কীটনাশক Insecticide

সংস্পৰ্শ কীটনাশক (Contact Insecticide):

 

এইবিধ কীটনাশক পোনপটীয়াকৈ পোক পৰুৱাৰ গাত লাগিলে পোক পৰুৱাৰ মৃত্যু হব। এইবোৰ অজৈৱিক কীটনাশক হ’ব পাৰে, যিবোৰ ধাতু, সাধাৰণতে ব্যৱহৃত চালফাৰ, কম ব্যৱহৃত আৰ্চেনেট, তাম আৰু ফ্ল’ৰিন যৌগ আদি। সংস্পৰ্শৰ কীটনাশক জৈৱিক কীটনাশক অৰ্থাৎ জৈৱিক ৰাসায়নিক যৌগও হব পাৰে, যিবোৰ কৃত্ৰিমভাৱে উৎপাদিত। সেইবোৰ পাইৰেথ্ৰাম, নিম তেল আদি প্ৰাকৃতিক যৌগ হ’ব পাৰে। সংস্পৰ্শ কীটনাশক সাধাৰণতে তৎক্ষণাত পৰিত্ৰান পাবলৈ ব্যবহাৰ কৰা হয়।


প্ৰণালীবদ্ধ কীটনাশক (Systemic Insecticide):

 

এইবিধ কীটনাশক শস্যত প্ৰণালীবদ্ধভাৱে বিয়পি পৰে আৰু পোকে শস্যৰ পৰা খাদ্য গ্ৰহণ কৰিলে কীটনাশক দ্ৰব্য গ্ৰহণ কৰে। প্ৰণালীবদ্ধ কীটনাশকে শস্যৰ কোনো অংশ বা গোটেই গছজোপাকে পোকৰ বাবে বিষ কৰি পেলায় যাৰ বাবে পোকে যিকোনো অংশ খালেই মৰি যায়।


প্ৰণালীবদ্ধ কীটনাশক ব্যৱহাৰৰ সুবিধাসমূহ হ’ল
  • বাৰে বাৰে সঘনাই প্ৰয়োগৰ কৰিব নালাগে আৰু গছৰ ভিতৰতে থাকি বহুত দিনলৈ সুৰক্ষা দিয়ে।
  • এই কীটনাশকবোৰ সূৰ্য্যৰ পোহৰত থকা অতিবেঙুনীয়া ৰঙত ভাঙি নাযায় আৰু গছত পানী দিওতে ধুই নাযায়।
  • খেতিয়ক আৰু ফচল খোৱা মানুহৰ ওপৰত ক্ষতিকাৰক প্ৰভাৱ বহুত কম।
  • প্ৰণালীবদ্ধ কীটনাশকে মাত্ৰ এটা স্থানত (site-specific) কাম কৰে, যাৰ বাবে সঘনাই ব্যবহাৰ কৰিলে পোক পতংগৰ জিনীয় পৰিবৰ্তন হৈ প্ৰতিৰোধী হ’ব পাৰে।
  • কিছুমান কীটনাশকে স্থানীয়ভাবে প্ৰণালীবদ্ধ (translaminar insecticides) ভাবে কাম কৰে। এই দৰববোৰে পাতত সোমাই পাতৰ ভিতৰত নিজৰ জলাশয় (Reservoir) গঠন কৰে। ই মাত্ৰ পাতৰ ভিতৰতে থাকে, গছৰ অন্য অংশলৈ নাযায়। ইয়াৰ ফলত কিছুমান পাত খোৱা পোকৰ বিৰুদ্ধে কাম কৰে।

 

কীটনাশক ব্যবহাৰ কৰোতে মনত ৰাখিবলগীয়া কথা
  • কীটনাশকে যি কীটৰ বাবে ব্যবহাৰ কৰা হৈছে তাতকৈ অধিক জীৱ হত্যা কৰিব পাৰে আৰু মানুহৰ বাবে বিপদজনক।
  • কীটনাশক ঔষধ পানীৰ উৎসৰ সৈতে বৰষুণ বা মাটিৰ যোগেদি মিহলি হয় তেতিয়া ই জলজ বন্যপ্ৰাণীৰ ক্ষতি কৰে। চৰাইবোৰে দূষিত পানী খালে আৰু কীটনাশক খাই মৰা পোক-পৰুৱা খালে ইহঁতৰ মৃত্যু হয়।
  • পোক-পৰুৱাত বাৰে বাৰে কীটনাশকৰ দিলে সিহতে প্ৰতিৰোধ ক্ষমতা গঢ়ি তোলে। তেতিয়া ইয়াৰ প্ৰভাৱ কম বা একেবাৰেই নাথাকে। পোক-পৰুৱাৰ প্ৰজনন ইমানেই খৰকৈ হয় যে তিনি-চাৰি সপ্তাহৰ মূৰে মূৰে এটা নতুন প্ৰজন্মৰ জন্ম হয়। গতিকে প্ৰতিৰোধ ক্ষমতা সোনকালেই গঢ় লৈ উঠে।
  • জোখতকৈ অধিক কীটনাশক প্ৰয়োগ কৰিলে মানুহৰ দেহালৈ ফচলৰ যোগেদি আহি ধীৰে ধীৰে বিষ (slow poison) হিছাপে কাম কৰে। মানুহৰ ইয়াৰ দ্বাৰা নানা বেমাৰ হব পাৰে। গতিকে নিৰ্দিষ্ট জোখত আৰু অতি দৰকাৰতহে কীটনাশক ব্যবহাৰ কৰা উচিত।
  • জোখ-মাপৰ বাবে শুদ্ধ আৰু উপযুক্ত সজুলি ব্যৱহাৰ কৰিব৷
  • তৰল দ্ৰব্যৰ বাবে দাগ কটা জগ্ বা বেজীৰ চিৰিঞ্জ আৰু গুড়ি দ্ৰব্যৰ বাবে ডাঙৰ চামুচ ব্যৱহাৰ কৰিব পাৰে৷
  • দৰব চকুত লাগিলে দহ মিনিট সময়লৈ পানী মাৰি ধুব লাগে৷
  • দৰব ব্যৱহাৰ কৰাৰ পাছত হাত দুখন ভালদৰে ধুব লাগে ৷
  • দৰবৰ বটল বা পেকেটৰ ওপৰত থকা লেবেলত কোম্পানীয়ে উল্লেখ কৰা মতে ব্যৱস্হা গ্ৰহণ কৰক৷
  • সৰু লৰা-ছোৱালী আৰু পোহনীয়া জীৱৰ পৰা কীট-নাশক দৰব আতঁৰাই ৰাখক৷
  • সাবধান হোৱা উচিত যাতে জীৱ-জন্তুৱে খোৱা পানীত যাতে কীটনাশক মিহলি নহয় ৷
  • খালী হাতেৰে দৰব নুচুব৷ কীটনাশক লগা জগ্ বা চামুচ ইত্যাদি আন কামত নলগাব।
  • ব্যৱহাৰ কৰাৰ পাছত স্প্ৰেয়াৰ মেচিনটো ভালদৰে ধুব লাগে৷
  • কীটনাশকৰ খালী পেকেট বা ৰৈ যোৱা কীটনাশক ঘৰৰ পৰা দূৰত গাঁত এটা খান্দি পুতি দিব লাগে৷

এক্টাৰা কীটনাশক ACTARA Thiamethoxam 25% WG

 


Syngenta Actara হৈছে এক প্ৰণালীবদ্ধ কীটনাশক য’ত মূল দৰববিধ হৈছে থাইয়ামেথক্সাম (Thiamethoxam)। এক্টাৰাই বহুতো কীটৰ পৰা দীঘলীয়া সময়ৰ বাবে সুৰক্ষা প্ৰদান কৰে। ফল-মূল, শাক-পাচলি, আলংকাৰিক শস্যকে ধৰি বিভিন্ন ধৰণৰ শস্যত ইয়াক ব্যৱহাৰ কৰাটো নিৰাপদ। এক্টাৰা কীটনাশকে সংস্পৰ্শ আৰু প্ৰণালীবদ্ধ দুয়োধৰনে কাম কৰে। থাইয়ামেথক্সাম দৰববিধ গছে শোষণ কৰি ডাল শিপা সকলোলৈ গতি কৰি ভিতৰৰ পৰা সুৰক্ষা প্ৰদান কৰে। দৰব দিয়া গছ পোক-পৰুৱাই খালে ইহতৰ মৃত্যু হয়।

 


এক্টাৰা কীটনাশকৰ উপযোগীতা:
  • এক্টাৰাই দীঘলীবা সময়ৰ বাবে সুৰক্ষা প্ৰদান কৰে, সপ্তাহ বা আনকি মাহৰ বাবেও সুৰক্ষিত কৰি ৰাখে।
  • ই গছৰ ভিতৰত আৰু বাহিৰত দুয়োটাতে কাম কৰে, যিয়ে ব্যাপক সুৰক্ষা প্ৰদান কৰে।
  • ফল-মূল, শাক-পাচলি, অলংকাৰিক শস্যকে ধৰি বিভিন্ন ধৰণৰ শস্যত ব্যৱহাৰ কৰিবলৈ নিৰাপদ।
  • ইয়াক ব্যৱহাৰ কৰাত সহজ আৰু বিভিন্ন ধৰণৰ স্প্ৰেয়াৰেৰে প্ৰয়োগ কৰিব পাৰি।
  • এক্টাৰা তুলনামূলকভাৱে নিৰাপদ কীটনাশক যি পৰিৱেশত সোনকালে ভাঙি যায়।

