তিয়হ খেতি

Spread the love

তিয়হ খেতি

 
 
তিয়হ খেতিৰ জানিবলগীয়া:
  • ব্যবসায় ভিত্তিত অতি কম দিনতে তিয়হ খেতিৰ লাভ উলিয়াব পাৰি।
  • অলপ টকা জেং বা নেট দিওতে খৰচ হয়।
  • ভালদৰে পানী ওলাই যোৱা মাটি থকা ৰ’দঘাই ঠাই বাছি লওক।
  • ফুল ফুলা আৰু ফল ধৰাৰ সময়ত পানীৰ অভাব হব দিব নালাগে।
  • কীট-পতংগ আৰু ৰোগৰ প্ৰতি চকু ৰাখিব আৰু প্ৰয়োজন অনুসৰি নিয়ন্ত্ৰণ কৰিব।
  • ফলবোৰ সঘনাই চপালে বজাৰত চকুত লগা হয়।
বতৰ:
  • গৰম জলবায়ু তিয়হৰ বাবে দৰকাৰী। ২৫ ৰ পৰা ৩৫ ডিগ্ৰী ছেন্টিগ্ৰেডৰ উঞ্চতা তিয়হ খেতিৰ বাবে সুবিধাজনক।
  • অত্যাধিক বৰষুণৰ সময়ত তিয়হৰ কলিবোৰ নষ্ট হয়।
  • অতি ঠাণ্ডাত গছ নাবাঢ়ে।
  • পানী ওলাই যোৱাৰ সুবিধা কৰাৰ দৰকাৰ।
মাটি:

বিভিন্ন ধৰনৰ মাটিত তিয়হ খেতি কৰিব পাৰি। বালীয়া পলসুৱা মাটি পলসুৱা যঠেষ্ট জৈৱিক পদাৰ্থ থকা মাটিত তিয়হ খেতি ভাল হয়। পি এইচ ৫.৫ ৰ পৰা ৬.৮ হ’লে ভাল হয়, মানে আম্লিক মাটিত তিয়হ ভাল হয়।

উন্নত জাতসমূহ:

 

 

 

