জিকা খেতি

খেতি কৰাৰ আগতে জানিবলগীয়া:

  • জিকা খেতি অতি লাভজনক। ভালদৰে এবিঘামান মাটিত কৰিলেই ঘৰ এখন চলাই নিবলৈ সুবিধা হয়। 
  • জিকা এবিধ উভয়লিংগী উদ্ভিদ। মটা আৰু মাইকী ফুল একেজোপা গছতে থাকে। গতিকে অধিক উৎপাদনৰ বাবে মাইকী ফুলৰ সংখ্যা বঢ়াব লাগে।
  • জিকা খেতিত হেন্দালি দিয়া বা জেং দিওতে যঠেষ্ঠ খৰচ হয়।
  • জৈৱিকভাবে কৰিব নে ৰাসায়নিকভাবে কৰিব আগতেই মন কৰা ভাল।
  • ভালদৰে পানী ওলাই যোৱা মাটি থকা ৰ’দঘাই ঠাই বাছি লওক।
  • ফুল ফুলা আৰু ফল ধৰাৰ সময়ত পানীৰ অভাব হব দিব নালাগে।
  • ২-৩ সপ্তাহৰ মূৰে মূৰে প্ৰয়োজনীয় সাৰ দিব লাগে।
  • কীট-পতংগ আৰু ৰোগৰ প্ৰতি চকু ৰাখিব আৰু প্ৰয়োজন অনুসৰি নিয়ন্ত্ৰণ কৰিব।
  • ফলবোৰ ৬-৮ ইঞ্চি দীঘল হ’লে চপাব লাগে।

বতৰ:

  • গৰম জলবায়ু জিকা খেতিৰ বাবে অতি দৰকাৰী।২৪ ৰ পৰা ৩০ ডিগ্ৰী ছেন্টিগ্ৰেডৰ উঞ্চতা জিকা খেতিৰ বাবে অতি সুবিধাজনক।
  • বিশেষ ব্যবস্থা নললে ২৫ ডিগ্ৰী ছেন্টিগ্ৰেডৰ তলত জিকাৰ গুটি নগজে।
  • অতি বেছি গৰমত ৩৯ ডিগ্ৰীৰ ওপৰত মটা ফুল বেছিকৈ হয় বাবে উৎপাদন কম হয়।
  • অতি কম তাপমাত্ৰাত গছ নাবাঢ়ে।
  • অত্যাধিক বৰষুণ হোৱা ঠাইতো পানী ওলাই যোৱাৰ সুবিধা কৰি জিকা খেতি কৰিব পাৰি।


মাটি:

