Spread the love
কীটনাশকৰ পৰা হোৱা বিপদ

আমি সাধাৰণতে ৰাসায়নিক বা বহুতো জৈৱিক কীটনাশক ব্যবহাৰ কৰিলে প্ৰায় সকলো ধৰণৰ কীটকে নাশ কৰে। লগতে কীটনাশক ব্যবহাৰ কৰিব নাজানিলে, ফলমূলত বা শাকত থকা কীটনাশকৰ ৰৈ যোৱা অংশ (residual amount) আমাৰ দেহৰ বাবে অতি ক্ষতিকৰ। আনহাতে বহুতো পোক পৰুৱা আমাৰ বাবে অতি দৰকাৰী। বিশেষকৈ লাউ কেৰেলা জাতীয় শস্য বা ফলমূলত কলিতে পচি যোৱাৰ কাৰণ সম্পূৰ্ণ পৰাগসংষোগ নোহোৱাটো। কীটনাশক ব্যবহাৰৰ ফলত এনে হয়। গতিকে কীটনাশক বহুত সাৱধানে ব্যবহাৰ কৰিব লাগে। তলত আমি কীটনাশক ব্যবহাৰ নকৰাকৈ নিৰ্বাচিত কীট কেনেকৈ মাৰিব পাৰি আলোচনা কৰিছোঁ।

 

হালধীয়া আঠাযুক্ত ফান্দ:

 

কিয় ব্যবহাৰ কৰিব?

 

  • বিষাক্ত বা বিপদজনক নহয়
  • খৰচ একেবাৰে নগন্য।
  • তৈয়াৰ কৰিবলৈ সহজ।
কি কি কীট মৰিব?:
  •  বগা মাখি, এফিড, পাতৰ শুহি খোৱা পোক।
  • শাক পাচলি ফল-মূল চাহপাত কপাহ আদিত ব্যবহাৰ কৰিব পাৰি।

 

প্ৰয়োজনীয় সামগ্ৰী:

 

  • প্লাইবৰ্ড বা প্লাষ্টিকৰ কাপ বা টিন বা আন কোনো বৰষুণত নষ্ট নোহোৱা সামগ্ৰী।
  • হালধীয়া ৰঙ
  • আঠা বা বগা গ্রীজ
কেনেকৈ বনাব?:
  • প্লাইবৰ্ড বা তেলৰ টিং বা প্লাষ্টিক গিলাচ যিয়েই নলওক তাৰ বাহিৰৰ পিনে হালধীয়া ৰঙ লগাই শুকুৱাই লওক।
  • ৰঙৰ ওপৰত আঠা বা গ্ৰীচ লগাই বাহৰ খুটা বা চাঙত আৰি থওক।
  • বিঘাই প্ৰতি ৪ টামান ব্যবহাৰ কৰিলেই হৈ যায়।
ফান্দ পুনৰ ব্যৱহাৰ:
  • সজুলিটো গৰম পানীত অলপ সময় ডুবাই থওক।
  • কোমল হোৱাৰ পিছত কাপোৰ বা ব্ৰাছেৰে মৰা পোকবোৰ আতৰাই লওক।
  • এতিয়া শুকুৱাই লৈ গ্ৰীচ বা আঠা লগাই পুনৰ ব্যবহাৰ কৰক।
বেলেগ ৰঙৰ ফান্দ:

সকলো পোক পৰুৱা আলধীয়া ৰঙৰ প্ৰতি আকৰ্ষিত নহয়। গতিকে নীলা আৰু বগা ৰঙৰ ফান্দ ব্যবহাৰ কৰিব লাগে।

Scroll to Top