  1. MALINI: SEMINIS কম্পেনীৰ অধিক ফলনশীল আগতীয়াকৈ কৰা এই তিয়হবিধ সমগ্ৰ ভাৰততে জনপ্ৰিয়। মজবুট গছজোপাত ডাল পাতে ভৰি থাকে। তিয়হবোৰ পাতল সেউজীয়া। ফলবোৰ ১৯-২২ ছে:মি: দীঘল আৰু ৪-৫ ছে:মি: বহল আৰু ২০০-২৫০ গ্ৰাম ওজনৰ হয়। ৪৩-৪৫ দিনত প্ৰথম চিঙিব পাৰি।
  2. GLOSSY: Syngenta ৰ এই তিয়হবিধ তুলনামুলকভাবে বেছি দিনলৈ চিঙিব পাৰি বা গছ বাচি থাকে। সমান আকাৰৰ আকৰ্ষনীয় ধুনীয়া ফল পোৱা যায়। পাতত লগা বেমাৰ কিছুমানৰ প্ৰতিৰোধী। আগতীয়া খেতিৰ ৪২-৪৫ দিন পিছত প্ৰথম চিঙিব পাৰি। পাতল সেউজীয়াৰ পৰা সেউজীয়া দুই ৰঙ মিহলি থকা ফল দেখা যায়। ১৮-২২ ছে:মি: দীঘল আৰু ৩.৫ ৰ পৰা ৪.৫ ছে:মি বহল তিয়হ পোৱা যায়। শাৰীৰ পৰা শাৰীৰ দূৰত্ব ৪ ফুট আৰু পুলিৰ পৰা পুলিৰ দূৰত্ব ২ ফুট হব লাগে।
  3. Nazia: East West Seeds ৰ এই অধিক ফল দিয়া তিয়হবিধ আকৰ্ষণীয় সেউজীয়া ৰঙৰ হয়। তিয়হবোৰ ১৮-২০ ছে:মি: দীঘল আৰু ৪ ৰ পৰা ৫ ছে:মি বহল আৰু ১৫০ ৰ পৰা ১৮০ গ্ৰাম ওজনৰ হয়। ৪০-৪৫ দিনত প্ৰথম চিঙিব পাৰি। ডাল পাতেৰে ভৰি থকা শক্তিশালী গাগছ থাকে। সহজে ইয়াৰ খেতি কৰিব পাৰি তথা বিভিন্ন পৰিবেশত সহজে খাপ খায়। বাৰিষাও ইয়াৰ খেতি কৰিব ভাল।
  4. Encounter: East West Seeds ৰ এই তিয়হৰ গছবিধত অধিক ডাল থাকে। আকৰ্ষণীয় পাতল সেউজীয়া ৰঙৰ ফলবোৰ ১৮-২০ ছে:মি: দীঘল, আৰু ১৬০-১৮০ গ্ৰামৰ হয়। ৪০-৪২ দিনত প্ৰথম চিঙিব পাৰি, সহজে যিকোনো পৰিবেশত মিলি যায় আৰু ফলবোৰ বেছি দিনলৈ ৰাখিব পাৰি।
  5. KRISH F1: VNR ৰ এই তিয়হবিধ অতি সোনকালে লাগিব ধৰে, প্ৰায় ৩০-৩৫ দিনত। সেউজীয়া তিয়হবোৰ ১৮-২০ ছে:মি: দীঘল, ৩.৫-৪ ছে:মি: বহল আৰু ১৫০-২০০ গ্ৰাম ওজনৰ হয়। দুৰৰ বজাৰত নিবৰ বাবে ভাল। কেবাবাৰো চিঙিব পাৰি। পুলি সৰু থাকোতে ভালকৈ যত্ন লব লাগে। শাৰীৰ পৰা শাৰীৰ দূৰত্ব ৪-৬ ফুট আৰু পুলিৰ পৰা পুলিৰ দূৰত্ব ১.৫-২ ফুট হব লাগে।
  6. NS-404: Namdhari কম্পেনীৰ এই তিয়হবিধৰ গুটিবোৰ দেৰিকে বুঢ়া হয়, ফলবোৰ পাতল সেউজীয়া ১৫-২৮ ছে:মি: দীঘল হয় আৰু ২০০-২২০ গ্ৰাম ওজন হয়। ৩০-৩২ দিনতে চিঙিব পাৰি আৰু ফলবোৰ বেছিদিনলৈ ভালে থাকে।
  7. KSP 1532: বাৰিষাও কৰিব পৰা এই তিয়হবিধ পাউডাৰী মিলদেউ আৰু ডাউনী মিলদেউ বেমাৰৰ প্ৰতিৰোধী। ৪২-৪৫ দিনত চিঙিব পাৰি, ১৮০-২২০ গ্ৰাম ওজনৰ আৰু ১৭-২০ ছে:মি: দীঘল হয়।
  8. KSP1427 HANSA: KALASH কম্পেনীৰ এই তিয়হবিধ আগতীয়াকৈ কৰিব পাৰি। সোণকালে চিঙিব পৰা হয়, প্ৰায় ৪২-৪৬ দিনত। সেউজীয়া আৰু পাতল সেউজীয়া দুয়োটা ৰঙ থাকে। ২৫-১৮ ছে:মি: দীঘল তিয়হবোৰ ২০০-২৫০ গ্ৰাম ওজনৰ হয়।
  9. Chinese green: মধ্যমীয়া পলমকৈ, পোন জাতৰ, অতি কঠিন, উৎপাদনশীল, ফল অতি দীঘল (৫০ ছে:মি:), চিকন, গভীৰ সেউজীয়া ছাল, বগা কাঁইটীয়া, মাংস বগা।
