পটল খেতি

Spread the love

 
 
পটল খেতি কিয় কৰিব?
  • পটল এবিধ বহু বছৰ ফল দিয়া অতি লাভজনক খেতি।
  • ভালকৈ কৰিব পাৰিলে এবিঘা মাটিৰেই ভালকৈ ঘৰ চলাব পাৰি।
  • গৰম আৰু বৰষুণ পটল খেতিৰ বাবে উপযোগী।
  • পানী জমা নোহোৱা ঠাই বাচি লব লাগে।
মাটি:
  • বিভিন্ন ধৰনৰ মাটিত জিকা খেতি কৰিব পাৰি। বালীয়া পলসুৱা মাটি, পলসুৱা যঠেষ্ট জৈৱিক পদাৰ্থ থকা মাটিত জিকা খেতি ভাল হয়। পি এইচ ৬.৫ ৰ পৰা ৭.৫ হ’লে ভাল হয়।
খেতি কৰাৰ আগতে জানিবলগীয়া:
  • পটল এবিধ একলিংগী ফচল। মানে জিকা, ভোল, তিয়হ, লাও আদি গছত একেডাল গছতে মতা আৰু মাইকী ফুল থাকে। কিন্তু পটলত মতা ফুল আৰু মাইকী ফুল দুয়োটা বেলেগ গছত থাকে। অৰ্থাৎ মতা ফুল থকা গছত পটল নালাগে, কিন্তু এই গছ এটা নিৰ্দিষ্ট অনুপাতত দৰকাৰ হয়।
  • চাং দি পটল এবাৰ ভালকৈ খেতি কেৰিলে তিনি বছৰলৈ এই খেতিয়ে ফচল দিয়ে। এবিঘা মাটিৰ পৰা সপ্তাহত ৫-৮ কুইন্টললৈ ফচল পাব পাৰি।
  • ফচল নিদিয়া সময়তো পটলৰ যত্ন লব লাগে।
  • পটল গছৰ গুৰি আৰু খেতিদৰা ভালকৈ পৰিষ্কাৰ কৰি ৰখা দৰকাৰ।
  • বহু সময়ত হাতেৰে মতা ফুলৰ ৰেণু নি পৰাগসংযোগ কৰিব লাগে।
  • বহু ঠাইত মাটি পটলৰ খেতি কৰা দেখা যায়, যত চাং দিয়াৰ দৰকাৰ নপৰে।
পটল কেনেকৈ লগোৱা হয়:
  1. গুটিৰ পৰা:  গুটিৰ পৰাও পটল লগাব পাৰি। এই ক্ষেত্ৰত কিমান মতা গছ আৰু কিমান মাইকী গছ থাকে কব নোৱাৰি। যাৰ বাবে উৎপাদন কম হয়। এই পদ্ধতিত সেয়েহে কমকৈ খেতি কৰা হয়।

     

  2. লতাৰ পৰা:  এই পদ্ধতিৰে এবছৰ পুৰণি গছৰ লতাৰ পৰা পটল লগোৱা হয়। আহিন কাতি মাহত এই লতাবোৰ লগোৱা হয়। মতা গছ আৰু মাইকী গছৰ লতাবোৰ বেলেগে বেলেগে আনিব লাগে। ৩ ৰ পৰা ৪ ফুট দীঘল একোডাল লতা এক বেগেটমান বহলকৈ পকাই ঘেৰ একোটা বনাব লাগে। ঘেৰটোৰ আগ একোটা অলপ দীঘলকৈ ৰাখিব লাগে। ইয়াৰ পিছত Bavistin বা Trichoderma Viridie মিহলি কৰা পানীত দহ মিনিটমান ডুবাই থব লাগে। পথাৰত লগাওতে মাটিৰ ৪ ইঞ্চিমান তলত ঘেৰটো পুতি আগৰ ২ ছে:মি: মান মাটিৰ বাহিৰত ওলাই থাকিব দিব লাগে। লগাই উঠি বেছি শুকান থাকিলে সামান্য পানী দিব পাৰি।