এক্টাৰা কীটনাশকৰ প্ৰয়োগ:
  • ই মোৱা পোক (aphids), গোৱৰুৱা পোক (beetles), বিছা বা চামচেলুকা (caterpillars), পাত শোহনী পোক (leafhoppers), মিলিবাগ (mealybugs), স্কেল পোক (scale), চাহীমকৰা (spider mites), বগা মাখি (whiteflies), মজ্জাখোৱা পোক (Rice-Stem borer), পিয়াজী পোক (Gall midge), পাতমেৰোৱা পোক (Leaf folder), ক’লা বগা সোহনী পোক (White-backed plant hopper), মূগা সোহনী পোক (Brown planthopper), চাহ গছৰ হেল’ প্লেটিছ মহ (Tea Mosquito Bug), টেঙা গছৰ চাইলা পোক (Citrus Psylla), হৰ্ল মেগট্ (Whorl Maggots) আদি বিভিন্ন ধৰণৰ পোক-পৰুৱাৰ বিৰুদ্ধে ভাল কাম কৰে।
  • ধান, ভেন্দি, আম, ঘেহু, সৰিয়হ, বিলাহি বেঙেনা, আলু, নেমুজাতীয় ফল আদি প্ৰায় সকলো শাক পাচলি, ফলমূল আৰু উদ্যান সস্যত ব্যবহাৰ কৰিব পাৰি।
  • প্ৰতিৰোধমূলকভাৱে বা কীট-পতংগৰ আক্ৰমণ প্ৰথম দেখা দিওতেই প্ৰয়োগ কৰিলে সকলোতকৈ ভাল ফলাফল পোৱা যায়।
  • প্ৰয়োগ কৰাৰ সময়ত হাতমোজা আৰু গগলছকে ধৰি উপযুক্ত সুৰক্ষামূলক কাপোৰ পিন্ধিব লাগে।
  • বতাহত যাতে কীটনাশক গালৈ উৰি আহিব নোৱাৰে তাৰ বাবে বতাহ দিলে প্ৰয়োগ ততালিকে বন্ধ কৰিব৷
  • শাক পাত বা পাত চিঙা চাহ গছত পাত ছিঙাৰ পিছদিনা কীটনাশক প্ৰয়োগ কৰিব লাগে ৷
এক্টাৰা কিমান ব্যবহাৰ কৰিব
  • ০.৫ গ্ৰাম প্ৰতি লিটাৰ পানীত
  • ৮ গ্ৰাম প্ৰতি ১৬ লিটাৰৰ টেংকত
  • ১০০ গ্ৰাম প্ৰতি ২০০ লিটাৰ পানীত

একে ধৰনৰ বেলেগ কম্পেনীৰ দৰব
  • Anant Insecticide from Tata
  • ETios from Agrosis crop science
  • Thiolt 25 from ATPL
  • Areva from Dhanuka
  • Suckgan from Adama
  • Torpid from GODREJ AGROVET
  • Taiyo from IFFCO
  • Thioxam from Kayayani

Thiamethoxam থকা বেলেগ দৰব
  • Trot Insecticide from Tata (Thiamethoxam 30% FS)
  • Reno from UPL (Thiamethoxam 30% FS)
  • Docter from Katyayani (Thiamethoxam 30% FS)
  • Taliah from Adama (Thiamethoxam 30% FS)
  • Wonderex Super from Sumitomo Chemical India Ltd (Thiamethoxam 30% FS)
  • Rafale from Agrosis Crop Science (Thiamethoxam 12.6% + Lambda Cyhalothrin 9.5% ZC)
  • Chakrawarti from Katyayani (Thiamethoxam 12.6% + Lambda Cyhalothrin 9.5% ZC)
  • Alika from Syngenta (Thiamethoxam 12.6% + Lambda Cyhalothrin 9.5% ZC)
  • Anolik from ADAMA (Thiamethoxam 12.6% + Lambda Cyhalothrin 9.5% ZC)
  • Zapac from Dhnauka (Thiamethoxam 12.6% + Lambda Cyhalothrin 9.5% ZC)
  • Thionil from Katyayani ( Thiamethoxam 0.9% + Fipronil 0.2% GR)

মানিক কীটনাশক Manika Insecticide Acetamiprid 20% SP


টাটা ৰেলিস কম্পেনীৰ মানিক কীটনাশক হৈছে অতি ভাল কাম কৰা আৰু বহুলভাৱে জনাজাত কীট-পতংগ নিয়ন্ত্ৰক। Acetamiprid হৈছে ইয়াৰ মূল দৰব। এই কীটনাশকৰ এটা উল্লেখযোগ্য কথা হ’ল ইয়াৰ বিভিন্ন ধৰণৰ কীট-পতংগৰ বিৰুদ্ধে (broad spectrum) কাম কৰে। পোক-পৰুৱা, চাহী বা ওকনী বা অন্যান্য ক্ষতিকাৰক পতংগ হওক ই নিৰ্মূল কৰিব পাৰে, যাৰ ফলত শস্যৰ ক্ষতি ৰোধ হয়। ইয়াৰ ফলত একাধিক কীট-পতংগৰ থকা খেতিত কৃষকসকলৰ বাবে ই এক বহুমুখী পছন্দ।


মানিক কীটনাশকৰ উপযোগীতা:
  • মোৱাপোক, চগা পোক, আৰু বগা মাখিৰ বাবে ই এক অতি ভাল কাম কৰা প্ৰণালীবদ্ধ কীটনাশক।
  • ই আধুনিক নিকোটিন’ইড গোটৰ কীটনাশক।
  • মাণিক সোহনী কীট-পতংগক (sucking pests) সংস্পৰ্শ (Contact action) আৰু পেটৰ ক্ৰিয়া (stomach action) দুয়োটাৰে দ্বাৰা নিয়ন্ত্ৰণ কৰে।
  • মানিকে ট্ৰেন্স-লেমিনাৰ হিছাপে অতি ভাল কাম কৰে, অৰ্থাৎ পাতৰ এপিনৰ পৰা আনপিনলৈ বিয়পি দুয়োপিনে থকা পোক পতংগ নিয়ন্ত্ৰন কৰে।
  • যিবোৰ পোক পৰুৱাই অন্য কীটনাশকৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়িছে তাৰ Acetamiprid বিৰুদ্ধে ফলদায়ক।
  • Acetamiprid সাধাৰণতে ব্যবহাৰ কৰা অন্য কীটনাশক আৰু ভেঁকুৰনাশকৰ সৈতে মিহলাই স্প্ৰে কৰিব পাৰি।
  • Acetamiprid শস্যত বহুত দিন থাকে আৰু সেয়েহে লুকাই থকা পোকবোৰক অধিক সময়ৰ বাবে নিয়ন্ত্ৰণ কৰাৰ ক্ষমতা আছে।

মানিক কীটনাশকৰ প্ৰয়োগ:
  • বগা মাখি (whiteflies), মোৱা পোক (aphids), পাত ওকণী (Thrips), চাহ গছৰ হেল’ প্লেটিছ মহ (Tea Mosquito Bug), টেঙা গছৰ চাইলা পোক (Citrus Psylla), চগাপোক (jassids) আদি পোক পতংগৰ বিৰুদ্ধে ভাল কাম কৰে।
  • কপাহ, ধান, জলকীয়া, ভোটজলকীয়া, বন্ধাকবি, ভেন্দি আৰু অন্যন্য শাক পাচলিত ব্যবহাৰ কৰিব পাৰি।

মানিক কিমান ব্যবহাৰ কৰিব
  • ০.৫ গ্ৰাম প্ৰতি লিটাৰ পানীত
  • ৮ গ্ৰাম ১৬ লিটাৰ টেংকত
  • ২২ গ্ৰাম প্ৰতি বিঘাত

একে ধৰনৰ বেলেগ কম্পেনীৰ দৰব
  • Ekka from Krishi Rasayan
  • Dhanpreet from Dhanuka
  • K-Acepro from Katyayani
  • Lift from Indofil
  • Arystaprid from UPL
  • Theme from SDS Ramcides
  • Venus from JU
  • Prime from Nichino India Pvt. ltd.
  • Badshah HPM Chemicals and Fertilizers Ltd.
  • Kaitaku from IFFCO
  • Pyramid from Hifield
  • Control from Shvalik
  • Sharp from Insecticides india ltd
  • Polar from Gharda Chemicals Ltd.
  • Nagtamipride from Multiplex

Acetamiprid থকা বেলেগ দৰব
  • Kite from Gharada (Indoxacarb 14% + Acetamiprid 7.7% Sc)
  • FANTASY PLUS from Katyayani (Fipronil 4% + Acetamipirid 4% w/w SC)
  • RANGEELA from Gharada (Fipronil 4% + Acetamiprid 4% SC)
  • Supranil from Parijat Industries (India) Private Limited (Fipronil 4% + Acetamiprid 4% SC)
  • Ashwamedh from Katyayani (Diafenthiuron 40.1% + Acetamiprid 3.9% WP)

 

এডমায়াৰ কীটনাশক Admire Insecticide (Imidacloprid 70% WG)

 


Imidacloprid এডমায়াৰ (Bayer Company) কীটনাশকৰ মূল ৰাসায়নিক দৰৱ। Imidacloprid হৈছে বহুলভাৱে ব্যৱহৃত প্ৰণালীবদ্ধ কীটনাশক যিয়ে বিভিন্ন বেলেগ বেলেগ ধৰনৰ কীট-পতংগক ফলপ্ৰসূভাবে নিয়ন্ত্ৰণ কৰাৰ বাবে জনাজাত। ইমিডাক্লপ্ৰিডে মূলত সোহনী আৰু কুটি খোৱা পোকৰ বিৰুদ্ধে কীটনাশক হিচাপে ব্যৱহাৰ কৰা হয়। ই প্ৰণালীবদ্ধ ভাবে কাম কৰে বাবে গছৰ সকলো অংশলৈ বিয়পি পৰে আৰু ই মাটিত বাস কৰা আৰু পাত গাগছ সকলো পোকৰ পৰা সুৰক্ষা দিয়ে। এই কীটনাশক বীজ শোধনৰ পৰা আৰম্ভ কৰি পাতত স্প্ৰে কৰালৈকে প্ৰয়োগলৈকে ব্যৱহাৰ কৰা হয়, সেয়েহে ই কৃষকসকলক কীট-পতংগ নিয়ন্ত্ৰণৰ বাবে বহুমুখী সমাধান।
ইমিডাক্লপ্ৰিড নিওনিকোটিনইড (neonicotinoid) গোটৰ কীটনাশক যি পোক-পৰুৱাৰ স্নায়ুতন্ত্ৰত আঘাট কৰি স্নায়ুৰ কামত বাধা দি পোক পৰুৱা মাৰে।


