যাদৱ পায়েঙ

Spread the love

The Forest Man of India

 

১৯৭৯ চনত। গৰমত নদীৰ বালি জুই হৈ জলিছে। লুইতত উটি আহিছিল কেইডালমান সাপ। বালিৰ তাপ সহিব নোৱাৰি সাপকেইডালৰ মৃত্যু হ’ল। বহুতৰ বাবে সাধাৰণ যেন লাগিলেও ককিলামুখৰ এজন ১৬ বছৰীয়া মিছিং জনজাতীয় ল’ৰাৰ বাবে আছিল হৃদয় বিদাৰক। সেইদিনা ল’ৰাজনে নদীৰ বালিত ২০ টা বাহ পুলি ৰুলে। পিছলৈ ঘুৰি নোছোৱাকৈ ল’ৰেজনে ৰুই গ’ল এটাৰ পিছত এটা গছপুলি আৰু যত্ন ল’লে।   

 

২০০৮ চনত বন বিভাগৰ দ’ল এটাই ১১৫ টা হাতীৰ সন্ধানত গৈছিল। হাটীকেইটাই গাওঁত আক্ৰমণ কৰি পলাই ফুৰিছিল। তাত গৈ বন বিভাগৰ লোকৰ আচৰিত হোৱাৰ পাল।  ৫৫০ হেক্টৰৰ এখন ঘন অৰন্য যাব নেকি কেবল বালিচৰ বুলি ভবা হৈছিল। তেতিয়াই জনা যায় এই সেউজ সেনানী যাদৱ মোলাই পায়েঙৰ কথা। বিস্তৃত ব্ৰহ্মপুত্ৰ নদীৰ মাজত এজন মানুহৰ পৰিবেশৰ প্ৰতি সমৰ্পণৰ জীয়া ইতিহাসৰ প্ৰমান লাহে লাহে ৰাইজৰ মাজলৈ আহিব ধৰে। আজি তেখেতৰ নামেৰেই সেই অৰন্য জনাজাত “মোলাই অৰন্য ” হিছাপে।

 

আজিৰ দিনৰ সেই অৰন্যত আছে ঢেকীয়াপতীয়া বাঘ, গড়, ১০০ তকৈও অধিক হৰিণা পহূ আৰু শহা পহু। বহু বেলেগ বেলেগ বান্দৰৰ উপৰিও  বহু সংখ্যক শগুণ আছে। অৰ্জুন, কৰৈ, শিমলু, এজাৰ বগৰী, গমাৰি,সোণাৰু, কৃষ্ণচূড়া, চেগুন আদি গছে ঢাকি ৰাখিছে মোলাই কাঠনি। নিয়মিতভাৱে অহা প্ৰায় ১০০টা হাতীৰ জাকৰ বাবেও এই অৰণ্যখনে নিৰাপদ আশ্ৰয়স্থল হিচাপে কাম কৰে আৰু আনকি শেহতীয়া বছৰবোৰত ১০টা পোৱালিৰ জন্মও দেখা পাইছে।

 

 

এজন ব্যক্তিয়ে পৰিৱেশৰ ওপৰত কি প্ৰভাৱ পেলাব পাৰে তাৰ এক শক্তিশালী সোঁৱৰণী হিছাপে যাদৱ পায়েঙৰ কাহিনীয়ে পৃধিবীক আজিৰ জলবায়ু পৰিৱৰ্তনৰ যুগত সচেতন কৰি যাব। এই কাহিনী আমাক প্ৰকৃতিৰ সৈতে আমাৰ সম্পৰ্কৰ ওপৰত চিন্তা কৰিবলৈ প্ৰত্যাহ্বান। প্ৰাকৃতিক জগতখনক সংৰক্ষণৰ বাবে যিমানেই সৰু নহওক কিয়, পদক্ষেপ ল’বলৈ অনুপ্ৰাণিত কৰে। পায়েঙৰ নিজৰ কাৰ্য্যৰ প্ৰতি সমৰ্পণ আৰু সেউজ গ্ৰহৰ বাবে তেওঁৰ দৃষ্টিভংগীয়ে সমগ্ৰ বিশ্বৰ মানুহৰ মাজত অনুৰণন ঘটাইছে, যাৰ ফলত তেওঁক কেৱল এজন জাতীয় নায়ক নহয়, সংৰক্ষণ আৰু পৰিৱেশ পৰিচালনাৰ আন্তঃৰাষ্ট্ৰীয় ব্যক্তি হৈ পৰিছে।

২০১৫ চনত তেওঁ পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত তেওঁৰ উল্লেখযোগ্য প্ৰভাৱক স্বীকৃতি দি ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰীৰে সন্মানিত হয়।  জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য Sudhir Kumar Sopory য়ে ২০১২ চনত যাদৱ পায়েঙদেবক  “Forest Man of India” নাম দিয়ে। তেখেতক অসম কৃষি বিশ্ববিদ্যালয় আৰু কাজিৰঙা বিশ্ববিদ্যালয়ে সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে।

 

সেই অৰন্যৰ মাজতে ২০১২ চনলৈ গৰু-মহ পালন কৰি পত্নী বিনীতা দুই পুত্ৰ আৰু একমাত্ৰ কন্যাৰ সৈতে আছিল যদিও বৰ্তমানে ককিলামুখত আন একণ ঘৰ সাজি তাত থাকিব লৈছে। তেখেত সদায় সেই অৰন্যলৈ যায়।

Scroll to Top