডাৰ্মাৰ ব্যবহাৰৰ ফলত শিপা পচি যোৱা (root rot), ব্লাইট, লেৰেলি যোৱা, এনথ্ৰাক্স বা অন্যান্য মাটিৰ পৰা হোৱা ৰোগৰ প্ৰতিৰোধ বা পৰিত্ৰান পাব পাৰি।
  • ট্ৰাইকডাৰ্মাৰ ব্যবহাৰে মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে, মাটিৰ ব্যপ্ততা বা permeability (কিমান দুৰলৈ পানী আৰু বায়ু সোমাব পাৰে) বৃদ্ধি কৰে আৰু শিপালৈ অক্সিজেন পোৱাত সুবিধা ক’ৰে।
  • ট্ৰাইকডাৰ্মাই Antibiosis হিছাপে কাম কৰি বেক্টেৰিয়ানাশক দ্ৰব্য নিৰ্গত কৰি বেক্টেৰিয়ানাশক হিছাপে কাম কৰে।
  • শস্যৰ শিপাৰ লগত সহজীৱী হিছাপে বাস কৰি শস্যৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।
  • ট্ৰাইকডাৰ্মাৰ মাইছেলিয়ামবোৰ বা শুৰবোৰ বৃদ্ধি হৈ অপকাৰী অনুজীববোৰৰ মাইছেলিয়ামবোৰ পাক মাৰি ধৰি বা বিন্ধাই মাৰি পেলায়।
  • সাধাৰণতে আমি ব্যবহাৰ কৰা ফচফেট সাৰবোৰ সম্পূৰ্ণকৈ পানীত মিহলি নহয়। গতিকে গছে কমকৈ পায়। ট্ৰাইকাডাৰ্মাই অদ্ৰবনীয় ফছফেট আৰু মাইক্ৰনিউট্ৰিয়েন্ট micronutrients (পানীত মিহলি নোহোৱাকৈ থকা ফছফেট) দ্ৰবনীয় অবস্থালৈ নিয়ে, শিপা দলৈকে বিয়পাত সহায় কৰি শুকান বতৰটো পানীৰ অভাব দূৰ কৰে।
  • অধিক কীটনাশক বা অন্য ৰাসায়নিক দ্ৰব্য ব্যবহাৰৰ ফলত অনুৰ্বৰ (অসাৰুৱা) হোৱা মাটিৰ উৰ্বৰতা (সাৰুৱা) ঘুৰাই অনাত সহায় কৰে। Organochlorines, organophosphates and carbonates জাতীয় ৰাসায়নিক দ্ৰব্যবোৰৰ ভাঙি গৈ মাটিত মিহলি হোৱাত (degradation) সহায় কৰে।
ট্ৰাইকডাৰ্মাৰ কেনেদৰে ব্যবহাৰ কৰিব?
বীজ শোধন:

বীজ শোধন যিকোনো নিৰোগী শস্যৰ প্ৰাথমিক আবশ্যকতা। ৪ ৰ পৰা ১০ গ্ৰাম ট্ৰাইকডাৰ্মা পাউডাৰ প্ৰতি কেজি বীজৰ লগত ভালকৈ মিহলাই বীজ সিচিব লাগে।

 

নাৰ্চাৰীৰ শোধন:

১০ ৰ পৰা ২৫ গ্ৰাম ট্ৰাইকডাৰ্মা পাউডাৰ ১ মিটাৰ দীঘল আৰু ১ মিটাৰ বহল নাৰ্চাৰীৰ ভেটিত (nursery bed) ছটিয়াই লব লাগে।

 

পুলিৰ শিপা বা কলমৰ শোধন:

১০  গ্ৰাম ট্ৰাইকডাৰ্মা পাউডাৰ আৰু ১০ গ্ৰাম জৈবিক বা পচন সাৰ এক লিটাৰ পানীত মিহলাই পুলি ৰোৱাৰ আগতে ১০ মিনিট ডুবাই ৰখা দৰকাৰ।

 

মূল পথাৰত প্ৰয়োগ:
  • প্ৰতি বিঘাত ১ কেজি ট্ৰাইকডাৰ্মা ১০০ কেজি পচন সাৰৰ লগত মিহলাই পলিথিনেৰে ৭ দিনলৈ ঢাকি থব লাগে।
  • প্ৰথমতে অলপ পানী ছটিয়াই তিনি বা চাৰি দিনৰ মূৰত গোটাই মিশ্ৰটো লৰাই দিব লাগে।
  • তাৰ পিছত খেতিদৰাত শেষৰবাৰ হাল বোৱাৰ আগতে সিচি দিব লাগে।
শস্যৰ গুৰিত দিয়া প্ৰণালী:
  • ১০০ লিটাৰ পৰিষ্কাৰ পানী এটা পাত্ৰত লৈ ঠাণ্ডা ৰ’দ নপৰা ঠাইত থব লাগে।
  • তাত ১ কেজি লালী গুৰ গুৰি কৰি গুলি লব লাগে।
  • ইয়াৰ পিছত ১ কেজি ট্ৰাইকডাৰ্মা ভেকুৰৰ পাউদাৰ তাত দিব লাগে।
  • পানীখিনি এসপ্তাহ ঠাণ্ডা ঠাইত থব লাগে। সদায় দুবাৰকৈ মাৰি এডালেৰে পানীখিনি দিনত দুবাৰকৈ লৰাই দিব লাগে। এসপ্তাহ পিছত ইয়াৰ ১৫০ মিলিলিটাৰ পানী গছবোৰৰ গুৰিত দিব লাগে।
ট্ৰাইকডাৰ্মাৰ  ব্যবহাৰৰ সাবধানতা
  • ট্ৰাইকডাৰ্মা ব্যবহাৰৰ এসপ্তাহলৈ কোনো ভেকুৰনাশক ব্যবহাৰ কৰিব নালাগে।
  • শুকান মাটিত ট্ৰাইকডাৰ্মা ব্যবহাৰ কৰিব নালাগে। মাটিত নমনীয়তা থকা অতিকৈ জৰুৰী
  • বীজ শোধন কৰি পোনে পোনে ৰ’দত থব নালাগে।
  • ট্ৰাইডাৰ্মা ব্যবহাৰ কৰা জৈবিক সাৰ বহুদিনলৈ থব নালাগে।
Scroll to Top