এডমায়াৰ কীটনাশকৰ উপযোগীতা:
  • ইমিডাক্ল’প্ৰিডৰ প্ৰণালীবদ্ধ ভাবে কাম কৰে যাৰ ফলত যিয়ে উদ্ভিদৰ বেলেগ অংশত লুকাই থকা কীট-পতংগকৰ পৰাও সুৰক্ষা দিয়ে।
  • ইমিডাক্ল’প্ৰিডৰ গছত বহুদিন থাকে বাবে সঘনাই প্ৰয়োগ কৰাৰ দৰকাৰ নহয়। ফলত কীট-পতংগৰ পুনৰ এবাৰ গুচি গৈ আকৌ আহিব নোৱাৰা হয়।
  • ইমিডাক্ল’প্ৰিড সাধাৰণতে অন্য বেলেগ ধৰণৰ কীটনাশক আৰু সাৰৰ সৈতে মিহলি কৰি স্প্ৰে কৰিব পাৰি, পিছে মিহলোৱাৰ আগতে পৰীক্ষা কৰি লোৱা উচিত।
  • ইমিডাক্ল’প্ৰিডে প্ৰয়োগৰ খুব সোনকালে পোক পৰুৱাৰ মৃত্যু ঘটায়, যিয়ে কীট-পতংগৰ সংখ্যা দ্ৰুতভাৱে হ্ৰাস কৰে আৰু শস্যৰ ক্ষতি কম কৰে।
  • কম পৰিমাণৰ দৰবেও কাম কৰে আৰু বেছিভাগ ৰস শুহি খোৱা কীট-পতংগৰ পৰা বহুত ভাল নিয়ন্ত্ৰণ আৰু দীৰ্ঘদিনীয়া সুৰক্ষা প্ৰদান কৰে।

এডমায়াৰ কীটনাশকৰ প্ৰয়োগ:

 

  • মোৱা পোক (aphids), মূগা সোহনী পোক (Brown planthopper), পাত ওকণী (Thrips), চগাপোক (jassids), পাত শোহনী পোক (leafhoppers), ক’লা বগা সোহনী পোক (White-backed plant hopper), উঁই পোক (termites), গোবৰুৱা লৈটা (Grub) আদি পোকত কাম কৰে।
  • কপাহ, ধান, জলকীয়া, ভোটজলকীয়া, কবি, ভেন্দি আৰু অন্যন্য শাক পাচলিত ব্যবহাৰ কৰিব পাৰি।

এডমায়াৰ কিমান ব্যবহাৰ কৰিব
  • ০.৩ গ্ৰাম প্ৰতি লিটাৰ পানীত
  • ৫ গ্ৰামৰ পৰা ১০ গ্ৰাম ১৬ লিটাৰ টেংকত
  • ২০ গ্ৰাম প্ৰতি বিঘাত

একে ধৰনৰ বেলেগ কম্পেনীৰ দৰব

  • Ad-fyre from Dhanuka
  • IMD-70 from Katyayani
  • Revenge-G from Agrosis Crop Science
  • Samrat from JU
  • Adfas from from Frontline agro science
  • Pronto from Sulphur Mills Ltd
  • IMIDAPRO from Essential Biosciences
  • Bomba Pro from Noble Crop Science
Imidacloprid 17.8 % Sl থকা বেলেগ দৰব

 

  • Confidor from Bayer
  • Media from Dhanuka
  • IMD 178 from Katyayani
  • TataMida from TATA RALLIS
  • Imidagold from UPL
  • M-CON Sumitomo
  • Revange from Agrosis Crop Science
  • Isogashi from IFFCO
  • MIDAGOLD from Star Chemicals
  • Imidacel from Sumitomo Chemical India Ltd.
  • Hi-Imida from Hpm

 

Imidacloprid থকা বেলেগ দৰব
  • Lancer Gold from UPL (Acephate50%+Imidacloprid1.8%SP)
  • Lesenta from Bayaer (Imidacloprid 40% + Fipronil 40% WG)
  • Velma 80 from Tata Rallis (Fipronil (40%) and Imidacloprid (40%) WG)
  • Nashak from Katyayani (Fipronil (40%) and Imidacloprid (40%) WG)
  • Revange plus from Agrosis Crop Science (Imidacloprid 30.5% SC)
  • Mahakal from JU (Fipronil (40%) and Imidacloprid (40%) WG)
  • Termex from TATA (Imidacloprid 30.5% SC)
  • Confidor Super from Bayer (Imidacloprid 30.5% SC)
  • EndTask from BACF (Fipronil (40%) and Imidacloprid (40%) WG)
  • Shirasagi from IFFCO (Fipronil (40%) and Imidacloprid (40%) WG)
  • Solomon from Bayer (Beta Cyfluthrin 8.49% + Imidacloprid 300 OD 19.81 % W/W)
  • MOVENTO ENERGY from Bayer (Spirotetramat 11.01% + Imidacloprid 11.01% SC)

হিন্দল কীটনাশক Hindol Chlorpyriphos 1.5% Dp

 

 


হিন্দল এবিধ পাওদাৰ হয় য’ত Chlorpyriphos 1.5% থাকে। ক্ল’ৰপাইৰিফছক কৃষি, আৱাসিক আৰু বাণিজ্যিক বিভিন্ন কামত পোক-পৰুৱা নিয়ন্ত্ৰণ কৰিবলৈ ব্যৱহাৰ কৰা হয়।


হিন্দল কীটনাশকৰ উপযোগীতা:
  • হিন্দল কীতনাশকৰ সংস্পৰ্শলৈ আহিলে পোক পৰুৱাৰ পেটত বিষ হৈ বা উশাহ নিশাহ লব নোৱাৰি মৃত্যু হয়।
  • মাটিত থকা উই পোক পৰুৱা আদি মাৰিবলৈ আল মৰাৰ সময়ত ব্যবহাৰ কৰিব পাৰি।
  • নাৰ্চাৰীত গুটি সিচাৰ আগতে ব্যবহাৰ কৰিলে পোক পৰুৱাই গুটি লৈ যাব নোৱাৰে।

হিন্দল কীটনাশকৰ প্ৰয়োগ:
  • ই ধানৰ মজ্জাখোৱা পোক (Stem borer), সেউজীয়া পাত সোহিনী পোক (Green Leaf Hopper), মূগা পাত সোহিনী পোক (Brown Plant Hopper), পিয়াজী পোক (Gall midge) আৰু ফৰিংৰ (Grass Hopper) ৰ বিৰুদ্ধে উপযোগী।
  • শস্যৰ লগতে অট্টালিকা, কাঠৰ কাম আৰু আচবাব আদিত টেমাইটৰ আক্ৰমণৰ বিৰুদ্ধে ই অতি উপযোগী।

হিন্দল কিমান ব্যবহাৰ কৰিব
  • প্ৰতি বিঘাত ১ ৰ পৰা ৩ কিল’গ্ৰাম
একে ধৰনৰ বেলেগ কম্পেনীৰ দৰব
  • Chloro D.P. from Jayalakshmi
  • Chlordol from Oxitec Crop Science
Chlorpyriphos থকা বেলেগ দৰব
  • Tafaban from Tata Rallis (Chlorpyriphos 20 %EC)
  • Tricel Power from Sumitomo (Chlorpyriphos 50%Ec)
  • Terminator from Agrosis Crop Science (Chlorpyriphos 20 %EC)
  • Terminator-50 from Agrosis Crop Science (Chlorpyriphos 50 %EC)
  • Chlocaps from Sulphur Mills (Chlorpyrifos 75%WG)
  • Chloro-20 from JU AGRI SCIENCE PVT LTD (Chlorpyriphos 20 %EC)
  • Hibiki from IFFCO (Chlorpyriphos 50 %EC)
  • Chloro 50 from Katyayani (Chlorpyriphos 50 %EC)
  • Cudgel from BACF (Chlorpyriphos 50 %EC)
  • Banest 20 from UPL (Chlorpyriphos 20 %EC)
  • Koranda from Tata Rallis (Chlorpyrifos 50% + Cypermethrin 5% EC)
  • Yujo from IFFCO (Chlorpyrifos 50% + Cypermethrin 5% EC)
  • Super D from Dhanuka (Chlorpyrifos 50% + Cypermethrin 5% EC)
  • Anth from Krishi Rasayan (Chlorpyrifos 50% + Cypermethrin 5% EC)
  • Cannon from Nagarjuna (Chlorpyrifos 50% + Cypermethrin 5% EC)

জাম্প কীটনাশক Jump Insecticide (Fipronil 80% WG)

 

 

Bayer ৰ জাম্প হৈছে ফিপ্ৰ’নিল নামৰ ৰাসায়নিক দৰব থকা এবিধ কীটনাশক। ধানৰ মজ্জাখোৱা পোক আৰু পাত পকোৱা পোকৰ নিয়ন্ত্ৰণত জাম্পে অতি ভাল কাম কৰে। ফিপ্ৰ’নিলে কেৱল পোক-পৰুৱাৰ কীট-পতংগক ভালকৈ নিয়ন্ত্ৰণ কৰাই নহয়, উদ্ভিদৰ বৃদ্ধিটো ভাল ফল দেখুৱায় যাৰ ফলত অধিক উৎপাদন হয়। ই অতি কম মাত্ৰাৰ হাৰত কীট-পতংগক ফলপ্ৰসূ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম কৰে যাৰ ফলত পৰিৱেশৰ ওপৰত ইয়াৰ প্ৰভাৱ কম হয়। কীট পতংগ ইয়াৰ সংস্পৰ্শলৈ আহিলে সিহতৰ স্নায়ুতন্ত্ৰত (nerve impulse transmission) ই আক্ৰমন কৰি মাৰি পেলায়।


জাম্প কীটনাশকৰ উপযোগীতা:
  • সহজে পানীত মিহলি হয় আৰু ওজন কৰিব সহজ বাবে সহজে উচিত জোখাৰে মিহলি কৰিব পাৰি। লগতে ধুলি বালি মিহলি হৈ নাথাকে।
  • অতি কম পৰিমাণে ব্যবহাৰ কৰিলেও ভাল কাম কৰে।
  • সংহত পতংগ নিৰাময়ৰ (IPM) বাবে ইয়াক ব্যবহাৰ কৰিবলৈ ভাল।
  • বহুত শস্যত ই গছৰ বৃদ্ধিত ভাল ফল দেখুৱায়।
  • শস্যক অধিক সময়ৰ বাবে সুৰক্ষা প্ৰদান কৰে।
  • ফিপ্ৰনিলে পৰিৱেশৰ ওপৰত তুলনামূলকভাবে কম প্ৰভাৱ পেলায়।
  • কীট পতংগই আক্ৰমন কৰা দেখাৰ লগে লগে ব্যবহাৰ কৰিলে অধিক ভাল ফল পোৱা যায়।
জাম্প কীটনাশকৰ প্ৰয়োগ:
  • মজ্জাখোৱা পোক (Stem borers), পাত পকোৱা পোক (Leaf folders), পাত ওকণী (Thrips), মোৱা পোক (Aphids), গোৱৰুৱা পোক (Beetles), ডাইমণ্ড ব্লেক মথ (Diamondback moth) আদি পোকক নিয়ন্ত্ৰণ কৰে।
  • Fipronil 80% WG ধান, পিয়াজ, বন্ধাকবি, বিলাহী, বেঙেনা, ধনীয়া, জলকীয়া, কোমোৰা, আম, মধুৰিয়াম, আঙুৰ, আপেল, কল আদি শস্যত ব্যবহাৰ কৰিব পাৰি।
জাম্প কিমান ব্যবহাৰ কৰিব
  • ০.৩ গ্ৰাম প্ৰতি লিটাৰ পানীত
  • ৫ গ্ৰাম ১৬ লিটাৰৰ টেংকত
  • ৫ ৰ পৰা ১০ গ্ৰাম প্ৰতি বিঘাত