  • বিভিন্ন ধৰনৰ মাটিত জিকা খেতি কৰিব পাৰি। বালীয়া পলসুৱা মাটি পলসুৱা যঠেষ্ঠ জৈৱিক পদাৰ্থ থকা মাটিত জিকা খেতি ভাল হয়। পি এইচ ৬.৫ ৰ পৰা ৭.৫ হ’লে ভাল হয়।
উন্নত জাতসমূহ:
খৰালি কালত লগোৱা জাতসমুহ: জানুৱাৰীৰ পৰা মাৰ্চলৈ: খৰালি লগোৱা জাতসমূহ বাৰিষা লগালে বেমাৰ বহুত ধৰে আৰু ফল কম পোৱা যায়।
  • NS 3: Namdhari Seeds ৰ এই অধিক উৎপাদনশীল জিকাবিধ প্ৰথমতে কমকে লাগিব ধৰি পিছলৈ বাঢ়ি গৈ থাকে। মধ্যমীয়া দীঘল (৩০-৪০ ছে:মি:), পোন, আকৰ্ষণীয় সেউজীয়া ফলৰ প্ৰতিটোৰ ওজন ২০০-২৫০গ্ৰাম। মাংস অতি কোমল আৰু বগা ৰঙৰ আৰু খাবলৈ ভাল, কম গুটি থাকে তথা বীজ দেৰিকৈ বুঢ়া হয়। এইবিধো বাৰিষা কৰিব পৰা জাত। ৪০-৪৫ দিনত ফল লাগে।
  • মল্লিকা Malika: East west company ৰ এই জিকাবিধ শীতকালত কৰা জিকা। ইয়াক জানুৱাৰী মাহতে ৰোপন কৰি সোনকালে বজাৰত উলিয়াব পাৰি। জিকা দীঘল হয় আৰু মঙহাল হয়। অসমৰ কৃষকে ইয়াক ভালকৈ আদৰি লৈছে। বাৰিষা কৰিলে এই জিকাত বহুত বেমাৰ লাগে আৰু ফল ভাল পোৱা নাযায়।
  • মালা Mala: Clause কম্পেনীৰ এই জিকাবিধ ২৫ -৩০ ছে:মি: দীঘল হয়। জিকাবোৰ গাঢ় সেউজীয়া, ২০০-২৫০ গ্ৰাম ওজনৰ। ৫০-৫৫ দিনত ফল চিঙিব পাৰি।
  • KSP 1501 Anu: Kalash কম্পেনীৰ এই F1 হাইবৰীড জিকাবিধৰ ফল ৪৫-৫০ দিনত চিঙিব পাৰি। জিকাবোৰ সেউজীয়া ৰঙৰ ২৩-২৭ ছে:মি: দীঘল আৰু ১৩০-১৬০ গ্ৰাম ওজনৰ হয়। অধিক ফল উৎপন্ন কৰিব পৰা এইবিধ আগতীয়া জিকা।
  • Naga F1: East west company ৰ এই জিকাৰ ফলবিধ আকৰ্ষণীয় সেউজীয়া, ২০০ ৰ পৰা ২২০ গ্ৰাম ওজনৰ ৩৫-৪৫ ছে:মি: দীঘল হয়। মজবুত আৰু শক্তিশালী গছ থকা জিকাবিধ ৫০-৫৫ দিনত প্ৰথম চিঙিব পাৰি।

বাৰিষা কালত লগোৱা জাতসমুহ: মাৰ্চৰ পৰা জুলাইলৈ:
  1. ৰামা Rama F1: East west seeds কম্পেনীৰ এই জিকাবিধ অধিক আৰু বহুত ভাল ফলৰ উৎপাদন দিব পৰা জিকাৰ জাত। বাৰিষা কৰিব পৰা এই জাতবিধে জেকা মাটি সহ্য কৰিব পাৰে। মধ্যমীয়া দীঘল ফলবোৰ সেউজীয়া এক ফুটৰ ওচৰা ওচৰি হয় আৰু ৪ বা ৫ ছে:মি: বহল হয় আৰু ১৫০ ৰ পৰা ২৫০ গ্ৰাম ওজন হয়। সোনকালে ফল লাগে, প্ৰায় ৩৫-৪০ দিনত।
  2. VNR Arti: VNR কম্পেনীৰ এই বাৰিষা হোৱা জিকাবিধৰ ফল কোমল আকৰ্ষণীয় সেউজীয়া, প্ৰায় সমান আকাৰৰ হয়। ২৫-৩০ ছে:মি: দীঘল জিকাবোৰ ২০০-২২৫ গ্ৰাম ওজনৰ আৰু বহলে দুইৰ পৰা আঢ়ৈ ইঞ্চিমান হয়। এপ্ৰিলৰ পৰা জুলাই মাহলৈ লগালে ভাল ফল পোৱা যায়।

অন্য জাতসমূহ
  • পুচা নাছদাৰ Pusa Nasdar: এজোপা গছত ১৫ – ২০ টাকৈ জিকা লাগে, দীঘল হয়, সেউজীয়া ৰঙৰ। গছত ৬০ দিনৰ ভিতৰত ফল লাগিবলৈ ধৰে আৰু ৭০ – ৭৫ দিনত ফলবোৰ চিঙিব পৰা হয় ।
  • এএ ইউ জে ১ AAUJ-1: এজোপা গছত ১৫ -২০ টাকৈ জিকা লাগে , জিকাবোৰ দীঘল আৰু সেউজীয়া ৬০-৬৮ দিনৰ ভিতৰত জিকা চিঙিব পৰা হয় । গড় হিচাবে হেক্টৰে প্রতি ১১০ কুইন্টল মান উত্পাদন হয়।
  • অসমৰ বহু খেতিয়কৰ হাতত থকা স্থানীয় বীজেও ভাল উৎপাদন দিয়ে।
বীজ অংকুৰণ:

