কোমোৰা খেতি

Spread the love
 কোমোৰা খেতি কিয় কৰিব?
  • কোমোৰা এবিধ অতি লাভজনক খেতি। ভালকৈ কৰিব পাৰিলে এবিঘা মাটিতে যঠেষ্ট টকা উপাৰ্জন কৰিব পাৰি।
  • কোমোৰাক আমি এবচৰীয়া ইঞ্চিওৰেঞ্চ বা বীমা বুলি কব পাৰো। বুঢ়া কোমোৰা এবচৰ বেয়া নোহোৱাকৈ থাকে। গতিকে ঘৰত ভালকৈ সাচি ৰাখি বিপদৰ সময়ত বা টকাৰ দৰকাৰৰ সময়ত বিক্ৰী কৰিব পাৰি। একোটা বুঢ়া কোমোৰা সময়ত বিক্ৰী কৰি ১০০ টকাতকৈও ওপৰত পাব পাৰি।
  • ব্যবসায় ভিত্তিত বেছি খেতি কৰি উত্তৰ ভাৰতলৈ ৰপ্তানি কৰিব পাৰি য’ত কোমোৰাৰে পেথা নামৰ মিঠাই তৈয়াৰ কৰা হয়। সেয়েহে তাত কোমোৰাৰ চাহিদা বেচি।
  • জালি কোমোৰা বা সৰু পৈণত নোহোৱা কোমোৰা বিক্ৰী কৰিও যঠেষ্ট লাভ পাব পাৰি।
  • এই খেতি কৰিবলৈ অতি সহজ। বেমাৰ আজাৰ কম।
  • আজিকালি মালচিং কাগজ পাৰি চাং নবনোৱাকৈ মাটিতে কোমোৰা খেতি কৰি অধিক উৎপাদন লোৱা দেখা যায়।
মাটি আৰু বতৰ:
  • কোমোৰা এনে এবিধ ফচল যাক বিভিন্ন ধৰণৰ মাটিত খেতি কৰিব পাৰি। তথাপি পানী ওলাই যোৱাৰ সুবিধা থকা বালিচহীয়া বা আলতীয়া বালিচহীয়া মাটিত অতি ভাল হয়। মাটিত প্ৰচুৰ জৈবিক পদাৰ্থ থাকিলে খেতি ভাল হয়। গতিকে জৈৱিক পদাৰ্থ যেনে গোবৰ বা পচন সাৰ যোগান ধৰাটো অতি দৰকাৰী।
  • কোমোৰা ২৭ ডিগ্ৰীৰ পৰা ২৭ ডিগ্ৰী ছেন্টিগ্ৰেড গৰমত অতি ভাল হয় যদিও এই খেতিবিধে বেছি বা কম সকলো ধৰণৰ বৰষুণ সহিব পাৰে, মাত্ৰ গুৰিত পানী জমা হব নালাগে।
  • পি এইচ ৬ ৰ পৰা ৬.৭ অৰ্থাৎ আম্লিক মাটি কোমোৰাই ভাল পায় যদিও পি এইচ ৮ লৈকে সহ্য কৰিব পাৰে। ১ ৰ পৰা ৭ পি এইচক আম্লিক বা এচিডিক (Acidic)  বোলা হয়। ৭ হলে আম্লিক বা ক্ষাৰৰ মাজত বা নিউট্ৰেল বোলা হয়। ৭ ৰ বেছি হলে ক্ষাৰ (Base) বোলা হয়। ১ পে এইচ বহত বেছি এচিডিক আৰু ১৪ পি এইচ বেচি ক্ষাৰ।
উন্নত জাত:

কোমোৰা খেতিত সাধাৰণতে স্থানীয় সৰু জাতৰ খেতিয়েই কৰা হয়। সৰু জাতৰ কোমোৰা বজাৰত বিকিবলৈ সুবিধা হয়। কিন্তু অধিক উৎপাদনৰ বাবে উন্নত বৰ্ণসংকৰ জাত ব্যবহাৰ কৰিব পাৰি। তলত কিছুমান বৰ্ণসংকৰ জাত দিয়া হ’ল।

  • East west seeds International কম্পেনীৰ Benyue F1
  • IRIS HYBRID SEEDS কম্পেনীৰ PANCHI আৰু PUSHPA (F1 Hybrid)
  • Clause কম্পেনীৰ Hybrid No 2 (F1 Hybrid)
  • Indo Us Bio-tech limited কম্পেনীৰ INDO-US 9999 (F1 Hybrid)
  • VNR কম্পেনীৰ VNR-AG আৰু VNR-AG long (F1 Hybrid)
  • Mahyco কম্পেনীৰ Mahy 1
  • East west seeds International কম্পেনীৰ Saguna 316 (F1 Hybrid)
  • Kalash কম্পেনীৰ BSS 987
মূল পথাৰৰ প্ৰস্তুতি:                                                                                                                                                        

কোমোৰা খেতিৰ বাবে মূল পথাৰখন তিনিৰ পৰা চাৰিবাৰমান গুৰি কৰি হাল বাব লাগে। প্ৰতিবাৰ হাল বাই মাটিখিনি শুকুৱাই লব লাগে। তেতিয়া তাত থকা ভুৰ পোক আদি মৰি পুলি কাটিব নোৱাৰে।

    

প্ৰতি বিঘা মাটিত

  • ২০ কিলগ্ৰাম ইউৰীয়া
  • ৬৬ কিলগ্ৰাম ফচফৰাচ
  • আৰু ১৭ কিলগ্ৰাম পটাচ ব্যবহাৰ কৰিব লাগে।
  • দুই ট্ৰেক্টৰ মান পচন সাৰ শেষৰবাৰ হাল বাওতে দিব লাগে।
   