একে ধৰনৰ বেলেগ কম্পেনীৰ দৰব
  • Joker from Katyayani
  • Quartz from GHARDA CHEMICALS LIMITED
Fipronil থকা বেলেগ দৰব
  • Sonic from Tata Rallis (Fipronil 5% SC)
  • Regent from Bayer (Fipronil 5% SC)
  • Agadi from Adama (Fipronil 5% SC)
  • Fantasy from Katyayani (Fipronil 5% SC)
  • Mahaveer from Gharada (Fipronil 5% SC)
  • Fax from Dhanuka (Fipronil 5% SC)
  • Aashirwaad from hpm (Fipronil 0.3% Gr)
  • Lesenta from Bayaer (Imidacloprid 40% + Fipronil 40% WG)
  • Velma 80 from Tata Rallis (Fipronil (40%) and Imidacloprid (40%) WG)
  • Mahakal from JU (Fipronil (40%) and Imidacloprid (40%) WG)
  • Yoro from Sumitomo (Fipronil (40%) and Imidacloprid (40%) WG)
  • Police from Gharada (Fipronil (40%) and Imidacloprid (40%) WG)
  • Nashak from Katyayani (Fipronil (40%) and Imidacloprid (40%) WG)
  • EndTask from BACF (Fipronil (40%) and Imidacloprid (40%) WG)
  • Shirasagi from IFFCO (Fipronil (40%) and Imidacloprid (40%) WG)


একালাক্স কীটনাশক Ekalux Insecticide (Quinalphos 25% EC)

 

Syngenta Ekalux কীটনাশক হৈছে সংস্পৰ্শ আৰু প্ৰণালীবদ্ধ দুয়োধৰনে কাম কৰা কীটনাশক যিয়ে বহুতো পোক-পৰুৱাৰ ফলদায়কভাবে নিয়ন্ত্ৰণ প্ৰদান কৰে। ই এটা নিওনিকোটিনইড কীটনাশক যিয়ে পোক-পৰুৱাৰ স্নায়ুতন্ত্ৰক অকামিলা কৰি পোক পৰুৱাক মাৰে। একালাক্স কীটনাশক হৈছে গাঢ় ঘনত্বত থকা জুলীয়া দৰব Quinalphos 25% EC (Emulsified concentrate EC)। ইয়াত কুইনালফছ ২৫ % থাকে। কুইনালফছ গছে শুহি লয় আৰু গোটেই গালৈ বিয়পি পৰে, ফলত ভিতৰৰ পৰা সুৰক্ষা প্ৰদান কৰে। দৰব দিয়া গছৰ কোনো অংশ খাই পোক-পৰুৱা মৃত্যু হয়।


একালাক্স কীটনাশকৰ উপযোগীতা:
  • একালাক্স কীটনাশকে দীৰ্ঘস্থায়ী সুৰক্ষা প্ৰদান কৰে, শস্যক সপ্তাহ বা আনকি মাহ ধৰি সুৰক্ষিত কৰি ৰাখে।
  • একালাক্সে উদ্যোগৰ সংস্পৰ্শ আৰু প্ৰনালীগত (contact and systemic) দুয়োধৰনে কাম কৰে, যিয়ে ব্যাপক সুৰক্ষা প্ৰদান কৰে।
  • বহলভাবে বহুত বেলেগ বেলেগ পোক পৰুৱাৰ (Broad spectrum) বিৰুদ্ধে কাম কৰে।
  • ফল-মূল, শাক-পাচলি, আলংকাৰিক উদ্ভিদকে ধৰি বিভিন্ন শস্যত ব্যৱহাৰৰ বাবে একালাক্স নিৰাপদ।
  • ইয়াক ব্যৱহাৰ কৰাত সহজ আৰু বিভিন্ন ধৰণৰ স্প্ৰেয়াৰেৰে প্ৰয়োগ কৰিব পাৰি।
    একলাক্সৰ সামগ্ৰিক ভাবে উৎপাদনত ভাল প্ৰভাব পেলায়, পৰিৱেশৰ চাপৰ বিৰুদ্ধে বৃদ্ধি গছজোপাক শক্তিশালী কৰি তোলে।
  • ই গছত বহুদিনলৈ থাকি যোৱা বাবে সঘনাই প্ৰয়োগ কৰিব নালাগে। ফলত খৰচ কমে।
  • একালাক্সৰ পৰিৱেশৰ প্ৰতি সচেতন হৈ তৈয়াৰ কৰা হৈছে। ফলত বহনক্ষম কৃষি পদ্ধতিক সমৰ্থন কৰে।

একালাক্স কীটনাশকৰ প্ৰয়োগ:
  • Quinalphos 25% EC মোৱা পোক (aphids), গোৱৰুৱা পোক (beetles), বিছা বা চামচেলুকা (caterpillars), পাত শোহনী পোক (leafhoppers), মিলিবাগ (mealybugs), স্কেল পোক (scale), চাহীমকৰা (spider mites), বগা মাখি (whiteflies), মজ্জাখোৱা পোক (Stem borer), পিয়াজী পোক (Gall midge), পাতমেৰোৱা পোক (Leaf folder), পাত সুৰংগকাৰী পোক (Leaf Miner) আদিৰ বিৰুদ্ধে কাম কৰে।
  • Quinalphos ধান, কপাহ, চয়াবীন, বেঙেনা, জলকীয়া, ভোটজলকীয়া, ভেন্দি, বিলাহী, কোমোৰা, মচুৰ দালি, ইলাচী, চাহপাত, সৰয়হ, নেমুটেঙা, ফুলকবি, কল, ডালিম ইত্যাদি শস্যত ব্যবহাৰ কৰিব পাৰি।

একালাক্স কিমান ব্যবহাৰ কৰিব
  • ২ মিলিলিটাৰ প্ৰতি লিটাৰ পানীত
  • ৩০ মিলিলিটাৰ ১৬ লিটাৰ পাম্পত
  • ৮০ মিলিলিটাৰ প্ৰতি বিঘাত

একে ধৰনৰ বেলেগ কম্পেনীৰ দৰব
  • Dhanulux from Dhanuka
  • Celquin from Sumitomo
  • KEMLOX from Sumitomo
  • ALPHOSIDES from EBS
  • Hitalux from hpm
  • Defender from Hifield
  • GOLDLUX CROP CHEMICALS
  • Viraat from UPL (Cypermethrin 3% + Quinalphos 20% EC)

প্ৰফেক্স চুপাৰ কীটনাশক Profex Super (Profenofos 40% + Cypermethrin 4% EC)

 

 


নাগাৰ্জুনা কম্পেনীৰ প্ৰফেক্স ছুপাৰ কীটনাশকত প্ৰফেনফচ আৰু চাইপাৰমেথ্ৰিন (Profenofos 40% + Cypermethrin 4% EC) নামৰ দুবিধ দৰব থাকে। প্ৰফেন’ফ’ছ অৰ্গেন’ফছফেট গোটৰ অন্তৰ্গত এক শক্তিশালী কীটনাশক, যিয়ে পোক-পৰুৱাৰ স্নায়ুতন্ত্ৰত ব্যাঘাত জন্মায় আৰু বহুলভাবে বেলেগ বেলেগ ধৰণৰ কীট নিয়ন্ত্ৰণ কৰে। চাইপাৰমেথ্ৰিন এবিধ সংস্পৰ্শ আৰু পেটৰ বেমাৰ (stomach action) কৰা কীটনাশক যিয়ে পোক-পৰুৱাৰ স্নায়ুকোষত থকা ছডিয়াম ছেনেলবোৰ প্ৰভাৱিত কৰে যাৰ ফলত লগে লগেই পোক পৰুৱাবোৰ বেহুচ হৈ নিৰ্মূল হয়।


প্ৰফেক্স চুপাৰ কীটনাশকৰ উপযোগীতা:
  • প্ৰফেক্স ছুপাৰ কীটনাশকত হৈছে দুটা সক্ৰিয় আৰু শক্তিশালী উপাদানৰ আছে প্ৰফেনফছ আৰু চাইপাৰমেথ্ৰিন।
  • এই কীটনাশকে কীট-পতংগৰ স্নায়ুতন্ত্ৰৰ ক্ষতি কৰে, যাৰ ফলত বেহুচ হৈ পোক পতংগৰ মৃত্যু হয়।
  • চাইপাৰমেথ্ৰিনৰ দ্ৰুত ক্ৰিয়াৰ বাবে তাৎক্ষণিকভাৱে কীট-পতংগ নিয়ন্ত্ৰণ প্ৰদান কৰে।
  • প্ৰফেনফছ গছত দূৰ্ঘদিনৰ বাবে থাকি যায় ফলত দীঘলীয়া সময়ৰ বাবে সুৰক্ষা পোৱা যায়।
  • ইয়াক পোক পতংগই আক্ৰমণ কৰা আৰু কৰাৰ আগতে দুয়োটা পৰিস্থিতিত ব্যৱহাৰ কৰিব পাৰি।
  • ই পতংগৰ পেটত শক্তিশালীভাবে আঘাট কৰে শক্তিশালী আৰু ভাল ট্ৰেন্সলেমিনাৰ ক্ৰিয়াৰ (পাতৰ এপিনৰ পৰা আনপিনলৈ বিয়পি যোৱা) বাবে সকলো শুহি খোৱা কীট-পতংগ, পলু, আৰু সুৰংগকাৰী পোক নিয়ন্ত্ৰণ কৰে।

প্ৰফেক্স চুপাৰ কীটনাশকৰ প্ৰয়োগ:
  • মোৱা পোক (aphids), বগা মাখি (Whiteflies), বৰলীয়া পোক (Fruit flies), বিছা বা চামচেলুকা (caterpillars), পাত শোহনী পোক (leafhoppers), মিলিবাগ (mealybugs), স্কেল পোক (scale), চাহীমকৰা (spider mites), ফলবিন্ধা পোক (Stem borer), ক’লা বগা সোহনী পোক (White-backed plant hopper), মূগা সোহনী পোক (Brown planthopper), পাত সুৰংগকাৰী পোক (Leaf Miner), ভুৰ পোক (Cutworms), ৰঙা পৰুৱা (Red ant) আদিত ভাল কাম কৰে।
  • ধান, ঘেহু, মাকৈ, চয়াবীন, কপাহ, আলু, বিলাহী, বেঙেনা, বন্ধাকবি, গাজৰ, পিয়াজ, নহৰু, কমলা, নেমু, আপেল, আঙুৰকল আদি প্ৰায় সকলো শাক পাচলি আৰু ফলত ব্যবহাৰ কৰিব পাৰি।