সাধাৰণতে গৰমত বীজ পোনে পোনে মাটিত দিলেও গজালি আহে। কিন্তু জানুৱাৰীৰ পৰা মাৰ্চলৈ আগতীয়া জিকা খেতি কৰিলে গুটিৰ অংকুৰণ কৰিব লাগে। নহলে বহুত গুটি নগজে। আনহাতে বাৰিষা বহুত গুটি Damping off হৈ মৰি যায়। গতিকে বীজৰ অংকুৰণ কৰি লোৱাটো অতি দৰকাৰী।

  • বীজখিনি ১২ ৰ পৰা ২৪ ঘন্টা ভেঁকুৰনাশক আৰু কীটনাশক মিহলি পানীত তিয়াই থব লাগে।
  • তাৰ পিছত বহু লোকে তিতা কাপোৰ এখনেৰে বান্ধি ওলোমাই থয়।
  • অতি বেছি শীতত বিশেষকৈ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত কাপোৰত বান্ধি এৰাতি কেচা গোবৰত পুতি থব পাৰি।
  • অন্যথা জুহালৰ পৰা ১.৫ ফুট আতৰত গাত কৰি পুতি থব লাগে।
  • অংকুৰণ হোৱাৰ পিছত গুটিসমূহ মাটিত দিওতে বা অংকুৰণ নোহোৱাকৈ দিওতেও জোঙা ফালটো তল কৰি দিব লাগে।
  • মাটিত দুই আঙুলতকৈ বেছি তললৈ দিব নালাগে।

মূল পথাৰৰ তৈয়াৰ:
  • মাটিখিনি টনা নাঙল আৰু ৰটাভেটৰ বা পাৱাৰ টিলাৰেৰে গুৰিকৈ চহাব লাগে। জিকাৰ বাবে মাটিত থকা জৈবিক পদাৰ্থ অতি গুৰুত্বপূৰ্ণ। গতিকে হাল বাওতে বিঘাই প্ৰতি ১৫ ৰ পৰা ২০ কুইন্টল পচন সাৰ, ৬ কিল’গ্ৰাম ইউৰীয়া, ২৪ কিলগ্ৰাম চিঙ্গল চুপাৰ ফচফেট আৰু ৬ কিল’গ্ৰাম মিউৰেট অব পটাচৰ ভালকৈ মিহলাই লব লাগে। ৬ কিল’গ্ৰাম ইউৰীয়া পিছত টপ ড্ৰেছ কৰিব পাৰি।
  • জিকাৰ বাবে ভেটি তৈয়াৰ কৰি লোৱাটো অতি দৰকাৰী, যিহেতু অসমত সেই সময়ত প্ৰচুৰ বৰষুণ হয়। পানী যাতে জমা নহয় তাৰ ব্যবস্থা কৰা দৰকাৰ।
  • ওখ ভেটি তৈয়াৰ কৰিলে প্ৰতিটো ভেটিত (২ বা তিনিজোপা জিকাৰ বাবে) ৫-১০ কিল’গ্ৰাম পচন সাৰ, ইউৰীয়া ৪০-৫০ গ্ৰাম, চিঙ্গল চুপাৰ ফচফেট ৪০-৫০ গ্ৰাম, ৪০-৫০ গ্ৰাম মিউৰেট অব পটাচৰ লগতে ফুৰাডন ব্যবহাৰ কৰিব লাগে।
  • ওখ ভেটিবোৰ সাধাৰণতে ৬ ৰ পৰা ৮ ফুট দুৰে দুৰে এক ফুট ওখ ২ ফুট বহল ঘুৰণীয়াকৈ কৰা দেখা যায়। জানুৱাৰী মাহৰ জিকাবোৰত ৬ ফুট ব্যবধান ৰাখিব পাৰি।
  • আজিকালি পানী নিষ্কাষণৰ সুবিধা আৰু বন বাট নিয়ন্ত্ৰণৰ বাবে ৫ ফুটৰ অন্তৰে অন্তৰে দীঘলীয়াকৈ ওখ ভেটি তৈয়াৰ কৰা দেখা যায়।
  • বাৰিষা কালত অপতৃণ বহুত গজে, যিবোৰে কেবল জিকাৰ লগত খাদ্যৰ বাবে প্ৰতিযোগিতা কৰাই নহয় বেমাৰৰ বাহক হিছাপেও কাম কৰে। গতিকে মালচিং কাগজ ব্যবহাৰে খৰচ কম কৰাই নহয় ফচলৰ উৎপাদনো বৃদ্ধি কৰে। ঘুৰণীয়া ভেটি হওক বা দীঘলীয়া সকলোতে মালচিং ব্যবহাৰ কৰিব পাৰি।