  3. শিপাৰ পৰা:
  • নৱেম্বৰ বা ডিচেম্বৰ মাহত শিপা থকা লতা বোৰ সংগ্ৰহ কৰা হয়।
  • মজবুট, ভাল ফল দিয়া, শিপা ভালকৈ বঢ়া, ৰোগমুক্ত গছ বিচাৰিব লাগে।
  • গছজোপাৰ গুৰিৰ চাৰিওফালে লাহে লাহে খান্দি শিপাবোৰ উলিয়াব লাগে।
  • মূল গছজোপাৰ পৰা শিপা থকা লতা কাটি লওক।
  • লতাবোৰ ৫-৬ ইঞ্চিমান দীঘল আৰু শিপা লাগি থকা হব লাগে।
  • এইবোৰ মূল পথাৰত পোনে পোনে লগাব পাৰি।
  • এই ব্যৱস্থাত গছ সোণকালে বাঢ়ে আৰু ফলো সোণকালে লাগে।
গছৰ দূৰত্ব:
  • মাটি পটলত গছৰ পৰা গছৰ দূৰত্ব ৩.৫ ফুট আৰু শাৰীৰ পৰা শাৰীৰ দূৰত্ব ৭ ফুট ৰখা দৰকাৰ।
  • চাঙৰ ক্ষেত্ৰত গছৰ পৰা গছৰ দূৰত্ব ৩.৫ ফুট আৰু শাৰীৰ পৰা শাৰীৰ দূৰত্ব ৫ ফুট ৰখা দৰকাৰ।
মতা গছ আৰু মাইকী গছৰ অনুপাত:
  • মতা গছৰ সংখ্যা কম হ’লে পটল কমকৈ লাগে। আনহাতে মতা গছ বেছিকৈ থাকিলেও কম মাইকী গছত পটল লগা বাবে উৎপাদন কম হয়। গতিকে এটা নিৰ্দিষ্ট অনুপাতত মতা আৰু মাইকী গছ থকা দৰকাৰ। মতা আৰু মাইকী গছৰ অনুপাত ১:৯ হব লাগে। মানে প্ৰতি ৯ ডাল মাইকী গছৰ বিপৰীতে ১ ডাল মতা গছ হব লাগে। আনহাতে মতা গছ বিলাক যাতে মাইকী গছবিলাকৰ ওচৰত পৰে তেনকৈ লগাব লাগে।
কৃত্ৰিম পৰাগসংযোগ:
  • কেতিয়াবা কীটনাশকৰ বাবে বা পোক পৰুৱা কম থকা বাবে পৰাগসংযোগত বাধা হৈ কম ফল লাগিব পাৰে। সেইবাবে কীটনাশক বৰ সাবধাণেৰে ব্যবহাৰ কৰিব লাগে। তাৰবাবে দুটা পদ্ধতি ব্যৱহাৰ কৰা হয়।
  • ৰাতিপুৱাতে মতা ফুলবোৰ চিঙি পাহিবোৰ আতৰাই অলপ পৰিষ্কাৰ পানীত তিয়াই থব লাগে। ইয়াৰ পিছত হাতেৰে ব্যবহাৰ কৰা সৰু স্প্ৰে মেছিনেৰে মাইকী গছবোৰত স্প্ৰে কৰি দিব লাগে।
  • মতা ফুলবোৰ চিঙি পাহি আতৰাই মাইকী ফুলবোৰত লগাই দিব লাগে। এইকামটো বৰ আমনিদায়কো হব পাৰে।
শস্য চপোৱা:
  • মাৰ্চ মাহৰ মাজভাগৰ পৰা ফল লাগিব আৰম্ভ কৰে।
  • ফল লগাৰ ৭ ৰ পৰা ১০ দিনৰ ভিতৰত চিঙিব পাৰি।
  • মাৰ্চ এপ্ৰিল মাহত সপ্তাহত ‌এবাৰ আৰু মে মাহৰ পৰা সপ্তাহত দুবাৰকৈ চিঙিব পাৰি।
  • ফলবোৰ ৰাতিপুৱাতেই চিঙিব লাগে তেতিয়া ফল বহুদিন বেয়া নোহোৱাকৈ থাকে।
শস্য ৰক্ষা:
ফল মাখি Fruit fly (Bactrocera cucurbitae)