প্ৰফেক্স চুপাৰ কিমান ব্যবহাৰ কৰিব
  • ২ মিলিলিটাৰ প্ৰতি লিটাৰ পানীত
  • ৩০ মিলিলিটাৰ ১৬ লিটাৰ টেংকত
  • ১০০ মিলিলিটাৰ প্ৰতি বিঘাত

একে ধৰনৰ বেলেগ কম্পেনীৰ দৰব
  • Jashn Super from Tata Rallis
  • Polytrin from Syngenta
  • Propcyp from Katyayani
  • Prompter Plus from Katyayani
  • HimaWari from IFFCO
  • Hitce from Sumitomo
  • Permit – 99 from HPM
  • Roket from PI Industries Ltd
  • Proper 404 from EBS
  • Master Kill from Hifield-AG
  • Propen Super from Rain Bio Tech Industries

Cypermethrin থকা বেলেগ দৰব
  • Ustaad from UPL (Cypermethrin 10% EC)
  • Superkiller from Dhanuka (CYPERMETHRIN 25% EC)
  • Cyperguard 25 EC from Gharda Chemicals Ltd (CYPERMETHRIN 25% EC)
  • Cypren from Magnum (CYPERMETHRIN 25% EC)
  • SORTER from UPL (Acephate 45% + Cypermethrin 5%)
  • Bullet from Sumitomo (Cypermethrin 10% EC)
  • Koranda from Tata Rallis (Chlorpyrifos 50% + Cypermethrin 5% EC)
  • Yujo from IFFCO (Chlorpyrifos 50% + Cypermethrin 5% EC)
  • Super D from Dhanuka (Chlorpyrifos 50% + Cypermethrin 5% EC)
  • Anth from Krishi Rasayan (Chlorpyrifos 50% + Cypermethrin 5% EC)
  • Cannon from Nagarjuna (Chlorpyrifos 50% + Cypermethrin 5% EC)
  • Docter 505 from Katyayani (Chlorpyrifos 50% + Cypermethrin 5% EC)

Profenofos থকা বেলেগ দৰব
  • Curacron from Syngenta (Profenofos 50% EC)
  • CELCRON from SUMITOMO CHEMICALS (Profenofos 50% EC)
  • Profino from Hifield-AG (Profenofos 50% EC)
  • Profesar from Ram Shree Chemicals (Profenofos 50% EC)
  • Capture from HPM (Profenofos 50% EC)
  • CARINA from PI INDUSTRIES (Profenofos 50% EC)
  • Propen from Rain Bio Tech Industries (Profenofos 50% EC)
  • PRAMAAN from EBS (Profenofos 50% EC)
  • Miraya from Tata (Emamectin Benzoate 1.5% + Profenofos 35% W/W WDG)
  • Korko from Sumitomo (Emamectin Benzoate 1.5% + Profenofos 35% W/W WDG)
  • Velektin from Parijat Industries (India) Private Limited (Emamectin Benzoate 1.5% + Profenofos 35% W/W WDG)


ৰীলন কীটনাশক Rilon Insecticide (Emamectin Benzoate 5%SG)

 


টাটা ৰীলন কীটনাশকত ইমামেক্টিন বেনজৱেট Emamectin Benzoate 5%SG গুৰি হিছাপে থাকে যি পানীত ধুনীয়াকৈ মিহলি হৈ যায়। বহুতো কীট-পতংগৰ বিৰুদ্ধে যুঁজত নিৰ্ভৰযোগ্য ভাবে কাম কৰে। ই পতংগৰ কিছুমান নিৰ্বাচিত স্থানত ক্ৰিয়া কৰে, পখিলাবৰ্গৰ (Lepidopteran) পতংগৰ বিৰুদ্ধে অতি শক্তিশালী আৰু পাতৰ এপিঠিৰ পৰা আনপিঠিলৈকে বিয়পি যোৱাৰ (Translaminar Movement) সুবিধাৰ বাবে খেতিয়কৰ বাবে অতি উপযোগী কীটনাশক হৈ পৰিছে।


ৰীলন কীটনাশকৰ উপযোগীতা:
  • টাটা ৰিলনে উপকাৰী পোক-পৰুৱাক নামাৰি কেবল নিৰ্দিষ্ট অপকাৰী কীট-পতংগক লক্ষ্য কৰি লয়। কিছুমান বিশেষ পোক-পৰুৱাৰ স্নায়ুতন্ত্ৰৰ নিৰ্দিষ্ট ৰিচেপ্টৰকহে আঘাট কৰে ফলত বাকী পোক পৰুৱাৰ ক্ষতি নহয়। সংহত কীট-পতংগ ব্যৱস্থাপনাৰ (integrated pest management IPM) বাবে ই অতি উপযোগী।
  • পখিলাবৰ্গৰ পোক পৰুৱাৰ বিৰুদ্ধে অতি ভাল কাম কৰে।
  • ট্ৰেন্সলেমিনাৰ গতি অৰ্থাৎ পাতৰ এপিঠিৰ পৰা আনপিঠিলৈকে সহজে বিয়পি পৰাৰ বাবে লুকাই থকা পোক পতংগকো নিধন কৰে।
  • ইমামেক্টিন বেনজৱেট স্প্ৰে কৰাৰ ৪ ঘন্টাৰ ভিতৰত গছলৈ সোমাই যায়। ফলত বৰষুণৰ বতৰত সময় সুবিধা চাই স্প্ৰে কৰিব ভাল।
  • ই অতি সোণকালে পোক পতংগৰ ওপৰত কাম কৰে আৰু সংস্পৰ্শলৈ আহিলে ইয়াক নিৰ্মূল কৰে।
  • গছত বহুত দিনলৈ থাকি যোৱা বাবে দীঘলীয়া সময়লৈ সুৰক্ষা দিয়ে। ইয়াক অৱশিষ্ট প্ৰভাব (residual activity) বোলা হয়।
  • অন্যান্য কীটনাশকৰ সৈতে টেংকত মিহলি কৰিব পৰা যায়। কিন্তু মিহলি কৰাৰ আগতে পৰীক্ষা কৰাটো অতি প্ৰয়োজনীয়।
  • পাতত স্পৰে কৰা, বীজ শোধন কৰা বা মাটি সকলোতে ইয়াক প্ৰয়োগ কৰিব পাৰি।

ৰীলন কীটনাশকৰ প্ৰয়োগ:
  • বিলাহী, জলকীয়া, আৰু সেউজীয়া শাক পাচলীত ফৰিংজাতীয় পোক, পাত সুৰংগকাৰী পোক, আৰু পাত ওকনীৰ দৰে কীট-পতংগ নিয়ন্ত্ৰণ কৰে।
  • বেঙেনাৰ ফলবিন্ধাকৰা পোক আৰু মজ্জাখোৱা পোক (Fruit and Shoot Borer), বন্ধা কবিৰ ডাইমণ্ড ব্লেক মথ (Diamond Back moth), বগা মাখি (Whiteflies), জলকীয়াৰ পাত ওকণী (Thrips), চাহী (Mites) আৰু ফলবিন্ধা পোক (Fruit Borer),
  • ভেন্দিৰ ফলবিন্ধাকৰা পোক আৰু মজ্জাখোৱা পোক (Fruit and Shoot Borer),
  • মটৰমাহ, মচুৰ দালি আৰু বীনৰ ছেঁইবিন্ধা পোক (Pod Borer), সুৰংগকাৰী পোক (leaf miners),
  • চাহপাতৰ ঠাৰি পোক (Tea looper) আদি পোক পতংগৰ বিৰুদ্ধে ভাল কাম কৰে।
  • বিভিন্ন ফলমূলক ক্ষতিকাৰক কীট-পতংগৰ পৰা ৰক্ষা কৰে, আৰু অধিক উৎপাদনত সহায়ক হয়। কপাহ আৰু সৰিয়হৰ দৰে শস্যটো কীট-পতংগ নিয়ন্ত্ৰন কৰে

ৰীলন কিমান ব্যবহাৰ কৰিব
  • ১৬ গ্ৰামৰ পৰা ২৫ প্ৰতি বিঘা ৮০ লিটাৰ পানীত
  • ৪ গ্ৰামৰ পৰা ৬ গ্ৰাম প্ৰতি ১৬ লিটাৰ টেংকত

একে ধৰনৰ বেলেগ কম্পেনীৰ দৰব
  • Proclaim from Crystal crop Protection
  • MISSILE Crystal crop Protection
  • EM-1 from Dhanuka
  • Spolit from UPL
  • Chemdoot from FMC
  • Egao from IFFCO
  • Ema5 from Katyayani
  • EVOKE from BACF
  • Benzer from Coromandel
  • Juoiter from Agrosis Crop Science
  • EAGLE from Crop Chemicals
  • X-pert from hpm
  • Commander from Hifield

Emamectin Benzoate থকা বেলেগ দৰব
  • Kakuna from Tata (Novaluron 5.25% + Emamectin Benzoate 0.9% w/w SC)
  • Braka from Shivalik (Novaluron 5.25% + Emamectin Benzoate 0.9% w/w SC)
  • Emathio from Katyayani (Emamectin benzoate 3.0% thiamethoxam 12.0% wg)
  • Sniper-5 from Crop chemicals (Emamectin Benzoate 1.5% + Fipronil 3.5% SC)
  • EMAP from Agrosis crop science (Emamectin Benzoate 1.5% + Fipronil 3.5% SC)
  • Sipahi from Katyayani (Emamectin Benzoate 1.5% + Fipronil 3.5% SC)
  • Miraya from Tata (Emamectin Benzoate 1.5% + Profenofos 35% W/W WDG)
  • Korko from Sumitomo (Emamectin Benzoate 1.5% + Profenofos 35% W/W WDG)
  • Velektin from Parijat Industries (India) Private Limited (Emamectin Benzoate 1.5% + Profenofos 35% W/W WDG)


ৰগৰ কীটনাশক Rogor Insecticide (Dimethoate 30% EC)

 