  10. Pusa Sanyog: আগতীয়া আৰু অধিক উৎপাদনশীল সংকৰ; ফল ২৮ৰ পৰা ৩০ ছে:মি: দীঘল, নলাকাৰ, হালধীয়া ৰেখাৰে গাঢ় সেউজীয়া, ৫০ দিনৰ বাবে পৰিপক্কতা।
  11. Poinsette: ফলবোৰ গাঢ় সেউজীয়া, ২০ৰ পৰা ২৫ ছে:মি: পাউডাৰী মিলদেউ, ডাউনি মিলদেউ,এন্থ্ৰেকন’জ আৰু angular leaf spot প্ৰতিৰোধী।
  12. AAUC-1: আগতীয়া জাত, অধিক ফল দিয়া, ফল চপোৱাৰ পৰ্যায়ত পাতল সেউজীয়া ৰঙৰ, পকাৰ সময়ত সামান্য হালধীয়া-বাদামী ৰঙৰ হয়, মধ্যমীয়া কাঁইটীয়া হোৱা ফল, ফলৰ ওপৰত ১০ ডাল আচ থাকে। ফলৰ গড় ওজন ৩৫৫ গ্ৰাম। গড় হিচাপত আগতীয়াকৈ ৰোপণ কৰিলে ই ৭৩ কুইন্টল প্ৰতি হেক্টৰত উৎপাদন পোৱা যায়।
  13. AAUC-2 : গড় ৩৬২ গ্ৰাম ওজনৰ ফলৰ সৈতে প্ৰচুৰ ফল লাগে, সেউজীয়া ৰঙৰ চপোৱাৰ পৰ্যায়ত আৰু পৰিপক্কতাৰ সময়ত হালধীয়া বাদামী ৰঙৰ, মধ্যমীয়া কাঁইটীয়া পৃষ্ঠভাগত ১০টা ৰেখা থাকে। বচৰৰ মাজভাগত লগালে কৰিলে গড় উৎপাদন ৭৩ কুইন্টল প্ৰতি হেক্টৰ ফল পোৱা যায়।
সময়:
  • ঘৰত খাবৰ বাবে যিকোনো গৰমৰ সময়ত তিয়হৰ খেতি কৰিব পাৰি।
  • ব্যবসায় ভিত্তিত কৰিলে অলপ সাবধান হব লাগে কাৰণ তিয়হৰ দাম কিছুমান সময়ত পানীৰ দৰ হয়। তাতে বিক্ৰীও কৰিব নোৱাৰা হয়। বজাৰত তিয়হ এটা নিৰ্দিষ্ট পৰিমাণৰ হে বিক্ৰী হয়। গতিকে অধিক উৎপাদন হ’লে বজাৰত বিক্ৰী নোহোৱা হয়।
  • যি ঠাইত জানুৱাৰী মাহত গৰম অলপ থাকে তাত তিয়হ লগাই অধিক লাভ কৰিব পাৰি।
  • ডিচেম্বৰ জানুৱাৰী মাহত মাটি তিয়হৰ খেতি কৰিব পাৰি।
  • নৱেম্বৰ ডিচেম্বৰত গ্ৰীন হাউচত তিয়হ লগাব পাৰি।
  • জানুৱাৰীৰ শেষত বা ফেব্ৰুৱাৰীৰ প্ৰথমতে আগতীয়াকৈ উলিয়াব পাৰি।
  • মে-জুন-জুলাই-আগষ্টত বাৰিষাৰ তিয়হত দাম পাব পাৰি।
বীজ শোধন:
  • তিয়হৰ বীজ শোধন কৰাটো অতি দৰকাৰী, নহলে মাটিত পচি যাব পাৰে। বীজ শোধন কৰিলে আগলৈ বহুত বেমাৰৰ পৰা সাৰিব পাৰি আৰু দৰবৰ খৰচ কমি যায়।
  • জৈবিকভাবে শোধন কৰিবলৈ বীজ তিয়াই থওতে Trichoderma viride ৪ গ্ৰাম বা Pseudomonas fluorescens ১০ গ্ৰাম মিহলাই লব লাগে।
  • যদি জৈবিকভাবে নকৰে তেন্তে ২ গ্ৰাম Bavistin ব্যবহাৰ কৰিব পাৰে।
বীজ ৰোপন:
মাটি তিয়হৰ বাবে:
  • প্ৰতিটো শাৰীৰ পৰা শাৰীৰ দূৰত্ব ৫ ফুট ৰাখিব লাগে। পুলিৰ পৰা পুলিৰ দূৰত্ব ৪ ফুট ৰাখিব লাগে। মাটি তিয়হৰ বাবে স্থানীয় সচ ব্যবহাৰ কৰিলেই ভাল।
  • তিয়হ পুলিবোৰ ২৫ দিন মান হোৱাৰ পিছত গুৰিৰ বন বাট আতৰাই সাৰ দি গুৰিত মাটি ছপাই দিয়া হয়। ইয়াৰ পিছত ক্ষেৰ পাৰি তাৰ ওপৰত তিয়হ বগাবলৈ সুবিধা কৰিব দিব লাগে।
  • যদি এটা এটা টিলা কৰি সিঁচে তেন্তে তিনিটা গুটি দিয়া এটা টিলাৰ পৰা আনটো টিলালৈ ৪ ৰ পৰা ৫ ফুট দূৰ হোৱাটো দৰকাৰ।
জেং তিয়হ:

প্ৰথম মন কৰিবলগীয়া কথাটো হৈছে জেং দিয়াৰ খৰচ আৰু শ্ৰমিক হাততে পোৱা যাব নে নাই। সেই অনুসৰি জেং, ৰচী বা নেট ব্যবহাৰৰ কথা ভাবিব পাৰি। তদুপৰি তিয়হ কম দিনৰ শস্য। গতিকে তিয়হৰ লগতে বেলেগ খেতিও কৰিব পাৰি নেকি চাব লাগে, বিশেষকৈ মালচিং ব্যবহাৰ কৰিলে।

জেং তিয়হৰ ৰোপন কৰা উপাই:
  • পৰম্পৰাগতভাবে একোটা ১.৫ ফুট বহল ঘুৰণীয়া টিলা কৰি তাত তিনিটামান তিয়হৰ গুটি লগোৱা হয়। ঘৰুৱাভাবে কৰিলে তেনেকৈ কৰিব পাৰি। তাত বাহৰ আগলি একোটা পুতি দিব পাৰি।
  • ব্যবসায় ভিত্তিত কৰিলে শাৰী শাৰীকৈ লগোৱা হয়। দুটা শাৰীৰ মাজৰ দূৰত্ব ৪ ফুটতকৈ কম ৰাখিব নালাগে। আনহাতে গুটিবোৰ ২ ফুটৰ দুৰে দুৰে দিব পাৰি। আগতীয়কৈ বহুত খেতিয়কে কম সময়ত অধিক ফল পাবৰ বাবে ১ ফুটমান দুৰে দুৰে গুটি দিয়া দেখা যায়। এই ক্ষেত্ৰত অধিক উৎপাদন পাব নোৱাৰি কিন্তু সোণকালে দাম থাকোতে বজাৰত পৰ্য্যাপ্ত তিয়হ ওলিয়াব পাৰি।
  • দীঘলীয়াকৈ ওখ ভেটি কৰি খেতি কৰিলে পানী ওলাই যোৱাত সুবিধা হয় লগতে পানী দিবও সুবিধা হয়। ৩ ফুট বহল ভেটিবোৰৰ মাজত ১.৫ ফুটমান নলা কৰিব লাগে। ভেটিবোৰত জিগ-জাগকৈ দুয়োফালে ২.৫ ফুটমান দুৰে দুৰে গুটি একোটাকৈ দি যাব পাৰি। এনেকৈ গুটি দিলে কেইটামান গুটি প্লাষ্টিকৰ বেগটো এটা বেগত এটাকৈ দি যাব লাগে। যদি কৰবাত গুটি গজে তাৰ পৰা আনি লগাব পাৰি।
  • মালচিং কাগজ ব্যবহাৰ কৰিলে তিয়হৰ জীৱনকাল তিনি মাহমানত কাগজ ভালে থাকে। গতিকে তিয়হ খেতি শেষ হোৱাৰ লগে লগে বা তিয়হ লগোৱাৰ ১৫ দিনমান পিছত বেলেগ খেতি যেনে তিতা কেৰেলা জিকা ভোল আদি দিয়াৰ কথা চিন্তা কৰিব লাগে। মালচিং পাৰা ভেটিবোৰত জিগ-জাগকৈ দুয়োফালে ২.৫ ফুটমান দুৰে দুৰে গুটি একোটাকৈ দি যাব পাৰি। এনেকৈ গুটি দিলে কেইটামান গুটি প্লাষ্টিকৰ বেগটো এটা বেগত এটাকৈ দি যাব লাগে। যদি কৰবাত গুটি গজে তাৰ পৰা আনি লগাব পাৰি। ইয়াৰ লগতে তিতা কেৰেলাৰ গুটিও ৫ ফুটমানৰ দুৰে দুৰে দি যাব পাৰি। তিয়হৰ চপোৱাৰ লগে লগে তিয়হৰ গছবোৰ গুৰিতে কাটি দিলে তিয়হৰ লতাবোৰেও তিতা কেৰেলা বগোৱাত সহায় কৰে। মনত ৰখা দৰকাৰ যে তিয়হ খেতিত তিনিমাহমান পিছত মাত্ৰ সামান্য ফলহে পোৱা যায়।
সাৰ প্ৰয়োগ:
  • তিয়হ খেতিত সদায় জৈবিক সাৰ অধিক লাগে। সেয়েহে বিঘাই প্ৰতি
  • ৩ টনমান গোবৰ বা পচন সাৰ ব্যবহাৰ কৰিব লাগে।
  • ১২ কিলগ্ৰাম নাইট্ৰজেন থকা সাৰ (Urea),
  • ৩৬ কিলগ্ৰাম একক চুপাৰ ফচফেট (SSP)
  • ১৬ কিলগ্ৰাম পটাচ থকা সাৰৰ দৰকাৰ হয় (MOP)।
  • আধা নাইট্ৰজেন থকা সাৰ আৰু বাকী সকলো সাৰ শেষৰবাৰ হাল বাওতে ছটিয়াই লব লাগে। বাকী আধা নাইট্ৰজেন জাতীয় সাৰ পুলি ৩০ দিন হওতে পুলিৰ গুৰিৰ পৰা এক ফুট আতৰে আতৰে দিব লাগে।
  • ২০ দিন পিছৰ পৰা প্ৰতি দুই সপ্তাহৰ মূৰে মূৰে NPK 19:19:19 স্প্ৰে কৰি থাকিব লাগে।
  • Ethrel নামৰ দৰব বিধ ৩.৫ মিলিলিটাৰ প্ৰতি ১৬ লিটাৰ পানীত মিহলাই পুলিৰ ১৫ দিন বয়সৰ পৰা প্ৰতি সপ্তাহত স্প্ৰে কৰি থাকিব লাগে। ই মাইকী ফুলৰ সংখ্যা বৃদ্ধি কৰি অধিক উৎপাদনত সহায় কৰে।
  • Micronutrient Fertilizer যেনে Multiplex Kranti বা Multiplex General Liquid ৩২ ৰ পৰা ৪০ মিলিলিটাৰ প্ৰতি ১৬ লিটাৰ পানীত মিহলাই ২ বা ৩ সপ্তাহৰ মূৰে মূৰে স্প্ৰে কৰি থাকিব লাগে।
জেং দিয়া বা হেন্দালি:
  • ঘৰত খাবলৈ কৰা খেতিৰ বাবে বাহৰ আগলি দিলেই তিয়হৰ বাবে যঠেষ্ট হয়।
  • যাৰ ঘৰত বাহ বেছিকৈ থাকে বা শ্ৰমিকৰ অভাৱ নাই তেনে লোকে বাহৰ ৬ ফুটমান দীঘল কামি ব্যবহাৰ কৰে। এই ক্ষেত্ৰত এডাল দীঘল বাহ তিনি চাৰটামান খুটাত পঠালিকৈ ডাঙি ৰখা হয়। তাত দুয়োপিনৰ পৰা আধা ফুটমান দুৰে দুৰে বাহৰ কামি পাৰি দিয়া হয়। কামিবোৰত জোৰ কামি এজোৰ বান্ধি দিব লাগে যাতে লৰচৰ নহয়। বাহবোৰ খেতি উঠাৰ পিছত ভালকৈ বৰষুণ নপৰা ঠাইত ৰাখি পুনৰাই ব্যবহাৰ কৰিব পাৰি।
  • বাহ কম থাকিলে এডাল দীঘল বাহ তিনি চাৰটামান খুটাৰ সহায়ত পঠালিকৈ ডাঙি ৰখা হয়। তাৰ তলত দীঘলে দুডাল জি আই বা Pet wire টানি দিয়া হয়। তলৰ তাৰডাল মাটিৰ পৰা আধাফুটমান ওপৰত টানিলেই হয়। ইয়াৰ পিছত চিত্ৰত দেখুৱাৰ দৰে কম দামৰ প্লাষ্টিকৰ ৰচীৰে জিগ জাগ কৈ টানি দিন পাৰি।
  • আজিকালি বজাৰত ৫০ মিটাৰ দীঘল আৰু ৪ বা ৫ বা ৬ ফুট ওখ Crop support net পোৱা যায়। শ্ৰমিক কম থকা খেতিয়কৰ বাবে ই অতি সহজ উপাই হৈ পৰিছে। নেট একোখন ভলীবলৰ নেটাখনৰ দৰেই প্ৰায় এক ফুট দীঘল বহল ফুটা থাকে। বাহ এডাল খুটাৰ সহয়ত পঢালিকৈ ৰাখি তাত এনে নেট বান্ধি সহজে খেতি কৰিব পাৰি। এই নেটসমূহ বাৰে বাৰে ব্যবহাৰ কৰিব পাৰি।