বীজ সিঁচা:
  • বীজ তিয়াই থওতে Trichoderma viride ৪ গ্ৰাম বা Pseudomonas fluorescens ১০ গ্ৰাম মিহলাই লব লাগে।
  • যদি জৈবিকভাবে নকৰে তেন্তে ২ গ্ৰাম Bavistin ব্যবহাৰ কৰিব পাৰে।
  • ঘুৰণীয়া ভেটিবোৰত ৫ টামানকৈ বীজ দিব পাৰি। গজালি অহাৰ পিছত মাত্ৰ দুটা মজবুট পুলিহে ৰাখিব লাগে। অত্যাধিক পুলি ৰাখিলে ফলন কম হয়।
  • দীঘলীয়া ভেটি কৰিলে ৬ ফুটৰ দুৰে দুৰে দুটাকৈ পুলি ৰোপন কৰিব পাৰি।
  • বতৰ অনুকুল নাথকিলে নাৰ্চাৰীৰ পলিথিন বেগটো এটাকৈ গুটি দি পুলি গজাই ১৫ দিন মান পিছত মূল পথাৰত ৰুব পাৰি। এনে কৰিলে পোকে পুলি কটা আদিৰ পৰা হাত সাৰিব পাৰি।

গছৰ যতন:

 

  • জিকা গছত নিয়মিত সাৰৰ দৰকাৰ হয়। গতিকে প্ৰতি দুই সপ্তাহৰ মূৰে মূৰে NPK 19:19:19 স্প্ৰে কৰি থাকিব লাগে।
  • Ethrel নামৰ দৰব বিধ ৩.৫ মিলিলিটাৰ প্ৰতি ১৬ লিটাৰ পানীত মিহলাই পুলিৰ ১৫ দি বয়সৰ পৰা প্ৰতি সপ্তাহত স্প্ৰে কৰি থাকিব লাগে। ই মাইকী ফুলৰ সংখ্যা বৃদ্ধি কৰি অধিক উৎপাদনত সহায় কৰে।
  • Micronutrient Fertilizer যেনে Multiplex Kranti বা Multiplex General Liquid ৩২ ৰ পৰা ৪০ মিলিলিটাৰ প্ৰতি ১৬ লিটাৰ পানীত মিহলাই ২ বা ৩ সপ্তাহৰ মূৰে মূৰে স্প্ৰে কৰি থাকিব লাগে।
  • গছবোৰ বগাওতে তলৰ পৰা ওলোৱা অপ্ৰয়োজনীয় লতা বোৰ কাটি পেলাব লাগে। তাৰবাবে পৰিষ্কাৰ কটাৰী বা ব্লেড ব্যবহাৰ কৰিব লাগে।

 

হেন্দালি:

 

  • জিকাক বগাবলৈ সহায়ৰ প্ৰয়োজন হয়। তাৰ বাবে বাহ, গছৰ ডাল আদি ব্যবহাৰ কৰিব পাৰি।
  • প্ৰতিটো ঘুৰণীয়া ভেটিৰ বাবে একোটা বাহৰ আগলি ব্যবহাৰ কৰিব পাৰি।
  • ভাল উপাই হৈছে বাহৰ খুটাৰে হেন্দালি বা চাং তৈয়াৰ কৰা।
  • আজিকালি বিভিন্ন ধৰণৰ প্লাষ্টিকৰ ৰচী ব্যবহাৰ কৰি খৰচ কমোৱা দেখা যায়। বিশেষকৈ টায়াৰ চিলোৱা ৰচীবোৰ ব্যবহাৰ হয়।
  • PET wire (polyethylene terephthalate) য়ে বৰ্তমান বাহিৰৰ বজাৰ দখল কৰিছে। এই ৰচীবিধ ভালকৈ ৰাখিলে বহু বচৰ যায় লগতে চাংখন হালি নপৰে।