FMC ৰ ৰগৰ কীটনাশকত Dimethoate ৩০% দ্ৰবীভুত ঐ থাকে। Dimethoate হৈছে এক প্ৰণালীবদ্ধ কীটনাশক যাৰ সহায়ত বিভিন্ন ধৰণৰ শস্যৰ ওপৰত থকা বহুত ধৰণৰ পোক-পৰুৱা, কীট-পতংগ নিয়ন্ত্ৰণ কৰিব পাৰি। ই সংস্পৰ্শ কীটনাশক হিছাপে পোক পৰুৱাৰ পেটত বিষ সৃষ্টি কৰে। পোক পৰুৱাৰ স্নায়ুতন্ত্ৰ ভালকৈ চলিবলৈ দৰকাৰ হোৱা এবিধ এনজাইম এচিটাইলক’লিনষ্টেৰেজক বাধা দিয়ে ফলত পোক পৰুৱা বেহুচ (paralysis) হৈ পিছত মৃত্যু হয়। ই প্ৰণালীবদ্ধ হোৱা বাবে ইয়াক উদ্ভিদৰ কলাবোৰে শোষণ কৰিব পাৰে, যাৰ ফলত কীট-পতংগৰ পৰা বৰ্ধিত সুৰক্ষা প্ৰদান কৰা হয়। ইয়াক ঘৰৰ ভিতৰত আৰু বাহিৰৰ দুয়োটা কামতে ব্যৱহাৰ কৰিব পাৰি।


ৰগৰ কীটনাশকৰ উপযোগীতা:
  • Dimethoate য়ে পোক-পৰুৱা, কীট-পতংগক দ্ৰুতভাবে নিয়ন্ত্ৰণ কৰে, যাৰ ফলত ইহতৰ জনসংখ্যা দ্ৰুতভাৱে কমি যায় আৰু শস্যৰ সম্ভাৱ্য ক্ষতি কম হয়।
  • ডাইমেথৱেট গছত প্ৰবেশ কৰি সকলো অংশলৈ বিয়পি পৰে। ফলত গছৰ ডাল পাত শিপাকে ধৰি কুমলীয়া পাত আদিকো পোক পতংগৰ পৰা
  • ডাইমেথৱেটে কুটি খোৱা খোৱা আৰু চুহি লোৱা দুয়োটা পোক-পৰুৱা নিয়ন্ত্ৰণ কৰিব পাৰে। যাৰ ফলত ই সংহত কীট-পতংগ ব্যৱস্থাপনাৰ (IPM) বাবে ভাল আহিলা।
  • পৰিৱেশত ডাইমেথৱেট তুলনামূলকভাৱে সোণকালে ভাঙি যায়, যাৰ ফলত অৱশিষ্ট থাকি নাযায়। খাদ্য সুৰক্ষা আৰু পৰিৱেশৰ বহনক্ষমতাৰ বাবে অতি প্ৰয়োজনীয়।

ৰগৰ কীটনাশকৰ প্ৰয়োগ:
  • মোৱা পোক (aphids), চগা পোক (Jassids), বিছা বা চামচেলুকা (caterpillars), পাত শোহনী পোক (leafhoppers), মিলিবাগ (mealybugs), চাহী (mites), বগা মাখি (whiteflies), মজ্জাখোৱা পোক (Stem borer), পাতমেৰোৱা পোক (Leaf Roller), পাত ওকণী (Thrips), হেলিকভাৰ্পা (Helicoverpa), শূঁৰ পোক (Spodoptera, Fall armyworm, Cut Worm), ছেঁইবিন্ধা পোক (Pod Borer), বন্ধা কবিৰ ডাইমণ্ড ব্লেক মথ (Diamond Back moth), বলৱৰ্ম (Bollworms) আদি পোকৰ বিৰুদ্ধে ভাল কাম কৰে।
  • কপাহ, মাকৈ, বিলাহী, চালগোম, মচুৰ দালি, বাদাম, সৰয়হ, সূৰ্য্যমূখী ফুল, ভেন্দি, বেঙনা, বন্ধাকবি, ফুলকবি, জলকীয়া, ভোট-জলকীয়া, পিয়াজ, আলু, আপেল, কল, আম, নেমুজাতীয় ফল আদিত ভাল কাম কৰে।

ৰগৰ কিমান ব্যবহাৰ কৰিব
  • ১ ৰ পৰা ২ মিলিলিটাৰ প্ৰতি লিটাৰ পানীত
  • ২০ ৰ পৰা ৩৫ মিলিলিটাৰ ১৬ লিটাৰত
  • ৬৫ ৰ পৰা ১৩০ মিলিলিটাৰ প্ৰতি ২০০ লিটাৰ পানীত প্ৰতি বিঘাত

একে ধৰনৰ বেলেগ কম্পেনীৰ দৰব
  • Tafgor from Tata Rallis
  • Dimete from Agriventure
  • Crogor from Crop Growth India Limited
  • Dimex from Shivalik
  • Rogoghit from HPM
  • Demat from Katyayani
  • DEFENDER-30 from EBS
  • CHEMGOR from Crop chemicals


কাৰাটে কীটনাশক Karate Insecticide (Lambda cyhalothrin 5% EC)

 


কাৰাটে কীটনাশক হৈছে এটা বহল পৰিষৰৰ কীটনাশক যাৰ এটা ছিটিকনিতে পোক-পৰুৱা নিয়ন্ত্ৰণ মৃত্যু হয়। কাৰাটে কীটনাশক হৈছে লেমব্ডা-চাইহালথ্ৰিন যুক্ত এক শক্তিশালী সংস্পৰ্শ কীটনাশক। কুটি খোৱা আৰু চুহি ৰস খোৱা কীটৰ বাবে বিশেষভাবে কাৰ্য্যকৰী।


কাৰাটে কীটনাশকৰ উপযোগীতা:
  • ই এবিধ কৃত্ৰিমভাবে তৈয়াৰ কৰা নতুন প্ৰজন্মৰ Pyrethrold গ্ৰুপৰ কীটনাশক। ই পোহৰত ভাঙি নোযোৱা Pyrethrold পাতত এৰি দিয়ে।
  • কামুৰি থকা (Bitting), কুটি খোৱা (Chewing) আৰু ৰস শুহি খোৱা (sucking) পোক বিলাকক একেবাৰতে নিৰ্মূল কৰা এক শক্তিশালী কীটনাশক।
  • ই পেটত বিষ দি আৰু সংস্পৰ্শ (Stomach action and contact) দুয়োধৰনে কাম কৰে।
  • ইয়াৰ ধোৱাৰ পৰা পোক পতংগ পলাই যায়।
  • ইয়াক পাতে খোব সোণকালে শুহি লয়।
  • ই অতি সোনকালে পোক পতংগ বধ কৰে (quick knockdown) আৰু বহুত দিনলৈ (residual action) গছত থাকি যায়।
  • লগতে ৰাজহুৱা স্বাস্থ্যখণ্ডটো ব্যবহাৰ হয়।
  • শস্যৰ ৩০ ৰ পৰা ৪০ দিন হোৱাৰ পিছতহে প্ৰয়োগ কৰা উচিত। ১৫ দিন পিছত পুনৰ প্ৰয়োগ কৰা উচিত।

কাৰাটে কীটনাশকৰ প্ৰয়োগ:

 

  • কপাহ: বলৱৰ্ম (Bollworms), চগাপোক (Jassids), পাত ওকনী (Thrips),
  • ধান: পাত মেৰিওৱা পোক (Leaf folder), মজ্জাখোৱা পোক (Stem borer), সেউজীয়া পাত সোহিনী পোক (Green leafhopper), পিয়াজী পোক (Gall Midge), পাত ওকনী (Thrips), চৰহা পোক (Rice hispa)।
  • বেঙেনা: ডাল আৰু ফল সুৰংগকাৰী পোক(Shoot & fruit borer)
  • বিলাহী: ফল সুৰংগকাৰী পোক(fruit borer)
  • জলকীয়া: পাত ওকনী (Thrips), চাহী (mite), ছেইবিন্ধা পোক (pod borer)
  • পিয়াজ: পাত ওকনী (Thrips)
  • ভেন্দি: পাত ওকনী (Thrips), ডাল সুৰংগকাৰী পোক(Shoot borer)
  • চীনাবাদাম (Groundnut): পাত ওকনী (Thrips), পাত সোহিনী পোক (leafhopper), পাত সুৰংগকাৰী পোক (Leaf miner)
  • ডালি: ছেইবিন্ধা পোক (pod borer)

কাৰাটে কিমান ব্যবহাৰ কৰিব
  • ১ ৰ পৰা ২ মিলিলিটাৰ প্ৰতিলিটাৰত
  • ৩০ মিলিলিটাৰ ১৬ লিটাৰৰ টেংকত
  • ১২০ মিলিলিটাৰ প্ৰতি বিঘাত ১২০ লিটাৰ পানীত।

সাৱধানতা:
  • কাৰাটে ব্যৱহাৰ কৰাৰ সময়ত ধূমপান, মদ্যপান বা খাদ্য গ্ৰহণ নকৰিব।
  • চশমা পিন্ধিব লাগে। চকুত পৰিলে এবাৰতে ধুই পেলাওক।
  • হাতমোজা পিন্ধক। পানীট মিহলি কৰাৰ আগতে চালত লাগিলে জ্বলিব পাৰে। ছালত পৰিলে এবাৰতে ধুই পেলাওক। কাপোৰত পৰিলে লগে লগে সলনি কৰি ধুই পেলাওক।

একে ধৰনৰ বেলেগ কম্পেনীৰ দৰব
  • Deva Shakti from dhanuka
  • Lambrada from Highfield
  • Reva 5 from Tata Rallis
  • Katar from Crop Chemicals
  • Bolt from Agrosis crop science
  • Knock down super from HPM
  • Shooter from JU AGRI SCIENCE PVT LTD
  • Lamdox from National Pesticides and Chemicals
  • Lambda night from EBS
  • Lamor Pro from Noble Crop Science
  • Sanda from Bharat Agro Chemicals and Fertilizers
  • Prahar from Rain Bio Tech Industries
  • Lambdagold from Star Chemicals

Lambda cyhalothrin 4.9% CS থকা বেলেগ দৰৱ:
  • Matador from Syngenta (Lambda Cyhalothrin 4.9 % CS)
  • Yuri from IFFCO (Lambda Cyhalothrin 4.9 % CS)
  • Attack CS from Katyayani (Lambda Cyhalothrin 4.9 % CS)
  • Jackal from Katyayani (Lambda Cyhalothrin 4.9 % CS)
  • LOC++ from Krishi Rasayan (Lambda Cyhalothrin 4.9 % CS)
  • Double Bull from Agrosis Crop Science (Lambda Cyhalothrin 4.9 % CS)
  • Robin from Shvalik (Lambda Cyhalothrin 4.9 % CS)
  • Vadh from HPM (Lambda Cyhalothrin 4.9 % CS)