শস্য ৰক্ষা:
ফল মাখি Fruit Fly

ক্ষতিৰ ধৰন
  • পলুবোৰে ফলৰ গুড়ি খায়।
  • ফলৰ পৰা তেলজাতীয় তৰল পদাৰ্থৰ ওলাই থাকে।
  • ফল বেকা বেকি হৈ বজাৰত ভাল দাম পোৱা নাযায়।
  • ফল-মূল অকালতে সৰি পৰে আৰু লগতে খোৱাৰ অনুপযোগী।
চিনাক্তকৰণ:
  • কণী: ফলৰ ওপৰত থুপ থাকে।
  • পলু: লেতেৰা বগা দেখা যায়।
  • লেটা: মাটিত লেটা হয়
  • পৈনত:
  1. Bactrocera cucurbitae: ডেউকাৰ আগত বাদামী আৰু ধূসৰ ৰঙৰ দাগ থাকে
  2. Bactrocera ciliates: বাদামী ৰঙৰ শৰীৰ। Bactrocera cucurbitae তকৈ সৰু।
  3. B. zonata: শৰীৰ হালধীয়া আৰু শেঁতা হালধীয়া বেণ্ড থাকে।
নিয়ন্ত্ৰণ:
  • বেমাৰী আৰু পৰি যোৱা ফল বোৰ গোটাই আনি দুৰৰ গাতত পুতি পেলাব লাগে।
  • চপোৱাৰ পিছত হাল বাই মাটি মাটি গুৰি কৰিলে লেটাবোৰ ধ্বংস হয়।
  • তীব্ৰ আক্ৰমণত বিষাক্ত বেটিং ব্যৱহাৰ কৰিব লাগে
  • মিথাইল ইউজেনল ব্যবহাৰ কৰি ফাণ্ড বনাব পৰি। কেনেকৈ বনাব পাৰি পঢ়ক। link
  • ৫ গ্ৰাম তিতা মাছৰ গুড়ি পলিথিনৰ বেগত (২০ x ১৫চে.মি.) ছটা ফুটা (৩ মিলিমিটাৰ ব্যাসাৰ্ধ) কৰি ৰাখিব লাগে। মাছৰ গুৰিত কীটনাশক ব্যবহাৰ কৰিব পাৰি।
  • নীমৰ তেল ব্যবহাৰ কৰিব পাৰি।
ৰাসায়নিক নিয়ন্ত্ৰণ:
  • Profenofos 40% + Cypermethrin 4% EC থকা দৰব ৩০ মিলিলিটাৰ প্ৰতি ১৬ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে। Profex super. ফুল ফুলাৰ পিছত এই দৰব স্প্ৰে কৰিব নালাগে

পাতত সুৰঙ্গ সৃষ্টিকাৰী পোক (Serpentine leaf miner):

পাত সুৰংগকাৰী পোকে শাক-পাচলি, ফল-মূল আৰু অলংকাৰিক গছকে ধৰি বহুতো গছত আক্ৰমণ কৰে। বিলাহী, আলু, ভীমকল, নেমুজাতীয় গছ, কচু, জলকীয়া, পটল, বীন, বুট, তিয়হজাতীয় শস্য আৰু কবিজাতীয় শাক-পাচলি সাধাৰণতে এই ৰোগ হয়। সময়ত ব্যবস্থা নকৰিলে বহুত ক্ষতি হব পাৰে।

ক্ষতি আৰু লক্ষণ:
  • পলুবোৰে পাতৰ ভিতৰত সুৰংগ বনাই খাদ্য গ্ৰহণ কৰে। ইয়াৰ ফলত পাতৰ সেউজীয়া ৰং নাইকীয়া হৈ বগা ৰেখা কিছুমান পাতত দেখা যায়।
  • আক্ৰান্ত পাতবোৰ শেঁতা বা হালধীয়া দেখাব পাৰে আৰু বেছি ৰোগ হ’লে বাদামী হৈ শুকাই যাব পাৰে।
  • ৰোগ অধিক হ’লে গছজোপা বাঢ়িব নোৱাৰা হৈ পৰে। যাৰ ফলত ফলৰ উৎপাদন হ্ৰাস পায় আৰু ফলবোৰ উন্নত নহব পাৰে।
  • বেমাৰী পাত শুকাই পূৰঠ হৈ সৰি পৰে।
  • গছজোপা দূৰ্বল হোৱা বাবে বেলেগ বেমাৰ হব পাৰে।
নিয়ন্ত্ৰণ:

সদায় সংহত নিয়ন্ত্ৰণ ব্যবস্থা লব লাগে।

প্ৰতিৰোধ ব্যবস্থা:
  • খেতিদৰাৰ পৰা অদৰকাৰী অপতৃণ আতৰাই পৰিষ্কাৰ কৰি ৰাখিব লাগে। লগতে আগৰ খেতিৰ পৰি ৰোৱা অংশ পচি যোৱাৰ ব্যবস্থা কৰিব লাগে।
  • হালধীয়া আঠালগা ফাণ্ড ব্যবহাৰ কৰি ইয়াৰ আক্ৰমণৰ চিন আগতীয়াকৈ পাব পাৰি।
  • পাতত নীম তেল 80 মিলিলিটাৰ ১৬ লিটাৰ টেংকত মিহলাই স্প্ৰে কৰিব পাৰি। Activated Neem oil from Katyayani
ৰাসায়নিক নিয়ন্ত্ৰণ:

ফুল ফুলাৰ পিছত ৰাসায়নিক দৰৱ স্প্ৰে নকৰিব। বা ফল চিঙাৰ ২ সপ্তাহ আগৰ পৰা ব্যবহাৰ নকৰিব।

  • Imidacloprid 17.8% EC ১৬ মিলিলিটাৰ প্ৰতি ১৬ লিটাৰ টেংকত মিহলাই স্প্ৰে কৰিব লাগে। Confidor Insecticide
  • Acetamiprid ২০ % SP ৮ গ্ৰাম প্ৰতি ১৬ লিটাৰ টেংকত মিহলাই স্প্ৰে কৰিব লাগে (কপাহ, জলকীয়া আৰু ভেন্দি)। Manik Insecticide

এন্থ্ৰাকনজ Anthracnose

গৰম, বাৰিষাৰ সময়ত তিয়হ আৰু অন্যান্য লতাজাতীয় শস্যৰ ভেঁকুৰৰ দ্বাৰা এন্থ্ৰাকন’জ ৰোগ হয়।

ৰোগৰ লক্ষণসমূহ:
  • এই ৰোগে গছৰ মাটিৰ ওপৰৰ সকলো অংশই আক্ৰান্ত কৰে।
  • পাতত পানীত তিতি থকা সৰু সৰু ঘাঁ দেখা দিয়ে, দ্ৰুতগতিত বৃদ্ধি পায় আৰু আকৃতি অনিয়মিত আৰু ৰং গাঢ় হয়।
  • পুৰণি পাতৰ ঘাঁত ফুটা ফুটা দেখা দিব পাৰে।
  • ঠাৰি আৰু ফলৰ ওপৰতো ঘা দেখা যায়।
  • ফলৰ ওপৰত গোলাপী ৰঙৰ বীজাণুৰ দেখা যায়।
এন্থ্ৰাকনজ ৰোগ কি?
  • এন্থ্ৰাকন’জ ভেঁকুৰ Colletotrichum orbiculare (C. lagenarium) ৰ দ্বাৰা হয়।
  • ই বেছিভাগ তিয়হ, অন্যান্য লতা শস্য আৰু তিয়হত থকা অপতৃণক আক্ৰান্ত কৰে।
  • আমোদজনক কথাটো হ’ল, স্কুৱাচ আৰু ৰঙালাও প্ৰধানকৈ এই ৰোগৰ পৰা ৰক্ষা পৰে।
  • সঘনাই বৰষুণৰ সৈতে মিলি গৰম বতৰে গছত ইয়াৰ বিকাশ ঘটায়।
  • নিয়ন্ত্ৰণ নকৰিলে ব্যবসায় ভিত্তিত খেতিয়কসকলৰ বাবে যথেষ্ট লোকচান হব পাৰে।
নিয়ন্ত্ৰণ ব্যৱস্থা:
  • নিৰোগী বীজৰ ব্যবহাৰ কৰিব লাগে।
  • ভালদৰে পানী ওলাই যাব দিব লাগে।
  • তিনি বছৰৰ মূৰে মূৰে বা তাতকৈ অধিক সময়ৰ মূৰে মূৰে এই ৰোগ নোহোৱা শস্যৰ খেতি কৰিব লাগে।
  • গছৰ আশে-পাশে থকা অপতৃণবোৰ নাইকিয়া কৰক।
  • তিতা গছত হাতেৰে চুব নালাগে।
  • Mancozeb 75 % WP থকা ভেকুৰ নাশক ১৬ লিটাৰ পানীত ২৪ ৰ পৰা ৩২ গ্ৰাম মিহলাই স্প্ৰে কৰিব লাগে। Indofil M-45
  • Chlorothalonil ৭৫% WP থকা ভেকুৰ নাশক ১৬ লিটাৰ পানীত ১৬ ৰ পৰা ৩২ মিহলাই পাতত স্প্ৰে কৰিব লাগে। Kavach Fungicide
  • বৰড’ মিশ্ৰন

পাওদাৰী মিলদিউ Powdery mildew:
ক্ষতিৰ লক্ষণ:
  • বগাৰ পৰা লেতেৰা বগা দাগ পাতত দাগ হিচাপে দেখা দিয়ে।
  • ডাঙৰ হোৱাৰ লগে লগে বগা গুড়িৰ দৰে হয়।
  • গুড়ি গছৰ পাত ডাল আদিত ভৰি পৰে আৰু পাত সৰি পৰে।