ফলৰ মাখি হৈছে আটাইতকৈ গুৰুতৰ আৰু ধ্বংসকাৰী পোক যিয়ে লাগি থকা ফলবোৰ বেয়া কৰে। বাৰিষাৰ সেমেকা বতৰত মাখিয়ে কণী পাৰে। এই কণীবোৰ পৰৱৰ্তী সময়ত ফুটি পলুলৈ পৰিণত হয় যিয়ে কুমলীয়া ফলবোৰ খায় আৰু পটলবোৰ ধ্বংস কৰে।

নিয়ন্ত্ৰণ:
  • বেমাৰী আৰু পৰি যোৱা ফল বোৰ গোটাই আনি দুৰৰ গাতত পুতি পেলাব লাগে।
  • চপোৱাৰ পিছত হাল বাই মাটি গুৰি কৰিলে লেটাবোৰ ধ্বংস হয়।
  • তীব্ৰ আক্ৰমণত বিষাক্ত বেটিং ব্যৱহাৰ কৰিব লাগে।
  • মিথাইল ইউজেনল ব্যৱহাৰ কৰি ফান্দ বনাব পৰি। কেনেকৈ বনাব পাৰি পঢ়ক। link
  • ৫ গ্ৰাম তিতা মাছৰ গুড়ি পলিথিনৰ বেগত (২০ x ১৫চে.মি.) ছটা ফুটা (৩ মিলিমিটাৰ ব্যাসাৰ্ধ) কৰি ৰাখিব লাগে। মাছৰ গুৰিত কীটনাশক ব্যবহাৰ কৰিব পাৰি।
  • পাতত নীম তেল 80 মিলিলিটাৰ ১৬ লিটাৰ টেংকত মিহলাই স্প্ৰে কৰিব পাৰি। Activated Neem oil from Katyayani
ৰাসায়নিক নিয়ন্ত্ৰণ:
  • Profenofos 40% + Cypermethrin 4% EC থকা দৰব ৩০ মিলিলিটাৰ প্ৰতি ১৬ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে। Profex super.
  • Dimethoate 30% EC থকা কীটনাশক ১৬ লিটাৰ পানীত 4 গ্ৰাম মিহলাই পাতত স্প্ৰে কৰিব লাগে। যেনে FMC Rogor Insecticide

ৰঙা বিটল পোক Red Beetle or Pumpkin Beetle:
ক্ষতিৰ লক্ষণ:
  • পলুবোৰে (Grub) মাটিত লাগি থকা শিপা, কাণ্ড আৰু ফল-মূল খায়।
  • পৈনতবোৰে পাত আৰু ফুল খায়।
  • পটলৰ পাত ওলোৱা সময়তে ই পাত খাই গছ মাৰি পেলায়।
  • সাধাৰণতে ফেব্ৰুৱাৰীৰ পৰা এপ্ৰিল মাহৰ ভিতৰত এই পোকে আক্ৰমণ কৰে।
চিনাক্তকৰণ:
  • সদ্য ফুটাবোৰ লেতেৰা বগা।
  • সম্পূৰ্ণ ডাঙৰ হোৱা লেটাৰ ৰঙ ক্ৰীম হালধীয়া
  • পৈনত:
  1. Aulacophora foveicollis-  ৰঙা ৰঙৰ
  2. Cincta: ধূসৰ ৰঙৰ জিলিকি থকা হালধীয়া ৰঙা সীমা থাকে।
  3. Intermedia: নীলা ৰঙৰ
নিয়ন্ত্ৰণ:
  • পোকৰ লেটাবোৰ মাটিত থাকে। গতিকে খেতি কৰাৰ আগতে ভালকৈ হাল বোৱাটো জৰুৰী।
  • পাতত নীম তেল 80 মিলিলিটাৰ ১৬ লিটাৰ টেংকত মিহলাই স্প্ৰে কৰিব পাৰি। Activated Neem oil from Katyayani
  • গোবৰৰ লগত কেৰাচিন তেল মিহলাই ৰাতিপুৱা পুলিৰ গুৰিত ছতিয়াই দিব লাগে।
  • Malathion 50 EC 100 মিলিলিটাৰ প্ৰতি বিঘাত স্প্ৰে কৰিব পাৰি।

লতা আৰু ফলৰ পচি যোৱা ৰোগ Vine and Fruit Rot

 