 


Lambda cyhalothrin থকা বেলেগ দৰৱ:
  • Sentry from Tata Rallis (Lambda Cyhalothrin 10 % WP)
  • Icon from Syngenta (Lambda Cyhalothrin 10 % WP)
  • Lenus from Kayayani (Lambda Cyhalothrin 10 % WP)
  • Ampligo from Syngenta (Lambda-cyhalothrin 4.6% + chlorantraniliprole 9.3 % zc)
  • Rafale from Agrosis Crop Science (Thiamethoxam 12.6% + Lambda Cyhalothrin 9.5% ZC)
  • Chakrawarti from Katyayani (Thiamethoxam 12.6% + Lambda Cyhalothrin 9.5% ZC)
  • Alika from Syngenta (Thiamethoxam 12.6% + Lambda Cyhalothrin 9.5% ZC)
  • Anolik from ADAMA (Thiamethoxam 12.6% + Lambda Cyhalothrin 9.5% ZC)
  • Zapac from Dhnauka (Thiamethoxam 12.6% + Lambda Cyhalothrin 9.5% ZC)

 

কৰাজেন কীটনাশক Coragen Insecticides (Chlorantraniliprole 18.5 % w/w SC)

 


FMC কম্পেনীৰ কৰাজেন কীটনাশকৰ মূল উপাদান ক্লৰেণ্ট্ৰানিলিপ্ৰল (Rynaxypyr) হৈছে ৰিয়ানইড শ্ৰেণীৰ (Ryanoid classes) কীটনাশক যি পানীত মিহলি কৰি থোৱা থাকে। ক্লৰেণ্ট্ৰানিলিপ্ৰলে কিছুমান বিশেষ পোক পতংগৰ পেশীত থকা কেলচিয়াম ছেনেলত আঘাট কৰি পোক পতংগক বেহুচ কৰি হত্যা কৰে। ই কেবল পোক পতংগই নহয় ইহতৰ কনী, পলু আদিও নষ্ট কৰে। ই পখিলাবৰ্গৰ (Lepidoptera), গোবৰুৱা (beetle), মাখি (fly), আৰু উই (termite) ধৰনৰ পোকৰ বাবে বিশেষভাবে শক্তিশালী। প্ৰাথমিকভাবে ই পোক পৰুৱাই খোৱাৰ পিছত কাম কৰে যদিও বহুত ক্ষেত্ৰত সংস্পৰ্শ হলেই পোক পতংগৰ মৃত্যু হয়।
ই গছত লাগি থাকে আৰু কীট-পতংগই খালে সিহতৰ মৃত্যু হয়। গতিকে যেতিয়া কীট-পতংগ ক্ষতিকাৰক মাত্ৰাত উপস্থিত থাকে আৰু উদ্ভিদৰ খেতিত অনিষ্ট কৰে তেতিয়াহে ইয়াক প্ৰয়োগ কৰিব লাগে। ক্লৰেণ্ট্ৰানিলিপ্ৰলে উপকাৰী পোক-পৰুৱা আৰু অন্যান্য সন্ধিপদী প্ৰানীকো হত্যা কৰে লগতে পানীও প্ৰদুষণ কৰে।


কৰাজেন কীটনাশকৰ উপযোগীতা:
  • ক্লৰেণ্ট্ৰানিলিপ্ৰল লগা গছৰ অংশ খালে পোক-পৰুৱাৰ তাৎক্ষণিক বেহুচ হৈ মৃত্যু হয় গতিকে পোক পতংগ অতি সোণকালে নিয়ন্ত্ৰণ কৰে।
  • ই বহল বৰ্ণালীৰ কীটনাশক। ই পখিলাবৰ্গৰ (Lepidoptera), গোবৰুৱা (beetle), মাখি (fly), আৰু উই (termite) ধৰনৰ পোকক অতি সোনকালে নিয়ন্ত্ৰন কৰে।
  • ই অধিক সময়ৰ বাবে সুৰক্ষা প্ৰদান কৰে।
  • সংহত কীট নিয়ন্ত্ৰনৰ (IPM) বাবে উযুক্ত।
  • খেতি চপোৱাৰ কমেও ১৫ দিন আগৰ পৰা ইয়াক ব্যবহাৰ কৰা অনুচিত লগতে
  • ফুল ফুলা সময়ত ব্যবহাৰ কৰিব নালাগে।
  • ইয়াক কম হাৰত প্ৰয়োগ কৰিলেও কীট-পতংগ নিয়ন্ত্ৰণ কৰিব পাৰে।

কৰাজেন কীটনাশকৰ প্ৰয়োগ:
  • কপাহ: আমেৰিকান বলৱৰ্ম (American Bollworms) 60 মি:লি: প্ৰতি একৰ
  • ধান: পাত মেৰিওৱা পোক (Leaf folder), মজ্জাখোৱা পোক (Stem borer) 60 মি:লি: প্ৰতি একৰ
  • বেঙেনা: ডাল আৰু ফল সুৰংগকাৰী পোক(Shoot & fruit borer) ৮0 মি:লি: প্ৰতি একৰ
  • বিলাহী: ফল সুৰংগকাৰী পোক(fruit borer) 60 মি:লি: প্ৰতি একৰ
  • জলকীয়া: পলু পোক (Tobacco Caterpillar), ফল সুৰংগকাৰী পোক(fruit borer) 60 মি:লি: প্ৰতি একৰ
  • ভেন্দি: ফল সুৰংগকাৰী পোক(fruit borer) ৫0 মি:লি: প্ৰতি একৰ
  • চীনাবাদাম (Groundnut): পলু পোক (Tobacco Caterpillar) 60 মি:লি: প্ৰতি একৰ
  • মাকৈ: ফুটুফুটীয়া ছেঁই বিন্ধা কৰা পোক (Spotted stem borer), গোলাপী মজ্জাখোৱা পোক (Pink Stem borer), মাকৈৰ শুৰ পোক (Fall Armyworm) ৮0 মি:লি: প্ৰতি একৰ
  • বন্ধা কবি: ডাইমণ্ড ব্লেক মথ (Diamond Back moth) ২0 মি:লি: প্ৰতি একৰ
  • তিতা কেৰেলা: পাতপলু পোক (Leaf Caterpillar), ফল সুৰংগকাৰী পোক(fruit borer) ৪0-৫০ মি:লি: প্ৰতি একৰ
  • মচুৰ ডালি, ৰহৰ ডালি: ছেইবিন্ধা পোক (pod borer), ছেইবিন্ধা মাখি (pod fly) 60 মি:লি: প্ৰতি একৰ

কৰাজেন কীটনাশক কিমান ব্যবহাৰ কৰিব:
  • ০.২ ৰ পৰা ০.৪ মিলিলিটাৰ প্ৰতি লিটাৰ পানীত
  • ৩ ৰ পৰা ৫ মিলিলিটাৰ প্ৰতি ১৬ লিটাৰ টেংকত
  • ৪০ ৰ পৰা ৬০ মিলিলিটাৰ ২০০ লিটাৰ পানীত

একে ধৰনৰ বেলেগ কম্পেনীৰ দৰব
  • Shenzi from UPL
  • Cover from Dhanuka
  • Vesticor from BASF
  • Cosayr from Adama
  • Shimo from IFFCO
  • Raise from Multiplex
  • Starc from Frontline Agri Science
  • Fornax from Coromandel
  • Clorentis from Agribegri
  • Cargar from EBS
  • Helipro from GSP

Chlorantraniliprole থকা বেলেগ দৰৱ:
  • Ampligo from Syngenta (Chlorantraniliprole 10% + Lambdacyhalothrin 5% ZC)
  • Voliam Flexi from Syngenta (Chlorantraniliprole 8.8%+thiamethoxam 17.5% Sc)
  • Corprima from FMC (Chlorantraniliprole 35% WDG)
  • Lumivia from Corteva (chlorantraniliprole 50% w/w FS)
  • Ferterra from FMC (Chlorantraniliprole 0.4% w/w GR)
  • PHILTRE from BASF (Chlorantraniliprole 0.4% w/w GR)
  • Lapidos from Adama (Chlorantraniliprole 0.4% w/w GR)
  • Fantastic from Ktyayani (Chlorantraniliprole 0.4% w/w GR)
  • Jagira from Sahib Pesticides & Seeds Ltd. (Chlorantraniliprole 0.4% w/w GR)
  • Fornax GR (Chlorantraniliprole 0.4% w/w GR)
  • Vasishta from Katyayani (Chlorantraniliprole 0.5% + Thiamethoxam 1% GR)


ফুৰাডন-৩জি কীটনাশক Furadan 3G insecticicde (Carbofuran 3% Cg)


Crystal Crop Protection ৰ ফুৰাডন- ৩জিত থকা ৰাসায়নিক দৰববিধ হৈছে কাৰ্ব’ফুৰান যি এটা কাৰবামেট কীটনাশক, বিভিন্ন ধৰণৰ পথাৰত থকা শস্যত পোক-পৰুৱা নিয়ন্ত্ৰণৰ বাবে বিশ্বজুৰি বহুলভাৱে ব্যৱহাৰ কৰা হয়। ই এটা প্ৰণালীবদ্ধ কীটনাশক, অৰ্থাৎ উদ্ভিদে ইয়াক শিপাৰ মাজেৰে শোষণ কৰে, আৰু তাৰ পৰাই উদ্ভিদে ইয়াক ইয়াৰ সমগ্ৰ গছলৈ বিতৰণ কৰে। কাৰ্ব’ফুৰানৰ কীট-পতংগৰ বিৰুদ্ধে সংস্পৰ্শৰ কাৰ্য্যকলাপও আছে। এতিয়াও ব্যৱহৃত আটাইতকৈ বিষাক্ত কীটনাশকসমূহৰ ভিতৰত ই অন্যতম। ফুৰাডনে পোক-পৰুৱা আৰু স্তন্যপায়ী প্ৰাণীৰ স্নায়ুতন্ত্ৰৰ এনজাইমক বাধা দি কাম কৰে।
ফুৰাডনক বিশ্ব স্বাস্থ্য সংস্থাই অতি বিপদজনক কীটনাশক হিচাপে শ্ৰেণীভুক্ত কৰিছে আৰু বহু দেশত ইয়াক নিষিদ্ধ কৰা হৈছে। ফুৰাডন অতি সাৱধানে ব্যবহাৰ কৰিব লাগে আৰু উপযুক্ত সুৰক্ষা সঁজুলি পিন্ধিব লাগে। ফুৰাডনৰ সংস্পৰ্শলৈ আহিলে তীব্ৰ বিষক্ৰিয়াৰ লক্ষণ দেখা দিব পাৰে, যেনে বমি, বমি, ডায়েৰিয়া, ঘামচি ওলোৱা, লেলাৱতি ওলোৱা, মূৰৰ বিষ, মূৰ ঘূৰোৱা, পেশীৰ জোকাৰণি, কমা, মৃত্যু। ফুৰাডন এটা সম্ভাৱ্য পৰিৱেশ প্ৰদূষকও যিয়ে মাটি আৰু পানীৰ উৎস দূষিত কৰিব পাৰে।