নিয়ন্ত্ৰণ:
  • গছত মাজত সঠিক ব্যৱধান থাকিলে বায়ুৰ পৰিবহন উন্নত হয়, যাৰ ফলত আৰ্দ্ৰতাৰ মাত্ৰা হ্ৰাস পায় আৰু ভেকুৰ বৃদ্ধি নহয়।
  • গছবোৰে পৰ্যাপ্ত পৰিমাণৰ সূৰ্যৰ পোহৰ পোৱাটো দৰকাৰ।
  • নিয়মিতভাৱে গছৰ পৰা বেমাৰী পাত আৰু ডাল আঁতৰাই দিব লাগে, যাৰ ফলত বায়ুৰ সঠিক প্ৰবাহ নিশ্চিত হয় আৰু ৰোগৰ বিস্তাৰ ৰোধ হয়। জোখতকৈ বেছি লতা বগালে কাটি দিব লাগে।
ৰাসায়নিক নিয়ন্ত্ৰণ:

15 দিনৰ মূৰে মুৰে তলত দিয়া এবিধ দৰব ব্যবাহাৰ কৰিব পাৰে।

  • Sulphur 80 WP (0.3 %) ২ ৰ পৰা ৪ গ্ৰাম প্ৰতি লিটাৰ পানীত বা ৩২ ৰ পৰা ৬৪ গ্ৰাম প্ৰতি ১৬ লিটাৰ পাম্পত মিহলাই স্প্ৰে কৰিব লাগে। Sultaf from Tata rallis
  • Carbendazim 12% + Mancozeb 63% WP বা ২ ৰ পৰা ৪ গ্ৰাম প্ৰতি লিটাৰ পানীত বা ৩২ ৰ পৰা ৬৪ গ্ৰাম প্ৰতি ১৬ লিটাৰ পাম্পত মিহলাই স্প্ৰে কৰিব লাগে। Saaf
  • Carbendazim 50% WP থকা দৰব প্ৰতি ১৬ লিটাৰ পানীত ৪০ গ্ৰাম প্ৰতি বিঘাত স্প্ৰে কৰিব লাগে। Bavistin

ডাউনী মিলদেউ Downy mildew
ক্ষতিৰ লক্ষণ:
  • গাঢ় সেউজীয়া আৰু শেতা সেউজীয়া বা হালধিয়া মোজাইকৰ দৰে পাতত দেখা যায়।
  • সেমেকা বতৰত পাতৰ তলভাগ শেতা বেঙুনীয়া ৰঙৰ ভেঁকুৰৰে ভৰি পৰে
  • গোটেই পাতটো সোনকালে শুকাই যায়।

নিয়ন্ত্ৰণ:
  • ভালকৈ পানী ওলাই যোৱাৰ ব্যবস্থা লাগে। ওখ ভেটি কৰি নিৰ্দিষ্ট দূৰত্বত গছ লগালে ভালকৈ বতাহ চলাচল কৰিব পাৰে আৰু এই বেমাৰৰ
  • Mancozeb 75 % WP থকা ভেকুৰ নাশক ১৬ লিটাৰ পানীত ২৪ ৰ পৰা ৩২ গ্ৰাম মিহলাই স্প্ৰে কৰিব লাগে। Indofil M-45
  • Chlorothalonil 75 % WP থকা ভেকুৰ নাশক ১৬ লিটাৰ পানীত ১৬ ৰ পৰা 24 মিহলাই স্প্ৰে কৰিব লাগে। Kavach Fungicide
  • Metalaxyl at 4% and Mancozeb at 64% WP থকা ভেকুৰ নাশক ১৬ লিটাৰ পানীত ১৬ ৰ পৰা ২৪ গ্ৰাম মিহলাই পাতৰ তলফালে স্প্ৰে কৰিব লাগে। Ridomil Gold

বেক্টেৰিয়াজনিত মৰহি যোৱা ৰোগ Bacterial wilting

 