ওখ ভেটি তৈয়াৰ কৰিলে প্ৰতিটো ভেটিত (২ বা তিনিজোপা জিকাৰ বাবে) ৫-১০ কিল’গ্ৰাম পচন সাৰ, ইউৰীয়া ৪০-৫০ গ্ৰাম, চিঙ্গল চুপাৰ ফচফেট ৪০-৫০ গ্ৰাম, ৪০-৫০ গ্ৰাম মিউৰেট অব পটাচৰ লগতে ফুৰাডন ব্যবহাৰ কৰিব লাগে।

 

বীজ শোধন আৰু অংকুৰণ:
                                                                                                                                                                                                                                              
  • কোমোৰাৰ বীজ সাধাৰণতে এৰাতি ঠাণ্ডা পানীত তিয়াই থব লাগে। তাৰ পিছত তিতা কাপোৰেৰে মেৰিয়াই এদিনলৈ ওলোমাই থব লাগে।
  • কোমোৰাৰ বীজ দুই ধৰনে শোধন কৰিব পাৰি। জৈবিক বা ৰাসায়নিক। জৈৱিকভাবে কৰিলে ৰাসায়নিক ব্যবহাৰ কৰিব নালাগে। শোধন নকৰাকৈ বীজ মাটিত দিলে বহুত গুটি ভেকুৰ লাগি পচি যায় আৰু নগজে। লগতে শোধন কৰিলে ভবিষ্যতে বহু বেমাৰ নালাগে।         
  • জৈবিক ভাবে শোধন কৰিবলৈ Trichoderma viride ৪ গ্ৰাম বা Pseudomonas fluorescens ১০ গ্ৰাম মিহলাই লব লাগে। তাৰ পিছত বীজখিনি ছাঁত শুকুৱাব লাগে।
সময়:

 

কোমোৰা সাধাৰণতে

  1. জানুৱাৰীৰ পৰা মাৰ্চ মাহত আৰু
  2. ছেপ্তেম্বৰ অক্টোবৰত পথাৰত ৰোৱা হয়।                                                                                                                                                                                           
পথাৰত বীজ ৰোপন:
                                                                                                                       

কোমোৰাৰ খেতি দুই ধৰণে কৰিব পাৰি।

       

চাং সাজি

 

  • চাং কৰি খেতি কৰিবৰ বাবে যিকোনো সময়তে কোমোৰাৰ খেতি কৰিব পাৰি। আঢ়ৈ ফুট বহল এটা আধা ফুট দ’ গাত কৰি তাত গোবৰ পচন সাৰ আৰু ১০০ গ্ৰাম ইউৰীয়া, চুপাৰ ফচফেট আৰু পটাছ সাৰ মিহলাই তাত দিয়া হয়। এতিয়া গাটটোত মাটি মিহলাই আধা ফুটমান ওখ কৰি লোৱা হয়। তাত ৫ টামান গুটি আধা ফুটৰ দুৰে দুৰে দিয়া হয়। তাৰে মজবুত চাই মাত্ৰ তিনিটা বা দুটা পুলি ৰখা হয়। বাকীবোৰ উঘালি পেলাব লাগে।
  • এনেকুৱা এটা ভেটিৰ পৰা আনটোৰ দুৰত্ব ৬ ফুটমান ৰাখিব লাগে।
  • গুটি দিয়াৰ তিনিদিনমান আগতে তাত অলপ পানী দি লব লাগে।
  • গুটি গজালি আহিলে তাৰ কাষত বাহৰ জেং আদিৰ সহায়ত গছত উঠাৰ সুবিধা কৰি দিব লাগে।
  • চাঙখন মজবুতকৈ সাজিব লাগে যাতে বেচি কোমোৰা লাগিলে হালি নপৰে।
   

মালচিং কাগজ ব্যবহাৰ কৰি চাং ব্যবহাৰ নকৰাকৈ:

  • আজিকালি চাং নসজাকৈ মাটিতে হাইব্ৰীড কোমোৰাৰ খেতি কৰা দেখা যায়। আগতে উত্তৰ ভাৰতত এনেকৈ খেতি কৰা হৈছিল যদিও আজিকালি আমাৰ অসমৰ খেতিয়কেও কৰা দেখা গৈছে। এনেকৈ খেতি কৰি সহজতে অধিক মাটিত খেতি কৰি ভাল লাভ গোটাব পাৰি।
  • ইয়াৰ বাবে ৩ ফুট বহল ওখ ভেটি শাৰী শাৰীকৈ কৰা হয়। দুটা ভেটিৰ মাজত ১.৫ ফুটৰ নলা এটাৰে পানী ওলাই যাবলৈ সুবিধা কৰি দিব পাৰি। মালচিং কাগজ ওখ ভেটিত পৰাৰ আগতে তাত প্ৰচুৰ পচন সাৰ আৰু ৰাসায়নিক সাৰ দিব লাগে। ৬ ফুটৰ দুৰে দুৰে একোটা ২.৫ ইঞ্চি বহল একটা ফুটা কৰিব লাগে। একোটা ফুটাত দুটাকৈ বা তিনিতাকৈ গুটি দিব লাগে, কিন্তু মজবুত পুলি দুটাহে ৰাখিব লাগে।
  • মালচিং কাগজ ব্যবহাৰ নকৰি খেৰ পাৰিও এনেকৈ খেতি কৰিব পাৰি।
                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                  
Scroll to Top