  • এইটো মাটিৰ পৰা হোৱা ভেঁকুৰজনিত জটিল ৰোগ।
  • আক্ৰান্ত ফলবোৰ তিতি থকা, সেউজীয়া-ক’লা ৰঙৰ দাগ দেখা যায়।
  • পিছলৈ দাগবোৰ বাঢ়ি গৈ ফলবোৰ পচি যায়, যাৰ ফলত এটা লেতেৰা দুৰ্গন্ধ ওলায়।
  • মাটিৰ ওচৰত থকা ফলবোৰ এই ৰোগত অধিক আক্ৰান্ত হয়।
  • এই ৰোগৰ প্ৰধান বৈশিষ্ট্য হ’ল লতা আৰু ফল উভয়ৰে পচি যোৱা।
  • এই বেমাৰে উৎপাদনত অন্যতম ভাবে প্ৰভাব পেলায়।
নিয়ন্ত্ৰণ:
  • ফলবোৰ মাটিৰ সংস্পৰ্শলৈ অহাত বাধা দিয়াটো অতি গুৰুত্বপূৰ্ণ।
  • ৰোগ নাবাঢ়িবলৈ ৰোগ দেখা দিয়া লতা আৰু ফল চিঙি আঁতৰত পেলাব লাগে।
  • Mancozeb 75 % WP থকা ভেঁকুৰ নাশক ১৬ লিটাৰ পানীত ২৪ ৰ পৰা ৩২ গ্ৰাম মিহলাই স্প্ৰে কৰিব লাগে। Indofil M-45 স্প্ৰে কৰোতে যাতে মাটিৰ ওচৰত থকা পাতবোৰটো কৰা হয় সেয়া লক্ষ্য কৰা দৰকাৰ।
  • Chlorothalonil 75 % WP থকা ভেঁকুৰ নাশক ১৬ লিটাৰ পানীত ১৬ ৰ পৰা 24 গ্ৰাম মিহলাই স্প্ৰে কৰিব লাগে। Kavach Fungicide স্প্ৰে কৰোতে যাতে মাটিৰ ওচৰত থকা পাতবোৰটো কৰা হয় সেয়া লক্ষ্য কৰা দৰকাৰ।
  • Metalaxyl at 4% and Mancozeb at 64% WP থকা ভেঁকুৰ নাশক ১৬ লিটাৰ পানীত ১৬ ৰ পৰা ২৪ গ্ৰাম মিহলাই পাতৰ তলফালে স্প্ৰে কৰিব লাগে। Ridomil Gold স্প্ৰে কৰোতে যাতে মাটিৰ ওচৰত থকা পাতবোৰটো কৰা হয় সেয়া মন দিব লাগে ।
পাওদাৰী মিলদিউ Powdery mildew:
ক্ষতিৰ লক্ষণ:
  • বগাৰ পৰা লেতেৰা বগা দাগ পাতত দাগ হিচাপে দেখা দিয়ে।
  • ডাঙৰ হোৱাৰ লগে লগে বগা গুড়িৰ দৰে হয়।
  • গুড়ি গছৰ পাত ডাল আদিত ভৰি পৰে আৰু পাত সৰি পৰে।
নিয়ন্ত্ৰণ:
  • গছত মাজত সঠিক ব্যৱধান থাকিলে বায়ুৰ পৰিবহন উন্নত হয়, যাৰ ফলত আৰ্দ্ৰতাৰ মাত্ৰা হ্ৰাস পায় আৰু ভেঁকুৰ বৃদ্ধি নহয়।
  • গছবোৰে পৰ্যাপ্ত পৰিমাণৰ সূৰ্যৰ পোহৰ পোৱাটো দৰকাৰ।
  • নিয়মিতভাৱে গছৰ পৰা বেমাৰী পাত আৰু ডাল আঁতৰাই দিব লাগে, যাৰ ফলত বায়ুৰ সঠিক প্ৰবাহ নিশ্চিত হয় আৰু ৰোগৰ বিস্তাৰ ৰোধ হয়। জোখতকৈ বেছি লতা বগালে কাটি দিব লাগে।
ৰাসায়নিক নিয়ন্ত্ৰণ:

15 দিনৰ মূৰে মুৰে তলত দিয়া এবিধ দৰব ব্যৱহাৰ কৰিব পাৰে।

  • Sulphur 80 WP (0.3 %) ২ ৰ পৰা ৪ গ্ৰাম প্ৰতি লিটাৰ পানীত বা ৩২ ৰ পৰা ৬৪ গ্ৰাম প্ৰতি ১৬ লিটাৰ পাম্পত মিহলাই স্প্ৰে কৰিব লাগে। Sultaf from Tata rallis
  • Carbendazim 12% + Mancozeb 63% WP  ২ ৰ পৰা ৪ গ্ৰাম প্ৰতি লিটাৰ পানীত বা ৩২ ৰ পৰা ৬৪ গ্ৰাম প্ৰতি ১৬ লিটাৰ পাম্পত মিহলাই স্প্ৰে কৰিব লাগে। Saaf from UPL
  • Carbendazim 50% WP থকা দৰব প্ৰতি ১৬ লিটাৰ পানীত ৪০ গ্ৰাম প্ৰতি বিঘাত স্প্ৰে কৰিব লাগে। Bavistin

ডাউনী মিলদেউ Downy mildew

ক্ষতিৰ লক্ষণ:
  • গাঢ় সেউজীয়া আৰু শেতা সেউজীয়া বা হালধিয়া মোজাইকৰ দৰে পাতত দেখা যায়।
  • সেমেকা বতৰত পাতৰ তলভাগ শেতা বেঙুনীয়া ৰঙৰ ভেঁকুৰৰে ভৰি পৰে
  • গোটেই পাতটো সোনকালে শুকাই যায়।

নিয়ন্ত্ৰণ:
  • ভালকৈ পানী ওলাই যোৱাৰ ব্যবস্থা লাগে। ওখ ভেটি কৰি নিৰ্দিষ্ট দূৰত্বত গছ লগালে ভালকৈ বতাহ চলাচল কৰিব পাৰে আৰু এই বেমাৰৰ
  • Mancozeb 75 % WP থকা ভেকুৰ নাশক ১৬ লিটাৰ পানীত ২৪ ৰ পৰা ৩২ গ্ৰাম মিহলাই স্প্ৰে কৰিব লাগে। Indofil M-45
  • Chlorothalonil 75 % WP থকা ভেকুৰ নাশক ১৬ লিটাৰ পানীত ১৬ ৰ পৰা 24 মিহলাই স্প্ৰে কৰিব লাগে। Kavach Fungicide
  • Metalaxyl at 4% and Mancozeb at 64% WP থকা ভেকুৰ নাশক ১৬ লিটাৰ পানীত ১৬ ৰ পৰা ২৪ গ্ৰাম মিহলাই পাতৰ তলফালে স্প্ৰে কৰিব লাগে। Ridomil Gold

শিপাত গাঠি লগা ৰোগ Root node nematode
  • শিপাত গাঠি গঠন হোৱাটোৱেই ইয়াৰ বৈশিষ্ট্যপূৰ্ণ লক্ষণ।
  • ৰোগৰ প্ৰাদুৰ্ভাৱ জাত, মাটিৰ প্ৰকাৰ আৰু মাটিত থকা নিমাটোডৰ ওপৰত নিৰ্ভৰ কৰে।
  • গুৰুতৰ ভাবে আক্ৰমণ কৰিলে গছ বঢ়া বন্ধ হৈ থাকে আৰু আনকি গছ মৰিও যায়।

নিয়ন্ত্ৰণ:

 

  • মাটি ভালকৈ হাল বাই শুকাই লোৱা অতি দৰকাৰ।
  • শেষৰবাৰ হাল মাৰোতে আগতে নিম কেক ৩৫ কিলগ্ৰাম প্ৰতি বিহাত প্ৰয়োগ কৰা ভাল।
  • গছ ৰোৱাৰ ৪৫ দিনৰ পিছত কাৰ্ব’ফুৰেন ৩ জি ২.৫ গ্ৰাম গছৰ চাৰিওফালে প্ৰয়োগ কৰিব লাগে। Furadan
  • Malathion 50 EC 100 মিলিলিটাৰ প্ৰতি বিঘাত স্প্ৰে কৰিব পাৰি।
Scroll to Top