শস্য ৰক্ষা:

 

ফল মাখি Fruit Fly

ক্ষতিৰ ধৰন
  • পলুবোৰে ফলৰ গুড়ি খায়
  • ফলৰ পৰা তেলজাতীয় তৰল পদাৰ্থৰ ওলাই থাকে
  • বিকৃত ফল
  • ফল-মূল অকালতে সৰি পৰে আৰু লগতে খোৱাৰ অনুপযোগী

 

চিনাক্তকৰণ:
  • কণী: ফলৰ ওপৰত থুপ থাকে।
  • পলু: লেতেৰা বগা দেখা যায়।
  • লেটা: মাটিত লেটা হয়
  • পৈনত:
  1. Bactrocera cucurbitae: ডেউকাৰ আগত বাদামী আৰু ধূসৰ ৰঙৰ দাগ থাকে
  2. Bactrocera ciliates: বাদামী ৰঙৰ শৰীৰ। Bactrocera cucurbitae তকৈ সৰু।
  3. B. zonata: শৰীৰ হালধীয়া আৰু শেঁতা হালধীয়া বেণ্ড থাকে।
নিয়ন্ত্ৰণ:
  • বেমাৰী আৰু পৰি যোৱা ফল বোৰ গোটাই আনি দুৰৰ গাতত পুতি পেলাব লাগে।
  • চপোৱাৰ পিছত হাল বাই মাটি মাটি গুৰি কৰিলে লেটাবোৰ ধ্বংস হয়।
  • তীব্ৰ আক্ৰমণত বিষাক্ত বেটিং ব্যৱহাৰ কৰিব লাগে
  • মিথাইল ইউজেনল ব্যবহাৰ কৰি ফাণ্ড বনাব পৰি। কেনেকৈ বনাব পাৰি পঢ়ক। 
  • ৫ গ্ৰাম তিতা মাছৰ গুড়ি পলিথিনৰ বেগত (২০ x ১৫চে.মি.) ছটা ফুটা (৩ মিলিমিটাৰ ব্যাসাৰ্ধ)ত ৰাখিব লাগে।
  • নীমৰ তেল ব্যবহাৰ কৰিব পাৰি।

ৰাসায়নিক নিয়ন্ত্ৰণ:
  • Profenofos 40% + Cypermethrin 4% EC থকা দৰব ৩০ মিলিলিটাৰ প্ৰতি ১৬ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে। Profex super. ফুল ফুলাৰ পিছত এই দৰব স্প্ৰে কৰিব নালাগে
পাতত সুৰঙ্গ সৃষ্টিকাৰী পোক (Serpentine leaf miner):


পাত সুৰংগকাৰী পোকে শাক-পাচলি, ফল-মূল আৰু অলংকাৰিক গছকে ধৰি বহুতো গছত আক্ৰমণ কৰে। বিলাহী, আলু, ভীমকল, নেমুজাতীয় গছ, কচু, জলকীয়া, পটল, বীন, বুট, তিয়হজাতীয় শস্য আৰু কবিজাতীয় শাক-পাচলি সাধাৰণতে এই ৰোগ হয়। সময়ত ব্যবস্থা নকৰিলে বহুত ক্ষতি হব পাৰে।


ক্ষতি আৰু লক্ষণ:
  • পলুবোৰে পাতৰ ভিতৰত সুৰংগ বনাই খাদ্য গ্ৰহণ কৰে। ইয়াৰ ফলত পাতৰ সেউজীয়া ৰং নাইকীয়া হৈ বগা ৰেখা কিছুমান পাতত দেখা যায়।
  • আক্ৰান্ত পাতবোৰ শেঁতা বা হালধীয়া দেখাব পাৰে আৰু বেছি ৰোগ হ’লে বাদামী হৈ শুকাই যাব পাৰে।
  • ৰোগ অধিক হ’লে গছজোপা বাঢ়িব নোৱাৰা হৈ পৰে। যাৰ ফলত ফলৰ উৎপাদন হ্ৰাস পায় আৰু ফলবোৰ উন্নত নহব পাৰে।
  • বেমাৰী পাত শুকাই পূৰঠ হৈ সৰি পৰে।
  • গছজোপা দূৰ্বল হোৱা বাবে বেলেগ বেমাৰ হব পাৰে।