ফুৰাডন কীটনাশকৰ উপযোগীতা:
  • ফুৰাডন এবিধ অতি শক্তিশালী কীটনাশক যাৰ সহায়ত শস্য, বাৰী আৰু ঘৰত বিভিন্ন কীট-পতংগ নিয়ন্ত্ৰণ কৰিব পাৰি। ফুৰাডন ৰাসায়নিক পদাৰ্থৰ অৰ্গেনফছফেট গোটৰ অন্তৰ্গত, যিয়ে পোক-পৰুৱাৰ স্নায়ুতন্ত্ৰত থকা এচিটাইলকলিনষ্টেৰেজ (acetylcholinesterase) এনজাইমক বাধা দি কাম কৰি পক্ষাঘাত আৰু আৰু পোক পৰুৱাৰ মৃত্যু ঘটায়।
  • ফুৰাডনৰ কাৰ্য্যৰ পৰিষৰ বহল আৰু ই এফিড, কেটাৰপিলাৰ, ভেকুলী, মাখি, তেঁতেলী, টেমাইট আৰু পিঁপৰা আদি পোক-পৰুৱাক হত্যা কৰিব পাৰে।
  • স্তন্যপায়ী প্ৰাণী, চৰাই, মাছ আৰু অন্যান্য অলক্ষ্য জীৱৰ বাবেও ফুৰাডন বিষাক্ত, গতিকে ইয়াক সাৱধানে আৰু লেবেলৰ নিৰ্দেশনা অনুসৰি ব্যৱহাৰ কৰিব লাগে।
  • পানীৰ উৎস, মৌমাখিৰ মৌচাক বা বন্যপ্ৰাণীৰ বাসস্থানৰ ওচৰত ফুৰাডন প্ৰয়োগ কৰিব নালাগে।
  • ফুৰাডন শিশু আৰু পোহনীয়া জন্তুৰ পৰা আঁতৰত ঠাণ্ডা, শুকান আৰু সুৰক্ষিত ঠাইত ৰাখিব লাগে।
  • ফুৰাডন সঠিকভাৱে পেলাব লাগে আৰু পুনৰ ব্যৱহাৰ কৰিব নালাগে।

ফুৰাডন কীটনাশকৰ প্ৰয়োগ:
  • ধান: মজ্জাখোৱা পোক (Stem borer), মূগা সোহনী পোক বা চগা পোক (Brown planthopper), পিয়াজী পোক (Gall midge), সেউজীয়া সোহনী পোক (Green planthopper) ৩.৩ কিলগ্ৰাম প্ৰতি বিঘা
  • বেঙেনা: শিপাত গাঠি বন্ধা কৃমি (Root knot nematode, Reniform nematode) ৮ কিলগ্ৰাম প্ৰতি বিঘা
  • বিলাহী: বগামাখি (White fly) ৫ কিলগ্ৰাম প্ৰতি বিঘা
  • ভেন্দি: চগাপোক (Jassids) ৪ কিলগ্ৰাম প্ৰতি বিঘা
  • মৰাপাট: কৃমি (nematode) ৪ কিলগ্ৰাম প্ৰতি বিঘা
  • ফ্ৰেন্স বীন: হাতীপোক বা বগা পলু (White grub), ঘূণ পোক (Grey & Stem weevil) ৪ কিলগ্ৰাম প্ৰতি বিঘা
  • আলু: মোৱাপোক (Aphid), চগাপোক (Jassids) ৪ কিলগ্ৰাম প্ৰতি বিঘা
  • জলকীয়া: মোৱাপোক (Aphid) পাত ওকণী (Thrips) ৪ কিলগ্ৰাম প্ৰতি বিঘা
  • বন্ধাকবি: কৃমি (nematode) ৬ কিলগ্ৰাম প্ৰতি বিঘা
  • মাকৈ: মজ্জাখোৱা পোক (Stem borer), ডালৰ মাখি (Stem Fly), পাত ওকণী (Thrips)
  • সৰিয়হ: সৰিয়হৰ পাত সুৰংগকাৰী পোক (Mustard leaf miner) ৪ কিলগ্ৰাম প্ৰতি বিঘা
  • চয়াবীন: বগামাখি (White fly), শিপাত গাঠি বন্ধা কৃমি (Root knot nematode) ৬ কিলগ্ৰাম প্ৰতি বিঘা
  • কল: কলৰ মূঢ়া অনিষ্ট কৰা উইভিল পোক (Rhizome weevil), মোৱাপোক (Aphid), কৃমি (nematode) ৫০ গ্ৰাম প্ৰটি গাতত
  • চীনাবাদাম (Groundnut): ছেইবিন্ধা পোক (pod borer), হাতীপোক বা বগা পলু (White grub)

একে ধৰনৰ বেলেগ কম্পেনীৰ দৰব
  • Carbomain from Adama
  • Fury from Nagarjuna
  • Don-3G from HPM
  • Julone from JU AGRI SCIENCE PVT LTD

 

মালাথিয়ন ৫% ডি পি Malathion 5% DP

 


মালাথিয়ন ৫% ডি পি হৈছে এবিধ অৰ্গেন’ফছফেট কীটনাশক যিটো কৃষি আৰু জনস্বাস্থ্য খণ্ডত বিভিন্ন কীট-পতংগ আৰু বেমাৰৰ বাহকক নিয়ন্ত্ৰণৰ বাবে বহুলভাৱে ব্যৱহাৰ কৰা হয়। ইয়াক গুৰি হিচাপে শস্য বা পোক-পৰুৱাৰ প্ৰজনন স্থানত প্ৰয়োগ কৰা হয়। মালাথিয়ন হৈছে ৰংহীন তৰল পদাৰ্থ যাৰ এটা বেয়া গোন্ধ আছে। ইয়াক বেলেগ গুৰিৰ লগত মিহালাই যোগান ধৰা হয়। যেতিয়া মেলাথিয়ন কোনো পোক বা মানুহৰ শৰীৰত প্ৰৱেশ কৰে তেতিয়া স্নায়ুসমূ্হৰ পৰা সংকেট কঢ়িওৱাত বাধা দি পক্ষাঘাট কৰে আৰু শেষত মৃত্যু হয়।


মালাথিয়নৰ উপযোগীতা আৰু প্ৰয়োগ
  • মালাথিয়নে বহুতো পোক-পৰুৱা, যেনে মোৱাপোক, পাতওকণী, বগা মাখি, পাতসোহিনী, ফৰিং, গোৱাৰুৱা, মাখি, মহ, ওকনী, টিকটিকিয়া পোক, উইপোক, মাখি আদিৰ বিৰুদ্ধে বহলভাবে বৰ্ণালীৰ কাম কৰে।
  • ফলমূল, শাক-পাচলি, শস্য, কপাহ, তৈলবীজ, বাদাম, অলংকাৰিক শস্য আদিক পোক-পৰুৱাৰ ক্ষতিৰ পৰা ৰক্ষা কৰিবলৈ ব্যৱহাৰ কৰা হয়।
  • ইয়াৰ উপৰিও মেলেৰিয়া, ডেংগু জ্বৰ, হালধীয়া জ্বৰ, পশ্চিম নীল ভাইৰাছ, আৰু এনকেফেলাইটিছ আদিৰ সময়ত জনস্বাস্থ্যৰ মানুহে ব্যবহাৰ কৰে।
  • ই তুলনামূলকভাৱে সস্তা আৰু উৎপাদন আৰু প্ৰয়োগ কৰাত সহজ। পৰিৱেশত ইয়াৰ অৱশিষ্ট আয়ুস কম আৰু হাইড্ৰলাইছিছৰ দ্বাৰা দ্ৰুতগতিত অৱক্ষয় হয়।
  • অন্যান্য অৰ্গেনফছফেটৰ তুলনাত ইয়াৰ স্তন্যপায়ী প্ৰাণীৰ বিষক্ৰিয়া কম আৰু খাদ্য শৃংখলত জমা নহয়।
  • ইয়াৰ দ্বাৰা পৰিবেশতন্ত্ৰ অন্য জীৱ যেনে উপকাৰী পোক, মাছ, চৰাই, আৰু স্তন্যপায়ী প্ৰাণীক প্ৰত্যক্ষ সংস্পৰ্শৰ দ্বাৰা বা খাদ্যৰ জালৰ জৰিয়তে অপকাৰ কৰে। গতিকে সাৱধানে আৰু লেবেলৰ নিৰ্দেশনা অনুসৰি মালাথিয়ন ব্যৱহাৰ কৰিব লাগে।
  • ইয়াক ঠাণ্ডা ঠাইত ৰাখিব লাগে, শুকান, আৰু গৰমৰ পৰা আঁতৰত ভালদৰে বায়ু চলাচল কৰা ঠাই, জুইৰ পৰা আতৰত ৰাখিব লাগে।
  • ইয়াক সুৰক্ষামূলক সঁজুলি যেনে হাতমোজা, চশমা, আৰু মাস্ক।
  • ইয়াক সঠিকভাৱে পেলাই দিব লাগে আৰু পানীৰ উৎস বা নলাত পেলাব নালাগে।
  • ইয়াক শিশু আৰু পোহনীয়া জন্তুৰ আঁতৰত ৰাখিব লাগে।
  • ইয়াৰ সুফল ইয়াৰ বিপদতকৈ বেছি হোৱাটো নিশ্চিত কৰিবলৈ মেলাথিয়নক বিবেচনাপূৰ্ণ আৰু দায়িত্বশীলভাৱে ব্যৱহাৰ কৰিব লাগে।
  • ১ ৰ পৰা ২ কিলগ্ৰাম প্ৰতি বিঘাত ব্যবহাৰ কৰিব পাৰি।
WhatsApp
Scroll to Top