লক্ষণসমূহ:
  • গছবোৰক পৰ্যাপ্ত পৰিমাণে পানী দিলেও মৰহি যোৱা।
  • পৰীক্ষা কৰিবলৈ বেয়াকৈ মৰহি যোৱা ঠাৰি এটা মাটিৰ ওপৰত কাটি চেপিব পাৰে। যদি কোনো আঠাযুক্ত, ছিটিকি পৰা পদাৰ্থ ওলাই আহে, তেন্তে সেয়া বেক্টেৰিয়াৰ দ্বাৰা মৰহি যোৱাৰ সম্ভাৱনা থাকে।
  • এই পিছল পদাৰ্থই উদ্ভিদৰ পানী অআ যোৱা বাটবোৰ বন্ধ কৰি পেলায়, যাৰ ফলত ই প্ৰয়োজনীয় পানী শোষণ কৰিব নোৱাৰে।
  • মৰহি যোৱাৰ ফলত ক্ষতি দ্ৰুতগতিত হয়। সংক্ৰমণৰ এসপ্তাহৰ ভিতৰতে পাতত নিস্তেজ দাগ দেখা পাব পাৰে।
  • দুসপ্তাহৰ ভিতৰতে গোটেই লতাডাল মৰহি যায় আৰু ফলবোৰ বিকৃত আৰু সৰু যেন লাগিব পাৰে।
বেমাৰ কেনেকৈ হয়:
  • বেক্টেৰিয়াৰ মৰহি যোৱা বেক্টেৰিয়া Erwinia tracheifila বেক্টেৰিয়াৰ দ্বাৰা হয়।
  • শাৰী শাৰী থকা গোৱৰুৱা পোক বা ফুটফুটীয়া পোকে গছজোপাৰ পাত খালে ই বিয়পে।
  • এই পোকে তিয়হৰ মোজাইক ভাইৰাছৰো (TMV) সংক্ৰমণ কৰিব পাৰে।
  • পোকৰ পলু গছৰ তলৰ মাটিত পোৱা যায়।
নিয়ন্ত্ৰণ:
  • আপোনাৰ গছ-গছনিবোৰ ভালকৈ বাঢ়িব দি সুস্থ কৰি ৰাখিব লাগে। পোকে মৰহি যোৱা গছ-গছনি খাবলৈ পছন্দ কৰে, সঠিকভাৱে পানী দিয়া আৰু যত্ন লোৱাটো নিশ্চিত কৰক।
  • প্ৰতিৰোধী জাত বাছি লওক।
  • আগতীয়াকৈ নিৰীক্ষণ কৰক।
  • বেক্টেৰিয়াক প্ৰৱেশ কৰিবলৈ ঘা (যেনে পোকে কামোৰাৰ পৰা) প্ৰয়োজন হয়। গছৰ কোনো ক্ষতি নকৰিবলৈ সাৱধান হওক।
ৰাসায়নিক নিয়ন্ত্ৰণ:

ফুল ফুলাৰ পিছত ৰাসায়নিক দৰৱ স্প্ৰে নকৰিব। বা ফল চিঙাৰ ২ সপ্তাহ আগৰ পৰা ব্যবহাৰ নকৰিব।

  • Imidacloprid 17.8% EC ১৬ মিলিলিটাৰ প্ৰতি ১৬ লিটাৰ টেংকত মিহলাই স্প্ৰে কৰিব লাগে। Confidor Insecticide
  • Acetamiprid ২০ % SP ৮ গ্ৰাম প্ৰতি ১৬ লিটাৰ টেংকত মিহলাই স্প্ৰে কৰিব লাগে । Manik Insecticide
  • Profenofos 40 % আৰু Cypermethrin4 % EC থকা কীটনাশক ১৬ লিটাৰ পানীত 30 মিলিলিটাৰ মিহলাই পাতত স্প্ৰে কৰিব লাগে। যেনে Nagarjuna Profex Super Insecticide

মোজাইক ভাইৰাচ: Cucumber mosaic virus (CVM)

লক্ষণ:
  • বেছিভাগ তিয়হজাতীয় খেতিতে প্ৰভাৱিত কৰে যদিও তৰমুজত খুব কমেইহে প্ৰভাৱ পেলায়।
  • নতুন গজা পাতবোৰ তললৈ ঘেৰ খাই পৰে।
  • পাতবোৰত পাতল সেউজীয়া আৰু গাঢ় সেউজীয়া ৰঙৰ দাগেৰে ভৰি পৰে।
  • গছ-গছনিবোৰ বাঢ়া বন্ধ হৈ পৰে। গুৰুতৰভাৱে আক্ৰান্ত তিয়হজাতীয় ফল প্ৰায় সম্পূৰ্ণ বগা হ’ব পাৰে।
নিয়ন্ত্ৰণ:
  • এবাৰ ভাইৰাচ লগাৰ পিছত সম্পূৰ্ণ ভাল কৰিব নোৱাৰি। কিন্তু ই যাতে বেলেগলৈ বিয়পি নাযায় তাৰ ব্যবস্থাহে লব পাৰি।
  • এই ভাইৰাছবিধ মোৱাপোকৰ (Aphid) দ্বাৰা সহজে সংক্ৰমিত হয় আৰু বেলেগ বেলেগ গছত জীয়াই থাকে।
  • এই ভাইৰাচ প্ৰতিৰোধ কৰিব পৰা জাত নিৰ্বাচন কৰিব লাগে।
  • No-Virus from Geolife দৰববিধ ৩ ৰ পৰা ৫ মিলিলিটাৰ প্ৰতি লিটাৰৰ লগত তলত দিয়া কীটনাশক এবিধ মিহলাই প্ৰথম, চতুৰ্থ আৰু ১৫ দিন পিছত স্প্ৰে কৰিলে ফল পোৱা যায়।
  • মোৱাপোকৰ (Aphid) বাবে পাতত নীম তেল 80 মিলিলিটাৰ ১৬ লিটাৰ টেংকত মিহলাই স্প্ৰে কৰিব পাৰি। Activated Neem oil from Katyayani
  • Imidacloprid 17.8% EC ১৬ মিলিলিটাৰ প্ৰতি ১৬ লিটাৰ টেংকত মিহলাই স্প্ৰে কৰিব লাগে। Confidor Insecticide (মোৱাপোকৰ (Aphid) বাবে)
  • Dimethoate 30% EC থকা কীটনাশক ১৬ লিটাৰ পানীত 4 গ্ৰাম মিহলাই পাতত স্প্ৰে কৰিব লাগে। যেনে FMC Rogor Insecticide (মোৱাপোকৰ (Aphid) বাবে)

Scroll to Top