 

নিয়ন্ত্ৰণ:

সদায় সংহত নিয়ন্ত্ৰণ ব্যবস্থা লব লাগে।

  • প্ৰতিৰোধ ব্যবস্থা:
  • খেতিদৰাৰ পৰা অদৰকাৰী অপতৃণ আতৰাই পৰিষ্কাৰ কৰি ৰাখিব লাগে। লগতে আগৰ খেতিৰ পৰি ৰোৱা অংশ পচি যোৱাৰ ব্যবস্থা কৰিব লাগে।
  • হালধীয়া আঠালগা ফাণ্ড ব্যবহাৰ কৰি ইয়াৰ আক্ৰমণৰ চিন আগতীয়াকৈ পাব পাৰি।
  • পাতত নীম তেল 80 মিলিলিটাৰ ১৬ লিটাৰ টেংকত মিহলাই স্প্ৰে কৰিব পাৰি। Activated Neem oil from Katyayani

ৰাসায়নিক নিয়ন্ত্ৰণ:
  • ফুল ফুলাৰ পিছত ৰাসায়নিক দৰৱ স্প্ৰে নকৰিব। বা ফল চিঙাৰ ২ সপ্তাহ আগৰ পৰা ব্যবহাৰ নকৰিব।
  • Imidacloprid 17.8% EC ১৬ মিলিলিটাৰ প্ৰতি ১৬ লিটাৰ টেংকত মিহলাই স্প্ৰে কৰিব লাগে। Confidor Insecticide
  • Acetamiprid ২০ % SP ৮ গ্ৰাম প্ৰতি ১৬ লিটাৰ টেংকত মিহলাই স্প্ৰে কৰিব লাগে (কপাহ, জলকীয়া আৰু ভেন্দি)। Manik Insecticide

ৰঙা বিটল পোক Red Beetle or Pumpkin Beetle:

ক্ষতিৰ লক্ষণ:
  • পলুবোৰে (Grub) মাটিত লাগি থকা শিপা, কাণ্ড আৰু ফল-মূল খায়।
  • পৈনতবোৰে পাত আৰু ফুল খায়।


চিনাক্তকৰণ:

  • সদ্য ফুটাবোৰ লেতেৰা বগা।
  • সম্পূৰ্ণ ডাঙৰ হোৱা লেটাৰ ৰঙ ক্ৰীম হালধীয়া
  • পৈনত:
  1. Aulacophora foveicollis- ৰঙৰ ৰঙা
  2. Cincta: ধূসৰ ৰঙৰ জিলিকি থকা হালধীয়া ৰঙা সীমা থাকে।
  3. Intermedia: নীলা ৰঙৰ

নিয়ন্ত্ৰণ:
  • পোকৰ লেটাবোৰ মাটিত থাকে। গতিকে খেতি কৰাৰ আগতে
    ভালকৈ হাল বোৱাটো জৰুৰী।
  • পাতত নীম তেল 80 মিলিলিটাৰ ১৬ লিটাৰ টেংকত মিহলাই স্প্ৰে কৰিব পাৰি। Activated Neem oil from Katyayani
  • Dimethoate 30% EC থকা কীটনাশক ১৬ লিটাৰ পানীত 4 মিলিলিটাৰ মিহলাই পাতত স্প্ৰে কৰিব লাগে। যেনে FMC Rogor Insecticide
  • Malathion 50 EC 100 মিলিলিটাৰ প্ৰতি বিঘাত স্প্ৰে কৰিব পাৰি।

পাওদাৰী মিলদিউ Powdery mildew:

ক্ষতিৰ লক্ষণ:
  • বগাৰ পৰা লেতেৰা বগা দাগ পাতত দাগ হিচাপে দেখা দিয়ে।
  • ডাঙৰ হোৱাৰ লগে লগে বগা গুড়িৰ দৰে হয়।
  • গুড়ি গছৰ পাত ডাল আদিত ভৰি পৰে আৰু পাত সৰি পৰে।

নিয়ন্ত্ৰণ:
  • গছত মাজত সঠিক ব্যৱধান থাকিলে বায়ুৰ পৰিবহন উন্নত হয়, যাৰ ফলত আৰ্দ্ৰতাৰ মাত্ৰা হ্ৰাস পায় আৰু ভেকুৰ বৃদ্ধি নহয়।
  • গছবোৰে পৰ্যাপ্ত পৰিমাণৰ সূৰ্যৰ পোহৰ পোৱাটো দৰকাৰ।
  • নিয়মিতভাৱে গছৰ পৰা বেমাৰী পাত আৰু ডাল আঁতৰাই দিব লাগে, যাৰ ফলত বায়ুৰ সঠিক প্ৰবাহ নিশ্চিত হয় আৰু ৰোগৰ বিস্তাৰ ৰোধ হয়। জোখতকৈ বেছি লতা বগালে কাটি দিব লাগে।

ৰাসায়নিক নিয়ন্ত্ৰণ:

15 দিনৰ মূৰে মুৰে তলত দিয়া এবিধ দৰব ব্যবাহাৰ কৰিব পাৰে।

  • Sulphur 80 WP (0.3 %) ২ ৰ পৰা ৪ গ্ৰাম প্ৰতি লিটাৰ পানীত বা ৩২ ৰ পৰা ৬৪ গ্ৰাম প্ৰতি ১৬ লিটাৰ পাম্পত মিহলাই স্প্ৰে কৰিব লাগে। Sultaf from Tata rallis
  • Carbendazim 12% + Mancozeb 63% WP বা ২ ৰ পৰা ৪ গ্ৰাম প্ৰতি লিটাৰ পানীত বা ৩২ ৰ পৰা ৬৪ গ্ৰাম প্ৰতি ১৬ লিটাৰ পাম্পত মিহলাই স্প্ৰে কৰিব লাগে। Sultaf from Tata rallis
  • Carbendazim 50% WP থকা দৰব প্ৰতি ১৬ লিটাৰ পানীত ৪০ গ্ৰাম প্ৰতি বিঘাত স্প্ৰে কৰিব লাগে। Bavistin

 


ডাউনী মিলদেউ Downy mildew

ক্ষতিৰ লক্ষণ

 

  • গাঢ় সেউজীয়া আৰু শেতা সেউজীয়া বা হালধিয়া মোজাইকৰ দৰে পাতত দেখা যায়।
  • সেমেকা বতৰত পাতৰ তলভাগ শেতা বেঙুনীয়া ৰঙৰ ভেঁকুৰৰে ভৰি পৰে
  • গোটেই পাতটো সোনকালে শুকাই যায়।

নিয়ন্ত্ৰণ:
  • ভালকৈ পানী ওলাই যোৱাৰ ব্যবস্থা লাগে। ওখ ভেটি কৰি নিৰ্দিষ্ট দূৰত্বত গছ লগালে ভালকৈ বতাহ চলাচল কৰিব পাৰে আৰু এই বেমাৰৰ
  • Mancozeb 75 % WP থকা ভেকুৰ নাশক ১৬ লিটাৰ পানীত ২৪ ৰ পৰা ৩২ গ্ৰাম মিহলাই স্প্ৰে কৰিব লাগে। Indofil M-45
  • Chlorothalonil 75 % WP থকা ভেকুৰ নাশক ১৬ লিটাৰ পানীত ১৬ ৰ পৰা 24 মিহলাই স্প্ৰে কৰিব লাগে। Kavach Fungicide
  • Metalaxyl at 4% and Mancozeb at 64% WP থকা ভেকুৰ নাশক ১৬ লিটাৰ পানীত ১৬ ৰ পৰা ২৪ গ্ৰাম মিহলাই পাতৰ তলফালে স্প্ৰে কৰিব লাগে। Ridomil Gold

 

মোজাইক ভাইৰাচ: Papaya ringspot virus (PRSV) and Cucumber mosaic virus (CVM)

লক্ষণ:

 

  • বেছিভাগ তিয়হ জাতীয় শস্যক প্ৰভাৱিত কৰে যদিও তৰমুজত খুব কমেইহে প্ৰভাৱ পেলায়।
  • নতুন গজা পাতবোৰ তললৈ ঘেৰ খাই পৰে।
  • পাতবোৰত পাতল সেউজীয়া আৰু গাঢ় সেউজীয়া ৰঙৰ দাগেৰে ভৰি পৰে।
  • গছ-গছনিবোৰ বাঢ়া বন্ধ হৈ পৰে। গুৰুতৰভাৱে আক্ৰান্ত তিয়হজাতীয় ফল প্ৰায় সম্পূৰ্ণ বগা হ’ব পাৰে।

নিয়ন্ত্ৰণ:
  • এবাৰ ভাইৰাচ লগাৰ পিছত সম্পূৰ্ণ ভাল কৰিব নোৱাৰি। কিন্তু ই যাতে বেলেগলৈ বিয়পি নাযায় তাৰ ব্যবস্থাহে লব পাৰি।
  • এই ভাইৰাছবিধ মোৱাপোকৰ (Aphid) দ্বাৰা সহজে সংক্ৰমিত হয় আৰু বেলেগ বেলেগ গছত জীয়াই থাকে।
  • এই ভাইৰাচ প্ৰতিৰোধ কৰিব পৰা জাত নিৰ্বাচন কৰিব লাগে।
  • No-Virus from Geolife দৰববিধ ৩ ৰ পৰা ৫ মিলিলিটাৰ প্ৰতি লিটাৰৰ লগত তলত দিয়া কীটনাশক এবিধ মিহলাই প্ৰথম, চতুৰ্থ আৰু ১৫ দিন পিছত স্প্ৰে কৰিলে ফল পোৱা যায়।
  • মোৱাপোকৰ (Aphid) বাবে পাতত নীম তেল 80 মিলিলিটাৰ ১৬ লিটাৰ টেংকত মিহলাই স্প্ৰে কৰিব পাৰি। Activated Neem oil from Katyayani
  • Imidacloprid 17.8% EC ১৬ মিলিলিটাৰ প্ৰতি ১৬ লিটাৰ টেংকত মিহলাই স্প্ৰে কৰিব লাগে। Confidor Insecticide (মোৱাপোকৰ (Aphid) বাবে)
  • Dimethoate 30% EC থকা কীটনাশক ১৬ লিটাৰ পানীত 4 গ্ৰাম মিহলাই পাতত স্প্ৰে কৰিব লাগে। যেনে FMC Rogor Insecticide (মোৱাপোকৰ (Aphid) বাবে)

পাতত ফুটফুটীয়া দাগ পৰা ৰোগ Cercospora leaf spot

ক্ষতিৰ লক্ষণ
  • প্ৰথমে পানীত তিতি থকা দাগ বা হালধীয়া দাগ পাতত দেখা যায়।
  • দাগবোৰ খুব সোণকালে বাঢ়ি যায় আৰু ঘুৰণীয়াৰ পৰা অনিয়মিত হৈ পৰে।
  • দাগৰ মাজটো শেঁতা বাদামী ৰঙৰ আৰু ছাই বৰণীয়া বা বগা আৰু বেঙুনীয়াৰ পৰা প্ৰায় ক’লা ৰঙেৰে ঘেৰি থাকে।
  • দাগবোৰ লগ হৈ ডাঙৰ ডাঙৰ দাগ গঠন কৰে।
  • পাতটো শুকাই মৰিব পাৰে যাৰ ফলত পাতটো জ্বলি যোৱা ৰূপ দেখা যায়
  • ফলৰ ওপৰতো মাজে মাজে আক্ৰমণ কৰা দেখা যায়।

ৰাসায়নিক নিয়ন্ত্ৰণ
  • বৰড’ মিশ্ৰন ব্যবহাৰ কৰক
  • Chlorothalonil ৭৫% WP থকা ভেকুৰ নাশক ১৬ লিটাৰ পানীত ১৬ ৰ পৰা ৩২ মিহলাই স্প্ৰে কৰিব লাগে। Kavach Fungicide
  • Copper Oxychloride 50% WP থকা ভেকুৰ নাশক ১৬ লিটাৰ পানীত 48 গ্ৰাম মিহলাই স্প্ৰে কৰিব লাগে। Crystal Blue Copper Fungicide
  • Mancozeb 75 % WP থকা ভেকুৰ নাশক ১৬ লিটাৰ পানীত ২৪ ৰ পৰা ৩২ গ্ৰাম মিহলাই স্প্ৰে কৰিব লাগে। Indofil M-45

Add Your Heading Text Here

WhatsApp
Scroll to Top